মোদীৰ ল’ক ডাউন সঠিক সময়তনে?

1442
  • তাৰক দাস

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ইয়াৰ আগতে তেখেতে লৈছিল বিমুদ্ৰাকৰণৰ সিদ্ধান্ত। টিভিৰ সন্মুখত বহি ঘোষণা কৰিছিল আজিৰ পৰা ৫০০ আৰু হাজাৰ টকীয়া নোট অচল। প্ৰায় চাৰে তিনি বছৰ পিছত তেখেতৰ আৰু এটা কঠোৰ সিদ্ধান্ত _ ২১ দিনৰ বাবে গোটেই দেশত ল’ক ডাউন। তেখেতৰ ঘোষনাৰ আগতে প্ৰায় গোটেই ৰাজ্য চৰকাৰবোৰে ল’ক ডাউনৰ সিদ্ধান্ত লৈ পেলাইছিল। সেয়েহে এই ঘোষণাই বিমুদ্ৰাকৰণৰ ঘোষণাৰ দৰে মানুহক আচৰিত কৰা নাই।
২১ দিন , সঠিক সময়তনে?
ভাৰতৰ নিচিনা দেশ য’ত বেছিভাগ মানুহে দৈনিক কাম কৰি জিবীকা নিৰ্বাহ কৰে তাত ২১ দিন ল’ক ডাউনে প্ৰচুৰ প্ৰভাব পেলাব। ফ্লাইট বন্ধ, দোকান বন্ধ, চিনেমা বন্ধ; সেইবোৰে চৰকাৰৰ কৰ সংগ্ৰহক বাৰুকৈয়ে প্ৰভাব পেলাব। ভাৰতৰ অৰ্থনীতি বেয়াকৈ ক্ষতিগ্ৰস্হ হ’ব। তথাপিও ৰাইজৰ বেছিভাগে এই লকডাউন সমৰ্থন কৰিছে। জীৱন থাকিলেহে বাকী কাম হ’ব। ২১ দিন নাখালেও জীয়াই থাকিম কিন্তু ক’ৰণাৰ চাইকলটো বন্ধ নকৰিলে হাজাৰ-লাখ মানুহক গ্ৰাস কৰিব। ইটালীত কি হৈছে দেখিছোৱেই। কিন্তু প্ৰশ্ন হয় এই দেশখনে ২১ দিনতকৈ বেছি লকডাউন সহ্য কৰিব পাৰিবনে? নিশ্চয় অসুবিধা হ’ব। খাবলৈ নাপাই বহুতে ত্রাহিমাম কৰিব। তেনে ক্ষেত্রত এইটো খুব গুৰুত্বপূৰ্ণ যে এই ২১ দিনৰ লক ডাউন সঠিক সময়ত হয়। না আগত ; না পিছত। কাৰণ ভাৰতৰ নিচিনা দেশএখনক ২১ দিনতকৈ বেছি লকডাউনত ৰাখিলে বহুতৰে ধৈৰ্য্যৰ বান্ধ ভাঙি যাব। আমাৰ বোধেৰে চৰকাৰে এই লক ডাউন আৰু অলপ সোনকালে কৰা ভাল আছিল। এমাহ আগতেই চৰকাৰে বিদেশী বিমান সেৱা বন্ধ কৰা দৰকাৰী আছিল। এয়াৰপৰ্টত চেক কৰা নিয়মো কিছুদিন আগৰ পৰাহে আৰম্ভ হৈছে। যিয়ে নহওক ২১ দিন ল’ক ডাউন শেষ হোৱাৰ পিছতো চৰকাৰে সুনিশ্চিত কৰিব লাগিব যে যেতিয়ালৈকে গোটেই বিশ্বত কৰোণা শেষ হৈ নাযায় তেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় বিমান বন্ধ। ঠিক তেনেকৈ অসম চৰকাৰেও নিশ্চিত কৰিব লাগিব যাতে অন্য ৰাজ্যৰ লোক যাতে ইয়াত প্ৰবেশ কৰিব নোৱাৰে। ৰাজ্যৰ ভিতৰতে স্বাভাবিক জীবন যাত্রা চলি থাকক। কিন্তু প্ৰশাষনে কঢ়া নজৰ ৰাখিব লাগিব।