এই চুক্তিয়ে এটা সমস্যা সমাধান কৰাৰ লগে লগে আৰু  নতুন সমস্যাৰো সৃষ্টি কৰিব: উপমন্যু হাজৰিকা

1565
  • উপমন্যু হাজৰিকা

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


তিনি দশকত তৃতীয় বড়ো চুক্তিয়ে নিশ্চিতভাৱে বড়ো জনজাতিৰ আশা আকাংক্ষা পুৰণ কৰিলে, বিশেষকৈ যি বড়োসকলে বাংলাদেশী আগ্ৰাসন ৰোধ কৰিছে। কিন্তু এই চুক্তিয়ে এটা সমস্যা সমাধান কৰাৰ লগে লগে আৰু  নতুন সমস্যাৰো সৃষ্টি কৰিব, কিয়নো BTAD এলেকাত বসবাস কৰা অনাবড়ো খিলঞ্জীয়া সকলৰ লগত আলোচনা নকৰি তেওঁলোকৰ অধিকাৰ উলংঘন কৰিছে। ইতিমধ্যে ২০০৩ চনৰ চুক্তিয়ে অনাবড়ো খিলঞ্জীয়া সকলক BTAD ত দ্বিতীয় শ্ৰেণীৰ নাগৰিক বনাইছিল। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই এনে চুক্তিৰ পৃষ্ঠপোষকতা কৰি খিলঞ্জীয়া সকলৰ মাজত বিভাজন বঢ়ালে আৰু BTAD ৰ অনাবড়ো খিলঞ্জীয়া সকলৰ স্তৰ আৰু অধিক অৱনতিহে কৰিলে।
বড়োসকল অনুসূচিত জনজাতি হোৱাৰ বাবে ইতিমধ্যে বাকী একেলগে বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ তুলনাত অতিৰিক্ত সা-সুবিধা উপভোগ কৰে। BTC গঠন কৰি কেবল বড়োসকলক অতিৰিক্ত সুবিধা দিবলৈ লোৱাত যোৱা ১৭ বছৰৰ পৰা বাকী অনাবড়ো খিলঞ্জীয়া সমুদায়ৰ লগত এটা বৈষম্যৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। BTCৰ ক্ষমতা বঢ়োৱাৰ আগতে তাত থকা অনাবড়ো খিলঞ্জীয়া সকলৰ লগত আলোচনা কৰি তেওঁলোকক সম অধিকাৰ প্ৰদান কৰাৰ পিছতহে আগন্তুক পদক্ষেপ লব লাগিছিল। বৰ্তমান BTCত ৪০ খন আসনৰ ভিতৰত ২৫ খন বড়োসকলৰ বাবে সংৰক্ষিত আছে, যত নেকি তেওঁলোকৰ জনসংখ্যা BTCৰ মুঠ জনসংখ্যাৰ মাত্ৰ ২৭ শতাংশহে। বৰ্তমানৰ কাৰ্যনিৰ্বাহ কমিটিৰ ১৪ জন সদস্যৰ ভিতৰত ২জন অজনজাতি, কিন্তু তেওঁলোক খিলঞ্জীয়া নহয়। প্ৰকৃততে অনাবড়ো খিলঞ্জীয়া জাতি জনগোষ্ঠীক BTC ৰ ৰাজনৈতিক শাসনভাৰৰ কোনো অধিকাৰ দিয়া হোৱা নাই।
ভাৰতবৰ্ষৰ ৫২৫ জাতি জনগোষ্ঠীৰ ভিতৰত ১১৫ কেবল অসমতে আছে আৰু অসমৰ কোনো কোনো এলেকাত বহু জাতি জনগোষ্ঠী একেলগে বসবাস কৰে। কোনো এটা জনজাতি কেন্দ্ৰীক‌ নীতিয়ে আন জাতি জনগোষ্ঠীৰ ওপৰত প্ৰভাৱ পেলোৱাটো স্বাভাৱিক, যি আজি BTAD ত হৈ আছে। বৰ্তমান সময়ত বড়োসকল উত্তৰ পূবৰ অন্য জনজাতিতকৈ প্ৰায় সকলো ক্ষেত্ৰতে এটা উন্নত জনজাতি, যেনে প্ৰশাসনত প্ৰতিনিধিত্ব, খেলত, উচ্চ শিক্ষা ইত্যাদি ইত্যাদি। যিহেতু তেওঁলোকে নিজৰ এলেকাত নেতৃত্ব লৈছে, লগত বসবাস কৰা বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰো উন্নতিৰ দায়িত্ব লোৱা উচিত আৰু তেতিয়াহে BTAD ত শান্তি সম্প্ৰীতি সম্পূৰ্ণকৈ অব্যাহত থাকিব। বড়ো আৰু অনাবড়ো সকলৰ মাজত হোৱা বিভাজন এক অশনি সংকেত , কিয়নো ইয়াত উপকৃত হয় কেবল বাংলাদেশী। ৰাজনৈতিক ক্ষেত্ৰত নৱ শৰণীয়াৰ নিৰ্বাচনে এই বিভাজনটো প্ৰতিবিম্বিত কৰে।
চাওলুং চুকাফাই প্ৰতিষ্ঠা কৰা ৬০০ বছৰ চলা আহোম ৰাজত্বৰ নিদৰ্শন বৰ্তমানৰ নেতাসকলে লোৱা উচিত। আহোমৰ ৰাজত্বকালত সকলো জাতি জনগোষ্ঠীক ক্ষমতা আৰু প্ৰশাসনত অংশীদাৰ কৰি দীৰ্ঘদিন ৰাজত্ব কৰিব পাৰিলে। সেয়েহে লগত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীক অধিকাৰৰ পৰা  বঞ্চিত কৰিলে BTAD শাসনত স্থিৰতা নাথাকিব।
কেবল বড়ো ছাত্ৰ সন্থা আৰু কিছুমান সন্ত্ৰাসবাদী সংগঠনৰ লগত চুক্তি কৰিলে, সেই চুক্তি অসম্পূৰ্ণ হৈ থাকিব, যদিহে বাকী খিলঞ্জীয়া জাতি জনগোষ্ঠীক সেই চুক্তিত অংশীদাৰ নহয় আৰু তেওঁলোকৰ সম অধিকাৰ নাথাকে। BTAD ত স্থায়ী সমাধানৰ বাবে অনাবড়ো খিলঞ্জীয়া জাতি জনগোষ্ঠীক সকলো ক্ষেত্ৰতে সম অধিকাৰ প্ৰদান কৰাতো অনিবাৰ্য।