ইছলাম ত্যাগ কৰি বৈষ্ণবত শৰণ লোৱা ভকত চান্দসাই

208
  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা প্ৰায় পাঁচশ বছৰৰ পূৰ্বে সনাতনৰ ইতিহাসৰ প্ৰথম ঘৰ ৱাপচী অভিযান সফলতাৰে সম্পন্ন কৰি মুছলমানৰ চান্দসাইক হিন্দু ধৰ্মলৈ ঘুৰাই আনিছিল ৷ অসমীয়াৰ বৌদ্ধিক চিন্তাৰ পৰিসৰ সময়তকৈ আগবঢ়া৷ সেয়ে আজি অসম বা প্ৰাগজ্যোতিষপুৰে যি ভাবে সেই কথা আন স্থানত বহু পলমকৈ উচ্চাৰিত হয়৷ গুৰুজনাৰ হিন্দু ধৰ্মৰ প্ৰতি একনিষ্ঠ সেৱাৰ ইতিহাসক বিকৃত কৰিবলৈ আজি বহুতেই তেওঁৰ বিকৃত ধাৰণাৰ প্ৰচাৰ কৰি আছে ৷ ইচমাইল হোচেইন , ময়ূৰ বৰা এই ক্ষেত্ৰখনৰ বিশেষ ব্যক্তি । গুৰুৱে চান্দসাইক হিন্দুলৈ ওভতাই আনিহে শৰণ দিছিল৷ভকত-বৈষ্ণৱ হোৱাৰ পিছত চান্দসায়ে নামাজ পঢ়া নাছিল ৷শৰণ লৈ বাপ হোৱাৰ পিছত চান্দসায়ে গোমাতাক পুজা কৰিছিল , ভক্ষন কৰা নাছিল ৷ বামপন্থী জেহাদিৰ চক্ৰত ভৰি দি বামপন্থী অসমীয়া শিক্ষবিদে শংকৰদেৱৰ বিৰুদ্ধে চলা খিলাফটৰ এজেণ্ডাক সফল কৰিবলৈ কুন্ঠাবোধ নকৰে ।

৭০ দশকৰ নক্সালপন্থী কমিউনিষ্ট সকলৰ কথা মনত পেলাওক। কেনেকৈ “চীনৰ চেয়াৰমেন আমাৰ চেয়াৰমেন” শ্লোগান দি হত্যা-হিংসাৰ ৰক্তাক্ত ৰাজনীতিৰে ভাৰতক খন্ড বিখন্ড কৰিবলৈ ওলাইছিল ! ১৯৬২ চনত চীন-ভাৰত যুদ্ধত সীমান্তত আঘাট প্ৰাপ্ত ভাৰতীয় জোৱান সকলক ৰক্তদান কৰিবলৈ অস্বীকাৰ কৰি ভাৰতৰ কমিউনিষ্ট সকলে নিজৰ দেশদ্ৰোহী স্বৰূপটো উদঙাই দিছিল । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক নিৰ্ণায়ক পৰ্য্যায়ত ভাৰতৰ কমিউনিষ্ট সকলে ভাৰতক বিভাজন কৰি মুচলমান সকলৰ বাবে এখন সুকীয়া ইচলামিক পাকিস্তান সৃষ্টিৰ
মুচলীম লীগৰ দাবীক অকল সমৰ্থন জনোৱাই নহয়, সেই দাবীৰ সমৰ্থনত কমিউনিষ্ট পাৰ্টিৰ পৰা মুচলীম লীগলৈ “ডেপুটেচন”ত পঠিওৱা হৈছিল কমৰেড চাজ্জাদ জাহিৰ, লতিফি, আব্দুল্লা মালিক ইত্যাদি কমিউনিষ্টক !! ইমানেই নহয়, মুচলীম লীগৰ নিৰ্ব্বাচনী ইস্তাহাৰখনো তৈয়াৰ কৰি দিছিল বিখ্যাত কমিউনিষ্ট নেতা (!) লতিফিয়ে !! “কমৰেড” চাজ্জাদ জাহিৰে আকৌ পঞ্জাৱৰ সকলোকে মুচলীম লীগক অকুন্ঠ সমৰ্থন জনাই ভাৰতক দুটা টুকুৰাত ভাগ কৰিবলৈ আহ্বান জনাইছিল । “ডাইৰেক্ট একশ্বন ডে” ৰ দিনা মুচলীম লীগে আহ্বান জনোৱা বন্ধক সমৰ্থন দিয়া চিপিআইৰ ট্ৰাম কৰ্ম্মী ইউনিয়নৰ সভাপতি “কমৰেড” মহম্মদ ইচমাইল কমিউনিজিমৰ ৰঙা চোলা পিন্ধা এজন জেবাদীহে আছিল ।
১৭ আগষ্টত মেটিয়াবুৰুজৰ লিচু বাগানত মাত্ৰ পোন্ধৰ মিনিটৰ ভিতৰতে তিনিশজন উৰিয়া কটন মিল শ্ৰমিকৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আৰু পিছলৈ পাকিস্তান সৃষ্টিৰ সমৰ্থনত ৰচা কুখ্যাত “অধিকাৰী থেচিচ”ৰ প্ৰৱক্তা গংগাধৰ অধিকাৰীৰ হস্তক্ষেপত জামিনত মুক্তি পাই পুৰস্কাৰ স্বৰূপে চিপিআইৰ টিকটত বিধায়ক হোৱা “কমৰেড” চৈয়দ আবদুল্লা ফাৰুকীৰ দৰে নিষ্ঠুৰ মানুহবোৰ আছিল কমিউনিষ্টৰ পোচাকত একো একোজন মুচলীম লীগ আৰু পাকিস্তানৰ দুৰ্ঘোৰ সমৰ্থক !!
পেন্ডুলামৰ দৰে মুচলীম লীগ, চিপিআই আৰু চিপিএমৰ মাজত দুলি থকা পাঁচ বছৰৰ বিধায়ক, বিধান সভাৰ স্পীকাৰ আৰু আইনমন্ত্ৰী হোৱা বিখ্যাত বামপন্থী নেতা চৈয়দ আবুল মনচুৰ হবিবুল্লাহঁতৰ ভাৰতৰ প্ৰতি কিমান আনুগত্য আছিল ? আৰু “কমৰেড” মৌলানা ভাচানী ?? যিজনা কমিউনিষ্টৰ পোচাক পিন্ধা জেহাদীয়ে পৰিস্কাৰ ভাষাত বংগ, অসম, ত্ৰিপুৰাক লৈ এখন ইচলামিক বাংলাদেশ গঢ়াৰ সপোনৰ কথা কৈ গৈছিল ! বৰ্তমান কাশ্মীৰৰ ইচলামিক বিচ্ছিন্নতাবাদক সমৰ্থন কৰা, প্ৰতিটো কথাৰ শেষত ইনচাল্লা কোৱা ওমৰ খালিদ নাইবা মহম্মদৰ গুণানুকীৰ্তন কৰি নিজকে এজন গৰ্বিত মুচলীম হিচাপে ঘোষণা কৰিও কমিউনিজিমত্বত আঁচোৰ নপৰা শ্বেহলা ৰচিদৰ পৰা আৰম্ভ কৰি “মাৰ্ক্সতকৈও মহম্মদ মহান” বুলি কোৱা পলিটবুৰোৰ সদস্য হিচাপে হজ কৰা ৰেজ্জাক মোল্লা প্ৰত্যেকেই চিঞৰি কৈ আহিছে যে ভাৰত টুকুৰা টুকুৰ হৈ ভাঙি যাওঁক !!
এইবোৰ ঐতিহাসিক সত্য ! ভাৰতৰ সভ্যতা-সংস্কৃতি, ৰাষ্ট্ৰীয়তা, অখন্ডতা আৰু সাৰ্ব্বভৌমত্বৰ বাবে কমিউনিজিম কিমান বিষাক্ত মতবাদ সেয়া সকলোৱে প্ৰশ্ন কৰা প্ৰয়োজন ।