একেলগে এখন মঞ্চত প্ৰমোদ – হাগ্ৰামা?

698

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ 


দুখন ৰাজ্যসভাৰ আসনৰ বাবে নির্বাচনৰ প্ৰাক  মুহূৰ্তত হাগ্ৰামা  মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে বিজেপিৰ মিত্রদল হিচাপে আত্মপ্রকাশ কৰাৰ সিদ্ধান্ত  লৈছে ৷
শেহতীয়াকৈ  বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বিজেপিৰে মিত্রতা সম্পর্কত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে কথা–বতৰা পতাৰ বিষয়ে সাংবাদিকক জানিবলৈ দি আহিছিল ৷বাক্সা জিলাৰ মছলপুৰৰ বাথৌপুৰীত অনুষ্ঠিত বি পি এফৰ  কেন্দ্রীয় কার্যনির্বাহক সভাত অংশগ্রহণ কৰি মহিলাৰীয়ে সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে এবাৰ–দুবাৰ নহয়, কেইবাবাৰো আলোচনাত মিলিত হৈছে৷ শীঘ্রেই ভাল খবৰ আহিব বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় যে দলৰ ইতিমধ্যে সিদ্ধান্ত আছে– দলৰ ভালৰ কাৰণে যিকোনো কাম কৰিব পাৰিব৷ মুখ্যমন্ত্রী সদায় ইতিবাচক বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে তেওঁ আৰু মুখ্যমন্ত্রী ভালে থাকিলে সকলো সম্ভৱ৷ সেইদৰে বি পি এফৰ বিধায়কে বিজেপিক সাক্ষাৎ কৰাৰ প্রসংগত তেওঁ কয় যে তেওঁৰ অনুমতি লৈহে তেওঁলোকে সেয়া কৰিছে৷ হাগ্রামা মহিলাৰীৰ এই ভাষ্যৰ পিছতেই   বি পি এফ দল বিজেপিৰ মিত্র হ’ল । ইপিনে বি পি এফৰ বিধায়ক দুর্গাদাস বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্রী আৰু বর্তমানৰ ৰাজ্য চৰকাৰৰ কামৰ প্রতি যি স্পৃহা, তাক লৈ বি পি এফ আশাবাদী৷ বি পি এফে চৰকাৰক সহায় কৰাৰ পক্ষপাতী৷ মন কৰিবলগীয়া এয়ে যে শেহতীয়াকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো বি পি এফ দলক বিজেপিৰ সংগী কৰি লোৱাত তেওঁলোকৰ আপত্তি নথকাৰ কথা ইতিমধ্যে স্পষ্ট কৰি দিছে৷ ফলত যিকোনো মুহূর্ততে বি পি এফ দল বিজেপিৰ মিত্র হোৱাটো অৱধাৰিত বুলিব পাৰি৷
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা বিধান সভাৰ ভিতৰতহে , সমষ্টিৰ ভিতৰত মিত্ৰতা হ’ব নে নহয় সেই সিদ্ধান্ত এতিয়াও হোৱা নাই । মুখ্যমন্ত্ৰীৰ এনেকুৱা মন্তব্যই ইউপিপিএলক জানো সন্তুষ্ট কৰিব ? মুঠেই নকৰে । কাৰণ ৰাজনৈতিক দৃষ্টিত মুখ্যমন্ত্ৰীৰ এই মন্তব্য তেনেই তৰল ।  হাগ্ৰাম মহিলাৰীক বিৰোধ কৰি বিটিআৰ দখল কৰা প্ৰমোদ বড়োৱে কি স্থিতি গ্ৰহণ কৰিব আগন্তুক সময়ত ? বিটিচি নিৰ্বাচনৰ সময়ত প্ৰমোদ বড়ো আৰু হীৰা শৰণীয়াৰ মাজৰ মিত্ৰতা যিদৰে আচহুৱা আছিল , সেই একদৰে প্ৰমোদ – হাগ্ৰামা -হীৰা এই তিনিটা ৰাজনৈতিক দৰ্শন একেলগে এখন মঞ্চত একেলগে বহিলেও আচৰিত হয়টো নালাগিব । মুঠৰ ওপৰত অসমত ধৰ্মীয় সংখ্যালঘু মুচলমান ৰাজনীতিয়ে প্ৰতিদিনে শক্তিশালী হৈ থকাৰ সময়তে বিজেপিয়ে বদৰুদ্দিন আজমল বিৰোধী শক্তিক কিমান দিনলৈ একত্ৰিত কৰি ৰাখিব পাৰিব সেয়া লক্ষণীয় হব ।