আলফা-এক অসমাপ্ত অধ্যায়!!

1539
  • প্ৰিয়াংকু নাৰায়ণ বৰুৱ‍া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


অবৈধ প্ৰব্ৰজনকে আদি কৰি নানানটা সমস্যাই অসমক জুৰুলা কৰা সময়তে কেইজনমান জাতীয়তাবাদী অসমীয়া ডেকাই সাৰ্বভৌমত্বৰ লক্ষ্যৰে ১৯৭৯ চনৰ ৭ এপ্ৰিলত ৰংঘৰৰ বাকৰিত জন্ম দিয়ে সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ।।১৯৭৯ চনত অসমত আৰম্ভ হোৱা ছবছৰীয়া বিদেশী খেদা আন্দোলন আৰু তাৰ সমান্তৰালকৈ উন্মেষ ঘটা জাতীয়তাবাদী আৱেগৰ জৰিয়তেই আৰম্ভ হৈছিল আলফাৰো ইতিহাস৷ একেই জাতীয়তাবাদী চিন্তাৰে মন্ত্ৰমুগ্ধ হৈ একাংশই অস্ত্র লৈ জংঘললৈ যোৱাৰ বিপৰীতে আন এটা চামে অসম আন্দোলনৰ দৰে গণজাগৰণৰ সূচনা কৰি পৰৱৰ্তী সময়ত এক ৰাজনৈতিক শক্তি হিচাপে আত্মপ্রকাশ কৰিছিল৷
প্ৰথম অৱস্থাত আলফাই মাদক দ্ৰব্য নিবাৰণ, দুৰ্নীতিবিৰোধী কাৰ্যকলাপ আদিৰে জনমানসত আস্থা আদায় কৰিবলৈ সক্ষম হৈছিল যদিও সময়ৰ লগে লগে ক’ৰবাত যেন আভ্যন্তৰীণ খেলিমেলি-কৌশলগত ক্ৰুটি‌ পৰিলক্ষিত হৈছিল।সংগঠনটোৰ হিংসাত্মক কাৰ্যকলাপ ক্ৰমাৎ বাঢ়ি অহাত ১৯৯০ চনত ভাৰত চৰকাৰে সংগঠনটোক নিষিদ্ধ ঘোষণা কৰিলে আৰু সামৰিক বাহিনীকো কঠোৰতকৈও কঠোৰ আৰু জিঘাংসু ৰূপত অৱতীৰ্ণ হোৱা দেখা গ’ল।

‘আলফা’ৰ লক্ষ্য, এখন স্বাধীন অসমত বিজ্ঞানসন্মত সমাজতন্ত্ৰ প্ৰতিষ্ঠা কৰা৷’ আলফাৰ উদ্দেশ্য হ’ল– ‘এখন সকলো প্ৰকাৰৰ শোষণ আৰু বৈষম্যৰ পৰা মুক্ত শ্ৰেণীহীন সুস্থ সবল আৰু উন্নত অসম গঢ়াৰ বাবে এক বিপ্লৱী গণ-সংগ্ৰাম গঢ়ি তোলা৷ আলফাৰ আদৰ্শ, জাতীয়তাবাদৰ ভিত্তিত বিজ্ঞানসন্মত সমাজবাদ৷’’এনেধৰণেই আলফাই নিজৰ স্থিতি ঘোষণা কৰি আহিছে যদিও বিভিন্ন সময়ত আলফা লক্ষ্য আৰু উদ্দেশ্য বিভ্ৰান্তিৰ সমান্তৰালকৈ কৌশলগত ক্ৰুটিৰ সন্মুখীন হৈছে।
স্বাভিমানী সত্তা সাংবাদিক প্ৰয়াত পৰাগ কুমাৰ দাসে আলফাৰ সংগ্ৰামখনৰ জাতীয়চেতনাবোধৰ পৃষ্ঠভূমিক ন্যৰ্যতা প্ৰদানৰ সমান্তৰালকৈ সাংবাদিক হিচাপে সেই কক্ষচ্যুত হোৱা দিশবোৰৰো ক্ষুৰধাৰ সমালোচনা কৰিছিল৷এনে পটভূমিত একাংশৰ ৰোষৰ বলি হৈছিল নেকি প্ৰয়াত সাংবাদিকগৰাকী?
উদ্যোগপতি স্বৰাজ পালৰ ভায়েক সুৰেন্দ্ৰ পাল, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক দৌলত সিং নেগী, অইল ইণ্ডিয়াৰ প্ৰৱন্ধক পি কে ডি ৰামামূৰ্তী, কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ জি এল হৰলালকা, হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্প’ৰেচনৰ প্ৰৱন্ধক ডি চলিহা আৰু সাংবাদিক কমলা শইকীয়াৰ নৃশংস হত্যাকাণ্ডকে ধৰি বহু অপহৰণ-ধনদাবী আদিৰ ঘটনাত জড়িত হৈ পৰে সংগঠনটো।আলফাৰ সেই সময়ৰ মুখ্য কাৰ্যালয় চৰাইপুঙত উদ্ধাৰ হোৱা আলফাই মৃত্যুদণ্ড দিয়া লোকৰ শাৰী শাৰী গণকবৰ আদিয়েও বিভিন্ন প্ৰশ্নৰ সূচনা কৰে।ধেমাজিৰ বিষ্ফোৰণ এক অক্ষমণীয় ভুল বুলি চৰ্চিত হয়।এনেধৰণৰ একাধিক ক্ৰুটি বিচ্যূতিৰ দ্বাৰা তদানীন্তন সময়ত আলফাৰ আভ্যন্তৰীণ কিছু বিশৃংখলতা তথা নেতা-কেডাৰৰ সঠিক যোগসূত্ৰৰ অভাৱ পৰিলক্ষিত হয়।অৱশ্যে তদানীন্তন সময়ত আলফাৰ দ্বাৰা হত্যাৰ বলি হোৱা ব্যক্তিসকলৰ সন্দৰ্ভত ন্যায়ৰ অৱধাৰণাটো পৰিকাঠামো বিহীন হৈ ৰ’ল ঠিক তেনেকৈ বিভিন্ন সময়ত নিৰুদ্দেশ হৈ আজিও একো সন্ধান নোলোৱা আলফা কেডাৰৰ ক্ষেত্ৰটো ন্যায়ৰ ধাৰণাটো প্ৰহসন হৈ ৰ’ল।
১৯৯০ চনৰ ২৬ নৱেম্বৰত অসমত জাৰি কৰা অপাৰেচন বজৰং আছিল অসমৰ মানুহে প্ৰত্যক্ষ কৰা কঠোৰতম নিৰ্যাতন আৰু পীড়নৰ কঠিন সময়।আবেগিক অসমীয়াৰ সংবেদনশীলতাক জোকাৰি যোৱা সেই সময়খিনিৰ প্ৰতিটো দিনেই কঢ়িয়াইছিল নিৰ্যাতনৰ নতুন তথ্য।সামৰিক বাহিনীৰ অপাৰেচনৰ গইনা লৈ সৃষ্ট জিঘাংসাৰ বলি হৈছিল প্ৰদীপ দত্ত, প্ৰবীণ সোণোৱাল, দেৱজিৎ বিশ্বাস, ভবেন মৰাণ, অখিল সোণোৱাল, ব্ৰজেন মৰাণ, শৰত কটকী আদি অসমীয়া যুৱক। ধৰ্ষণৰ বলি হোৱা নোমলী বণিয়া, ভণীমাই দত্তকে আদি কৰি অসমীয়া জীয়ৰী-বোৱাৰী সকল জানো আলফা আছিল!১৯৯১ চনৰ ২৭ জুলাইত আলফা দমনৰ গইনা লৈ দিপীলা চ’কত হত্যা কৰা কেইবাজনো নিৰীহ সকলৰ আত্মাই হয়তো আজিও সুবিচাৰৰ প্ৰতীক্ষাত।প্ৰশ্ন হয় দুই মঁহৰ যুঁজত বিৰিণাৰ মৰণ কিয়?ইতিহাসে সোঁৱৰায় সাধাৰণ জনতা পণবন্দী হোৱা বহু ঘটনা।একবিংশ শতিকাৰ আৰম্ভণিতে ভাৰতীয় সেনাই আলফাৰ বিৰুদ্ধে অপাৰেচন ৰাইন’ আৰু অপাৰেচন অল ক্লিয়েৰ নামৰ আৰু দুটা অভিযান চলাইছিল। অসমৰ ইতিহাসৰ আৰু এটা ক’লা অধ্যায় দৃষ্টিগোচৰ হৈছিল। মুখ্যমন্ত্ৰী হিচাপে প্ৰফুল্ল মহন্তৰ দ্বিতীয়টো কাৰ্যকালৰ সময়ত (১৯৯৬-২০০১) গুপ্তহত্যা হৈ পৰিল সুলভ।নিশাৰ অন্ধকাৰত অচিনাক্ত ঘাতকে ইজনৰ পিছত সিজনকৈ হত্যা কৰিছিল আলফা সদস্যৰ পৰিয়ালক,আত্মীয়-স্বজনক। ১৯৯৮ চনৰ ১১ আগষ্টত নলবাৰী জিলাৰ নিজজুলুকীত অচিনাক্ত হত্যাকাৰীয়ে ৰাতি শোৱাপাটীৰ পৰা উঠাই হত্যা কৰিছিল আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ পৰিয়ালৰ চাৰিজন লোকক। তৰুণ গগৈ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত এই অৱস্থাৰ অৱসান ঘটিছিল যদিও তদন্তকাৰী শইকীয়া আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ’ল কিয় সেয়াও এক বিৰাট প্ৰশ্নবোধক।আপাত:দৃষ্টিত সকলোপক্ষৰ দ্বাৰাই যেন বাৰম্বাৰ ধৰ্ষিতা হৈছিল সামাজিক ন্যায়ৰ অভিধাৰণাটো।
আৰ্থ- সামাজিক প্ৰেক্ষাপট সৃষ্ট যিবোৰ অসন্তুষ্টিত স্ব অধিকাৰৰ সংগ্ৰামৰ লক্ষ্যৰে আলফাৰ জন্ম হল সেইবোৰ বিষয়ত আশু সমাধান নিৰ্ধাৰণৰ আগ্ৰহ আৰু সদিচ্ছা তদানীন্তন চৰকাৰ সমূহৰ আছিলনে বুলি প্ৰশ্ন উঠে।চৰকাৰে কেৱল সামৰিক হেঁচা, বিভাজনৰ চক্ৰান্ত আৰু মনস্তাত্বিক যুদ্ধৰ কৌশলেৰে আলফাক সৰ্বসাধাৰণৰ পৰা বিচ্ছিন্ন কৰি মষিমুৰ কৰাৰ প্ৰয়াস কৰি আহিছিল নেকি বুলি সততে বৌদ্ধিক মহলত সৱল চৰ্চা দেখা যায়।এইসমূহ ধাৰণাক একে আষাৰে উলাই কৰিব নোৱাৰি।সংগ্ৰামী ধাৰাটোৰ প্ৰতি সমমৰ্মীতা প্ৰকাশ কৰি প্ৰয়াত পৰাগ কুমাৰ দাসে লিখিছিল- উধম সিং, ভগত সিং বা নেতাজী সুভাষ চন্দ্ৰ বসুক ভাৰত চৰকাৰে কাহানিও সন্ত্ৰাসবাদী আখ্যা দিয়া নাই৷ বৰং মহিমামণ্ডিত কৰিছে স্বাধীনতা সেনানী হিচাপেহে৷ নেলছন মাণ্ডেলা বা য়াছেৰে আৰাফটক তেওঁলোকৰ নিজ নিজ সংশ্লিষ্ট চৰকাৰে সন্ত্ৰাসবাদী হিচাপে অভিযুক্ত কৰিছে৷ কিন্তু তেওঁলোকক ভাৰত চৰকাৰে আখ্যা দিছে মুক্তিকামী জনগণৰ প্ৰতিনিধি হিচাপে৷ চৰকাৰে নিজেই যেতিয়া সশস্ত্ৰ সংগ্ৰামৰ ধাৰণাক দ্বিধাহীনভাৱে স্বীকৃতি দিয়ে, হীৰকজ্যোতি মহন্তৰ নিচিনা মুক্তি সেনানীক কেৱল সশস্ত্ৰ সংগ্ৰামৰ পথ লোৱা বাবেই অপৰাধী বুলি ক’বলৈ নীতিয়ে অন্ততঃ আমনি কৰা উচিত৷’সমসাময়িক প্ৰেক্ষাপটত আলফা সমস্যা সমাধানৰ বাবে আপাতঃদৃষ্টিত বিভিন্ন প্ৰচেষ্টা চলিছে যদিও এক সুস্থিৰ সিদ্ধান্ত আজিও সম্ভৱ হোৱা নাই।
২০০৫ৰ ৮ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ সৈতে আলোচনাৰ মধ্যস্থতা কৰিবলৈ তেতিয়াৰ সভাপতি
অৰবিন্দ ৰাজখোৱাই গঠন কৰিছিল পিচিজি। জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীক
মুখ্য সম্বন্বয়ৰক্ষী হিচাপে লৈ গঠন কৰা পিচিজিত অন্তভুৰ্ক্ত হৈছিল ৰেৱতী ফুকন, অৰূপ বৰবৰা, লাচিত বৰদলৈ, মুকুল মহন্ত, অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন, ব্ৰজেন গগৈ, দিলীপ পাটগিৰি, দিগন্ত কোঁৱৰ আৰু হিৰণ্য শইকীয়া৷পিচিজিয়ে আগবঢ়াই নিছিল আলোচনা৷ আলফাৰ হৈ নতুন দিল্লীত বহুলানি আলোচনা চলিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলাইছিল দুটা পৰ্যায়ত আলোচনা৷ সেয়া আছিল ২০০৫ৰ অক্টোবৰ মাহৰ কথা৷ কিন্তু তৃতীয় পৰ্যায়ত ২০০৬ৰ মে’ত নতুন দিল্লীত অনুষ্ঠিত আলোচনা ব্যৰ্থ হৈছিল।প্ৰধানকৈ ‘সাৰ্বভৌম স্বাধীন অসম’ৰ দাবীত আলোচনা অসম্ভৱ বুলি ডঃ মনমোহন সিং নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সদৰী কৰাৰ পিছতেই ব্যৰ্থ হৈছিল আলফা-চৰকাৰৰ আলোচনাৰ বাবে গঠন কৰা পিচিজি। পৰৱৰ্তীকালত বাংলাদেশৰ পৰা হস্তান্তৰ হৈ আলোচনাৰ মেজলৈ অহা সভাপতি অৰবিন্দ ৰাজখোৱাই ২০১১ৰ ফেব্ৰুৱাৰীৰ পহিলা সপ্তাহত ভংগ কৰি দিছিল পিচিজি৷
২০১১ চনত বিষয়টোৱে পুনৰবাৰ এক বিশেষ মাত্ৰা লাভ কৰিছিল।‌‌ সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা, সাধাৰণ সম্পাদক অনুপ চেতিয়া, বৈদেশিক সচিব শশ চৌধুৰী, উপ মুখ্য সেনাধ্যক্ষ ৰাজু বৰুৱা, প্ৰচাৰ সচিব মিথিংগা দৈমাৰী আদিকৈ গৰিষ্ঠসংখ্যক শীৰ্ষ নেতাই মুলসূঁতিলৈ ঘূৰি আহে। ২০১১ চনৰ পৰা‌ কেন্দ্ৰ আৰু আলোচনা পন্থী আলফাৰ‌ মাজত এলানি শান্তি আলোচনা আৰম্ভ হয়। ড৹ হীৰেণ গোহাঁইকে ধৰি ৰাজ্যৰ একাংশ সচেতন ব্যক্তিৰ উদ্যোগত অনুষ্ঠিত জাতীয় অভিৱৰ্তনে এই আলোচনা প্ৰক্ৰিয়া তৰান্বিত কৰিছিল। ৰাজনৈতিক ৰক্ষাকৱচ, বিদেশী সমস্যাৰ অৰ্থপূৰ্ণ সমাধান আৰু অসমৰ‌ সামগ্ৰিক উন্নয়ন আদি দিশত এই আলোচনাই অগ্ৰগতি লাভ কৰিছিল বুলি বিভিন্ন সূত্ৰত প্ৰকাশ।কিন্তু এই আলোচনা প্ৰক্ৰিয়াও স্থবিৰ হৈ ৰয়।প্ৰশ্ন হয়,মিজো শান্তি চুক্তি অথবা নগা চুক্তিৰ লেখীয়া স্থিৰ সমাধান আলফাৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য হোৱা নাই?কেৰোণটো ক’ত!
আলফাৰ জন্ম, বিভিন্ন পৰিৱেশ-পৰিস্থিতিত আলফাৰ ভূমিকা আৰু আলফা সন্দর্ভত অসমীয়া মানুহৰ সমর্থন বা বিৰোধ– এইবোৰ বিষয়ত বহলাই আলোচনাৰ প্ৰয়োজন আছে। অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসত আলফাৰ সংগ্ৰামৰ অধ্যায় তিলিকতে উৰাই দিয়া বিষয় নহয়৷আলফাৰ লক্ষ্য-উদ্দেশ্য বা সেই লক্ষ্যপ্রাপ্তিৰ পথ সন্দৰ্ভত নিশ্চয়কৈ বিতৰ্কৰ অৱকাশ আছে যদিও মৰ্যাদাপূৰ্ণ প্ৰেক্ষাপটত এই সমস্যাৰ সমাধানৰ দিকনিৰ্দেশ হোৱাটো প্ৰাসংগিক।আলফা স্বাধীনৰ সেনাধ্যক্ষপৰেশ বৰুৱা অবিহনে ফলপ্ৰসু আলোচনাৰ পথ মুকলি হ’ব জানো?কাৰ্যত:এনে দিশবোৰ অনুধাৱণ কৰিয়েই হয়তো শেহতীয়াকৈ অসমৰ‌ মুখ্যমন্ত্ৰীৰ দায়িত্বলৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।পৰৱৰ্তী সময়ত তিনি মাহৰ বাবে আলফাৰ যুদ্ধ বিৰতি ঘোষণা কৰে আৰু তাৰ‌ পিছতে অ’এনজি চিৰ অপহৃত কৰ্মচাৰীজনকো বিনাচৰ্তে মুকলি কৰি দিয়া বিষয়সমূহে এক ইতিবাচক ইংগিত বহন কৰা সময়তে
কেইটামান বিশেষ ঘটনাই আন এক প্ৰশ্নবোধক চিহ্নৰ নিৰ্দেশ কৰিছে৷নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দর্ভত বিতর্ক আৰু প্রতিবাদৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত পাঁচজনকৈ লোকৰ হত্যাকাণ্ডত আলফা জড়িত থকা বুলি আৰক্ষীৰ সন্দেহৰ বিপৰীতে আলফাৰ বিপৰীত স্পষ্টীকৰণ আৰু পৰৱৰ্তী সময়ত উজনি-নামনি অসমৰ বহু যুৱকে আলফাত যোগদান কৰা বুলি সংবাদ মাধ্যমত হোৱা চৰ্চা লক্ষণীয়।এনে প্ৰেক্ষাপটৰ মাজতেই অসমৰ মুখ্যমন্ত্ৰী গৰাকীক সাংঘাটিক পজিটিভ দেখাটো এক আশাৰ বতৰা।তেখেতে বাৰম্বাৰ কেন্দ্ৰৰ স’তে যোগাযোগৰ সমান্তৰালকৈ পৰেশ বৰুৱাক মূল সুঁতিলৈ আহিবলৈ আহ্বান জনাই আহিছে।অসমৰ যুৱক যুৱতী সকলক উদ্দেশ্যি তেখেতে মন্তব্য কৰিছে
“আলফালৈ নোযোৱাকৈ অসমতে থাকি অসম মাতৃৰ সেৱা কৰিব পৰাৰ যথেষ্ট থল আছে। অসমৰ জনতাই এতিয়া শান্তি বিচাৰে। সেয়েহে আলফাৰ প্ৰতি আহ্বান আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে সহযোগিতা আগবঢ়াওক।” কিন্তু এইবিলাকৰ মাজতে আলফাই দুজনকৈ খিলঞ্জীয়া যুবকক চোৰাংচোৱা বুলি মৃত্যুদণ্ড দিয়া কাৰ্য্যই সামাজিক বাতাবৰণ কলুষিত কৰিলে । অসম চৰকাৰৰ মন্ত্ৰীয়ে আলফাক ক্ষমা খোজা ইত্যাদি বিভিন্ন ঘটনাৰ মাজেৰে সাধাৰণ মানুহে আলফা-চৰকাৰৰ মাজত চলিব লগা সাম্ভাব্য আলোচনাৰ ছবিখন ধুসৰ দেখা পায় ।
সাম্প্ৰতিক পটভূমিত আশা কৰা হৈছে বড়ো শান্তি চুক্তিৰ লেখীয়াকৈ মৰ্যাদাপূৰ্ণ প্ৰেক্ষাপটত আলফাৰ দাবী সমূহ বিচাৰ-বিশ্লেষণ তথা সামাজিক ন্যায়ৰ আধাৰত এক ঐক্যমত সৃষ্টিৰ পৰিবেশ আহিব।।বিগত চাৰিটা দশকৰ এক নৈৰাজ্যৰ অৱসানৰ দিশত ৰাজ্যখনৰ অধিকাংশ পূৰ্বৰ মুখ্যমন্ত্ৰীৰ কৌশলগত ব্যৰ্থতাৰ বিপৰীতে আলফাৰ সংগ্ৰামৰ বিভিন্ন দিশৰ সৈতে ঘনিষ্ঠভাৱে পৰিচিত স্বাভিমানী অসমীয়াৰ পৰিচিতিৰে বৰ্তমানৰ বিচক্ষণ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ল’ব পাৰে স্বয়ং সূত্ৰধাৰৰ ভূমিকা।সদিচ্ছা আৰু বিচক্ষণতা ,সহযোগিতাৰে সফলতা সম্ভৱ।আমি আশাৰে বাট চাইছো।