অমিত শ্বাহ আৰু মোৰ অবুজ সন্তান

763
  • জাহ্নবী বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


মোৰ ঘৰ গুৱাহাটীৰ বেলতলাত। মোৰ পুত্র সন্তানৰ বয়স ১০ বছৰ। সি ন মাইলৰ ওচৰৰ এখন স্কুলত পঢ়ে। অইন দিনাৰ দৰে সেইদিনাও মই তাক ৰাতিপুৱা ৭:৩০ বজাত স্কুল বাছত তুলি দিলো। তাৰ পিছে পিছে ময়ো স্কুললৈ বুলি ওলালো। সি আন লৰাবোৰতকৈ অলপ বেলেগ। আনতকৈ অলপ কমকৈ বুজে। কথা কম কয়। মনৰ ভাবনা ভালকৈ প্ৰকাশ কৰিব নোৱাৰে। কৰোনাৰ আগৰ দুবছৰ এনে সন্তান থকা মাতৃকো স্কুল বাছত যোৱা অনুমতি দিছিল। এই বছৰৰ পৰা স্কুলে এই সুবিধা বন্ধ কৰিলে। একমাত্র লৰাই কোন সময়ত কি ৰূপ দেখায় তাৰ ভয়তে মই ৰাতিপুৱা ৯ বজাৰ পৰা ২ বজালৈ স্কুলত ৰৈ থাকো। ঘৰৰ পৰা বেটাৰী গাড়ীত গৈ খানাপাৰাত ট্ৰেকাৰ ধৰো। সেইদিনা দেখিলো খানাপাৰাত বহুত পুলিছ। কোনোবাই ক’লে গৃহমন্ত্রী আহিব। ট্ৰেকাৰ চলোৱা ড্ৰাইভাৰজনে ক’লে যে ১ বজাৰ পৰা সভা আছে, কিছু ট্ৰেফিক জাম হ’ব পাৰে।
 স্কুল চুটিৰ পিছত স্কুল বাছ ২ বাজি ৩০ মিনিটত যাত্রা আৰম্ভ কৰে। ৰাস্তাত ৩-৪ টা লৰা-ছোৱালী নমাই ৩ বাজি ১৫ মিনিটত বেলতলাৰ চাৰ্ভে ষ্টপেজত
 ৰখে। তাৰ পৰা মোৰ লৰাক নমাই মই ১০ মিনিট খোজ কাঢ়িলে মোৰ ঘৰ পাও।  কেতিয়াবা ট্ৰেকাৰ আদি পোৱাত অসুবিধা হয় বাবে মই ২ বজাতে স্কুলৰ পৰা বেলতলালৈ আহি চাৰ্ভেত সন্তানৰ বাবে অপেক্ষা কৰো। সেইদিনা ট্ৰেফিক জাম হ’ব পাৰে বুলি শুনি ১১ বজাতে ওলালো। সাধাৰণতে ৪৫ মিনিটত বেলতলা পাও যদিও সেইদিনা খানাপাৰাত হোৱা কিছু জামৰ বাবে ১ ঘন্টাৰ ওপৰত সময় লাগিল। ঘৰত কিছু জিৰণি লৈ ৩ বজাত বেলতলাৰ চাৰ্ভে স্টপেজ পালো। বুজিছিলো যে স্কুল বাছ আহি পাওতে কিছু পলম হ’ব পাৰে তথাপিও ৰিস্ক ল’ব খোজা নাছিলো। সন্ধিয়া ৪ টা বাজিল কিন্ত বাছৰ দেখা দেখি নাই। স্কুলত ফোন কৰি গম পালো যে গোটেইকেইখন বাছ জামত পৰিছে। গৃহমন্ত্রীৰ সভাত হেনো লাখ লাখ মানুহ। মানুহ আনিবলৈ ব্যবহাৰ কৰা হৈছে হাজাৰ বাহন।  এই হাজাৰ বাহনে ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ ৰূপে জাম কৰি পেলাইছে। ৪ বাজি ৩০ মিনিটত এটা ফোন আহিল। মোৰ লৰা যিখন স্কুল বাছত আহিছে সেইখনৰ ড্ৰাইভাৰজনে ফোন কৰিছে। মোৰ লৰাক হেনো কন্ট্ৰোল কৰিব পৰা নাই, সি কান্দি আছে, চিঞৰি আছে, বাছৰ পৰা নামি যায়। লগে লগে এখন অ’টো লৈ ওলালো। বেলতলাৰ পৰা খানাপাৰালৈ প্ৰচণ্ড জাম। এইফালে মই ফছি আছো আনফালে মোৰ সন্তানে চটফটাই আছে। প্ৰায় ৬ মান বজাত খানাপাৰাৰ ওচৰতে স্কুল বাছখন পাই গ’লো। বাছৰ ভিতৰত গৈ দেখো সকলো শিশুৰে অবস্থা কাহিল। হেণ্ডিমেনজনে জনালে যে তেওঁ শিশুবোৰক ৰাস্তাৰ কাষৰ দোকানৰ পৰা ছিপছ, বিস্কুত, পানী আদি কিনি দিছে। মোৰ লৰাটোৱে হেনো এতিয়ালৈকে একো মুখত দিয়া নাই, কেবল কান্দি আছে। তাক জোৰেৰে সাবত মাৰি ধৰি মৰম কৰিলো। লক্ষ্য কৰিলো অত্যাধিক কন্দাৰ ফলত তাৰ চকুৰ তলৰ ভাগটো কলা পৰি গৈছে। বাকী শিশুবোৰৰ বোধন ক্ষমতা আছে বাবে ইমান দেৰি হোৱা স্বত্তেও শান্তিৰে বহি আছে। আমাৰ যাত্রা শেষ হোৱা নাছিল। ৰাতি চাৰে সাত বজাতহে আমি চাৰ্ভে ষ্টেছন পালো। পিছত গম পালো মালিগাওঁ আদি ঠাইত থকা কিছুমান শিশু হেনো ঘৰ পাওতে ৰাতি ৯টা বাজিছিল। মনত প্ৰশ্ন হৈছিল গৃহমন্ত্রীয়ে জানো গম পায় আমাৰ মৰ্মবেদনা?