প্ৰদ্যুত আৰু গৌৰৱৰ বিপদ ঘন্ট‍া

704

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


বিজেপিৰ অগ্ৰাসী ৰাজনীতি, কংগ্ৰেছৰ দুৰ্বল হাই কামাণ্ড আৰু অসমত আপ-তৃণমূলৰ উত্থানে দুজন ব্যক্তিক সকলোতকৈ বেছি দুজন ব্যক্তিক আতংকিত কৰি তোলা উচিত। তেওঁলোক হ’ল কলিয়াবৰ আৰু নগাওঁ লোকসভাৰ সাংসদ ক্ৰমে গৌৰৱ গগৈ আৰু প্ৰদ্যুত বৰদলৈ। ড° হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী হোৱাৰ পিছত বিজেপি আৰু অধিক আগ্ৰাসী হৈ পৰা দেখা গৈছে। বিৰোধী বিধায়কক আমদানি কৰি বিৰোধীক দুৰ্বল কৰাত সফল হৈছে। আনকি বিটিআৰত বৈৰী দল বিপিএফ- ইউপিপিএল দিছপুৰত একলগ হৈছে। শৰ্মা এতিয়া অকল অসমৰে নেতা হৈ থকা নাই। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিজেপিৰ মোদী, শ্বাহ, যোগীৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক স্থান দিয়ে। তেনে এজন জনপ্ৰিয় ব্যক্তিৰ সন্মুখত কংগ্ৰেছে কিমানখিনি যুঁজ দিব পাৰে সেয়া সময়তহে জনা যাব। অসমত আকৌ কংগ্ৰেছক নেতৃত্ব দিছে নিৰ্বাচনত একেৰাহে তিনিবাৰ পৰাজিত হোৱা ভূপেন বৰাই। ভূপেন বৰা আকৌ নিৰ্ভৰশীল আমেঠীৰ পৰা পৰাজিত হোৱা ৰাহুল গান্ধীৰ ওপৰত। বহুতে প্ৰশ্ন কৰে_ যিজন নেতাই নিজৰ সমষ্টি ধৰি ৰাখিব নোৱাৰে তেওঁ দলক কি নেতৃত্ব দিব? হাইকামাণ্ড দুৰ্বল হোৱা বাবে এজন এজনকৈ নেতা হতাশ হৈ দলৰ পৰা ওলাই গৈ আছে। শেহতীয়াকৈ ইয়াত সংযোজন হৈছে হাৰ্দিক পেটেলৰ নাম। অসমতো ৰিপুণ বৰাই কংগ্ৰেছ এৰি মমতাৰ ওপৰত বিশ্বাস ৰাখিছে। আপতো যোগদানৰ ধুম উঠিছে। এটা নিৰ্বাচনী সমীক্ষাত আপ বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ’ব বুলি কোৱা হৈছে যদিও সকলো নিৰ্ভৰ কৰিব প্ৰাৰ্থী তথা সংগঠনৰ ওপৰত। আপ আৰু তৃণমূলে কিছু সমৰ্থন পালেও কংগ্ৰেছে বৰ্তমানলৈ বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী। যোৱা লোকসভা নিৰ্বাচনত প্ৰদ্যুত বৰদলৈ জয়ী হৈছিল ১৭ হাজাৰ ভোটত। আজমলে প্ৰাৰ্থী নিদিয়াৰ ফলত লাহৰীঘাট আৰু জমুনামূখত একচেটিয়া ভোট পাইছিল কংগ্ৰেছে। এইবাৰ আজমলৰ লগতে বৰদলৈৰ কিছু ভোট নিব আপ আৰু তৃণমূলে। ফলত কংগ্ৰেছৰ দ্বাৰা ‍আসনখন ধৰি ৰখা খুব বেছি প্ৰত্যহ্বানমূলক হৈ পৰিব। গৌৰৱ গগৈও মূলতঃ নিৰ্ভৰশীল ধিং, ৰূপহীহাটৰ ভোটৰ ওপৰত। চামগুৰী আৰু বটদ্ৰবাটো বুজন সংখ্যক মুছলমান লোক আছে। ফলত গগৈৰ বিজয়ৰ ব্যৱধান আছিল ২ ল‍াখ ১০ হাজ‍ৰ। ২০১৯ ত অজন্তা নেওগ কংগ্ৰেছৰ লগত ‍আছিল , লগতে আছিল কিছু ‌আহোম ভোটবেংক। আজমল, ‍আপ আৰু তৃণমূলে কংগ্ৰেছৰ ক্ষতি কৰিব যদিও ২ লাখ ভোট কাঢ়ি নিব নোৱাৰে। ইয়াৰ বাবে বিজেপিয়ে ল’ব লাগিব আন কিছু পৰিকল্পনা। মুঠৰ ওপৰত ২০২৪ চনত প্ৰদ্যুত বৰদলৈ আৰু গৌৰৱ গগৈৰ লোকসভা যাত্রা ইমান সহজ নহ’ব।