মেট্ৰিক পাছ কুইন ওজা বনাম জে এন ইউ কানাইয়া

3041
  • তাৰক দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


কিছুমান জনপ্ৰতিনিধিৰ বিশেষ শিক্ষাগত অৰ্হতা নাই ৷ কিন্তু কথা হল সাংঘাটিক শিক্ষা থকা ডাক্তৰ, অধ্যাপক, অভিযন্তা,বিজ্ঞানী, ব্যৱসায়ী বা প্ৰশাসনিক বিষয়া আদিও দুৰ্নীতি, অপৰাধ আদিত জড়িত থকাৰ হাজাৰ হাজাৰ উদাহৰণ আমাৰ সমাজৰ চকুৰ আগত ৷ ৰাকেশ পালৰ পৰা আৰম্ভ কৰি মহৎ তালুকদাৰলৈ সকলো শিক্ষাদীক্ষাই আগবঢ়া ।
যদি দুৰ্নীতি,অপৰাধ আদি কৰিবলৈহে শিক্ষা, তেনেহলে সেই শিক্ষাৰ দেখোন মূল্যই নাই ৷ স্বাধীনতাৰ পৰা আজিলৈ দেশৰ প্ৰশাসন ভাৰতৰ সকলোতকৈ চোকা মানুহবোৰৰ হাততেই আছিল, তথাপিও কিয় দেশখনৰ ইমান কোটি মানুহ দৰিদ্ৰসীমাৰেখাৰ তলতে থাকিল , টুজি – থ্ৰীজি হবলৈ পালে? চিকিৎসালয়ৰ দায়িত্ব ডাক্তৰৰ হাততেই থাকে, তথাপিও সাধাৰণ ৰাইজে বিনামূলীয়া দৰৱ, চিকিৎসাৰ কাৰণে হাবাথুৰি খাব লগীয়া হয় ৷
ৰাস্তা বনোৱা,বানপানী নিয়ন্ত্ৰণ আদি বিভাগবোৰ দেখোন ডাঙৰ ডাঙৰ অভিযন্তা আদিয়েই চলাই, তথাপি কিয় ৰাস্তা বনোৱাৰ ছমাহতেই ৰাস্তা ভাঙি যায়, বান্ধ চিঙি যায় ? এইবোৰ ব্যক্তি জানো শিক্ষিত নহয় ?
বাকী জিলা,মহকুমাৰ দায়িত্ব লোৱা প্ৰশাসনিক বিষয়া আদিবোৰো নিশ্চয় পঢ়া শুনাত তীক্ষ্ণই হয় , তথাপি কিয় এইসকলৰ পৰা আমি স্বাধীনতাৰ ৭০ বছৰৰ পাছতো ন্যায় বিচাৰি হাঁহাকাৰ কৰি ফুৰিবলগীয়া অৱস্থা হয় ? কিয় ? পঢ়া শুনা, ডাঙৰ ডিগ্ৰী আদিয়েই সমস্যা সমাধানৰ মূল নে ? পঢ়া শুনা,ডাঙৰ ডিগ্ৰী লৈ যদি এইবোৰ একো কৰিবই নোৱাৰে তেনেহলে সেইবোৰ ডিগ্ৰী,পঢ়া শুনাৰ কাম কি ?

গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী কুইন ওজা যদি মেট্ৰিক পাছ , কিন্তু আনফালে বিহাৰৰ বেগুচৰায় লোকসভা সমষ্টিৰ প্ৰাৰ্থী কানাইয়া কুমাৰ আকৌ উচ্চ মেধাসম্পন্ন । কিন্তু এইজনেই কানাইয়া কুমাৰ যাৰ ওপৰত ভাৰত ৰাষ্ট্ৰৰ বিৰু্দ্ধে বিচ্চিন্নতাবাদী মন্তব্য দিয়াৰ অভিযোগ উঠিছে । অতি আমোদজনক কথা যে এইজন চিপিআই দলৰ প্ৰাৰ্থীৰ কাৰণে জাভেদ আখতাৰ , শ্বাবনা আজমি , যোগেন্দ্ৰ যাদবৰ দৰে তথাকথিত নিৰপেক্ষ ব্যক্তিসকলে প্ৰচাৰ কাৰ্য্যত অংশ লৈছে। ইনটাৰনেট নথকাহেতেঁন এইসকল ব্যক্তিৰ নিৰ্বাচনৰ প্ৰচাৰত অংশ লোৱা ফটো সৰ্বসাধাৰণ ৰাইজে গমেই নেপালেহেতেঁন ।
ভাৰত স্বাধীন হোৱাৰ এদিন আগতেই ভাৰত বিভাজন কৰি দিয়া হ’ল ধৰ্মৰ নামত।লাখ লাখ মানুহৰ মৃত্যু হ’ল,স্বগৃহ ত্যাগ কৰিব লগা হ’ল।এইবোৰ চুক্তি জানো পণ্ডিত , উকিল , শিক্ষাবীদ সকলে কৰা নাছিল ?

বিঃদ্ৰঃ জন প্ৰতিনিধি বুলি নহয় সকলোকে পঢ়াশুনা লাগে, কিন্তু পঢ়া শুনাতকৈও ডাঙৰ কথা কি হব পাৰে সেইয়াহে আচল কথা ৷