ৰিয়ান পৰাগৰ ইমান অহংকাৰ কিয়?

626
  • দেবজিত দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ



এই বছৰৰ আই.পি.এল শেষ হ’ল। গুজৰাটৰ বৃহৎ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হোৱা ফাইনেলত গুজৰাটে ৰাজস্থানক পৰাজিত কৰে। গৃহমন্ত্রী অমিত শ্বাহকে ধৰি অনেক গণ্য মান্য ব্যক্তি উপস্থিত থকা খেলখনত ৰাজস্থান কিছু নাৰ্ভ‍াছ হৈছিল। ১৩০ ৰান কৰি জয়ী হোৱাৰ ৰেকৰ্ড খুব কম। সেয়ে প্ৰথম ইনিংচৰ পিছতে ৰাজস্থানৰ পৰাজয় নিশ্চিত আছিল। আইপিএলত যিহেতু ‍অসম নাই সেয়ে আন আন ‍অসমীয়াৰ দৰে আমিও এজন অসমীয়া থকা দল এটাক সমৰ্থন কৰিলো। ৰিয়ান পৰাগৰ ফিল্ডিং দৰ্শনীয়। বেটিংত তেওঁক বিশেষ সুযোগ দিয়া নহ’ল। বহুকেইখন খেলত তেওঁক আনকি অশ্বিনৰো পিছত ৭ নম্বৰত বেটিং কৰিবলৈ দিলে। বেংগালুৰুৰ বিৰুদ্ধে এখন খেলত অৰ্দ্ধশতৰান কৰাৰ লগতে সৰ্বাধিক কেটছ ধৰাৰ( ৱিকেট কিপাৰক বাদ দি) ৰেকৰ্ড গঢ়ি ৰিয়াণে ৩ কৌটিৰ মূল্য দলক ঘুৰাই দিলে। পিছে এটা নতুন বিতৰ্কই ৰিয়ান প্ৰেমী সকলক কিছু চিন্তাত পেলাব। হাৰ্ছিল পেটেলৰ এটা অভাৰত ৰিয়ানে ১৮ ৰাণ কৰিবলৈ সক্ষম হৈছিল। তাৰ পিছত দুয়োজনৰ মাজত কিছু কথাকলৈ কাজিয়া হয়। কাজিয়া কিহকলৈ হৈছিল সেয়া জনা হোৱা নাই যদিও সকলোৱে ভাবি লৈছিল যে ৰিয়ানৰ পৰা ৬, ৪ খাই পেটেলৰ খং উঠিছে। কিন্তু পিছৰ এখন খেলত ৰিয়ানে তৃতীয় আম্পায়াৰক ইতিকিং কৰি টেলিভিছন কেমেৰাৰ সন্মুখত পজ দিলে। ইয়াৰ পিছতে টিভি কমেন্ট্ৰেতাৰ সকল অসমীয়া ক্ৰিকেটাৰ জনৰ ওপৰত খৰ্গহস্ত হৈ পৰে। টুইটাৰত তেওঁক ট্ৰোল কৰা হয়। নিজৰ কাৰ্য্যৰ বাবে ক্ষমা খোজাৰ সলনি ৰিয়ানে টুইটাৰত নিজক justify কৰে। ৰিয়ানৰ বয়স কম। আমি আশা কৰিম ৰিয়ান আৰু বহু আগুৱাই যাওক। প্ৰথম অসমীয়া হিচাপে ভাৰতীয় দলত স্থান পাওক। সফলতা অহাৰ লগে লগে লৰাজন বিনয়ী হওক। আইপিএলত বিৰাট কোহলী, ৰোহিত শৰ্মাৰ দৰে কিংবদন্তি খেলুৱৈয়ে অংশ গ্ৰহণ কৰে। তেওঁলোকৰ ওচৰত গৈ ৰিয়ানে শিকক। এতিয়াই যদি ভাবিছে যে তেওঁ বহু ডাঙৰ খেলুৱৈ হৈ গ’ল তেতিয়া বিপদ তেওঁৰেই।