ইথানল মিশ্ৰিত পেট্ৰোল কিমান সুৰক্ষিত ?

740
  •  প্ৰদীপ কুমাৰ পাটোৱাৰী ( গুৱাহাটী)

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


তেল শোধানাগাৰত ৩৭ বছৰ কাম কৰি অহা আমাৰ অভিজ্ঞতাৰ পৰা পঢ়ুৱৈ সমাজৰ বাবে ইথানল মিশ্ৰিত পেট্ৰোলৰ বিষয়ে অলপ উনুকিয়াই লিখিবলৈ মন গ’ল।
           ডিজেল (High Speed Diesel), আকাশী যানৰ ইন্ধন (Aviation Turbine Fuel)  পেট্ৰোলৰ (Motor Spirit) দৰে মিথানল (Methyl Alcohol / Methanol), ইথানল (Ethyl Alcohol / Ethanol) আদিও যৌগিক তৰল পদাৰ্থ। পেট্ৰোল, ডিজেল আদি ভূগৰ্ভৰ তলত পোৱা খাৰুৱা তেল (Crude Oil) বা পেট্ৰোলিয়াম তেলৰ পৰা তেল শোধনাগাৰত শোধন কৰি উলিওৱাৰ বিপৰীতে মিথানল, ইথানল আদি দুই ধৰণে পাব পাৰি। (১) শোধনাগাৰৰ দৰে বা তাৰেই অংগ পেট্ৰোকেমিকেল উদ্যোগৰ  পৰা অথবা (২) কুঁহিয়াৰৰ ৰসৰ পৰা উলিওৱা চেনি উদ্যোগৰ পৰা ৰাসায়নিক বিক্ৰিয়াৰে শোধন কৰি। মাকৈ (Corn) জাতীয় ফচলৰ পৰাও পাব পাৰি।
            ইথানল আচলতে মানুহে খোৱা মদৰ ( খোৱা মদৰ ২০-৩০% লৈ ইথানল থাকিব পাৰে) নিচিনাই কিন্তু একেবাৰে পৰিষ্কাৰ কৰি লোৱা এবিধ দায্য (Combustible) তৰল পদাৰ্থ যাক নেকি পেট্ৰোলৰ দৰে লঘু যান বাহনত ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। ই পেট্ৰোলতকৈ অলপ পাতল হে আৰু একেবাৰে কম ধোৱা ওলোৱা, পাৰিপাৰ্শ্বিক বাতাবৰণত কোনো কু-প্ৰভাৱ নেপেলোৱা এবিধ উৎকৃষ্ট মানদণ্ডৰ ইন্ধন। মিথানল হ’ল বিষাক্ত, খালে মানুহ, জীৱ-জন্তুৰ মৃত্যু আবশ্যাম্ভী।
         ব্ৰাজিল দেশত ১৯৭৮ চন মানৰ পৰাই ইথানল মিহলি পেট্ৰোলৰ ব্যৱহাৰ হৈ আহিছে। পৃথিৱীত বৰ্তমান ব্ৰাজিলৰ বাহিৰে ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰা অন্যতম দেশবোৰৰ ভিতৰত আছে আমেৰিকা, ইউৰোপীয় সংঘৰ দেশসমূহ, চীন ইত্যাদি । আমাৰ ভাৰত চৰকাৰে যোৱা বছৰৰ জুন মাহত এই সিদ্ধান্তলৈ আহিছে যে ২০২২ ৰ পৰা ১০% ইথানল মিশ্ৰিত পেট্ৰোল ব্যৱহাৰ কৰি ২০২৩ ৰ পৰা ইথানলৰ পৰিমাণ বঢ়াই ২০২৫ চনৰ ভিতৰত ইয়াক ২০% কৰিব। বৰ্তমান আমাৰ দেশৰ মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত অপৰ্য্যাপ্ত পৰিমাণে ইথানল উৎপাদিত হৈ আছে। আমাৰ দেশত বৰ্তমান চেনি উদ্যোগৰ পৰা ওলোৱা ইথানল দহ শতাংশ (১০%) হিচাপে পেট্ৰোলৰ লগত মিহলি কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈ আগবাঢ়িছে। ৰসায়নাগাৰত নানান পৰীক্ষা নিৰীক্ষা কৰি বৈজ্ঞানিক সকলে ঠিৰাং কৰিছে যে ইথানল বিশ শতাংশ (২০%) লৈ পেট্ৰোলৰ লগত  যানবাহনতৰ ইঞ্জিনত কোনো কুপ্ৰভাৱ নপৰাকৈ ব্যৱহাৰ কৰিব পাৰি। পেট্ৰোলত কৈ ইথানল বৰ্তমান সস্তা আৰু সহজলভ্য। পেট্ৰোলিয়াম তেল বিদেশৰ পৰা সমুদ্ৰ পথেৰে জাহাজেৰে আমদানি কৰিব লাগে, তাৰ পিছত সাগৰীয় বন্দৰৰ পৰা পাইপেৰে তেল শোধনাগাৰলৈ পঠিয়াব লাগে। তাৰ বাবে বহু নিযুত আমেৰিকান ডলাৰ বা বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন হয়। তাৰ বিপৰীতে ইথানল আমাৰ দেশৰ চেনি উদ্যোগৰ পৰা বা পেট্ৰোকেমিকেল উদ্যোগৰ পৰা সহজে আৰু কম খৰছত পাব পাৰি। ইয়াৰ ফলত আমাৰ দেশৰ বৈদেশিক মুদ্ৰা ৰাহি হ’ব।
       এতিয়া আহো কাকতত উল্লেখ কৰা ইথানল মিহলি পেট্ৰোলৰ সুৰক্ষাৰ দিশ টোলৈ। অকল পেট্ৰোলেই হওঁক বা ইথানল মিহলি পেট্ৰোলেই হওঁক সুৰক্ষাৰ বাবে ল’ব লগীয়া দিশ আৰু যতন একেই। পেট্ৰোলিয়াম জাতীয় যিকোনো পদাৰ্থতে শোধনাগাৰতে হওঁক বা তেল পৰিবাহী টেঙ্কাৰতে হওঁক বা তেলৰ ডিপোৰ মাটিৰ তলত থকা টেঙ্কীটোতেই হওঁক, ল’ব লগা সাৱধানতা খিনি নল’লে আৰু কৰিবলগীয়া ব্যৱস্থা খিনি নকৰিলে- পেট্ৰোলৰ লগত পানী বা আন পদাৰ্থ মিহলি হ’ব পাৰে। সাধাৰণতে তেল শোধনাগাৰত পেট্ৰোল বা ইথানল মিহলি পেট্ৰোলৰ লগত দ্ৰবীভূত হৈ থকা একেবাৰে ক্ষুদ্ৰতম জলীয় বাষ্প (Moisture) বা পানী খিনি মজুত ৰখা টেঙ্কৰ তলিৰ পৰা সময়ে সময়ে উলিয়াই পেলোৱা হয় আৰু টেঙ্কটোৰ পৰা কেবাটাও চেম্পল উলিয়াই বিজ্ঞানাগাৰ/ লেবোৰেটৰিত (Laboratory) বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত সেই বিষয়ৰ উচ্চতম বিষয়াৰ অনুমতি সাপেক্ষে হে বিক্ৰীৰ বাবে উলিয়াই দিয়া হয়। এই পৰীক্ষা বোৰৰ ভিতৰত- (ক) অকটেন নং (Octane Number), (খ) ঘনত্ব (Specific Gravity/ Density), (গ) ফ্লেছ্ পয়ন্ত (Flash Point), (ঘ) দ্ৰবিভূত জলীয় পদাৰ্থ/ পানী (Moisture/ Dissolved Water), (ঙ) IBP- Initial Boiling Point / FBP- Final Boiling Point  ইত্যাদি অন্যতম। তদুপৰি সহজতে জুই লাগিব পৰা বস্তু বুলি চিনাক্ত কৰিব পৰাকৈ আৰু সেই অনুসৰি সকলো স্তৰতে উপযুক্ত সাৱধানতা অৱলম্বন কৰিবলৈ সকিয়াই দিবলৈ পেট্ৰোলত ৰঙা হালধীয়া ৰং মিহলি কৰি দিয়া হয়।
         এতিয়া আহো ডিপো বিলাকত পেট্ৰোল টেঙ্কীত পানী জমা হোৱা আৰু টেঙ্কী চাফা কৰাৰ কথা লৈ। আমাৰ ঘৰৰ দৈনন্দিন ব্যৱহাৰ কৰা পানীৰ টেঙ্কী বা ভৰালৰ তলিতো বালি, আইৰন আৰু পানীৰ অন্যান্য দ্ৰবীভূত পদাৰ্থৰ কাৰণে ৰঙা-হালধীয়া গেদ বা ময়লা পৰে আৰু গৃহস্থয় বছৰত সেইবোৰ নিজে চাই চিতি উলিয়াই পেলায় বা পৰিস্কাৰ কৰে। পেট্ৰোলিয়াম বিতৰক ডিপো বোৰৰ টেঙ্কী বোৰৰ লগতে, সেইবোৰ কঢ়িওৱা টেঙ্কাৰ ট্ৰাক বোৰ ও বছৰত এবাৰকৈ বা শোধনাগাৰে নিয়ম বান্ধি দিয়া সময়ত পৰিষ্কাৰ কৰি ল’ব লাগিবই। পৰিষ্কাৰ কৰি উপযুক্ত বিষয়া, ইঞ্জিনিয়াৰ বা সেই ধৰণৰ জ্ঞান থকা চৰকাৰী কৰ্তৃত্বশীল বিষয়া বা ইন্সপেক্টৰৰ দ্বাৰা দেখুৱাই চহী কৰাই চিল মোহৰ মাৰি লব লাগে। সময় সাপেক্ষ ভিতৰে বাহিৰে বিজ্ঞান সন্মত উন্নত মানদণ্ডৰ ৰঙৰ প্ৰলেপ লগাব লাগে- মামৰে নধৰিবলৈ। এইবোৰৰ কোনোবা এটা কামত বা স্তৰত গাফিলতি হ’লেই পেট্ৰোলতেই ( বা ইথানল মিহলি পেট্ৰোল) হওঁক বা আকাশী যানৰ ইন্ধনতেই হওঁক বিজুতি হোৱাতো খাটাং। সময় সুবিধা উলিয়াই পেট্ৰোল ডিপোৰ মালিক বিলাকে তেওঁলোকৰ পেট্ৰোলৰ টেঙ্কীবোৰত থকা পানীয়েই হওঁক বা গেদয়েই হওঁক, আঁতৰাবলৈ লাগিব, চাফা কৰিবই লাগিব। আৰু তেল বিতৰণকাৰী সংস্থাবোৰেও (IOC, BPCL-NRL, Reliance, Assam Oil, HP- Hindustan Petroleum ৰ Marketting শাখাবোৰ) এই দিশত উপযুক্ত আৰু চকুত লগা ধৰণৰ কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। লগতে ৰাইজ, সংবাদ কৰ্মী আৰু বাতৰি কাকত বোৰৰো এই ক্ষেত্ৰত কৰিবলগীয়া আৰু চকু ৰাখিব লগীয়া বহুতো কাম আছে। ক্ৰেতাই পেট্ৰোলৰ গুণাগুণ পৰীক্ষা কৰিবলৈ তেল ডিপো বোৰত এবিধ কাগজৰ দৰে আহিলা আছে- নিজে পৰীক্ষা কৰি চোৱা উচিত। পেট্ৰোল, ডিজেল ক্ৰয় কৰোঁতে পৰিমাণত কম হ’লে বা সন্দেহ হ’লেও তৎক্ষণাৎ প্ৰশাসনক জনাবলৈ পাৰি। এই ক্ষেত্ৰত সকলোৱে সজাগ হ’বই লাগিব।  থিক তেনে দৰে এল পি জীৰ বটল বা চিলিন্দাৰ ও নিৰ্দিষ্ট কৰি দিয়া মতে সময়ে সময়ে চাফা কৰিব লাগে, নকৰিলে এল পি জীৰ বটলতৰ তলিতো গেদ পৰিব পাৰে, আন গধূৰ পদাৰ্থ জমা হৈ থাকিব পাৰে, পানীও থাকিব পাৰে- আৰু তেতিয়া নীলা জুইৰ পৰিবৰ্তে ৰঙা জুই ওলাব পাৰে, বাচন বৰ্তনত বেছিকৈ ছাই লাগিব পাৰে।
সকলো বস্তুৰেই ভাল বেয়া দুয়োটা দিশ থাকে। থিক তেনে দৰে ইথানল মিশ্ৰিত পেট্ৰোলৰও বেছিভাগ ভালৰ লগত কিছুমান ঋণাত্মক দিশ নথকা নহয়।
ধনাত্মক দিশ:-যেনে-
(১) ইথানল খেতি বাতিৰ যোগেদি পাব পাৰি, (২) ই বাৰে বাৰে উৎপাদন কৰিব পৰা ধৰণৰ- Renewable & জৈৱিক ইন্ধন- Bio-fuel, (৩) ইয়ে পাৰিপাৰ্শ্বিক বাতাবৰণত একো কু-প্ৰভাৱ নেপেলায়, (৪) ইয়াৰ পৰা পেট্ৰোলোতকৈ কম ধোঁৱা নিৰ্গত হয়, (৫) ইয়াৰ দাম কম, (৬) ইন্ধন হিচাপে ইথানলৰ ব্যৱহাৰ বাঢ়িলে বেছিকৈ বৈদেশিক মুদ্ৰা চৰকাৰৰ ৰাহি হব, (৭) ইন্ধনৰ ক্ষেত্ৰত দেশ আত্মনিৰ্ভৰশীল হ’বলৈ আৰু এখোজ আগুৱাই যাবলৈ সক্ষম হব, ইত্যাদি
ঋণাত্মক দিশ:- যেনে-
(১) ইথানল মিহলি পেট্ৰোলৰ পৰা এখন মটৰ গাড়ীয়ে অলপ কম দূৰত্ব পাব, মাইলেজ কম পাব পাৰে, (২) ইথানল মিহলি পেট্ৰোল যদি বায়ু সোমাব নোৱাৰা কৈ নাৰাখে, ই সহজে বায়ুৰ পৰা জ্বলীয় বাষ্প আহৰণ কৰি ইয়াৰ গুণাগুণ কমাই পেলাব পাৰে (Require tight seal containers/ environments), (৩) ইথানল মিহলি পেট্ৰোল গাড়ীত ভৰাই বহুদিন গাড়ী নচলালে- পিছত ইঞ্জিন ষ্টাৰ্ট কৰাত বা গাড়ী চলোৱাত অলপ অসুবিধা পাব পাৰে।
এই সকলোবোৰ কথা, পৰীক্ষা নিৰীক্ষা – আমাৰ দেশত এতিয়াও চালুকীয়া অৱস্থাতে আছে, অভিজ্ঞতা হ’লে হে সকলোৰে বোধগম্য হ’ব, শিকিব। আৰু তেতিয়া শোধনাগাৰৰ পৰা আদি কৰি মটৰ গাড়ীৰ উদ্যোগ বোৰেও ইয়াৰ পৰা শিকি বুজি উচিত সিদ্ধান্ত ল’ব পাৰিব।