ফুটবল থকালৈ মাৰাডোনা থাকিব

1042
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


কলকাতাৰ বিখ্যাত ক্ৰীড়া ফটোগ্রাফাৰ অমিয় তৰফদাৰৰ । ভাৰতৰ পৰা বিশ্বকাপ ফুটবলৰ বাতৰি সংগ্ৰহৰ কাৰণে দুৰদৰ্শনে দায়িত্ব দিছে । ১৯৮২ চনৰ বিশ্বকাপ । স্পেইনত হৈছে । ডিফেন্দিং চেম্পিয়ন আৰ্জেন্টিনা সেইবাৰো জনপ্ৰিয় । দলত আছে ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনা । ফুটবলত মানেই অঘটনৰ অন্ত নাই । বিগত বাৰৰ বিজয়ী দল আৰ্জেন্টিনা দ্বিতীয় ৰাউণ্ডৰ পৰা বিদায় ল’লে । ড্ৰেচিং ৰুমত ভাগি পৰিছে মাৰাডোনা । কলিকতাৰ পৰা যোৱা ফটোগ্ৰাফাৰ এজনে মাৰাডোনাক লগ কৰিব বিচাৰিছে । কলিকতাৰ নাম শুনি দুখত ভাগি পৰা স্বত্তেও মাৰাডোনাই  লগ কৰিবলৈ আমন্ত্ৰণ জনালে । অমিয় বাবুৱে মাৰাডোনাক ভাগি নপৰিবলৈ কয় আৰু তেওঁৰ লগত থকা বস্ত্ৰ এখন মাৰাডোনাৰ শৰীৰৰ মেৰিয়াই দিয়ে । মাৰাডোনা আচৰিত । এনেকুৱা বস্ত্ৰ তেওঁ কেতিয়াও দেখা নাই আগতে । অমিয় তৰফদাৰে কলিকতাৰ পৰা লৈ গৈছিল পুৰোহিতে পূজাৰ সময়ত ব্যৱহাৰ কৰা এখন নামৱলী বস্ত্ৰ আৰু সেই  নামাবলীখন তেওঁ ফুটবলৰ ৰাজপুত্রৰ গাত দি কৈছিল, “আমাৰ দেশ ভাৰতৰ পবিত্র বস্ত্র এইখন | মই তোমাৰ বাবেই আনিছো। তোমাৰ মঙ্গল হ’ব !” মাৰাডোনা বিহ্বল হৈ যায় | থিক চাৰি বছৰ পিছত মেক্সিকো বিশ্বকাপত বিশ্বই দেখা পালে ফুটবলৰ যাদুকৰজনৰ চমৎকাৰ । আৰ্জেন্টিনা বিজয়ী হয় । অমিয়বাবুৰ লগত তেওঁৰ সাক্ষাতাৰ সংখ্যা বৃদ্ধি পাইছিল | মাৰাডোনাই মানি লৈছিল ‘বিশ্বাসে মিলয় হৰি ‘। ১৯৮৬ ৰ বিশ্বকাপৰ আগে আগে  অমিয়বাবুৱে মাৰাডোনাক দিছিল এডাল ৰুদ্ৰাক্ষ ।
ফুটবল থকালৈ মাৰাডোনা থাকিব । মাৰাডোনাৰ মৃত্যু নাই ।