মুখ্যমন্ত্রী হ’বলৈ পদত্যাগ মুখ্যমন্ত্রীৰ

166
  • ৰাজনীতি অসমৰ প্ৰতিবেদন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


ৰাজনীতি অসমৰ যোৱা মাহৰ খণ্ডতে কোৱা হৈছিল যে নিতীশ কুমাৰে বিজেপিৰ সংগ ল’ব। এই কথা সত্য প্ৰতিপন্ন কৰি তেওঁ মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰি নবম বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্রী ৰূপে শপত গ্ৰহণ কৰে। ইণ্ডিয়া মৰ্চাৰ গুৰিধৰোতা নীতিশ কুমাৰে হঠাৎে কিয় নিজৰ মন সলনি কৰিলে? তেওঁ প্ৰধানমন্ত্রী হ’ব নোৱাৰিব বাবে নেকি? নে তেওঁ ৰাহুল গান্ধীৰ ওপৰত নাৰাজ? নে তেওঁৰ মমতা বেনাৰ্জীৰ ওপৰত খং উঠিছে? আচলতে নীতিশ কুমাৰে পাল্টী মৰাৰ কাৰণ ইয়াৰ ভিতৰত এটাও নহয়। চতুৰ মুখ্যমন্ত্রীজনে আজিৰ পৰা ৬ মাহমান আগতেই বুজি পাইছে যে ২০২৪ত পুনৰ বিজেপিৰ চৰকাৰ হ’ব। লোকসভাত নীতিশৰ দলে এখন আসনো নাপাব পাৰে। লোকসভাৰ পিছতে চৰকাৰ খনো ভঙা যাব পাৰে। সেয়ে তেওঁ আৰম্ভ কৰি দিলে ইণ্ডিয়াৰ নাটক। ইণ্ডিয়াৰ গুৰিধৰোতা হিচাপে তেওঁ সংবাদ মাধ্যমৰ গুৰুত্ব লাভ কৰিলে। ফলত বিজেপিৰ লগতো তেওঁৰ দৰদাম কৰিবলৈ সহজ হ’ল। দেশৰ ৰাজনীতিত গুৰুত্ব পাবলৈয়ে তেওঁ সকলো মুখ্যমন্ত্রীক লগ ধৰি মোদীক পৰাজিত কৰাৰ এখন নাটক ৰচনা কৰিলে। বিজেপিয়ো ভাবিলে যে ইণ্ডিয়াৰ অস্তিত্ব নোহোৱা কৰিবলৈ নীতিশৰ সংগ লোৱাই ভাল হ’ব। কেইদিন আগলৈকে ইজনে সিজনক দেখিব নোৱাৰা নীতিশ-মোদী পুনৰ ভাই ভাই। নীতিশে যে পুনৰ বিজেপিক বাদ দি লালুৰ সংগ ল’ব সেয়া নিশ্চিত। সেয়েহে বিজেপি এইবাৰ সতৰ্ক। ২০২৫ বিহাৰ বিধানসভা নিৰ্বাচনৰ আগে আগে বিজেপিয়ে নীতিশৰ লগত সম্পৰ্ক ছেদ কৰাৰ পূৰ্ণ সম্ভাবনা আছে। মুখ্যমন্ত্রীৰূপে হয়তো নিজৰ শেষৰটো কাৰ্য্যকাল চলাই আছে নীতিশ কুমাৰে।