সঁচাকৈ ৰঞ্জিত দাস অকৰ্মন্য নেকি ?

1238
  • নৰেন কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : তিনি বছৰ: ২ লাখ ১২ হাজাৰ পঢ়ুৱৈ


এজন অকমৰ্ন্য মন্ত্ৰীৰ ওপৰত কিমান খং উঠিলে বাৰু ৰাজহুৱাকৈ   “মই ঘোঁৰাৰ ঘাঁহ কাটিবলৈ মুখ্যমন্ত্ৰী হৈ আছো নেকি?” বুলি স্বয়ং মুখ্যমন্ত্ৰীজনে ক’ব লগা হৈছে ।
বিজেপিৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমানৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসক সন্মুখত বহুৱাই ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষোভ আৰু বেদনা প্ৰকাশ কৰিছে । ইয়াৰ আগতে গাওঁত ঘৰ বান্ধিলেও টেক্স দিব লাগিব বুলি কৰা মন্তব্যৰ কাৰণে  ৰঞ্জিত দাস কিছুদিন আগত ৰাইজৰ ৰোষৰ বলি হৈছিল মাত্ৰ , এতিয়া আকৌ স্বয়ং মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছে ।
বাইকত তিনিজন বহিব পৰা লাইচেঞ্চ দিব লাগে ___এনেকুৱা কথা কোনো চেঙেলীয়া ল’ৰাই কোৱা নাই , স্বয়ং বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কৈছে । মূল্যবৃদ্ধি ৰোধ কৰাটো কঠিন হৈ পৰিছে । কভিদৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া আৰু মানুহৰ জীৱন শৈলীয়ে মুল্যবৃদ্ধিক উৎসাহ যোগাইছে । মূল্যবৃদ্ধি অতি স্পৰ্শকাতৰ বিষয়! চৰকাৰৰ লগত জড়িতসকলে কথাটো পেংলাই কৰিলে  বা ব্যংগ কৰিলে সৰ্বসাধাৰণ মানুহৰ মনত থকা ক্ষোভক স্ফূলিংগলৈ পৰিবৰ্তনৰ সুযোগ নিদিব বুলি কোৱা কঠিন । এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইসকলক লেকাম টানক, নহ’লে জনসাধাৰণৰ মনত চৰকাৰখনৰ প্ৰতি এক বিৰূপ প্ৰভাব পৰিব ।
সৌ সিদিনাৰ কথা, ইণ্ডিয়া টুডে কনক্লেভত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ ভাৰতবাসীৰ আগত কংগ্ৰেছৰ সস্তীয়া ৰাজনীতিৰ কথা উদঙাই দিছিল । তাত উপস্থিত থকা অধিকাংশ  মানুহে হাত তালিৰে উষ্ম সঁহাৰি দিয়ে  । কথাটো আছিল কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা ৱাদ্ৰাই ঝাৰু দিয়া ভিডিঅ’  এটা কংগ্ৰেছ দলে প্ৰচাৰ কৰাৰ ওপৰত । ঝাৰু দিয়া কামটো সকলো মহিলাই কৰে , মাতৃ – ভগ্নী , স্ত্ৰী ঘৰৰ সকলোৱে সম্পাদন কৰা কাম এটাক লৈ হৈ ছৈ কৰা বুলি হিমন্ত বিশ্ব শৰ্মাই যুক্তি দিয়াৰ পিছত এংকৰ জন লগ লগেই পতিয়ন গৈছিল ( অৱশ্যে এংকৰজনৰ প্ৰশ্ন আৰু মুখ্যমন্ত্ৰীৰ উত্তৰ এক পৰিকল্পনাৰ অংশ বিশেষ) ।
ইণ্ডোয়া টুডেৰ এই ইনটাৰভিউটোৰ মাত্ৰ কেইদিনমান পিছতেই উপ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰীৰ ফটো এখন বিজেপি দলৰ দায়িত্বত থকা একাংশ নেতাই বহুল ভাবে প্ৰচাৰ কৰিছে ।  মাটিত বহি ভাত খোৱা এখন ফটোক ভাইৰেল কৰি মুখ্যমন্ত্ৰীক জন দৰদী সজাব বিচৰা এই কাৰ্য্যই আচলতে মুখ্যমন্ত্ৰীৰ  মন্তব্যটোক যেন ন্যসাৎ কৰাৰ চেষ্টা কৰা হ’ল । কংগ্ৰেছৰ গতিতেই যেন তেখেতকো লগ লগাই দিয়া হল । বিধায়ক ,মন্ত্ৰী , দলীয় বিষয়বাব দিয়াতেই মুখ্যমন্ত্ৰীৰ দায়িত্ব শেষ নহয় ।  দায়িত্ব পোৱা সকলৰ কৰ্ম আৰু মুখৰ ভাষাৰ ওপৰত কিছু নজৰ দিব লাগে ।