বিহাৰ, অসম আৰু কেৰেলাৰ যুৱকৰ সপোন

314
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


আজিলৈকে যিমান চেলুনত চুলি কাটিছো তাৰ বেছিভাগ নাপিতেই বিহাৰী। ঘৰৰ ওচৰৰ ধোবীজনো ভগলপুৰৰ। ভাৰতবৰ্ষৰ সকলোতকৈ দৰিদ্ৰ ৰাজ্য বিহাৰৰ পৰা কৰ্মৰ সন্ধানত বছৰি হাজাৰ হাজাৰ যুৱক পলায়ন কৰে। অসম তথা আন ৰাজ্যবোৰত তেওঁলোকে বনুৱাৰ কাম কৰি জীৱন নিৰ্বাহ কৰে। উপাৰ্জনৰ এটা অংশ খৰছ কৰি কিছু টকা ঘৰলৈ পঠায়। বিহাৰীসকল অসমলৈ অহা মানেই যে অসমখন বহু চহকী ৰাজ্য সেইটো নহয়। অসমীয়া সকলে নাপিত বা ধোবীৰ কাম কৰিবলৈ ভাল নাপায়। আমাক লাগে আৰামৰ চাকৰি। বিহাৰী লৰা এজনৰ যেনেকৈ সপোন থাকে যে তেওঁ অসমলৈ গৈ এখন চেলুন খুলিব, বহু অসমীয়া যুৱকৰ সপোন চিকিউৰিটি গাৰ্ড হোৱা। বাংগালোৰৰ আই.টি কোম্পানীবোৰত ৰাতি ১০টাৰ পিছত গ’লে প্ৰায়ে শুনিবলৈ পোৱা যায় জুবিনৰ _ মায়াবিনী ৰাতিৰ বুকুত। বৰ্তমান হাজাৰ হাজাৰ অসমীয়া যুবক বাংগালোৰ, হায়দৰাবাদ ,কেৰেলাত চাকৰি কৰি আছে। বৰ্তমান বেছিভাগেই কেৰেলা যাবলৈ ভাল পায়। আনফালে কেৰেলাৰ যুৱকবোৰৰ সপোন হ’ল আৰবত গৈ চাকৰি কৰা। বহু কেৰেলীয়ানে ডুবাই আদি ঠাইত বনুৱাৰ কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। এজন বিহাৰীয়ে অসমত কাম কৰি বা এজন অসমীয়াই যদি কেৰেলাত কাম কৰি মাহে ১৫ বা ২০ হেজাৰ উপাৰ্জন কৰে, এজন কেৰেলীয়ানে ডুবাইতগৈ মাহত ১ লাখ টকা জমা কৰে। কেৰেলালৈ গ’লে বেছিভাগ বুঢ়া মানুহ লগ পোৱা যায় যাৰ সন্তান বিলাক আৰবত থাকে। এই বুঢ়া মানুহ বিলাকক চোৱাচিতা কৰিবলৈ অসমৰ পৰা যুৱক তালৈ যায়। মুঠৰ ওপৰত সপোন সকলোৰে আছে। বিহাৰীয়ে যদি অসম আহিব বিচাৰে,অসমীয়াই যাব বিচাৰে কেৰেলা। কেৰেলীয়ানে আকৌ ডুবাইলৈ গৈ টকা ঘটে।