সাংবাদিক অনিল বৰুৱা

587
  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী


অতি নীৰৱে সংবাদ ক্ষেত্ৰখনত ৬৮ বছৰৰো অধিক কাল সেৱা আগবঢ়াইছিল প্ৰৱীণ সাংবাদিক অনিল বৰুৱাই । ইচলামিক সন্ত্ৰাসবাদ , লাভ জেহাদ আদিৰ বিৰুদ্ধে মৃত্যুৰ আগ মুহূৰ্ত্তলৈ বাতৰি কাকতত নিবন্ধ লিখি যোৱা অনিল বৰুৱাৰ মৃত্যু অসমৰ সংবাদ জগত,অসমৰ সমাজ জীৱন সকলোৰে বাবে অপুৰণীয় ক্ষতি।ক্ষুৰধাৰ সাংবাদিকতাৰ প্ৰবাদ পুৰুষ অনিল বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে ২০২৩ চনৰ ২৮ নৱেম্বৰত। হৃদৰোগত আক্ৰান্ত হৈ ইহ সংসাৰৰ পৰা মেলানি মগা অনিল বৰুৱাৰ জন্ম হৈছিল ১৯৩৯ চনত ।
তেওঁৰ ভাষাৰেই- ” মই সাংবাদিক হ’ব লগা নাছিল। ঘটনাক্ৰমেহে মই সাংবাদিক হ’লো। ত্ৰৈলোক্য নাথ শৰ্মা ছাৰে মোক ধৰি আনি সাংবাদিক কৰিলে। বিশিষ্ট সাংবাদিক গৰাকীয়ে কৈ যোৱা এই কথাই সঁচা। সেই সময়ত যোৰহাটৰ পৰা প্ৰকাশ পাইছিল সাপ্তাহিক জনমভূমি নামৰ কাকতখন। সেই কাকতখনৰ সম্পাদক আছিল ত্ৰৈলোক্য নাথ শৰ্মা। ত্ৰৈলোক্য নাথ শৰ্মাই অনিল বৰুৱাক পঢ়ুৱাইছিল হাইস্কুলত।

১৯৫৫ চনৰ কথা। গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ দুগৰাকী পৰীক্ষাৰ্থীয়ে অসমীয়াত লেটাৰ মাৰ্ক লাভ কৰিছিল। তাৰে এজন আছিল অনিল বৰুৱা আৰু আনজন আছিল ড০ হীৰেন গোঁহাই।

জেবি কলেজত পঢ়াৰ ইচ্ছা আছিল অনিল বৰুৱাৰ। কিন্তু তেওঁৰ ঘৰৰ চোলাধৰা চুবুৰীত আছিল কেইবাজনো কৃষি বিজ্ঞানী। ইয়াৰে এজন হল বদন চন্দ্ৰ বৰঠাকুৰ, যিগৰাকী পৰৱৰ্তী সময়ত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছিল। ইয়াৰোপৰি জ্যোতিষ শৰ্মা, শৈলেন বেজবৰুৱা আদি কৃষি বিজ্ঞানীয়েও অনিল বৰুৱাৰ চুবুৰীয়া আছিল।

সেই সূত্ৰেই তেতিয়াৰ যোৰহাটৰ বৰভেটাত আৰম্ভ হোৱা কৃষি কলেজত অভিভাৱকে নাম লগাই দিছিল অনিল বৰুৱাক। কৃষি বিজ্ঞান পাঠ্যক্ৰমত নামভৰ্তি কৰিলেও তেওঁৰ এই বিষয়টোৰ প্ৰতি আগ্ৰহ নাছিল। সেয়ে তেওঁ নতুনকৈ স্থাপন কৰা কৃষি কলেজখনত পাঠ্যক্ৰমৰ ক্লাছ কৰাৰ সলনি অধিক সময় টেবুল টেনিছ খেলিয়ে কটাইছিল।

এদিন তেওঁ কৃষি কলেজ এৰি গুচি আহিল। তেওঁৰ দদাইদেউত চুৰেন্দ্ৰ নাথ বৰুৱাই মাৰ্ঘেৰিটাত এখন বিদ্যালয় স্থাপন কৰিছিল। বিদ্যালয়খনৰ নাম আছিল মাৰ্ঘেৰিটা পাব্লিক হাইস্কুল। অনিল বৰুৱাই যোগ দিছিল সেই বিদ্যালয়খনত শিক্ষক হিচাপে।

সেই সময়চোৱাতেই এদিন যোৰহাটৰ পথেৰে খোজকাঢ়ি গৈ থাকোতেই লগ পাইছিল শিক্ষাগুৰু ত্ৰৈলোক্য নাথ শৰ্মাক। খা-খবৰ লৈ কি কৰি আছ সুধি ত্ৰৈলোক্য নাথ শৰ্মাই অনিল বৰুৱাক কৈছিল- তই পাৰিলে জনমভূমি অফিচলৈ আহিবিচোন।

পিছদিনা তেওঁ গৈ উপস্থিত হৈছিল জনভূমিৰ কাৰ্যালয়ত। সেই সময়ত সাপ্তাহিক জনমভূমিত আছিল মাত্ৰ ৩ জন কৰ্মচাৰী। ত্ৰৈলোক্য নাথ শৰ্মাই তেওঁক এখন টেবুল-চকী দেখুৱাই দি কাকতখনত কাম কৰিবৰ বাবে অনুৰোধ কৰিছিল। সম্পাদক ত্ৰৈলোক্য নাথ শৰ্মা, উপ-সম্পাদক মহেশ্বৰ চুতীয়া আৰু প্ৰুফ ৰিডাৰ পদত আছিল অনিল বৰুৱা।

একো নজনাকৈয়ে অনিচ্ছাকৃতভাৱে আৰম্ভ হৈছিল এই সংবাদ জগতৰ যাত্ৰা। কাকতখনৰ সকলো কাম তেওঁলোকে তিনিওজনে কৰিব লাগে। গল্প লিখিলে গল্প লিখক, বাতৰিৰ প্ৰয়োজন হ’লে সংবাদ দাতা, প্ৰৱন্ধৰ বাবে প্ৰৱন্ধকাৰ হৈ কাম কৰা বিৰল অভিজ্ঞতাই তেওঁক এই ক্ষেত্ৰখনলৈ উত্তৰণ ঘটালে।

কেইবছৰমান কাম কৰাৰ পাছত এবাৰ তেওঁ কাকতখনৰ পৰা মনোমালিন্য় ঘটাত ওলাই আহিছিল। পৰৱৰ্তী সময়ত তেওঁ দক্ষতাৰ বাবেই পুনৰ উপ-সম্পাদক হিচাপে কাকতখনত যোগদান কৰিছিল। সেই সময়ত যোৰহাটত ৰাজনীতি আৰু সমাজসেৱাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ লৈছিল তেতিয়াৰ যুৱক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয় কৃষ্ণ সন্দিকৈ, আৰু অৱনী ভট্টাচাৰ্যৰ দৰে কিছুলোকে।

তেওঁলোকে মাজে মধ্যে আড্ডাত বহিছিল। তেনে আড্ডাতেই বিজয় কৃষ্ণ সন্দিকৈ খবৰ দিছিল গুৱাহাটী আসাম ট্ৰিবিউন গোষ্ঠীৰ পৰা দৈনিক অসম নামৰ এখন কাকত প্ৰকাশ পাব। লগতে অনিল বৰুৱাক পৰামৰ্শ দিছিল যোৰহাটত সোমাই থকাতকে তেওঁ গৈ সেই দৈনিক কাকতখনত যোগদান কৰাতো ভাল।

তেনেকৈয়ে তেওঁ গুচি আহিছিল গুৱাহাটীলৈ। যোগদান কৰিছিল আসাম ট্ৰিবিউন গোষ্ঠীত। আসা ট্ৰিবিউন গোষ্ঠী তেতিয়া এক উল্লেখ্যযোগ্য কাকত গোষ্ঠী আছিল। বহু বিখ্যাত লোকৰ আড্ডাৰস্থলী আছিল আসাম ট্ৰিবিউন।

কাকতখনৰ সৈতে জড়িত লোকসকলেও বৰ গুণী জ্ঞানী আছিল। নিৰোদ চৌধুৰী, অমূল্য বৰুৱা, দীননাথ শৰ্মা, নৰেশ ৰাজখোৱা, দেৱেন শৰ্মা, বিজয় শংকৰ দাস আদি লোকসকলেও আসাম ট্ৰিবিউনৰ চৌহদত লগ হৈ আড্ডা মাৰিছিল।

প্ৰফুল্ল হাজৰিকা অলিম্পিক খেলিবলৈ যোৱা ভাৰতীয় ফুটবল দলৰ ষ্টেণ্ড বাই গলকিপাৰ আছিল। এই বিখ্যাত খেলুৱৈজনো জড়িত আছিল আসাম ট্ৰিবিউনৰ লগত। আসাম ট্ৰিবিউনৰ সন্মুখতে আছিল অম্বিকা ৰায় চৌধুৰীৰ ঘৰ। তেওঁ প্ৰায় প্ৰতিদিনেই কাকতখনৰ কাৰ্যালয়লৈ আহি বিভিন্ন বিষয়ত আলোচনা কৰিছিল।

যোগেশ দাস, ফনী তালুকদাৰ, কমল গগৈ আদিক সহকৰ্মী হিচাপে পাইছিল অনিল বৰুৱাই। সাংবাদিকতাৰ বৃত্তিৰ সৈতে তেওঁ একাত্ম হৈ পৰিছিল। দৈনিক অসমত কীৰ্তিনাথ হাজৰিকাক সম্পাদক হিচাপে পোৱাতো তেওঁৰ সাংবাদিকতা জীৱনৰ অন্যতম শক্তি আছিল।

সম্পাদক হিচাপে হাজৰিকা আছিল সৎ আৰু আদৰ্শবান। সম্পাদক হৈ থকাৰ সময়ত হাজৰিকাই এখন ৰাজহুৱা সভালৈ যোৱাৰ বাদে আন কোনো ৰাজহুৱা সভালৈ যোৱা নাছিল।

দেশৰ প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী ৰামমোহন লোহিয়া ঢুকাওতেই অজিত শৰ্মা আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই এখন শোক সভা আয়োজন কৰিব বিচাৰিছিল। সেই শোক সভাৰ আয়োজনৰ আহ্বায়ক হিচাপে কীৰ্তিনাথ হাজৰিকাৰ পৰা এটা চহী বিচাৰি গৈছিল। সেই চহী কৰি দি স্বাধীনতা সংগ্ৰামী গৰাকীৰ শোকসভাত অংশ লৈছিল কীৰ্তিনাথ হাজৰিকাই।

সেই কথাবোৰে অনিল বৰুৱাক প্ৰভান্বিত কৰিছিল। দৈনিক অসমত সম্পাদক হিচাপে থকা সময়ত কোনো বঁটা গ্ৰহণ কৰা নাছিল কীৰ্তিনাথ হাজৰিকাই। সম্পাদক হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছতেই ৰাজ্য চৰকাৰে প্ৰদান কৰা শংকৰদেৱ বঁটা গ্ৰহণ কৰিছিল হাজৰিকাই।

এনে আদৰ্শৰে প্ৰেৰিত হৈ অনিল বৰুৱা তেওঁ সাংবাদিকতাৰ জীৱন আগুৱাই নিছিল। প্ৰথমতে তেওঁ দৈনিক অসমৰ দেওবৰীয়া খনৰ দায়িত্ব লৈছিল। সেই সময়তে সম্ভাৱণাময়ী বহু লেখকক ইয়াত লিখিবলৈ উৎসাহিত কৰিছিল।

দৈনিক অসমৰ ডেপুটি ইডিটৰ হিচাপে পদোন্নতি লাভ কৰা অনিল বৰুৱাই শেষত কাকতখনৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ আছিল যুক্তি, সত্য আৰু নিষ্ঠাৰ অনুৰাগী।

কাকতখনত তেওঁ সম্পাদক হৈ থকাৰ সময়ক ৰাশিফল প্ৰকাশ কৰা নাছিল। তেওঁৰ চিন্তাৰ দৌৰ ইমানেই বাস্তৱধৰ্মী আছিল যে কাৰ্টুনৰ কাহুদি বুঢ়া চৰিত্ৰটোত তেওঁ ডেকা ৰূপ দিছিল। যুক্তি আছিল এই বুঢ়া চৰিত্ৰই চুকে কোনে বিচাৰি সকলো খবৰ আনিব নোৱাৰে। পৰৱৰ্তী সময়ত কাকতখনৰ পৰা অৱসৰ লৈ তেওঁ লেখা মেলা কৰিছিল।

তেওঁ লিখাসমূহ বৰ বাস্তৱ আৰু চিন্তামুখী আছিল। কোনো কথা কবলৈ তেওঁ ভয় নকৰিছিল। কিয়নো তেওঁ সাংবাদিক হিচাপে কোনো স্বাৰ্থ নাছিল। পৰৱৰ্তী সময়ত তেওঁ কেইবাটাও জনপ্ৰিয় স্তম্ভ লেখা লিখিছিল। সেইবোৰৰ ভিতৰত চুই যাঁও এক উল্লেখযোগ্য স্তম্ভ লেখা আছিল।