আমাক লাগে বহুত , লাগিবই!!

1120
ড ০ সুশান্ত কুমাৰ কাশ্যপ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিপদত যদি আমি সামৰ্থবান সকলে ইজনে সিজনক বিপদৰ সময়ত সহায় নকৰোঁ, অকনো দয়াশীল নহওঁ তেনেহলে যোৱা মাহত যি হৃদয় বিদাৰক ঘটনা সংঘটিত হ’ল, এটা  পৰিয়ালৰ মাক দেউতাক সহিতে তিনিজনী জীয়ৰীৰ আত্মহত্যা, এনেবোৰ ঘটনা ঘটি থাকিব । সাধাৰণতে আত্মহত্যাৰ ঘটনাই মোক বিচলিত নকৰে, নকন্দুৱাই, কিন্তু এনেবোৰ ঘটনাই হৃদয়ত জোকাৰনি তোলে । বহু বছৰ আগতে উত্তৰ প্ৰদেশ নে মধ্য প্ৰদেশ , পাহৰিলো, কোনোবা এখন ৰাজ্যত একেটা পৰিয়ালৰ তিনি গৰাকী জীয়ৰীয়ে একেটা কোঠাতে ছীপ লৈ আত্মহত্যা কৰিছিল, কাৰণ তেওঁলোকৰ বিয়াৰ যৌতুক দিবলৈ পৰিয়াল সামৰ্থবান নাছিল আৰু পৰিয়ালক উদ্ধাৰ কৰিবলৈ আটাইকেইগৰাকী জীয়ৰীয়ে আত্মহননৰ পথ বাছি লৈছিল । সেইসময়ত বাতৰি কাকত , আলোচনীত আত্মহননৰ ফটোবোৰ প্ৰকাশ পাইছিল । বৰ দুখ লগা ঘটনা আছিল সেইটো । আজি ফেচবুকত দেখা ফটোবোৰত, অসমৰ এই পাছগৰাকী ব্যক্তিৰ আত্মহননে মোৰ সেই ঘটনাটোলৈ মনত পেলাই দিলে । পৰিস্থিতি যদিও বেলেগ বেলেগ, কিন্তু কাৰণ একেটাই- অৰ্থনৈতিক ।
এই সমস্যাবোৰৰ বাবে আমিয়েই দায়ী । কাৰণ যৌতুক আমিয়েই বিচাৰিছোঁ, সুতত পইচা দি আমিয়েই পৰিয়ালটোক হাৰাশাস্তি কৰিছোঁ ।  সমাধানো কিন্তু আমাৰেই হাতত ।
আমাক লাগে বহুত , লাগিবই । কিন্তু ইমান বেছি সম্পত্তিৰে আমি কি কৰিম ! পিছৰ সাত পুৰুষেও শেষ কৰিব নোৱাৰাকৈ কিছুমানে সোৱে বাৱে সম্পত্তি আহৰণ কৰে । পাগল হৈ যায় সম্পত্তিৰ পিছত দৌৰি । এটকাও সহায় নকৰে কাকো , অথচ বক্ৰপথেৰে আহৰণ কৰা সম্পত্তিয়েই অধিক ।
ফাইনেলী আমি যাবই লাগিব , লগত অলপো নিব নোৱাৰোঁ । ধীৰু ভাই আম্বানীয়েও আজি চাব আহিব পৰা নাই তেওঁ আহৰণ কৰা কিমান সম্পত্তি আছে , কিমান নাই । আমি ক’ৰ কুটা !
গতিকে পৰাসকলে যদি অকনমানো ইজনে সিজনৰ দুখ বুজি,  অলপমান অন্তৰখন কোমল কৰি সহায় সাহাৰ্য কৰে তেনেহলে আমি থকা দিনকেইটাত বৰ বেছি এনে ঘটনা দেখিবলৈ নাপাম । মনত ৰখা উচিত যে আমি কোনো ইয়াত চিৰস্হায়ী নহয়, সকলোৱেই ক্ষণস্থায়ী । এদিন দুদিনৰ আগপিছ মাথো ।