বৃটিছে শিখ সকলক হিন্দুৰ পৰা পৃথক কৰিলে

658
  • জুলা শৰ্মা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


বৃটিছে শিখ সকলক হিন্দুৰ পৰা পৃথক কৰিলে —

এবাৰ এজন শিখ সন্ন্যাসীয়ে কৈছিল — “হিন্দু সকল গুৰুদ্বাৰলৈ যাব লাগে আৰু জীৱনত এবাৰ হলেও অমৃতসৰৰ হৰ মন্দিৰ চাহিব যাব লাগে ।”

শিখ সকল যে আদিতে হিন্দু আছিল সেই কথাৰ প্ৰমাণ চাবৰ বাবে আমি ইতিহাসৰ পাত লুটিয়াই চাব লাগিব ।

শিখ সকল প্ৰকৃততে হিন্দু ধৰ্মৰে এটা পন্থ আছিল। মোগল ৰাজত্ব কালত হিন্দু ধৰ্মৰ লোক সকলক ইছলাম ধৰ্ম লৈ আনিবৰ বাবে যথেষ্ট হেচা প্ৰয়োগ কৰিছিল । গুৰুকুল সমূহ বন্ধ কৰি দিছিল । ফলত সমগ্ৰ ভাৰত বৰ্ষতে ভক্তি ৰসৰ মাধ্যমেৰে হিন্দু সনাতন ধৰ্ম জীয়াই ৰাখিবলৈ বিচাৰিছিল। উত্তৰ ভাৰতত সেই সময়ত হিন্দু লোক সকলৰ মাজত ঠায়ে ঠয়ে ভক্তি ৰসেৰে অনুপ্ৰাণিত হৈ একো একোজন গুৰু হৈ হিন্দু সকলক একো একোটা পন্থলৈ আনিছিল। তেনে এজন গুৰু আছিল গুৰু নানক ।

গুৰু নানক শিখ সকলৰ প্ৰথম গুৰু আছিল ।
দ্বিতীয়- গুৰু অঙ্গদদেৱ
তৃতীয়- গুৰু অমৰ দাস
চতুৰ্থ- গুৰু ৰাম দাস
পঞ্চম- গুৰু অৰ্জুন দেৱ
ষষ্ঠ- গুৰু হৰগোবিন্দ
সপ্তম- গুৰু হৰ ৰায়
অষ্টম- গুৰু হৰ কিশন
নৱম- গুৰু তেগবাহাদুৰ
দশম- গুৰু গোৱিন্দ সিংহ

এই গুৰু সকলৰ নাম বিলাক ৰাম, অৰ্জুন, হৰ (মহাদেৱ) , গোৱিন্দ (কৃষ্ণ) আদি হিন্দু নামেই আছিল।

গুৰু নানকে নতুন পন্থ জন্ম দিয়াৰ পাচত ভাৰত বৰ্ষৰ তীৰ্থ স্থান সমূহ দৰ্শন কৰিছিল। কামৰূপৰ মা কামাখ্যা মহাতীৰ্থ লৈও আহিছিল। কিয়নো মা কামখ্যাত সেৱা নজনালে সিদ্ধি নহয় বুলি বিশ্বাস আছে। শিখ সকলৰ কিছুমান পুথিত আছে গুৰু নানক কামৰূপলৈ আহোতে তেখেতৰ লগত অহা গোপাল নামৰ সতীৰ্থ জনক কামৰূপৰ মহিলাই মন্ত্ৰ কৰি ভেৰা বনাই দিছিল । পাছত গুৰু নানকে তেওঁক আগৰ অৱস্থালৈ আনিলে ।

দ্বিতীয় জন গুৰু অঙ্গদদেৱ মা বৈষ্ণৱ দেৱীৰ পূজা কৰিছিল । দশম জন গুৰু গোবিন্দ সিংহই মা বৈষ্ণৱ দেৱী মন্দিৰলৈ যোৱাৰ পথ উলিয়াইছিলে ।

যেতিয়া ঔৰঙ্গজেৱে কাশ্মীৰৰ পণ্ডিতসকলক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ কৈছিল, কাশ্মীৰী পণ্ডিতসকলে গুৰু তেগবাহাদুৰৰ ওচৰত সহায়ৰ বাবে আবেদন কৰিছিল, তেতিয়া গুৰু তেগবাহাদুৰে কৈছিল, “যাওক আৰু ঔৰঙ্গজেৱক কওঁক যে — যদি আমাৰ গুৰু তেগবাহাদুৰ মুছলমান হয় তেন্তে পণ্ডিত সকলো মুছলমান হব।”

ঔৰঙ্গজেৱে গুৰু তেগবাহাদুৰক ইছলাম ধৰ্ম লবলৈ হেচা দিবলৈ ধৰিলে । গুৰু তেগবাহাদুৰে সেই কথা মানি নোলোৱাত তেওঁক অত্যাচাৰ কৰি হত্যা কৰা হয়।

এতিয়া প্ৰশ্ন হৈছে, যদি শিখসকল হিন্দুসকলৰ পৰা পৃথক, তেন্তে গুৰু তেগবাহাদুৰে কাশ্মীৰী পণ্ডিতসকলৰ বাবে কিয় প্ৰাণ দিছিল ?

গুৰু গোবিন্দ সিঙে ১৬৯৯ চনত খালচা (পবিত্ৰ) সম্প্ৰদায় গঠন কৰিছিল আৰু কৈছিল যে মই চাৰিওটা বৰ্ণৰ লোকক সিংহৰ দৰে কৰিম।

গুৰু গোবিন্দ সিঙৰ প্ৰিয় শিষ্য বান্দা বাহাদুৰ (লক্ষ্মণ দাস) ভৰদ্বাজ এজন মিনহাজ ৰাজপুত আছিল যি গুৰু গোবিন্দ সিঙৰ আশীৰ্বাদত পঞ্জাৱত মোগলৰ সৈন্যবাহিনীক পৰাস্ত কৰি মোগলৰ জমিদাৰী ৰাজ উঠাই দিছিল।
কৃষ্ণদত্তৰ দৰে এজন ব্ৰাহ্মণে গুৰুৰ সন্মানৰ বাবে তেওঁৰ গোটেই পৰিয়ালটোক বলি দান কৰিছিল ।

ৰজা ৰঞ্জিত সিং কাংৰা মা জ্বলামূখী দেৱীৰ ভক্ত আছিল আৰু দেৱী মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল।…
আজিও, বহুতো শিখ ব্যৱসায়ীৰ দোকানত গণেশ আৰু দেৱীৰ মূৰ্তি আছে, আজিও, শিখসকলে নৱৰাত্ৰি উদযাপন কৰে ,তেওঁলোকৰ বহুত গুৰুদ্বাৰত মা দূৰ্গাৰ মূৰ্তিৰ আগত নাম কীৰ্ত্তন কৰাৰ নিয়ম আছে ।

আজিৰ এই লিখনিটোৰ লগত হিন্দু সন্ন্যাসীৰ যিখন ছবি দিয়া হৈছে সেই ছবিখন ১৯০৮ চনত তোলা অমৃতসৰৰ হৰমন্দিৰ চাহিবৰ ছবি। হৰ মন্দিৰ অৰ্থাৎ মহাদেৱৰ মন্দিৰ। যাক বৃটিছ, খ্ৰীষ্টান আৰু বামপন্থীসকলে সোণালী মন্দিৰ( Golden temple) বুলি ক’বলৈ আৰম্ভ কৰিছিল।

এই হৰ মন্দিৰ কেনেকৈ শিখ মন্দিৰ বা শিখ সকল কেনেকৈ হিন্দুৰ পৰা পৃথক হৈ পৰিল ?
ইতিহাসৰ কেইটামান পৃষ্ঠা ঘূৰাওঁ আহক !!

১৮৫৭ চনত ভাৰতবৰ্ষত বৃটিছৰ বিপক্ষে বিদ্ৰোহ আৰম্ভ হয় । ১৮৭৫ চনত স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ গঠন কৰে, যাৰ কেন্দ্ৰ আছিল তেতিয়াৰ পঞ্জাৱৰ লাহোৰ। স্বামী দয়ানন্দ সসৰস্বতীয়েই প্ৰথমে স্বৰাজৰ ধাৰণা দিছিল। তেওঁ কৈছিল যেতিয়া দেশৰ নাম হিন্দুস্তান, খ্ৰীষ্টানসকলৰ (বৃটিছৰ) শাসন কিয় !

স্বামী দয়ানন্দ সৰস্বতীৰ এই ধাৰণাবোৰে পঞ্জাৱত বৈপ্লৱিক কাৰ্য কলাপ বঢ়াই দিছিল। লালা হৰদয়াল, লালা লাজপত ৰায়, সোহন সিং, ভগত সিঙৰ খুৰাক অজিত সিঙৰ দৰে বিপ্লৱী নেতাসকল আছিল আৰ্য সমাজৰ সক্ৰিয় সদস্য । আনফালে পঞ্জাৱৰ বিপ্লৱী আন্দোলন দুৰ্বল কৰিবৰ বাবে খ্ৰীষ্টান মিছনাৰী সকলে (ব্ৰিটিছ) প্ৰচাৰ চলাইছিল যে শিখ আৰু হিন্দুসকল পৃথক ।

কিছুমান বৃটিছ পন্থী শিখে শিখসকল হিন্দু নহয় বুলি এক প্ৰচাৰ চলাইছিল আৰু পৃথক ধৰ্মৰ মৰ্যাদা দাবী কৰিছিল (যিহেতু কৰ্ণাটকৰ খ্ৰীষ্টান-লিঙ্গায়ত সম্প্ৰদায়ৰ কিছুমান লোকে সেই সময়ত হিন্দু ধৰ্মৰ পৰা পৃথক হোৱাৰ দাবী উত্থাপন কৰিছিল) ।ব্ৰিটিছে ১৯২২ চনত গুৰুদ্বাৰা আইন গৃহীত কৰিছিল, শিখসকলক হিন্দু সকলৰ পৰা পৃথক কৰি তেওঁলোকক পৃথক ধৰ্ম হিচাপে ঘোষণা কৰিছিল।