ক’ৰোনা বনাম কেৰেলা: লণ্ডনৰ পৰা বিজো পুনোছ

1456
  • বিজো পুনোছ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


প্ৰায় ৮ বছৰ আগতে মই লণ্ডনলৈ আহিছিলো। আজি মই ইয়াৰ নাগৰিক। মোৰ মা-দেউতা কেৰেলাৰ। চাকৰি সূত্রে তেওঁলোক বাংগালোৰলৈ আহিছিল। মোৰ আৰু বাইদেউৰ জন্ম বাংগালোৰত। মই ইঞ্জিনিয়াৰিং পাছ কৰি বাংগালোৰত কিছু বছৰ চাকৰি কৰি লণ্ডনলৈ আহো। বাইদেউক বিয়া দিছে আমেৰিকাত। মই লণ্ডনলৈ অহাৰ পিছত মা-দেইতাই বাংগালোৰৰ ঘৰটো ভাড়া দি কেৰেলালৈ গুছি যায়। বছৰত এবাৰ অন্ততঃ মই কেৰেলালৈ গৈ তেওঁলোকৰ খবৰ লও। যোৱা বছৰ এইখিনি সময়ত মই কেৰেলাত আছিলো। মাৰ অলপ অসুখ হৈছিল। আমাক কোৱা হৈছিল যে এটা টেষ্ট আছে যিটো অকল চৰকাৰী চিকিৎসালয়তহে কৰাৰ সুবিধা আছে। মই তেতিয়ালৈকে কেৰেলাৰ চৰকাৰী চিকিৎসালয়ত গৈ পোৱা নাই। বাংগালোৰৰ চৰকাৰী চিকিৎসালয় বিলাক খুব লেতেৰা। সেয়েহে চৰকাৰী চিকিৎসালয়ত যোৱাৰ সিমান মন নাছিল। কিন্তু উপায়হীন হৈ সিদিনা যাব লগাত পৰিল। মই হতবাক হ’লো। ইমান চাফ-চিকুনতা আনকি লণ্ডনৰ চিকিৎসালয় ( এন.এইটছ.এছ) টো নাই। হাস্পতাল খনৰ পৰিবেশক এটা আই.টি কোম্পানীৰ লগত তুলনা কৰিব পাৰি। কৰ্মীসকলেও ৰোগীসকলক যথেষ্ট সন্মানসহকাৰে কথা পাতে আৰু সকলোৰে সুবিধাৰ প্ৰতি যত্ন লয়। সিদিনা জীৱনৰ এটা ডাঙৰ অভিজ্ঞতা হৈছিল।

ক’ৰোনা ভাইৰাছৰ এই সন্ত্রাসৰ মাজত মোক অনেক চিন্তাই আমনি কৰি আছে। মই লণ্ডনত আৰু মা-দেউতা কেৰেলাত। হঠাৎ প্ৰয়োজন হ’লেও যাব নোৱাৰিম। সদায় ফোনত কথা পাতো যদিও চিন্তা এটা মনত থাকি যায়। বৰ্তমানলৈ অন্য দেশৰ তুলনাত ভাৰতবৰ্ষই ক’ৰোনাৰ বিৰুদ্ধে যুঁজখন তীব্ৰ কৰি তুলিছে। ভাৰতৰ ভিতৰত প্ৰথম ক’ৰোনা ৰোগী জন আছিল আমাৰ কেৰেলাৰ। কিন্তু কেৰেলা চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবে ক’ৰোনাই কেৰেলাত সন্ত্রাস সৃষ্টি কৰিব নোৱাৰিলে। এতিয়া ক’ৰোনা প্ৰতিৰোধত সক্ষম হোৱা ৰাজ্যবিলাকৰ ভিতৰত কেৰেলা প্ৰথম স্থানত। এইটো সম্ভব হৈছে বহু বছৰৰ চৰকাৰৰ প্ৰচেষ্টাৰ ফলত। চৰকাৰী হাস্পতাল বিলাক কেৰেলেত অতি উন্নত মানৰ। বৰ্তমানৰ স্বাস্হ্য মন্ত্রী শৈলজা আৰু মুখ্যমন্ত্রী পিনাৰায়ী বিজয়নো ধন্যবাদৰ পাত্র। চৰকাৰে প্ৰতিখন জিলাৰ প্ৰতিটো অঞ্চলত ক’ৰোনা পৰীক্ষা কৰাৰ ব্যবস্হা কৰিছে। বিদেশৰ পৰা অহা প্ৰতিজন ব্যক্তি বিচাৰি উলিয়াই পৰীক্ষা কৰাৰ লগতে কোৱাৰিন্টাইন কৰিছে। উন্নত মানৰ কোৱাৰিন্টাইন চেন্তাৰ গঢ়ি তুলিছে। ৩ লাখ স্বাস্হ্য কৰ্মী দিনে নিশাই কামত লাগি আছে। স্বেচ্ছা সেৱী সংগঠন বিলাকেও সহায়ৰ হাত আগবঢ়াইছে। মুঠৰ ওপৰত কেৰেলাৰ জন সাধাৰণ নিশ্চিত যে তেওঁলোক নিৰাপদ। আমিও নিজৰ মা-দেউতাক লৈ চিন্তা অলপ কমকৈ কৰিবগীয়া হৈছে কাৰণ চৰকাৰ আমাৰ লগত আছে।