হিন্দুৰ শ্ৰেণীবিভাজনৰ সুযোগ লৈছিল কংগ্ৰেছে

343
  • নয়ন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠতা হোৱা সত্বেও ধৰ্মনিৰপেক্ষতাৰ নামত কংগ্ৰেছে কিয় মুছলমান তুষ্টিকৰণেৰে ৰাজনৈতিক লাভ লব পাৰিছে?এইটো এটা লাখ টকীয়া প্ৰশ্ন…

কিন্তু ইয়াৰ উত্তৰটোৱে আমাক সকলোকে কষ্ট দিব।

দশম শতিকাৰ পৰাই আনুমানিক ১২০০ বছৰ দাসত্বৰ অন্তত হিন্দুসকলে নিজৰ পৰিচয় হেৰুৱাই পেলাইছে। আমি নাজানো কিহে আমাক বান্ধি ৰাখে আৰু কিহে আমাক পৃথক কৰে৷ আমি কোন কোন সেইটোও নাজানো৷ আমি আমাৰ ধৰ্ম পাহৰি নিজৰ সমাজখনক ইমানবাৰ শ্ৰেণীত বিভাজিত কৰিছো যে আজি আমি নিজেই নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈ পৰিছো।

যুগ যুগ ধৰি আক্ৰমণকাৰীয়ে আমাৰ মাজত বিভিন্ন জাত পাত উলিয়াই আমাকেই বিভাজিত কৰি আহিছে। আৰু আমিবোৰে আনক আমাক ব্যৱহাৰ কৰিবলৈ দিছো। আমিয়েই জেনেৰেল ডায়েৰৰ নিৰ্দেশত আমাৰ ভাইসকলৰ ওপৰত গুলীচালনা কৰিছিলো। আমিয়েই পাথৰুঘাটত বৃটিছৰ নিৰ্দেশত আমাৰ ভাই-ককাইৰ ওপৰত গুলি বৰ্ষণ কৰিছিলোঁ। মহাৰাণ প্ৰতাপৰ বিৰুদ্ধে আমি যুদ্ধ কৰিছিলোঁ। দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছৰ নিৰ্দেশত মৃত্যু হোৱা ৮৫ হাজাৰ সৈনিক আমাৰেই আছিল। আমি সকলোৰে কথা শুনিছো বিপৰীতে কিন্তু কোনেও আমাৰ কথা শুনা নাই। যোৱা সাতটা দশকত আমি বিশেষভাৱে নিৰ্দিষ্ট ভাবে কাকো ভোট দিবলৈ শিকিব নোৱাৰিলোঁ। আমি একত্ৰিত নহয়। আমি আত্ম-অনুশাসনশীল নহয়। আমি পলায়নবাদী। আৰু সেইবাবেই ভোট-বেংক ৰাজনীতিৰ হিচাপত আমি কেতিয়াও গুৰুত্বপূৰ্ণ নাছিলো। ৰাজনৈতিক দলবোৰৰ বাবে আমি কেতিয়াও হিন্দু ভোট-বেংক নাছিলোঁ। আমি সদায় ব্ৰাহ্মণ, ক্ষত্ৰিয়, উচ্চ জাতি, নিম্ন জাতিৰ মাজতেই আবদ্ধ হৈ থাকিলো। ইয়াৰ বিপৰীতে কিন্তু মুছলমান সকল অধিক সংহত আছিল। কংগ্ৰেছে আমাক বছৰ বছৰ ধৰি পৰীক্ষা কৰিছিল আৰু আমি মাত্ৰ সিহঁতৰ কুটিল ৰাজনীতিত সোমাই পৰিছিলো আৰু নিজকে এডজাষ্ট কৰি লৈছিলোঁ। কাৰণ কংগ্ৰেছে এইটো ভালকৈ জানে যে হিন্দুতকৈ মুছলমানক সন্তুষ্ট কৰি জয়ী হোৱাৰ সম্ভাৱনা বেছি।