সব কা সাথ সব কা বিকাশ

2022
  • পুলক ওলেমান

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


গেৰুৱা দল মানে বিজেপিৰ কথা কোৱা হৈছে । আজিৰ পৰা ১০ বছৰ আগত অসমৰ সাধাৰণ জনতাৰ সিংহভাগ ভোটাৰে সপোনতো ভবা নাছিল যে বিজেপিয়ে কেতিয়াবা অসম ৰাজ্যত ক্ষমতা দখল কৰিব পাৰিব । কংগ্ৰেছ ,অগপ আৰু আজমলৰ মাজতেই যেন ৰাজনীতি সীমাবদ্ধ আছিল । অগপই বিজেপিৰ লগত যেতিয়া প্ৰথম মিত্ৰতা কৰিছিল তেতিয়া অগপ আছিল বিগ ব্ৰাডাৰ ।লাহে লাহে বিগ ব্ৰাডাৰৰ পৰা সৰু ব্ৰাডাৰ হ’ল আৰু আজিৰ দিনটোত ব্ৰাডাৰ গুছি সাধাৰণ ওচৰ চুবুৰীয়া হ’ল । বিজেপিৰ গাত লাগি থকা ধনীক শ্ৰেণীৰ দলৰ লেবেলখন  গুছাই দিলে অগপই আৰু  বৰ্তমান সময়ত আছুৰ পৰা যোৱা নেতা – কৰ্মীৰ পয়োভৰে  সাম্প্ৰদায়িক সমালোচনাক বহুলাংশে কমাই আনিবলৈ সক্ষম হৈছে ।  গুৱাহাটী লোকসভাৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা । বৰক্ষেত্ৰী সমষ্টি বুলি ক’লে বৰভাগ অঞ্চলত আৰম্ভ হৈ শেষ হয় ব্ৰহ্মপুত্ৰৰ চৰত । ২০১৬ ত নাৰায়ণ ডেকা বৰক্ষেত্ৰীৰ পৰা নিৰ্বাচিত হৈছিল । ২০১৬ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনাখন ।  ‘ চৰ ‘ৰ ভোট গণনা প্ৰায় শেষ , ৯ হাজাৰ ভোটত নাৰায়ন ডেকা পিছ পৰি আছিল । লগে লগে নাৰায়ণ ডেকাই গণনা কক্ষৰ পৰা বাহিৰত ওলাই আহি সমৰ্থকৰ জিন্দাবাদ ধ্বনিত সুৰ মিলাই সাফল্যৰ হাঁহি মাৰে । চৰ অঞ্চলত প্ৰথমবাৰৰ বাবে গেৰুৱা দলটোৰ প্ৰাৰ্থী এজনে কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ মাত্ৰ ৯ -১০ হাজাৰ ভোটত পিছ পৰাটো আছিল সাফল্যৰ অন্য নাম । দিন বাগৰিল । CAB আহিল । জাতি ধৰ্মৰ ইচ্ছ্যুবিলাক পুনৰ জাগ্ৰত হ’ল । হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত বাঘবৰ ,জনীয়াৰ উচ্চাৰণ অধিক হ’ল । তৰুণ গগৈ আৰু আজমলৰ দুৰত্ব কমি আহিল  । তেনেস্থলত ধৰ্মীয় সংখ্যালঘুৱে জয় পৰাজয় নিৰ্ণয় কৰিব পৰা বৰক্ষেত্ৰীত নাৰায়ণ ডেকাৰ ভৱিষ্যত কিমান উজ্বল ? ২০১৯ লোকসভা নিৰ্বাচন । ২৩ এপ্ৰিল , গুৱাহাটী সমষ্টিৰ ভোটদান । ২৩ এপ্ৰিলৰ সন্ধিয়া ভোটদান
শেষ হ’ল । দুপৰীয়া আমি উপস্থিত হৈছিলো ব্ৰহ্মপুত্ৰৰ চৰত ।  আমি কাষ চাপিছিলো গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দুৰ্গম ব্ৰহ্মপুত্ৰ চৰ ভাংনামাৰিৰ ৰাইজৰ ওচৰত । ভোটগ্ৰহণ চলি থকা সময়ত এটাও ৰাজনৈতিক কথা পতা নাছিলো । কাৰণ ভোট সদায় ব্যক্তিগত পচন্দৰ বিষয় ।  অতি শান্তিপুৰ্ণ ভাবে ভোটগ্ৰহণ হোৱাৰ পিছত স্থানীয় বাসিন্দাসকলে ভোটগ্ৰহণত জড়িত বিষয়া কৰ্মচাৰীখিনিক যাতায়তত সহায় কৰি দি আছে ।  এনেকুৱা লাগিছিল যেন চৰত অনুষ্ঠিত হোৱা কোনো এটা উৎসৱ শেষ হোৱাৰ পিছত মানুহখিনি দুখত ভাগি পৰিছে ।
কোনো সংঘাত নাই । কোনোবাই যদি কুইন ওজাক সমৰ্থন দিছে , আন একাংশই ববিতা শৰ্মাৰ বিদেশত আপোন মানুহৰ আলোচনা কৰিছে । দুয়োজন সন্মানীয় মহিলা প্ৰাৰ্থীৰ সমৰ্থকৰ মাজতো নাছিল কোনো যুঁজ বাগৰ । ওচৰ পাজৰৰ বিভিন্ন অঞ্চল ঘুৰি পাকি দেখিলো যে গেৰুৱা দল বিজেপি কিন্তু কংগ্ৰেছতকৈ বেছি পিছ পৰি থকা নাই । যিহেতু Exit poll বন্ধ আছে সেয়ে বিশেষ আলোচনা নকৰো । কিন্তু এটা কথা থিক ইয়াৰ মানুহখিনিৰ কাৰণে আলোচনাৰ বিষয় ওৱেচি ,  ৱাইনাৰ্ড ,  প্ৰজ্ঞা ঠাকুৰ  নহয় । নৰেন্দ্ৰ মোদীৰ মন কি বাত সকলোৱে শুনে  যদিও  ব্ৰহ্মপুত্ৰৰ বালিচৰ বিলাকত নাৰায়ণ ডেকাও কিন্তু সমানেই হিট আৰু ২৩ মে’ ৰ দিনাখন ফলাফল যিয়েই নহওঁক ,  কুইন ওজাই  স্বীকাৰ কৰিব লাগিব চৰ অঞ্চলৰ ৰাইজৰ মৰম -চেনেহক আৰু নাৰায়ন ডেকাক  ।