ছোনীয়া গান্ধীৰ ১৫ টা মেজিকত বিজেপি বিধ্বস্ত হৈছিল

4866
‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন

২০০৪ ত সন্মুখৰ পৰা কংগ্ৰেছক নেতৃত্ব দিছিল ছোনীয়া গান্ধীয়ে । ২০০৪ ৰ কংগ্ৰেছৰ নিৰ্বাচনী যুদ্ধ ৱান উমেন শ্ব ‘  আছিল । কি কৰিছিল নেহেৰু পৰিয়ালৰ বোৱাৰী ছোনীয়াই ?
১/  ১৬ ফেব্ৰুৱাৰী , ২০০৩ : বিপক্ষৰ দলসমুহৰ লগত  মিত্ৰতা সুনিশ্চিত কৰি ৰখাৰ বাবে নৈশ ভোজৰ আয়োজন কৰে ; উপস্থিত থাকে মুলায়ম সিং যাদৱ , শৰদ পাৱাৰ , চন্দ্ৰ শেখৰ , দেৱে গৌড়া আৰু লালু প্ৰসাদ যাদৱ ।
২/ চেপ্তেম্বৰ ২৩, ২০০৩ : বহুজন পাৰ্টীৰ নেতা কান্সি ৰাম  হৃদযন্ত্ৰৰ ষ্ট্ৰোক হৈ হস্পিতলত ভৰ্তী হৈ আছে । প্ৰথমজন ৰাজনৈতিক নেতা ছোনীয়া গান্ধী আছিল যিজনে চেপ্তেম্বৰ ২৩ তাৰিখে বহুজন পাৰ্টীৰ কান্সিৰামক ফোন কৰে ।
৩/ নৱেম্বৰ ১৫, ২০০৩: ছোনীয়া গান্ধীৰ ঘৰত ইফটাৰ পাৰ্টী । ৰাম বিলাস পচোৱান , অজিত সিং সমন্বিতে এচ পি আৰু আৰ জে দি এচ দলৰ আন আন নেতাক ইফটাৰলৈ নিমন্ত্ৰণ কৰে ।
৪/ জানুৱাৰি ১৫, ২০০৪:  শৰদ পাৱাৰক নিজৰ বাসভাবনত ছোনীয়া গান্ধীয়ে নিজেই লগ ধৰিবলৈ যায় ।
৫/ জানুৱাৰী ১৫, ২০০৪ : সকলোকে হতবাক কৰি ছোনীয়া গান্ধীয়ে নিজকে সাম্ভাব্য প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থীৰ দৌৰত নাই বুলি ঘোষণা কৰে ।
৬/ ফেব্ৰুৱাৰী ৬, ২০০৪ :  সাম্ভাব্য মিত্ৰ দলৰ নেতাসকলক দুপৰীয়াৰ আহাৰৰ কাৰণে নিমন্ত্ৰণ কৰে । সমাজবাদী , বিএচপি, চিপিআই এম , এনচিপি , ডিএমকে , জেডিএচ আদি দলৰ নেতাসকল উপস্থিত থাকে ।
৭/ ফেব্ৰুৱাৰী ১৪, ২০০৪ : কৰুণানিধিক লগ ধৰে আৰু ৰাজীব গান্ধীৰ হত্যাৰ লগত ডিএমকে ওপৰত থকা সন্দেহক পোনে পোনে নস্যাৎ কৰি কৰুণানিধিৰ লগত লগত মিত্ৰতা সুদৃঢ় কৰে ।
৮/ মে’ ১২, ২০০৪ : কৰ্ণাটকৰ নেতা দেৱে গৌড়াৰ লগত আলোচনা কৰে আৰু অনিল আম্বানিৰ লগত সেই দিনাখনেই আলোচনাত বহে ।
৯/ ২০০৩ চনৰ ডিচেম্বৰ মাহৰ পৰা নিৰ্বাচনৰ শেষ মুহুৰ্তলৈ প্ৰায় ৬০ হাজৰ কিলোমিটাৰ দুৰত্ব ছোনীয়া গান্ধীয়ে ভ্ৰমণ কৰিছিল । বিশেষকৈ যিবিলাক ৰাজ্যত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল ।
১০/ ৰোড শ্ব’ আছিল ছোনীয়া গান্ধীৰ মুখ্য আহিলা । তেওঁ ৰাস্তাৰ মাজতে গাড়ী ৰখায় মানুহৰ লগত হাত মিলাইছিল । হিমাচল আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলত মানুহৰ ঘৰৰ ভিতৰত প্ৰবেশ কৰিছিল ।
১১/ ২০০৪ ত এনডিএ ৰ লাল কৃষ্ণ আদৱানি , বাজপায়ী , সুষমা স্বৰাজ , মুৰুলি মনোহৰ আদি ভালে সংখ্যক নেতাই নিৰ্বাচনৰ কেনভাচত ভুমিকা লৈছিল। কিন্তু কংগ্ৰেছৰ ফালৰ প্ৰায় একক প্ৰচেষ্টাৰে ছোনীয়া গান্ধীয়ে প্ৰচাৰ চলাইছিল ।
১২ / প্ৰতিদিনে প্ৰায় ৪০০ ৰ পৰা ৫০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছিল ।
১৩/ অতি আচৰিত ভাবে ছোনীয়া গান্ধীয়ে প্ৰচাৰৰ সময়ত লগত ব্যক্তিগত মোবাইল ফোন ব্যৱহাৰ কৰা নাছিল । অধিক প্ৰয়োজনত লগত যোৱাজনৰ ফোন ব্যৱহাৰ কৰিছিল । প্ৰায়ে দুপৰীয়াৰ আহাৰ লোৱা নাছিল । ডাবৰ পানী , বিস্কুট , চকলেট আদিৰে দিনটো কটাইছিল ।
১৪/ ভাষণ পঢ়ি চোৱা , বিভিন্ন ধৰণৰ দলীয় নথিপত্ৰ পৰীক্ষা কৰা আদি কাম  ৰাস্তাত গৈ থাকোতেই কৰিছিল ।
১৫/ শেষত এজন মহিলাৰ নাম ল’বই লাগিব যিজন এই সমষ্ট ঘটনাৰ সাক্ষী আৰু সহযোগী আছিল , তেওঁ হ’ল অম্বিকা চোনী ।