বিজেপিৰ বাবে ৪০০ আসন অসম্ভব নহয়

335
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


বিজেপিৰ শ্লোগান_ এইবাৰ ৪০০ পাৰ। বিজেপি নেতৃত্বই স্পষ্ট কৰিছে যে তেওঁলোকক ৪০০ খন আসন আৰু ৫০% ভোট লাগে। নিতীশ, মমতাই কংগ্ৰেছৰ সংগ এৰিছে। অসমত অংকিতা, অপূৰ্ব, বিস্মিতা, দিপাংক সকলো বিজেপিৰ পিনে ধাবমান হৈছে। ইয়াতে স্পষ্ট হৈছে বতাহ কোন দিশে। বিজেপিয়ে যে ২০২৪ত কেন্দ্ৰত চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত। কিন্তু ৪০০ খন আসন আৰু ৫০% ভোট পোৱা কোনো দলৰ বাবে জানো সম্ভব? স্বাধীন ভাৰতৰ ইতিহাসত এতিয়ালৈকে কোনো দলে এনে কৃতিত্ব লাভ কৰা নাই। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ৰাজীব গান্ধীৰ নেতৃত্বত কংগ্ৰেছে ৪০০ৰ অধিক আসন লাভ কৰিছিল যদিও ভোটৰ শতাংশ আছিল ৪৮.৫। তেন্তে বিজেপিয়ে ইতিহাস সলনি কৰিব নেকি?

৪০০ খন আসন লাভ কৰিবলৈ বিজেপিয়ে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম সকলোতে নিজৰ আসনৰ সংখ্যা বৃদ্ধি কৰিব লাগিব। ২০১৯ত বিজেপিয়ে লাভ কৰিছিল ৩০৩খন আসন। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশত দলে পাইছিল ৮০ৰ ভিতৰত ৬২ খন। এইবাৰ যিহেতু সমাজবাদী আৰু বহুজন সমাজবাদী দলৰ মিত্রতা হোৱাৰ সম্ভাবনা কম তথা ৰাম মন্দিৰৰ আবেগো আছে, তেনে ক্ষেত্রত বিজেপিয়ে ১০খন আসন বৃদ্ধি কৰিব পাৰে। উত্তৰ প্ৰদেশক বাদ দি উত্তৰ আৰু পশ্চিম ভাৰতৰ আন ৰাজ্য যেনে পঞ্জাৱ, দিল্লী, হাৰিয়ানা, মধ্যপ্ৰদেশ, ৰাজস্থান, গুজৰাট, আদি ৰাজ্যত বিজেপিৰ আসন বঢ়াৰ কোনো সম্ভাবনা নাই। মহাৰাষ্ট্ৰত সিন্ধে গ্ৰুপক কম আসন দিলে ৫ খন মান বাঢ়িব পাৰে। উত্তৰ পূৰ্বাঞ্চলত সমষ্টি পুনঃ নিৰ্ধাৰণৰ ফলত বিজেপিয়ে দুই বা তিনিখন আসন বেছিকৈ লাভ কৰিব। পশ্চিম বংগ আৰু উৰিষ্যা মিলি খুব বেছি ১০ খন আসন বাঢ়িব পাৰে। দক্ষিণৰ ৰাজ্য কৰ্ণাটক আৰু তেলেংগাক বাদ দি আনত বিজেপিৰ অবস্থা শোচনীয়। যোৱাবাৰ তেলেংগানাত ১৭ৰ ভিতৰত ৪ আৰু কৰ্ণাটকত ২৮ৰ ভিতৰত ২৫ খন আসন লাভ কৰিছিল। এইবাৰ কৰ্ণাটকত আসন বঢ়াৰ কোনো সম্ভাবনা নাই যদিও তেলেংগানাত ২-৫ খন বাঢ়িব পাৰে। গতিকে বিজেপিৰ মুঠ আসনৰ সংখ্যা ৩৫০ হ’ব পাৰে যদিও তাতকৈ বেছি হোৱাৰ কোনো সম্ভাবনা নাই। ৰাজনীতি অসমৰ যোৱা মাহৰ অপিনিয়ন প’লত ৮২% ৰাইজৰ মতে বিজেপিয়ে ৩৫০ৰ অধিক আসন পাব।  গতিকে ক’ব গলে ৪০০ খন আসন বিজেপিৰ বাবে অতি কঠিন প্ৰত্যাহ্বান কিন্তু অসম্ভব নহয়।  তামিলনাডু, কেৰেলা আৰু অন্ধ্ৰত যদি বিজেপিয়ে কিবা মিৰাকেল দেখুৱাব পাৰে তেতিয়া বিজেপিয়ে ৪০০ ৰ ওচৰ পাব পাৰে।