মনোমোহা স্কটলেণ্ডত চাৰিদিন -(তৃতীয় খণ্ড)

675
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ু


শনিবাৰে ৰাতিপুৱা আমি সাৰ পালো এদিনবেৰাৰ প্ৰমিয়াম ইন হোটেলত। গা পা ধুই সকলো সাজু হ’লো। গাড়ী চলোৱাৰ পাল পৰিল মোৰ। ৮ বাজি ১৫ মিনটত যাত্রা আৰম্ভ কৰিলো , গন্তব্য স্থান লোক লোমোণ্ড। গাড়ীৰ জিপিএছ অনুসৰি সময় লাগিব প্ৰায় আঢ়ৈ ঘন্টা। ৩০ মিনিট মান হাইৱেৰে গাড়ী চলাই এটা সৰু ৰাস্তাৰে গাড়ী সোমাই দিলো। চাৰে ন মান বজাত ৰেষ্টুৰেন্ট এখনত গাড়ী ৰখাই ব্ৰেকফাষ্ট কৰিলো। ব্ৰেকফাষ্টত আছিল ব্ৰেদ,বাটাৰ, বেকট বিনছ আৰু জুছ। প্ৰায় ১১:৩০ মান বজাত লোক লেমণ্ড পালো। এটা সুন্দৰ লেক, পানী পৰিস্কাৰ নীলা। ৰিভাৰ ৰাফটিংৰো তাত সুবিধা আছে। আমি এখন সৰু নাওঁৰে লেকটো পৰিভ্ৰমণ কৰিলো। লেকৰ ওচৰতে আছে এখন মাৰ্কেট। সকলোৱে কফি একাপ একাপ খাই গ্লেনকো অভিমূখে ৰাওনা হলো। লোক লেমণ্ডৰ পৰা গ্লেনকো ভিলেজলৈ যোৱা ৰাস্তাটোক হাইলেণ্ড বুলি কয়। এই ৰাস্তাটোৰ দুয়োকাষে নান্দনিক দৃশ্য। আমি বহু ঠাইত ৰখি ফটো উঠিলো। চাৰিওফালে কেবল সেউজীয়া। মাজতে এটা জলপ্ৰপাতৰ চাইনবোৰ্ড দেখি লুংলুঙীয়া ৰাস্তা এটাৰে গাড়ী সোমাই দিলো। সুন্দৰ জলপ্ৰপাতটো আশে পাশে বন জংঘলেৰে আবৰা। সৰু কাঠৰ দলং এখনেৰে খোজ কাঢ়ি পাৰ হৈ আমি জলপ্ৰপাতৰ নিচেই ওচৰলৈ গৈ ফটো উঠিলো। তাৰ পিছতে আমি গ্লেনকো ভিলেজলৈ গতি কৰিলো। গ্লেনকো ভিলেজৰ এখন সুন্দৰ ৰেষ্টুৰেন্টত গাড়ী ৰখাই প্ৰথমতে দুপৰীয়াৰ ভোজন কৰিলো। সময় তেতিয়া দুপৰীয়া ৩ বাজিছে। হোম মেড চেণ্ডউইছ, চিপছ, ছালাদ আৰু একাপ কফিয়ে সকলো দুখ ভাগৰ নোহোৱা কৰি দিলে।
গ্লেনকোৰ প্ৰাকৃতিক মনোৰোম দৃশ্য উপভোগ কৰি আমা যাত্রা কৰিলো লোক নেছলৈ। গ্লেনকোৰ পৰা দুৰত্ব প্ৰায় ৪৫ মিনিটৰ। লোক নেছৰ হ্ৰদত monster থকা বুলি প্ৰবাদ আছে। গাড়ী পাৰ্কিং কৰি এটা সুৰংগৰ মাজেৰে হ্ৰদৰ ওচৰ পালো। বতৰ ফৰকাল আছিল। হ্ৰদত পানী জাহাজ চলে যদিও আমি অহাত কিছু পলম হ’ল বাবে তাত উঠিব নোৱাৰিলো। সচাকৈয়ে মনোৰোম লোক নেছ। সুন্দৰ পৰিস্কাৰ পানীৰ চাৰিওফালে থকা সেউজীয়া নান্দনিক পৰিবেশ। লোক নেছৰ পৰা আমি ইনভাৰনেছ গ’লো। ইনভাৰনেছ স্কটলেণ্ডৰ এখন ধুনীয়া চহৰ। আমাৰ হোটেল বুক কৰা আছিল এইখন চহৰতে। ৰাতি ৭ বজাত হোটেলত চেক ইন কৰিলো। ৰাতি ৮ বজাত সকলো ওলাই আহি গাড়ীৰে চহৰখন পৰিভ্ৰমণ কৰাৰ লগতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিলো। ৰাতি দহ বজাত আমি শুবলৈ গলো। অহাকালিৰ পৰিকল্পনা হ’ল isle of sky ।