লুৰিণ মাজুলী, দিপাংকৰ বঙাইগাওঁ, বৰষা জালুকবাৰীৰ পৰা

5701

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


কা বিৰোধী আন্দোলনকাৰী সকলে নতুন ৰাজনৈতিক দল গঠন কৰাৰ জল্পনা কল্পনা চলিছে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য ই যদিও ৰাজনৈতিক গঠন কৰাৰ পক্ষত নাই তেখেতৰে অনুগামী সদৌ অসম ছাত্র সন্থাৰ সভাপতি দিপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কিন্তু এই ক্ষেত্রত ভট্টাচাৰ্য্যৰ লগত একমত নহয়। দুয়োজনে বিচাৰে ছাত্র সন্থাৰ মজিয়াৰ পৰা এটা নতুন দল গঠন হওক। এনে পৰিস্থিতিত ভট্টাচাৰ্য্য দেৱ ছাত্র সন্থাৰ উপদেষ্টা পদত থাকি দুই ছাত্র নেতাক মাগদৰ্শন কৰিব বুলি জনা গৈছে। ইতিমধ্যে দিপাংক আৰু লুৰিণে ২০২১ৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে। কেজৰিৱালে যেনেকৈ শীলা দিক্ষিতৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি দিল্লীৰ ৰাজপাট দখল কৰিছিল ঠিক তেনেদৰে লুৰিণেও মাজুলীত সোণোৱালত প্ৰত্যহ্বান দিয়াৰ মন মেলিছে। কিন্তু সমস্যাটো হ’ল মাজুলী অনুসুচিত জনজাতিৰ বাবে সংৰক্ষিত। ৬ জনগোষ্ঠীৰ জনজাতিকৰণে এই সমস্যা সমাধান কৰিব পাৰে। অনত্থা সোণোৱালে যদি এইবাৰ মাজুলী এৰি অন্য সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰে তেনেহ’লে লুৰিণ-সোণোৱালৰ যুঁজ দেখা পোৱা যাব।

মাজুলীত লুৰিণে প্ৰতিদ্বন্দ্বিতা কৰিলে নতুন দলৰ কাৰ্য্যকৰ্তা সকল অনুপ্ৰাণিত হ’ব বুলি তেওঁলোকে ধাৰণা কৰিছে। একেদৰে দিপাংকৰ নাথে প্ৰতিদ্বন্দ্বিতা কৰিব অগপৰ শক্তিশালী নেতা তথা ছয়বাৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে।  লুৰিণ-দিপাংকৰ নতুন দলটোত শিল্পী সমাজৰ বহুতে টিকট পাব বুলি খবৰ ওলাইছে। জনপ্ৰিয়  শিল্পী কিছুমানে বিজেপিৰ বাঘা বাঘা নেতা সকলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰিছে। বৰষা ৰাণী বিষয়াক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰীত, বিপিন চাওদাংক অতুল বৰাৰ বিৰুদ্ধে বোকাখাটত টিকট দিয়াৰ সম্ভাবনা আছে। বৰষাৰ মন কিন্তু ৰহাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰহে। একেদৰে মীৰা বৰঠাকুৰক পূব গুৱাহাটী আৰু  মানস ৰবিনক দিশপুৰৰ পৰা টিকট দিয়াৰ গুণাগথা চলিছে।