বাজেট ২০১৮-২০১৯ : কিছু চিন্তা কিছু দুশ্চিন্তা

2762
ড ০ সুশান্ত কুমাৰ কাশ্যপ

অসমৰ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ দ্বিতীয়খন বাজেট বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ” শুভম কৰোতি কল্যানম  , আৰোগ্যম ধন-সম্পদা  । শক্ৰ বুদ্ধি বিনাশয় , দীপজ্যোতি নমস্তুতে ।। ”  শীৰ্ষক শ্লোকেৰে যোৱা ১২ মাৰ্চ ২০১৮ ইং তাৰিখে সদনৰ মজিয়াত উত্থাপন কৰে । যদিও যোৱা বৰ্ষত চৰকাৰৰ ৯৯৯.৯৯ কৌটি টকা ৰাহি হৈছে , কিন্তু পুৰ্বৰ ৩১৪৯.০৪ কৌটি টকাৰ ঘাটিৰ বাবে এইবাৰ বাজেটত সৰ্বমুঠ ২১৪৯.০৪ কৌটি টকা ঘাটি দেখুওঁৱা হৈছে । আশা কৰা হৈছে আগন্তুক বৰ্ষত এই ঘাটি পুৰণ কৰিবলৈ সমৰ্থ হ’ব । হয়তো পূৰ্বৰ ৰাজহ ঘাটিৰ পৰিমান কম হ’লে আমি এখন ৰাহি বাজেট দেখিবলৈ   পালোহেতেন ।

২০১৮-১৯ বাজেটখন একেষাৰে ক’বলৈ গ’লে বিভিন্ন অভিলাসী আচঁনিৰে এখন উন্নয়নমূখী বাজেট । আপাত দৃষ্টিত বাজেটখন চমক সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি কৰা য়েন লাগিলেও অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে এনেকুৱা এখন বাজেটৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি । প্ৰথমতে আহো বাজেটত বিশেষ গুৰুত্ব পোৱা শিক্ষা বিভাগলৈ । কেৱল প্ৰাথমিক শিক্ষা অনুষ্ঠানৰ আন্ত:গাঠনি উন্নয়নৰ বাবে বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত শ্ৰেণীকোঠা , ভিতৰৰ বেৰ আৰু বৈদ্যুতিকৰণৰ  বাবে ৯৮০ কৌটি টকা ধাৰ্য্য কৰা হৈছে । যোৱা বছৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত গুণোৎসৱ আয়োজন হৈ যোৱাৰ পিছত এনেকুৱা বৃহৎ পৰিমাণৰ ধনৰ আৱন্তন তাৎপৰ্যপূৰ্ণ । ইয়াৰ উপৰিও যোৱা কেইবছৰমানৰ পৰা চিকিৎসা , কাৰিকৰী আৰু উচ্চ শিক্ষা সম্প্ৰসাৰণৰ বাবে মেডিকেল কলেজ , অভিযান্ত্ৰিক কলেজ আৰু বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষনা কৰা হৈ আছে । ইতিমধ্যে কেইবাখনৰ নিৰ্মাণৰ কামও  আৰম্ভ হৈছে ।  এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিবযে স্বাধীনোত্তৰ কালত অসমত যিকেইখন বিশ্ববিদ্যালয় , চিকিৎসা মহাবিদ্যালয় , অভিযান্ত্ৰিক কলেজ স্থাপন হৈছিল ,পৰৱৰ্তী সময়ত আশী , নব্বৈ দশক পৰ্য্যন্ত চৰকাৰী খণ্ডত কোনো ধৰণৰ চৰকাৰী উচ্চশিক্ষাৰ অনুষ্ঠান গঢ়লৈ নুঠিল । ক’বলৈ শিক্ষাকে ধৰি প্ৰায় সকলোবিলাক খণ্ডতে স্থবিৰতাই বিৰাজ কৰিছিল । এই স্থবিৰতাৰ বাবে সেই সময়বোৰত তদানিন্তন চৰকাৰবোৰে নকৰা কামবিলাকৰ বোজা এতিয়াৰ চৰকাৰবোৰৰ মূৰৰ ওপৰত পৰাৰ বাবে যোৱা কংগ্ৰেছ চৰকাৰৰ শেষৰ কেইবছৰ মানৰ পৰা অসমত চিকিৎসা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় নিৰ্মাণৰ ধুম উঠিছে । বৰ্তমান বিজেপি চৰকাৰ খনেও ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰা পৰিলক্ষিত হৈছে । এতিয়াও অসমৰ জনসংখ্যা অনুপাতে চাহিদা অনুযায়ী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সংখ্যা কম । গতিকে এনেধৰণৰ শিক্ষানুষ্ঠান স্থাপন অতি জৰুৰী । এইবাৰ বাজেটত ২০ খন আইন আৰু বিএড কলেজ স্থাপনৰ প্ৰস্তাৱ ৰখিছে । আঙুলিৰ মূৰত লেখিব পৰা নগণ্য সংখ্যক বিএড আৰু আইন কলেজ থকা অসমত এনেবোৰ প্ৰস্তাৱ আদৰণীয় । যদিও যোৱা কিছুবছৰৰ পৰা প্ৰতিবাৰেই বাজেটত এনেবোৰ ঘোষনাই ৰাইজক চিন্তাত নেপেলোৱা নহয় । কিন্তু যি সময়ত এইবোৰ ঘোষনা হ’ব লাগিছিল মানে ৮০-৯০ ৰ দশকবোৰত , সেইসময়ৰ চৰকাৰবোৰে কৰিব নোৱাৰাৰ ফলত এতিয়া প্ৰতিখন বাজেটত একেবিলাক কথাই উত্থাপন কৰিব লগাত পৰিছে । চৰকাৰী খণ্ডত শিক্ষানুষ্ঠান স্থাপনে যিদৰে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব তেনেদৰে নিবনুৱা সমস্যা সমাধানতো ভাল পদক্ষেপৰ আশা কৰিব পাৰি । এটা কথা ঠিক যে ঘোষনাই বাস্তৱ ৰূপ পোৱা যাত্ৰা কালছোৱা অতি গুৰুত্বপূৰ্ণ ।

এইবাৰ বাজেটত আন এক উল্লেখযোগ্য দিশ হ’ল কৃষি ক্ষেত্ৰত ১৮০১.১৪ কৌটি টকাৰ আৱন্টন । বিগত কালছোৱাত দেখা গৈছে যে কৃষিৰ বাবে আৱন্টিত ধনৰ ব্যাপক খেলিমেলি হয় । বিভিন্ন পৰ্য্যায়ৰ  দুৰ্নীতিয়ে কৃষিখণ্ডলৈ দুৰ্যোগ নমাই আনা বুলি ক’লেও ভুল কোৱা নহয় । এইবাৰ কৃষিৰ উপকৰণ ক্ৰয়ৰ বাবে প্ৰতিজন কৃষকলৈ ৫০০০ টকা সাহাৰ্য্যৰ প্ৰস্তাৱ ৰখা হৈছে । এইখিনিতে এটা গুৰুত্বপূৰ্ণ দিশ হ’ল কৃষকলৈ কৃষি সামগ্ৰী বিতৰণ কৰাতকৈ প্ৰত্যক্ষভাবে যদি প্ৰয়োজনীয় ধনখিনি  বেংকৰ একাউন্টত পঠোৱা হয় তেন্তে দুৰ্নীতি বহু পৰিমানে কমিব বুলি ধাৰণা হয় ।

গৃহ অাৰু ৰাজনৈতিক বিভাগলৈ ৫৫৮৪ কৌটি টকা আৱন্টনৰ প্ৰস্তাৱে বিভাগটোলৈ আশাৰ বতৰা অানিছে  । বিভিন্ন সময়ত সংৱাদ মাধ্যমৰ জৰিয়তে আৰক্ষী সকলৰ বিভিন্ন সমস্যা যেনে অস্বাস্থ্যকৰ পৰিবেশত বসবাস , থানা সমুহত আন্ত:গাঠনিৰ অভাৱ আদিৰ বিষয়ে অৱগত হোৱা যায় । সেয়ে বাজেটৰ ধনে কিছু হ’লেও সমস্যা দূৰ কৰিব পাৰিব বুলি আশা কৰিব পৰা যায় ।

২০১৮ -১৯ বাজেটত জনকল্যানমূলক আঁচনিৰ পয়োভৰ ঘটা বুলি ক’লে অত্যুক্তি কৰা নহ’ব । কনকলতা মহিলা সৱলীকৰণ যোজনা , স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা , সংখ্যালঘূ কণ্যা সন্তানৰ বৃত্তিমূলক আঁচনি , দীনদয়াল দিব্যাংগ আঁচনি আদিৰ দ্বাৰা সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়নৰ যি চিন্তা কৰা হৈছে সেয়া আদৰণীয় । তদুপৰি এইবাৰৰ বাজেটত প্ৰতিটো বিধানসভা সমষ্টিত স্থানীয় বিধায়কে নিৰ্ধাৰণ কৰি দিয়া আঁচনিৰ ভিত্তিত  যি ” বিশিষ্ট প্ৰকল্প ” সমুহৰ বাবে ধনৰ আৱন্টন দিয়া হৈছে সেয়া বাজেটৰ এক নতুন দিশ বুলি বিবেচিত হৈছে । কিন্তু এটা কথা অনস্বীকাৰ্য্য যে বাজেটখনে প্ৰায় সকলো খণ্ড সামৰি ল’লেও ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত তাৎক্ষনিক পদক্ষেপ লোৱাৰ পৰা পিছুৱাই থাকিল । থলুৱা আৰু লঘু উদ্যোগৰ প্ৰতি বাজেটখন উদাসিন দেখা গ’ল ।

প্ৰতিবছৰেই ক্ষমতাত থকা দলৰ চৰকাৰখনে বাজেট উত্থাপন কৰি আহিছে । কিন্তু ইয়াৰ ৰূপায়ন কিমান হৈছে তাৰ পৰ্যালোচনা নহয় । নতুন বাজেট উত্থাপনৰ কৰাৰ আগদিনাখন আগৰ বাজেটখনৰ সফলতা আৰু বিফলতাৰ আলোচনা কৰাৰ নিয়ম ভাৰতবৰ্ষৰ সংবিধানত এতিয়াও নাই । পুৰণি আঁচনিৰ ৰূপায়ন বাকী থাকোতেই নতুন আঁচনি ঘোষনা কৰা হয় । বাজেটৰ ঘোষনাবোৰ চৰকাৰী ফাইল বা নোটপেডত আৱদ্ধ নাৰাখি সফল ৰূপায়নৰ বাবে চৰকাৰে উচিত পদক্ষেপ লওঁক । গতিকে চৰকাৰ , বিভিন্ন দল সংগঠনে চোকা নজৰ ৰাখক বাজেটৰ সফল ৰূপায়নত , যিয়ে অসমৰ ৰূপ সলনি কৰি দিবলৈ সক্ষম হব পাৰে ।