বুদ্ধিজীবীৰ লগত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ সংযোগ

1087
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


মহাৰাষ্ট্ৰৰ পুনেত এজন বুদ্ধিজীবীৰ লগত কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ সংযোগ ফাদিল হৈছে । কান্ধত মোনা , চকুত চশমা , জেপত কলম লৈ ফুৰা এইসকল বুদ্ধিজীবী নক্সাল দেশৰ শত্ৰু । ‘কেব’ ৰ সময়ত জেষ্ঠ শিক্ষাবিদ এজনৰ দ্বাৰা ভাৰতৰ সাৰ্বভৌমত্ব বিৰোধী বক্তব্য  আৰু সুন্দৰ কন্ঠৰ ভাষণবিদ এজনৰ দ্বাৰা অসমীয়া ভাষীক প্ৰৰোচনা কৰা আলোচনা চক্ৰবিলাকৰ পিছত আহিল চলো পাল্তাই , চলো পাল্তাইৰ পিছত আহিল মিঞা কবিতা ।
এই গোটেই কেইটা ঘটনাত অসমৰ ইলাইট ক্লাচ আৰু শিক্ষাদীক্ষাত আগবঢ়া একাংশ মানুহ জড়িত আছে । ইয়াত সাধাৰণ পান দোকান দিয়া অসমীয়াভাষী যুবকজন , টিভি ভাল কৰা বঙালীভাষী মেকানিকজন  বা ঘৰ বনোৱা তথাকথিত মিঞা মিস্ত্ৰীটোৱে একো উম-ঘামেই পোৱা নাই কিন্তু ।
১/ প্ৰথমে অসমীয়াভাষীক প্ৰৰোচিত কৰাৰ কৌশল
২/ দ্বিতীয়তে বঙালীক প্ৰৰোচিত কৰা কৌশল
৩/ তৃতীয়তে বংগীয়মুলীয় মুছলমানখিনিক
প্ৰৰোচনামুলক ভাষণ আৰু বক্তব্যবিলাকক ভোটৰ ৰাজনীতি বুলি কৰা ভুল ভাৰতীয়ই পুনৰ কৰিব নেকি ? বৃটিছ শাসন কালত মুছলীম লীগৰ নেতাসকলে বন্দে মাতৰম গীততোক ইছলাম বিৰোধী বুলি কোৱা সময়ত ভাৰতৰ সাধাৰণ জনতাই ইয়াক ৰাজনীতি বুলি ধৰি লৈছিল । কিন্তু ভাৰত বিভাজনৰ সময়ত হে বুজি পালে যে মুছলীম লীগৰ বন্দে মাতৰম বিৰোধ ৰাজনৈতিক নীতি যে নাছিল । মৌলবাদক সমৰ্থন দি ভাৰতক পুনৰ খণ্ডিত কৰাৰ ব্লুপ্ৰিন্টক সহযোগ কৰে একাংশ শিক্ষাবিদ আৰু সাংবাদিকে । এইবিলাক অভিসন্ধিক প্ৰতিহত কৰাটো এদিনতেই সম্ভৱ নহয় । কাৰণ অসমৰ সমাজ জীৱণত এইসকল ব্যক্তিয়ে   সন্মানীয় আসন দখল কৰি থাকে ।
সংযোগবিলাক অনুসন্ধান কৰা দৰকাৰ যিহেতু মহাৰাষ্ট্ৰত পুনে আৰক্ষীয়ে  এজন বুদ্ধিজীবী আৰু হিজবুল মুজাহিদনৰ লগত থকা সম্পৰ্ক ফাদিল কৰিছে ।