বিস্মিতা গগৈৰ ব্লাউজ থিওৰি

376
  • দেৱজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


বিস্মিতা গগৈৰ ব্লাউজত পদুম ফুলৰ চিহ্ন আছিল। কংগ্ৰেছীয়ে হেনো ইয়াতো নজৰ দিছিল। এই কথা তেওঁ কাৰোবাৰ মুখৰ পৰা শুনিছে। সেইকাৰণে হেনো তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে। এগৰাকী প্ৰাক্তন বিধায়িকা তথা প্ৰাক্তন মন্ত্রীৰ মুখত এনে অদ্ভুত কথা। ভাবি আচৰিত লাগে যে এনে এগৰাকী নেত্রীক ৰাইজে নিৰ্বাচনত জয়ী কৰিছিল আৰু প্ৰাক্তন মুখ্যমন্ত্রীয়ে তেওঁৰ মন্ত্রীসভাত স্থান দিছিল। বহু কলেজীয়া ছাত্রীৰে এওঁতকৈ মেচিউৰিটি বেছি। বিস্মিতাৰ লগতে অংকিতা দত্ত, দিপাংকৰ নাথ আদিয়েও বিজেপিত যোগদান কৰিছে। এওঁলোক প্ৰতিজনেই একো একোজন পৰাজিত সৈনিক। বিধানসভা নিৰ্বাচনত পতাজিত হৈ অংকিতা দত্তই বহুদিন বিজেপিৰ হৈ চোৰাংচোৱা গিৰি কৰি আছিল। দিপাংক নাথ আছুৰ সভাপতি আছিল যদিও তেওঁৰ কথা বাৰ্তাত আমি কোনো দিনে বুদ্ধিমত্তাৰ পৰিচয় পোৱা নাছিলো। তেওঁ আছিল শংকৰ প্ৰসাদ ৰয়ৰ নিচিনা। সমুজ্জ্বল ভট্টাচাৰ্য্যৰ আশীৰ্বাদত সভাপতিৰ পদত থাকি দিনে ৰাতি বিজেপিক গালি দি বিজেপিতে যোগদান কৰা বয়সীয়াল ছাত্র নেতা। তালিকাৰ শেষৰজন হ’ল অগপত যোগদান কৰা অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য। মংগলদৈ লোকসভা আৰু ঢেকিয়াজুলি বিধানসভাৰ পৰা নিৰ্বাচনত পৰাজিত হোৱা ভট্টাচাৰ্য্যৰ কথা বাৰ্তা বিলাক যোৱা ৫ বছৰত স্বাভাবিক নাছিল। জনি লিভাৰৰ ষ্টাইলত কথা কোৱা ভট্টাচাৰ্য্যই অগপৰ কি হিত সাধন কৰিব সেয়া পৰিস্কাৰ নহয়। মুঠৰ ওপৰত এতিয়া প্ৰাক্তন কংগ্ৰেছী আৰু প্ৰাক্তন আছুৰে ভৰি পৰিছে বিজেপি দল। অনাগত দিনত এওঁলোকে টিকট পায় নে নিৰাশ হয় সেয়া লক্ষণীয় হ’ব।