ৰাজীব মেনন

২০১৪ চনত যেতিয়া মই প্ৰথম লণ্ডনলৈ অাহিছিলো , মোৰ কোম্পানীৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিল NHS ত ৰেজিষ্টাৰ কৰিবলৈ  । NHS (National Health Service) গোটেই বিশ্বৰ ভিতৰতে সৰ্বোত্তম স্বাস্থ্যসেৱা বুলি জনাজাত ।

ব্ৰিটেইনৰ চৰকাৰে কৰদাতা ৰাইজৰ টকাৰে NHSৰ পুঁজিৰ যোগান ধৰে । ১৯৪৮ চনত স্থাপন হোৱা এই সংস্থাটো লাহে লাহে  উন্নত হৈ অাজিৰ পৰ্যায় পাইছে । NHSক ব্ৰিটেইনৰ জীবন ৰেখা বুলি ক’লেও ভুল কোৱা নহ’ব । কম অায়ৰ লোক , ১৮ বছৰৰ তলৰ যিকোনো লোক আৰু ৬০ বছৰৰ উৰ্দ্ধৰ লোকৰ বাবে NHSৰ সেৱাবিলাক সম্পূৰ্ণ বিনামূলীয়া। বাকীবোৰৰ ক্ষেত্ৰতো কেৱল চকু,দাঁত আৰু ডাক্তৰে লেখি দিয়া ঔষধ এই তিনিটাৰ বাহিৰে বাকী সকলো বিনামূলীয়া । ডাক্তৰৰ পৰামৰ্শ কাগজত থকা ঔষধ  কিনিবলৈ  সকলোৱে  এটা নিৰ্দ্ধাৰিত মূল্য ৮.২০ পাউণ্ড (প্ৰায় ৭৪০ টকা) ফাৰ্মাচীক দিব লাগে । এটা বা অধিক ঔষধৰ কাৰণে সকলোৰে সমান টকা ফাৰ্মাচীত দিব লাগে । অাগত উল্লেখ কৰা শ্ৰেণীবোৰে এই ক্ষেত্ৰত ৰেহাই পায় । ব্ৰিটেইনৰ ১০% তকৈ কম লোকেহে ঔষধৰ কাৰণে টকা  ব্যায় কৰে।

NHSৰ সেৱা লণ্ডনৰ সকলো বৈধ নাগৰিকে লাভ কৰিব পাৰে । বাহিৰৰ পৰা অহা যেনে অামিবোৰেও ইয়াত ৰেজিষ্টাৰ কৰিব  পাৰো , যদিহে আমাৰ কমেও এক বছৰৰ ভিচা থাকে । কিছুমান জৰুৰী সেৱা সকলোৰে বাবে মুকলি আৰু  ইয়াৰ বাবে  ৰেজিষ্টাৰ  কৰাৰ দৰকাৰ নাই । NHSৰ প্ৰথম লেভেলৰ ক্লিনিকক GP (General Practitioner) বুলি কোৱা হয় । জৰুৰী সেৱাৰ  বাদে অান সকলোতে প্ৰথমে GP ত নামভৰ্ত্তি কৰিব লাগে । GP য়ে যদি ৰেফাৰ কৰে, তেন্তে বিশেষজ্ঞ  ডাক্তৰ যেনে কাৰ্ডিওলজিষ্ট,  নিউৰ’লজিষ্ট অাদিক সাক্ষাৎ কৰিব পৰা যায় । NHSৰ অধীনত এম্বুলেঞ্চ, শল্য চিকিৎসা, MRI Scanৰ সুবিধা লাভৰ বাবে  যিকোনো এখন GP ত ৰেজিষ্টাৰ কৰিব লাগে ।                                                  এই দেশত বেচৰকাৰী চিকিৎসালয়ো অাছে ।  কিছুমান মানুহে স্বাস্থ্য বীমাৰ জড়িয়তে এই চিকিৎসালয়বোৰৰ সেৱা গ্ৰহণ কৰে । কিন্তু তেনে লোকৰ সংখ্যা খুৱ কম, প্ৰায় ৮% মাত্ৰ ।  তলত মই NHS ৰ বিষয়ে কিছু তথ্য জনালো।

১) ব্ৰিটেইনৰ মুঠ জনসংখ্যা ৬.৫ কৌটি । ব্ৰিটেইনত প্ৰায়  ৫১০০০ খন GP অাছে । অৰ্থাৎ প্ৰতি ১২০০ জন মানুহৰ বাবে এখন GP ।

২) বেছিভাগ GP ৰাতিপুৱা ৯ টাৰ পৰা গধুলি ৫ বজালৈ খোলা থাকে। দূৰ্ঘটনাৰ বাবে হেল্পলাইনৰ নম্বৰ ১১১ অাৰু অান জৰুৰী সেৱাৰ বাবে ৯৯৯ ।

৩)  স্বাস্থ্যখণ্ডত ব্ৰিটেইনৰ বাজেটৰ ৩০% ধন ব্যায় কৰা হয় , যাৰ সিংহ ভাগ পায় NHS য়ে ।

৪) NHS এ নতুন ডাক্তৰৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত গুৰূত্বপূৰ্ণ ভুমিকা পালন কৰে । ইয়াত বছৰি ৮০০০ জন ডাক্তৰ উৎপাদন হয় ।

( লেখক ৰাজীব মেননৰ জন্ম কেৰেলাত। বৰ্তমান তেওঁ লণ্ডন চহৰৰ বাসিন্দা )