অখিল গগৈয়ে জীৱন গঢ় দিলে

1082
    • শিব প্ৰসাদ শৰ্মা

    ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


(১)
সংবাদ মাধ্যমত চৰ্চিত হৈ থকা সন্মানীয়া শিক্ষয়িত্ৰী দিপ্তী দেৱী কোঁৱৰ মৰিগাঁও জিলাৰ এখন চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰী। স্কুলখনৰ ছাত্ৰ ছাত্ৰী সকলৰ সকলোৱেই মুছলমান। সেয়ে স্কুলখন চৰকাৰী হ’লেও তাত মুঞ্চী, মোল্লা, মৌলবী লোকৰ কথা মতে সকলোৱে উঠা বহা কৰিব লাগে। মনৰ মাজতে গুজৰি গুমৰি থকা কথাবোৰ তেখেতে সামাজিক মাধ্যমত লিখিছে যদিও কথাখিনি  প্ৰচাৰ পোৱা নাই। যি দেখিছোঁ চৰকাৰে ধন দি চৰকাৰী বিদ্যালয়ৰ নামত ‘দেওবন্দী মাদ্ৰাছা’ পুহি ৰাখিছে। এই গোমসাপৰ বাঁহবোৰ উৎখাত কৰাৰ প্ৰয়োজন আছে, কিয়নো শিক্ষাৰ উদ্দেশ্য সৎ মানুহ নিৰ্মান কৰা ।  চৰকাৰী খৰচেৰে তালিবান নিৰ্মাণ কৰাটো সমাজে সমৰ্থন নকৰে ।
  (২)
প্ৰফুল্ল মহন্ত “দুপতিয়াতে চিন দিব পৰা মুলাহৈ গজা নাছিল”। কিন্তু কালস্য কুটিলা গতিত চিনাকী দি দিলে,”আখিৰ মুলি হ্যায় কৌন খেত কা?'”
জীৱনটো  অৰ্থ আৰু সম্পত্তিৰে পুৰ্ণতা পালে । সাধাৰণ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰা আম্বানী -আদানিৰ শাৰীত থিয় দিব পৰা হ’ল ৰাজনীতিৰ কান্ধত উঠি । সাত পুৰুষ মহা সুখে চলি যাব। পিছলৈ অৰ্ধাঙ্গিনী পত্নীয়েও স্বামীৰ এই ‘জিন্দেগী’ বনোৱাৰ মহামিশ্বনত চামিল হৈ জেউতি চৰাই দিলে। একাগ্ৰতা, কষ্টসহিষ্ণুতা, ধৈৰ্য্যৰে ছাত্ৰ আন্দোলনৰ লগত লাগি থকাৰ ‘সুফল’ তেওঁ পাইছে।
মুখ্যমন্ত্ৰী নৌহওঁতেই আন্দোলনকে একমাত্ৰ জীৱন গঢ়াৰ পথ বুলি গ্ৰহন কৰি “তথ্য জনাৰ অধিকাৰ” ( Right to information )আইনৰ অধীনত খবৰ জনাৰ হাবিয়াসতে অখিল গগৈয়ে জীৱন গঢ় দিলে ।  পিছে “যি মুলা বাঢ়িব দুপতিয়াতে চিন” আপ্তবাক্যষাৰ প্ৰমাণ কৰি থৈছে তেওঁ আৰু ৰাইজেও তেওঁ দুখিলা পাত থাকোতেই পাতৰ উমান পাইছিল । ‘জিন্দেগী বা জীৱন তেওঁ বনায় লৈছে । ভগৱানে স্বাস্থ্য কুশলে ৰাখিলে আৰু  বহুত ‘জিন্দেগী’ বনাব পাৰিব তেওঁ। প্ৰফুল্ল মহন্ততকৈ নাই কমেও কুৰি গুণ ওপৰলৈ যাব পাৰিব।
লালু প্ৰসাদ যাদব, মোলায়েম সিং, কৰুণানিধি , শৰদ পাৱাৰ  আদি নিম্নস্তৰৰ আয়ৰ পৰিয়ালৰ পৰা অহা ব্যক্তি সকলে এই পথেদি আহি “মহালক্ষ্মীৰ” কৃপা পাবলৈ সমৰ্থ হৈছে।’জিন্দেগী’ বনায় লৈছে।
ইমানৰ পিছতোবঅসমীয়াৰ মাজতো উদ্যোগী যুবক নাই বুলি কোনে কয় ?