ৰকিবুলৰ বাবে অগপৰ দুৱাৰ বন্ধ

629

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ৰকিবুল হুছেইন পদত্যাগৰ বাতৰি চৰ্চিত হৈছে । কেতিয়া ক’ত কংগ্ৰেছ ত্যাগ কৰি আন দলত যোগ দিব সেই কথাৰ উমান পোৱা হোৱা নাই । কিন্তু বিশেষ সু্ত্ৰই জনোৱা মতে ৰকিবুল হুছেইনক অগপৰ বহু নেতা কৰ্মীয়ে বিচৰা নাই । কেশব মহন্ত যদিও নৰম আছিল তথাপি কৰ্মীৰ ৰুদ্ৰমুৰ্তীত অগপৰ দুৱাৰখন বন্ধ হৈ পৰিছে । বদৰুদ্দিন আজমলৰ লগত লগ লাগিব নোৱাৰে , কাৰণ অসমৰ জমিয়তৰ দুটা পৃথক গোটক দুয়োজন ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰে । তেনেক্ষেত্ৰত বিকল্প দুটা হৈছে নতুন দল গঠন আৰু তৃণমুল কংগ্ৰেছ ।নতুন দল গঠন কৰাৰ সম্ভাৱণা নস্যাত কৰি তেওঁ তৃণমুলত যোগ দিব ।
ৰকিবুল হুছেইনৰ কংগ্ৰেছ ত্যাগ কৰাৰ পিছত ভুপেন বৰাইও নিজৰ ৰাজনৈতিক অংক মিলাব লাগিব । ভঙাসভাত ৰাগ গাই থকাৰ ইচ্ছা কোনেও নকৰে । এই ক্ষেত্ৰত ভুপেন বৰাৰ স্থিতি সহজ হৈ আছে । তেওঁ বিজেপি লৈ যোৱাত বাধা নাই । কাৰণ বিহপুৰীয়াত অমিয় ভুঞাক একাষৰীয়া কৰাটো অতি সহজ হব । মুখ্যমন্ত্ৰীৰ লগতো অমিয় ভুঞাৰ সম্পৰ্ক আশাপ্ৰদ নহয় । আগন্তুক লোকসভা নিৰ্বাচনৰ আগতে ভুপেন বৰাৰ দল ত্যাগ আৰু ২০২৬ ত বিহপুৰীয়াৰ পৰা টিকট লৈ বিধান সভাত প্ৰবেশ কৰাৰ সুত্ৰ মসৃণ ।