২০২৪: কংগ্ৰেছৰ ৩৩%, আপৰ ৩০%

644

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


ৰাজনীতি অসমৰ মে ২০২২ৰ অপিনিয়ন প’লত আমি প্ৰশ্ন কৰিছিলো ২০২৪ৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে প্ৰধান বিৰোধী দলৰ মৰ্য্যাদা কাক দিব? ১ মেৰ পৰা ২০ মেলৈ চলা আমাৰ অ’পিনিয়ন প’লৰ ফলাফল এনেধৰণৰঃ

৩৩.৩% ভোট পাই শীৰ্ষত থাকে কংগ্ৰেছ দল। দুৰ্বল হাইকামাণ্ড আৰু বহু শীৰ্ষ নেতাৰ দলত্যাগৰ পিছতো অসমত দলটোৱে নিজৰ শক্তি ধৰি ৰাখিছে। ইয়াৰ মুখ্য কাৰণ হ’ল ২০২৪ত দলৰ তিনিজন শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ আৰু আব্দুল খালেক আছে। যদিও গুৱাহাটী পৌৰ নিগম আৰু বেলেগ চেনেলৰ অ’পিনিয়ন প’লত আপে ভাল প্ৰদৰ্শন কৰিছে তথাপিও ২০২৪ৰ প্ৰাৰ্থী নিৰ্বাচনকলৈ ৰাইজৰ মাজত অলপ শংকা আছে। ৰাইজে ভাবে যে আপে শক্তিশালী প্ৰাৰ্থী নাপাবও পাৰে। সেয়ে হয়তো ২৯.৬% ভোটেৰে আপ দ্বিতীয় স্থানত থাকে। অসমৰ ৰাজনীতিত যে আজমলৰ প্ৰভাব আছে সেয়া ‍আকৌ এবাৰ প্ৰমাণ হ’ল আমাৰ অ’পিনিয়ন প’লত। আজমলৰ দল ১৪.৮% ভোটেৰে তৃতীয় স্থানত থাকে।
অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ আৰু ৰাইজৰ দলে ২০২৪ত বিশেষ প্ৰভাব পেলাব নোৱাৰে। দল তিনিটাই লাভ কৰা ভোট ক্ৰমে ১১.১%, ৭.৪% আৰু ৩.৮%। শেষত এটা কথা ক’ব পাৰি যে ৰাইজৰ আপৰ প্ৰতি সমৰ্থন বৃদ্ধি পাইছে। ৩% ভোটেৰে কংগ্ৰেছ আগবাঢ়ি আছে যদিও আপে শক্তিশালী প্ৰাৰ্থী দিলে বিৰোধীৰ ভোট বিভাজিত হৈ বিজেপিৰ প্ৰাৰ্থী ওলাই যোৱাৰ সম্ভাবনা আছে। আপৰ বাবে ২০২৪ চেমি ফাইনেল, ফাইনেল হ’ব ২০২৬ত।