মুখ্যমন্ত্রীৰ নকল!

760
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ ওচৰত কেইদিনমান আগতে এজন চৰকাৰী চাকৰিয়ালে আবেদন লৈ গৈছিল। মানুহজনক ট্ৰানছফাৰ কৰা হৈছিল। বিভিন্ন ৰোগত ভূগি থকা ৫৭ বছৰৰ ৩য় বৰ্গৰ মানুহজনে বৰুৱাক নিজৰ বেমাৰৰ দোহাই দি ট্ৰানছফাৰ ৰদ কৰিবলৈ অনুৰোধ কৰিছিল। মানুহজনক সমবেদনা দিয়াৰ সলনি ওলোটাকৈ গালি শপনিহে দিলে বৰুৱাই_ অসুখ যদি ভলেন্টাৰী ৰিটেয়াৰমেন্ট লওক। আকৌ সেইজন বৰুৱাৰে এখন ৰাজহুৱা সভাৰ ৰেকৰ্ডি দেখিলো ফেচবুকত। তাত তেওঁ এজন ব্যক্তিক ৰাজহুৱা ভাবে গালি দিছে। ট্ৰানছফাৰ ওলাই দিম মই ভালকে_বৰুৱাৰ কঢ়া কথা। ভুক্তভোগী এই দুয়োজন মানুহ নলবাৰী সমষ্টিৰে। বৰুৱাৰ মেন্টৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্রীয়ে বিভিন্ন সময়ত কঢ়া কথা কয়। শিক্ষকৰ সভাত কিছুমানৰ ক্লাছ লোৱা সকলোৱে দেখিছে। অনুমান কৰিব পাৰি যে জয়ন্ত মল্ল বৰুৱাই শৰ্মাৰ একান্ত অনুগত হিচাপে তেওঁক অনুসৰণ কৰিব বিচাৰিছে। ইতিমধ্যে ৰাইজে প্ৰত্যক্ষ কৰিছে যে ড° শৰ্মাই যি কথা কয় সেই একে হুবহু কথা দুদিন পিছত জয়ন্ত মল্লই কয়। এয়া ২০১১ চনৰ পৰা চলি ‍আছে। ই একো বেয়া কথা নহয়। আপুনি যাক গুৰু মানে তেওঁক অনুকৰণ কৰিব পাৰে। কিন্তু সমস্যা হয় যেতিয়া আপুনি কোনো বিদ্যা আধা শিকে। ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ সমষ্টিৰ মানুহক কেতিয়াও বেয়া ব্যবহাৰ নকৰে। আনকি এটা সাক্ষাৎকাৰত শৰ্মাই কৈছিল_ মই মোৰ পৰিয়ালৰ সকলোকে কৈছো যে জালুকবাৰীৰ কোনো মানুহ আহিলে সন্মান সহকাৰে আতিথ্য কৰিবা। জয়ন্ত মল্ল বৰুৱাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা কিছু গুণ নিশ্চয়কৈ আয়ত্ত কৰিলে, কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আওকাণ কৰিলে। তেওঁক ভোট দিয়া দুজন মানুহক ককৰ্থনা কৰা কাৰ্য্যটো দেখি হয়তো তেওঁৰ গুৰুৱে দুখ পাব।

পিযুষ হাজৰিকাই সাংবাদিকক গালি দিছিল। অ’দিও টেপ ভাইৰেল হ’ল। নিজৰ পত্নীক কাঠগৰাত দেখি হিতাহিত জ্ঞান হেৰুৱাই হাজৰিকাই সাংবাদিকক দিয়া ধমক বহুতে নিন্দা কৰিলে। হাজৰিকাৰ গুৰু ড° শৰ্মাই বিভিন্ন সময়ত সাংবাদিকৰ ক্লাছ লৈ ‍আহিছে। শেহতীয়াকৈ বিটিআৰ নিৰ্বাচনৰ পিছত এজন সাংবাদিকে ভাল ধমক খালে। কিন্তু ৰাইজে বুজিলে যে দোষ সাংবাদিক জনৰে। মদৰ নিচাত কিছু ‍অবান্তৰ প্ৰশ্ন কৰি ড° শৰ্মাৰ পৰা কথা শুনিবলগীয়া হ’ল। কিন্তু পিযুষ হাজৰিকাৰ কথা সম্পূৰ্ণ সুকীয়া। তেওঁৰ এজেণ্ডা ব্যক্তিগত আক্ৰোশ আৰু কথাৰ সুৰত আছে তীব্ৰ অহংকাৰ। মুখ্যমন্ত্রীৰ লগত থাকি পিযুষ হাজৰিকাই কিছু শিকিলে যদিও ড° শৰ্মাৰ সমকক্ষ হ’বলৈ বহু যোজন বাকী।

শেষত এটা কথা কম যে মুখ্যমন্ত্রীক তেখেতৰ অনুগত সকলে অন্ধভাবে নকল কৰা অনুচিত। সকলোৰে নিজস্ব এটা ব্যক্তিত্ব আছে। নিজৰ সকলো জলাঞ্জলি দি কাৰোবাক নকল কৰিবলৈ গ’লে বিপদ অনিবাৰ্য্য।