বিজেপি ১২, অন্য ২

554
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


লোকসভাৰ নিৰ্বাচন চমু চপাৰ লগে লগে অ’পিনিয়ল প’ল বিলাকো আৰম্ভ হৈছে। চেফোলজিষ্টৰ দিমাণ্ড বাঢ়িছে। অৱশ্যে সামাজিক মাধ্যমৰ যুগত ৰাজনীতিৰ খৱৰ ৰখা লোকসকলে ড্ৰইংৰুমত বহিয়েই ভবিষ্যতবাণী কৰিব পাৰে। আজি তাৰেই এক প্ৰয়াস কৰিছো।

অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ অবস্থা বৰ্তমান শোচনীয়। নিৰ্বাচনৰ আগে আগে আৰু দুজন বিধায়ক কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিক সমৰ্থন দিলে। বিস্মিতা, অংকিতা, শংকৰ, অপূৰ্ব, ৰাণা হতে দল এৰিলে। বৰদলৈ হেনো ৱেটিং লিষ্টত আছে। ভূপেন বৰাইয়ো কিমান দিন দলত থাকে কোনো নিশ্চয়তা নাই। বসন্ত দাসৰ দৰে অনাগত দিনত আৰু বহুতে মুখ্যমন্ত্রীৰ ভৰি চুব যেন লাগিছে। ৪০% মুছলমান মানুহৰ মাজতহে কংগ্ৰেছ আৰু এআইউদিএফ আছে। বাকিখিনিত বিজেপি আৰু মোদীৰ বাবে ভৰপূৰ সমৰ্থন।

৫ সমষ্টিত বিজেপিৰ বৃহৎ জয়ঃ ৫টা সমষ্টিত বিজেপিৰ জয় বৃহৎ হ’ব। এইকেইটা হ’ল গুৱাহাটী, ডিব্ৰুগড়, লখিমপুৰ, ডিফু আৰু তেজপুৰ। এই গোটেইকেইটা সমষ্টিত মুছলমান জনসংখ্যা কম হোৱা বাবে বিৰোধীৰ কোনো সম্ভাবনা নাই। ডিব্ৰুগড়ত লুৰিণ প্ৰাৰ্থী হ’লেও তেওঁ শোচনীয় ভাবে পৰাজিত হ’ব। গুৱাহাটীত বিজেপিৰ জয়ৰ ব্যৱধান সকলোতকৈ বেছি হ’ব। তেজপুৰ,লখিমপুৰ আৰু ডিফুটো বিজেপিৰ ওচৰে পাজৰে কোনো নাই।

৫ টাত বিজেপিৰ জয় অলপ কঠিনঃ দৰং-ওদালগুৰি, কাজিৰঙা, যোৰহাট, শিলচৰ, বৰপেটাত বিজেপিৰ জয় নিশ্চিত যদিও জয়ৰ ব্যৱধান ১ লাখৰ কম হ’ব পাৰে। মংগলদৈ, শিলচৰ আৰু বৰপেটাত কিছু মুছলমান ভোটাৰ আছে বাবে বিজেপিক বিৰোধীয়ে অলপ কষ্ট দিব। বৰপেটা সমষ্টি বিজেপিয়ে অগপক এৰি দিব পাৰে। যোৰহাট আৰু কাজিৰঙাৰ বহু আহোম ভোটাৰে বিজেপিক পচন্দ নকৰিলেও দলটো জয়ী হ’ব।

চাৰিটা সমষ্টিত তুমুল প্ৰতিদ্বন্দ্বিতাঃ ধুবুৰীত কংগ্ৰেছ আৰু আজমলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’লেও শেষত আজমলে জয়ী হ’ব। নগাওঁতো কংগ্ৰেছ আৰু আজমলৰ মাজত প্ৰতিদ্বন্দ্বিতা হ’ব। কংগ্ৰেছে গৌৰৱ গগৈক আৰু এআইইউদিএফে এজন মুছলমান প্ৰাৰ্থী দিলে মুছলমান সম্প্ৰদায়ে কাক ভোট দিয়ে সেয়া লক্ষণীয় হ’ব। কৰিমগঞ্জত ত্রিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈ যো‍ৱাবাৰৰ দৰে বিজেপি ওলাই যোৱাৰ সম্ভাবনা আছে। কোকৰাঝাৰ সমষ্টিত কিছু জটিলতা আছে। সমষ্টি পুনঃনিৰ্ধাৰণৰ বাবে জনবিণ্যাস পৰিবৰ্তন হৈছে। তথাপিতো ইউপিপিএল এই পৰ্য্যন্ত আগবাঢ়ি আছে।