চাৰ্জিলৰ বিৰুদ্ধে খিলঞ্জীয়া গৰিয়া মৰিয়া দেশী

1521

‘ৰাজনীতি অসম’ (www.rajnitiaxom.com), অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


সম্প্ৰতি দেশজুৰি তোলপাৰ লগোৱা চাৰ্জিল ইমামৰ সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰদ্ৰোহী মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ।সাম্প্ৰদায়িক আৰু ৰাষ্ট্ৰ দ্ৰোহী মন্তব্যকাৰী চাৰ্জিল ইমামৰ গ্ৰেপ্তাৰৰ দাবী তুলি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে উক্ত মন্তব্যৰ তীব্ৰ গৰিহণা দিয়ে। এক বিবৃতিযোগে পৰিষদৰ সভাপতি হাফিজুল আহমেদে কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ সমাজ সংস্কৃতি আৰু ইতিহাস সম্পৰ্কে জ্ঞান নথকা চাৰ্জিল ইমামৰ দৰে জেহাদীৰ পৃষ্ঠপোষক মৌলবাদী নেতাই প্ৰব্ৰজনকাৰী মুছলমানৰ বিশাল অবয়ব প্ৰত্যক্ষ কৰি খিলঞ্জীয়া মুছলমানৰ স্বাভিমান তথা দেশপ্ৰেমক পদাঘাত কৰি এনেদৰে বিকৃত মন্তব্য প্ৰদান কৰে। পূৰ্বাবংগীয় প্ৰব্ৰজনকাৰী মুছলমান সকলে  অসমলৈ প্ৰব্ৰজন কৰা  বহু আগেয়ে অসম মাতৃক ১৭ বাৰ আক্ৰমণ কৰা মোগলৰ বিৰুদ্ধে খিলঞ্জীয়া হিন্দু মুছলমান অসমীয়াই ঐক্যবদ্ধভাৱে শত্ৰুক প্ৰতিহত কৰিছিল।  শৰাইঘাটৰ যুদ্ধত স্বধৰ্মীয় মোগলৰ বিৰুদ্ধে লাচিত বৰফুকনৰ সহযোগী পালি সেনাপতি বাঘ হাজৰিকা ওৰফে ইছমাইল চিদ্দিকীয়ে  কেনেদৰে ধৰ্মীয় পৰিচয়ৰ উৰ্ধত দেশ ৰক্ষাৰ স্বাৰ্থত শত্ৰুৰ ওপৰত জপিয়াই পৰিছিল সেই কথা জনা উচিত। পৰিষদে মৌলবাদী জেহাদী নেতাৰ এনে ধৰণৰ ৰাষ্ট্ৰদ্ৰোহী সাম্প্ৰদায়িক মন্তব্যৰে সাতামপুৰুষীয়া ভাৰতীয় তথা অসমৰ ধৰ্মনিৰপেক্ষ সংষ্কৃতিৰ বিঘ্নিত কৰিবলৈ চেষ্টা কৰিলে ইয়াৰ বিৰুদ্ধে হাজাৰ হাজাৰ বাঘ হাজৰিকাই হাতত হেংদাং লৈ ওলাই আহিব।
 এইক্ষেত্ৰত গুৰুত্ব পুৰ্ণ কথা এইটো যে চাৰ্জিল ইমামৰ বাতৰি যিদৰে অসমীয়া নিউজ চেনেলত প্ৰচাৰ হৈছে তেনেদৰে গৰিয়া মৰিয়া দেশী মুছলমানে এই ইমাম ব্যক্তিজনক গৰিহণা দিয়া বাতৰি নিউজ চেনেল বিলাকে আশানুৰূপ ভাবে প্ৰচাৰ কৰা নাই ।