ছাত্রৰ লগত ফেভিকল

1097

এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সদায় অসম ছাত্র সংগঠনৰ বহু প্ৰতিখ্যিত সভাখন অনুস্থিত হ’ল। তিনি মহানায়কৰ প্ৰস্থানৰ কথা আছিল যদিও মাত্র এজনে ইয়াৰ পৰা বিদায় মাগিলে। বাকী দুজন থাকি গ’ল।  ছাত্র নেতাৰ মনৰ কথা জানিবলৈ উপস্থিত হ’ল অসমৰ এজন বিখ্যাত সাংবাদিক।
(১)
কতনু ভূঞাঃ পুৰুষে কথাৰ লৰ চৰ নকৰে বুলি আপোনাৰ সতীৰ্থজনে আপোনাক কটাক্ষ কৰিছে। আপুনি কি ক’ব?
উজ্জ্বল ভট্টঃ তেওঁ ঠিকেই কৈছে।
কতনু ভূঞাঃ তেন্তে আপুনি কিয় কথা সলনি কৰিছে।
উজ্জ্বল ভট্টঃ মোৰ বক্তব্য ভালদৰে শুনি ল’ব।  “মই দুলিয়াজানলৈ সংগঠন ত্যাগ কৰিবলৈ আহিছো” বুলি কৈছিলো কিন্তু সংগঠন ত্যাগ কৰিম বুলিতো কেতিয়াও কোৱা নাছিলো।
কতনু ভূঞাঃ তাৰমানে ‘অশ্বত্থামা হত কিন্তু এটা গজ’।
উজ্জ্বল ভট্টঃ অলপ মিলিছে। “ভট্টাচাৰ্য  যাবা কিন্তু এটা গাজা”।
কতনু ভূঞাঃ আপোনাৰ সতীৰ্থজনে আকৌ আপোনাক কটাক্ষ কৰি কৈছে সকলোৱে সংগঠনত কিছু নিৰ্দিষ্ট  সময়লৈকেহে থাকিব লাগে।
উজ্জ্বল ভট্টঃ তেওঁ ঠিকেই কৈছে। এতিয়ালৈকে ময়ে ঠিক কৰি আছো কাৰ কি নিৰ্দিষ্ট সময়।
কতনু ভূঞাঃ আপুনি নাভাবেনে যে আপোনাৰ বয়স হৈছে আৰু ছাত্র সংগঠনত থকাটো শোভা নাপায়।
উজ্জ্বল ভট্টঃ মোৰতো বিয়াই হোৱা নাই। কি বয়সৰ কথা কৈছে?
কতনু ভূঞাঃ ভবিষ্যতে কেতিয়াবা ছাত্র সংগঠন এৰাৰ পৰিকল্পনা আছে নেকি?
উজ্জ্বল ভট্টঃ ২০৩১ মানত চিন্তা কৰিম।
কতনু ভূঞাঃ ধন্যবাদ। আপুনি ছাত্রৰ লগত ফেভিকল হৈ লাগি থাকক তাৰেই কামনাৰে।
(২)
কতনু ভূঞাঃ আপুনি কান্দিলে কিয়?
লেনিন গগৈঃ  বলিৰ পঠা সজালে কেনেকৈনো নকন্দাকৈ থাকিম?
কতনু ভূঞাঃ আপুনি কেতিয়া বুজিব পাৰিলে যে আপোনাক ঠগা হ’ল।
লেনিন গগৈঃ সভাৰ মানুহবোৰ দেখিয়ে অনুমান অলপ হৈছিল। এই চালু বামুনজনে ক’ৰ ক’ৰ পৰা যে ছাত্র বুলি মানুহ আনিছে তাৰ হিচাপ নাই। কিবা এটা কৰিব বুলি অনুমান হৈছিল। কিন্তু এই গোৱালপৰীয়াজনেও গাদ্দাৰি কৰিব বুলি সপোনতো ভবা নাছিলো।
কতনু ভূঞাঃ এতিয়া পিছে কি কৰিব?
লেনিন গগৈঃ ইমান ভাৰী ভাৰী ডাইলগ কৈ ছাত্র এৰিলো ,এতিয়া ঘূৰি যোৱাৰ উপায় নাই। যি হয় দেখা যাব।
কতনু ভূঞাঃ উজ্জ্বল ভট্ট ছাত্র হৈ থকা বিষয়টোৰ ওপৰত কি ক’ব?
লেনিন গগৈঃ তেওঁ যেতিয়া ছাত্র আছিল তেতিয়া মোৰ জন্মই হোৱা নাছিল।  তেওঁৰ বসয়ৰ মানুহে নাতি পুতিক স্কুললৈ লৈ যায়, কাশী-জগন্নাথত ধৰ্ম কৰিবলৈ যায় , তেওঁ একা ছাত্র হবলৈ যায়। মই ছাত্র সংগঠনত নতুন নিয়মৰ পোষকতা কৰো।
কতনু ভূঞাঃ ছাত্রৰ সংজ্ঞা আপুনি কি ভাবে দিব?
লেনিন গগৈঃ মোৰ মতে যাৰ মুৰত চুলি যোৱা আৰম্ভ হোৱা নাই তেওঁহে নিজকে ছাত্র বুলি ক’ব পাৰে।
কতনু ভূঞাঃ ভট্টই কৈছে যে তেওঁ হেনো বিবেকৰ লগত কথা পাতিব।
লেনিন গগৈঃ তেওঁৰ বিবেকটো খুব মাৰাত্মক। অাগতেও দুটা অধিবেশনত বিবেকৰ লগত কথা পাতি ছাত্র হৈছিল। মই দাবী জনাম যে এইবাৰ ভট্ট ডাঙৰাই বিবেকৰ লগত কথা পতাৰ সলনি আমাক মাতক। মই তেওঁৰ বিবেকক বুজাম যে ৬০ বছৰীয়া ছাত্র পৃথিবীৰ কতো নাইকিয়া।
কতনু ভূঞাঃ নাথেও আপোনাক নাশ কৰিলে নেকি?
লেনিন গগৈঃ তেওঁ মোক দুখ কৰি ক’লে যে তুমিটো দুলিয়াজান, নাহৰকটীয়াৰ পৰা খেলিবা, মই কি কৰিম? মিঞাৰ জিলাখনত এটা যি সমষ্টি আছে সিয়ো সংৰক্ষিত। মই তেওঁৰ মনৰ বেদনা বুজিছো। আৰু দুই তিনিবছৰ ছাত্র হৈ থকাৰ বয়স তেওঁৰ আছে।
কতনু ভূঞাঃ শেষত বৰ্তমান পৰিস্থিতিক লৈ চিনেমাৰ ষ্টাইলত কিবা ক’ব নেকি?
লেনিন গগৈঃ
মৰ্দ কো দৰ্দ নেহি হোতা
গাদ্দাৰ কভি খুদ্দাৰ নেহি হোতা