Thursday, May 16, 2024
Home Blog Page 117

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’লৈ ৰাইজৰ ব্যাপক সহাৰি

ৰাষ্ট্ৰহীতৰ মহৎ উদ্দেশ্য আগত ৰাখি জন্ম দিয়া অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ‘ৰাজনীতি অসম’ (www.rajnitiaxom.com)ৰ তৃতীয় খণ্ড প্ৰকাশ পালে । ৰাজনীতি অসমৰ মে আৰু জুন খণ্ডলৈ ৰাইজৰ বিপুল সহাৰি দেখি আমি আপ্লুত হৈছো। ৰাজনীতিৰ লগত জৰিত বিভিন্ন বিষয়ৰ নিৰপেক্ষ বিশ্লেষণ আমি ৰাইজৰ আগত ডাঙি ধৰিবৰ প্ৰয়াস কৰিছিলো। অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, বিপিএফ নেতা প্ৰবীণ বড়োৰ সৈতে হোৱা সাক্ষাৎকাৰ আমাৰ যোৱা দুটা খণ্ডত প্ৰকাশ হৈছে। তাৰোপৰি কনকসেন ডেকা, প্ৰফুল্ল কলিতা, দিগন্ত কুমাৰ ভট্টাচাৰ্য্য আদিকে ধৰি অসমৰ বহুকেইজন বুদ্ধিজীবীৰ লেখনিৰে সম্বৃদ্ধ আছিল ৰাজনীতি অসমৰ প্ৰথম দুটা খণ্ড। ৰাজনীতি অসমৰ জুন খণ্ডই ইতিমধ্যে ৭৫,০০০ তকৈ অধিক ভিউজ লাভ কৰিছে। আমাৰ ফেচবুক পেজত ১০,০০০ তকৈ অধিক লাইক, কমেন্ট আৰু চেয়াৰ পাইছো। আমি সকলোলৈকে আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।

ৰাজনীতি অসমৰ জুলাইৰ খণ্ডত আপোনালোকৰ বাবে আগবঢ়াইছো..

সাক্ষাৎকাৰ:

  • বিশ্বজিৎ দৈমাৰীৰ সৈতে ৰাজনীতি অসমৰ বাৰ্তালাপ

জুন মাহৰ অ’পিনিয়ন প’লৰ ফলাফল:

  • মোডী নে ৰাহুলঃ ৰাইজৰ মতামত – ৰাজনীতি অসমৰ প্ৰতিবেদন
  • তৰুন গগৈ এতিয়াও নম্বৰ ১ – ৰাজনীতি অসমৰ প্ৰতিবেদন

বিশ্লেষণ:

  • গনতন্ত্ৰত জনগণৰ প্ৰতি জনপ্ৰতিনিধিৰ দায়িত্ববোধ – প্ৰফুল্ল কলিতা
  • ৰাজেন গোহাঁই ৫ম বাৰ ? – পাৰ্থ সাৰথি দত্ত
  • আৰ এছ এছ, ভাৰতীয় মুছলমান, কংগ্ৰেছ, হিন্দু  আৰু প্ৰণব মুখাৰ্জী – পাৰ্থ প্ৰতিম লহকৰ
  • কিহৰ পাকচক্ৰত মানুহৰ মানৱিয়তা গুণ লোপ পাইছে ? – সত্যৰঞ্জন বৰা
  • ভাষাপ্ৰেম – ত্ৰিনয়ন বৰা
  • অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষাব্যৱস্থাৰ অধ:পতনৰ ফলতেই প্ৰয়োজন হৈছে ‘ মানুহে মানুহৰ বাবে …..’ সংস্কাৰ কাৰ্য্যসুচীৰ – বুবুল ঠাকুৰীয়া
  • কাৰ্বি আংলঙ আৰু ফাষ্ট ট্ৰেক কোৰ্ট – দেবজিত দত্ত
  • অসহায় কেজৰীৱাল – তাৰক দাস
  • কামৰুলৰ সন্মুখত প্ৰত্যাহ্বান – ৰাজনীতি অসমৰ প্ৰতিবেদন
  • অসমৰ শ্ৰেষ্ঠ সাংসদ কোন? অ’পিনিয়ন প’ল জুলাই ২০১৮

কমেডী:

  • ফুটবল , ফাউল আৰু জন গণ মন …….দিগন্ত কুমাৰ ভট্টাচাৰ্য্য
  • গোসাঁই ঘৰত গেৰুৱা চৰকাৰ – চবিন বসুমতাৰী

English: 

  • Himanta Biswa Sarma as Super CM? – Ritu Kashyap
  • BJP-Talaq-PDP – Viki Mahato

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views

১৪ জনৰ ভিতৰত অসমৰ শ্ৰেষ্ঠ সাংসদ কোন? অ’পিনিয়ন প’ল জুলাই ২০১৮

লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্র ১০ মাহ। আমাক জনাওক বৰ্তমান অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত শ্ৰেষ্ঠ সাংসদ কোন জন?

ৰাজনীতি অসমৰ অ’পিনিয়ন প’লত ভাগ লওক আৰু লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ। অ’পিনিয়ন প’লত ভাগ লবলৈ তলত ক্লিক কৰক।

Click Here

অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২০ জুলাই ২০১৮. ফলাফল প্ৰকাশ পাব ১আগষ্টৰ খণ্ডত।

জুন মাহৰ অ’পিনিয়ন প’লত ভাগ লোৱা সকলৰ মাজৰ পৰা লটাৰী যোগে পুৰষ্কাৰৰ বাবে নিৰ্বাচিত হৈছেঃ

নিৰ্মল দাস আৰু ফৰিদুল ইছলাম, দুয়োকে ৰাজনীতি অসমৰ ফালৰ পৰা অভিনন্দন!!


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views

বিজেপিয়ে ভয় আৰু ভাবুকিৰ ৰাজনীতি কৰে : দেবব্ৰত শইকীয়া

সাক্ষাৎকাৰ  দেবব্ৰত শইকীয়াৰ সৈতে

সাক্ষাৎকাৰ গ্ৰহণ কৰে  পাৰ্থ প্ৰতিম  লহকৰ আৰু সুৰেশ কলিতাই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: বৰ্তমান সময়ত অসমত কংগ্ৰেছ দলৰ স্থিতি কি ?

দেবব্ৰত শইকীয়া: যোৱা তিনিটা টাৰ্মত ১৫ বছৰে কংগ্ৰেছ দলে অসমত চৰকাৰ কৰিছিল । বহু ভাল কাম  কৰিছিল কংগ্ৰেছ চৰকাৰে । ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰায় আশী শতাংশ সম্পুৰ্ণ কৰিব পাৰিছিল আমাৰ চৰকাৰে । কিন্তু শেষৰ কিছুবছৰত বিভিন্ন কাৰণত ৰাইজে বিচৰা ধৰণে কাম হোৱা নাছিল । সেয়ে ৰাইজে কংগ্ৰেছক বিৰোধীৰ আসনত বহুৱালে আৰু ৰাইজৰ নিৰ্দেশ আৰু আশা কৰা মতেই কংগ্ৰেছে গঠনমূলক বিৰোধীৰ দায়িত্ব পালন কৰিলে ।

ৰাজনীতি অসম: বৰ্তমান অসমত কংগ্ৰেছ বহু কেইটা ভাগত বিভক্ত বুলি শুণা যায় । কথাটো কিমানদূৰ সত্য ?

দেবব্ৰত শইকীয়া: কথাটো একেবাৰেই সচাঁ নহয় । কংগ্ৰেছ দলত অতীজৰে পৰা  যিহেতু বহু দক্ষ, গুণী ,জ্ঞনী,  দক্ষ  ব্যক্তি আছে সেয়ে দল আৰু ৰাইজৰ স্বাৰ্থত সকলোৰে নিজা নিজা মত থকাটো অস্বাভাবিক কথা নহয় । দলৰ মজিয়াত  যিকোনো এটা সিদ্ধান্ত লোৱাৰ সময়ত সকলোৰে মতক গুৰুত্ব দিয়া হয় আৰু আলোচনাৰ মাজেৰে সৰ্বসন্মত সিদ্ধান্ত লোৱা হয় । সকলো সিদ্ধান্ত মুকলিকৈ আৰু সম্পুৰ্ণ গণতান্ত্ৰীক প্ৰক্ৰিয়াৰ দ্বাৰা লোৱা হয় । যিহেতু দলীয় নেতা বা কৰ্মীসকলে মুকলিকৈ কথাবিলাক উপস্থাপন কৰে সেয়ে বাতৰি কাকত সমুহে কেতিয়াবা ভূল বাখ্যা কৰা দেখা যায় । কিন্তু সেয়া সম্পুৰ্ণ অসত্য ।

ৰাজনীতি অসম: পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বাবে কংগ্ৰেছ অনেক সময়ত সমালোচিত হৈছে। গান্ধী পৰিয়ালৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতাই আপোনালোকক অপকাৰ কৰিছে নেকি?

দেবব্ৰত শইকীয়া: একেবাৰে মিছা । বুৰঞ্জী চালে আপোনালোকে দেখিবযে মতিলাল নেহেৰু , জৱাহৰলাল নেহেৰু , ইন্দিৰা প্ৰিয়দৰ্শীনি গান্ধী এইসকল ব্যক্তিৰ ভাৰতৰ স্বাধীনতা আন্দোলনত অৱদান কিমান অপৰিসীম আছিল । স্বইচ্ছাৰে তেওঁলোকে কেতিয়াও দলত পদ লবলৈ অহা নাই । প্ৰতিবাৰেই দলে তেওঁলোকক দায়িত্ব দিছে । কংগ্ৰেছ দলৰ সংবিধানখন সম্পুৰ্ণ গণতান্ত্ৰীক । ইয়াত পৰিয়াল কেন্দ্ৰীক কথা একো নাই । ইন্দিৰা গান্ধী , ৰাজীৱ গান্ধীয়ে দেশৰ স্বাৰ্থত নিজকে বলিদান দিলে । তেওঁলোকৰ কৰ্মৰাজীয়ে অকল কংগ্ৰেছ দলকেই নহয় ভাৰতৰ জনগণক প্ৰেৰণা দিয়ে । কংগ্ৰেছ দলে নেহেৰু পৰিয়ালৰ পৰা প্ৰেৰণা পায় , সহায় সহযোগীতা পায় আৰু বিপদৰ সময়ত মুৰ তুলি থিয়  হৈ থাকিবলৈ শক্তি পায় ।

ৰাজনীতি অসম: নাগৰিকত্ব সংশোধনী বিধায়ক খনৰ ওপৰতে অপোনাৰ দলত বিভাজন স্পষ্ট  হৈছে। এই ক্ষেত্ৰত আপুনি কি কব ?

দেবব্ৰত শইকীয়া: দলৰ মাজত কোনো দ্বিমত নাই । অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মাৰ্চ ভিত্তিবৰ্ষ মতে বিদেশী বহিষ্কাৰ হ’ব   লাগিব । সংখ্যাগৰিষ্ঠ চৰকাৰ এখনে বিভিন্ন সময়ত সংবিধানৰ নিয়ম অনুসৰী সংশোধনী প্ৰক্ৰিয়া আনে । কিন্তু আমাৰ কথা হ’ল অসমৰ অসমীয়া সমাজখন ধৰ্মৰ নামত অাধাৰিত নহয় । অসমীয়া সমাজখন ভাষা আৰু সংস্কৃতিৰ ওপৰত আধাৰিত । এই বিধেয়কখন অসাংবিধানিক বুলি ক’ব খোজা নাই , কিন্তু ই অসমীয়া জাতিৰ পৰিপন্থী । বৰাক বা অসমৰ বিভিন্ন অঞ্চলত ১৯৭‍১ ৰ ভিত্তি বৰ্ষৰ আগতেই অহা বহু মানুহেই নাগৰিকত্ব পোৱা নাই । বহু স্বাধীনতা সংগ্ৰামীৰ নামো ডিভোটাৰ হিচাপে আছে । পুৰণিখিনিৰ সমস্যা সমাধান নোহোৱাকে আকৌ নতুন আনিব বিচৰাটো যুক্তি সংগত নহয় । নৰেন্দ্ৰ মোদী ডাঙৰীয়াই   নিৰ্বাচনী ভাষনত বাংলাদেশীক খেদি পঠোৱাৰ কথা উল্লেখ কৰিছিল । কিন্তু আজি আমি তাৰ এখন ওলোটা ছবিহে দেখিবলৈ পাইছো ।

ৰাজনীতি অসম: সুস্মিতা দেৱৰ স্থিতি কি ?

দেবব্ৰত শইকীয়া: তেওঁ নিজৰ মতামত দিয়া নাই । জেপিচি ৰ সদস্য হিচাপে তেওঁ সাক্ষ্য গ্ৰহণত জেপিচিক সংগ দিছে ।

ৰাজনীতি অসম: সংবিধানৰ নিয়মত নাগৰিকত্ব বিষয়টো কেন্দ্ৰৰ ওপৰত ন্যস্ত থাকে । তেনেস্থলত অসম আৰু মেঘালয়  ৰাজ্য দুখনলৈ জেপিচি অহাটো অলপ আশ্বৰ্য্যকৰ অনুভৱ হয় । জেপিছি আহিল আৰু জেপিছি গ’ল , হয়তো পিছতো একো সিদ্ধান্ত   নল’বও পাৰে । কিন্তু  জেপিছিৰ আগমন আৰু পিছৰ ঘটনাৰাজীয়ে বৰাক উপত্যকাত আপোনালোকৰ কংগ্ৰেছ দলক শলঠেকত পেলাব নেকি ? 

দেবব্ৰত শইকীয়া: বিজেপি দল ভাৰতবৰ্ষই  স্বাধীনতা পোৱাৰ  বহু পিছত গঠন হৈছে । স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ কোনো অৱদান নাই । বিজেপিয়ে ভয় আৰু ভাবুকিৰ ৰাজনীতি কৰে । উন্নয়নত বিফল হোৱা বাবে ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰে । যিহেতু যোৱা নিৰ্বাচনত অসমীয়া মানুহৰ সমৰ্থনত তেওঁলোকে চৰকাৰ কৰিলে সেয়ে অসমীয়াক ক্ষতি কৰিব লগিয়া কাম তেওঁলোকে হাতত লব নালাগিছিল । সেয়ে এই বিধেয়ক খনে বিজপি দলকহে শলঠেকত পেলাব বা শলঠেকত পৰা উচিত । আচলতে বিজেপিৰ পুৰ্বসুৰীসকলে স্বাধীনতা সংগ্ৰামত বৃটিছক সমৰ্থন কৰিছিল । তেওঁলোকে ভাৰতক এখন হিন্দু ৰাষ্ট্ৰ বনোৱাৰ পোষকতা কৰিছিল । বৰ্তমান সময়ত মই ভাবো ৰাইজে  বিজেপিৰ হিন্দুত্ববাদক সমৰ্থন নিদিয়ে আৰু প্ৰকত ইচ্ছু যেনে মুল্যবৃদ্ধি , নিবনুৱা সমস্যা আদিক প্ৰাধান্য দিব । এতিয়াও বিভিন্ন মহলত চৰ্চা হোৱা দেখা যায় যে বৰ্তমানৰ ইৰাণ , আফগানিস্থান আদি দেশ পুৰ্বৰ ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত আছিল । আজিৰ সময়ত সেইবিলাক কথা বিচাৰ কৰি থকা উচিত  নহয় ।  আধুনিক যুগত ইংৰাজৰ পৰা ভাৰত স্বাধীন হোৱাৰ পিছত যিখন ভাৰত আমি পাইছো সেইখনৰ ভাৰতৰ ইচ্ছুবিলাতহে আমি গুৰুত্ব দিয়া উচিত ।

ৰাজনীতি অসম: আপুনি কোৱাৰ দৰে বিজেপিৰ হিন্দুত্ব বাদে অসমৰ ৰাজনীতিত কিবা প্ৰভাব পেলাব নেকি ?

দেবব্ৰত শইকীয়া: একো প্ৰভাব পেলাব নোৱাৰে । কাৰণ অসমৰ হিন্দু মানুহ আৰু ভাৰত অন্য ৰাজ্যৰ হিন্দু মানুহৰ মাজত পাৰ্থক্য আছে । কাৰণ অসমীয়া সমাজত শংকৰদেৱৰ প্ৰভাব সুস্পষ্ট ।  অসমীয়া জাতিয়ে শংকৰদেৱৰ আদৰ্শক বিশ্বাস কৰে ।

ৰাজনীতি অসম: ২০১৯ত অসমৰ পৰা কেইখন আসন পাব?

দেবব্ৰত শইকীয়া: এইবাৰ অসমত লোকসভা নিৰ্বাচনত বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰে । বিধেয়ক খনকলৈ ৰাইজ অসন্তুষ্ট । অসমৰ সকলো জনগণ একগোট হ’লে কংগ্ৰেছে ভাল ফল দেখুৱাব । আসনৰ কথা এতিয়াই কোৱা উচিত নহ’ব । কিন্ত যোৱাবাৰতকৈ বহুত ভাল প্ৰদৰ্শন কৰিব ।

ৰাজনীতি অসম: সৰ্বানন্দ সোনোৱাল চৰকাৰখনে দুবছৰ সম্পূৰ্ণ কৰিলে।এই দুবছৰত চৰকাৰখন কিমান সফল হোৱা বুলি ভাবে?

দেবব্ৰত শইকীয়া: কেন্দ্ৰই হওঁক বা ৰাজ্য চৰকাৰখনেই হওঁক জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি বিলাক পালন কৰাত চৰকাৰ ব্যৰ্থ হৈছে । দুৰ্ণীতি প্ৰতি শুণ্য সহনশীল কথাষাৰ মিছা প্ৰমাণিত হৈছে । যোৱা কিছুদিন আগত হৈ যোৱা পঞ্চায়তৰ পৰীক্ষাত সকলো স্পষ্টহৈ গ’ল ।

ৰাজনীতি অসম: মোডিক প্ৰতিহত কৰিবলৈ সকলো বিৰোধী দল একলগ হৈছে  । অসমত অবিজেপি মিত্ৰজোঁট কিমান সম্ভৱ ?

দেবব্ৰত শইকীয়া: কংগ্ৰেছ দলে ভাৰতৰ বিভিন্ন ৰাজ্যত বাওঁপন্থীৰ লগত মিত্ৰজোঁটত আছে । অসমটো অসম্ভৱ নহয় । সকলো ধৰ্মনিৰপেক্ষ দলক লগত লৈ কংগ্ৰেছ আগবাঢ়ি যাবলৈ প্ৰস্তুত ।

ৰাজনীতি অসম: আগতে যেতিয়া গোৱা , মনিপুৰত বিজেপিয়ে সংখ্যাগৰিষ্ঠ দল নোহোৱাকৈ চৰকাৰ গঠন কৰিছিল তেতিয়া তাক কংগ্ৰেছ দলে গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি মন্তব্য দিছিল । কিন্তু কৰ্ণাটকত কংগ্ৰেছে জেদি(এছ) ৰ লগত মিত্ৰতা কৰি চৰকাৰ কৰিলে । বিজেপিয়ে নিজৰ আসনৰ সংখ্যা ৪০ ৰ পৰা ১০৪ লৈ বৃদ্ধি  কৰিবলৈ সমৰ্থ হৈছে । কি পাৰ্থক্য থাকিল আপোনাৰ দলৰ আৰু বিজেপিৰ ?

দেবব্ৰত শইকীয়া: কংগ্ৰেছে কৰ্ণাটকত বিজেপিৰ তুলনাত কম আসন পাইছে  , সেয়া সত্য । কিন্তু ভোটৰ চেয়াৰ বিজেপিতকৈ কংগ্ৰেছৰ বেছি । ইয়াৰ অৰ্থ এইযে কংগ্ৰেছক বেছি মানুহে সমৰ্থন কৰিছে । পাৰ্থক্য এইখিনি ।

ৰাজনীতি অসম: ১৯৮৫ ত অসমত কংগ্ৰেছৰ নিৰ্বাচিত চৰকাৰ এখনে পদত্যগ কৰিছিল আপোনালোকৰ দলৰ হাইকামান্দৰ নিৰ্দেশমৰ্মে । যাতে নতুনকৈ নিৰ্বাচন হয় । কিন্তু এতিয়া কৰ্নাটকত আপোনালকে চৰকাৰ গঠন কৰা প্ৰক্ৰিয়া সম্পুৰ্ণ কৰিলে । সম্পুৰ্ণ  ওলোটা দুটা ঘটনা ?  এনেকুৱা ৰাজনৈতিক খেলে ভৱিষ্যত সময়ত আপোনালোকক ক্ষতি কৰিব নেকি ?

দেবব্ৰত শইকীয়া: অমিল একো নাই । সকলোবিলাক ৰাইজে বিচৰা ধৰণে হৈছে । ১৯৮৫ ত অসম চুক্তি সাক্ষৰকাৰী সকলে বিচাৰিছিল নতুনকৈ নিৰ্বাচন পাতিব লাগে আৰু ৰাইজেও চুক্তি সাক্ষৰকাৰী নেতৃত্বক সমৰ্থন দিছিল । সেয়ে তেতিয়াৰ মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকিয়া দেৱে পদত্যগ কৰিছিল । কৰ্ণাটকতো একেই কথা । জনতাই বিজেপিক সংখ্যাগৰিষ্ঠতা দিয়া নাই । দিছে কংগ্ৰেছ আৰু জেদি (এছ) ক সন্মিলিত ভাবে । সেয়ে চৰকাৰ বনোৱাটো সম্পুৰ্ণ গণতান্ত্ৰীক ।

ৰাজনীতি অসম: মুখ্যমন্ত্রী হোৱাৰ হেপাহ আছেনে ?

দেবব্ৰত শইকীয়া: কংগ্ৰেছ দল ৰজনীকান্ত বা কমল হাচানৰ দল নহয় । কংগ্ৰেছত নেতৃত্ব দিব পৰা ব্যক্তি বহুত থাকে । দলে কোনো এখন প্ৰদেশৰ নিৰ্বাচনত অৱতীৰ্ণ হয় দলৰ সভাপতিৰ নেতৃত্বত । মই কংগ্ৰেছৰ  বিধায়নী দলৰহে নেতা । কংগ্ৰেছৰ বিধায়ক সকলে মোক নিৰ্বাচন কৰিছে । কিন্তু মুখ্যমন্ত্ৰীত্বৰ কথাটো সুকীয়া । দলৰ হাইকামাণ্ড আছে , দলৰ বিধায়কৰ মতামতৰ কথা আছে । এই সকলোবিলাক বিচাৰ কৰিহে মুখ্যমন্ত্ৰীজনৰ সিদ্ধান্ত লোৱা হয় । মই এজন দলৰ কৰ্মী ।দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব নিষ্ঠাৰে পালন কৰাটোহে প্ৰথম কৰ্তব্য ।

ৰাজনীতি অসম:  বাতৰি কাকতত প্ৰকাশ পোৱা মতে কংগ্ৰেছ দল অৰ্থনৈতিক ভাবে বহু দুৰ্বল হৈছে। আপোনালোকে কেনেকৈ বিজেপিৰ লগত প্ৰচাৰৰ ক্ষেত্রত ফেৰ মাৰিব পাৰিব?

দেবব্ৰত শইকীয়া: পইচাই যদি নিৰ্বাচনৰ জয় পৰাজয় নিৰ্ভৰ কৰে তেন্তে টাটা, বিৰলা, আম্বানী,  আদানি ধনবান লোকসকলে প্ৰধানমন্ত্ৰী নহলেওঁ মুখ্যমন্ত্ৰী হ’ব পাৰিলেহেতঁন । নিৰ্বাচনৰ জয় পৰাজয় নিৰ্ভৰ কৰে দলৰ নীতি – আদৰ্শ , তৃণমুল কৰ্মীৰ সহযোগীতা , নেতা আৰু ৰাইজৰ মাজত যোগাযোগ আদি বহু কাৰণত ।

ৰাজনীতি অসম: আপোনাৰ প্ৰতিদন্দী কোন সৰ্বানন্দ সোনোৱালনে হিমন্ত বিশ্ব শৰ্মা ?

দেবব্ৰত শইকীয়া: মোৰ ব্যক্তিগত প্ৰতিদ্বন্দ্বী কোনো নহয় । কাৰণ তেওঁলোকৰ প্ৰত্যেকজনেই দলৰহৈ নিজৰ নিজৰ দলৰ দায়িত্ব পালন কৰি আছে । ৰাজনীতিত প্ৰতিদ্বন্দ্বী ব্যক্তি নহয় ,প্ৰতিদ্বন্দ্বী হয়  নীতি ।

ৰাজনীতি অসম: মেট্ৰীকৰ ফলাফল চালে চকুত পৰিব যে চৰকাৰী বিদ্যালয়ৰ পৰা স্থান পোৱা পৰীক্ষাৰ্থী মাত্ৰ ৪- ৫ জন । সৰহ সংখ্যকে ব্যক্তিগত মাধ্যমৰ ইংৰাজী বিদ্যালয়ৰ পৰা স্থান পাইছে । দিনক দিনে চৰকাৰী স্কুল বন্ধহৈ গৈ আছে । ফেল কৰা পৰীক্ষাৰ্থীৰ সংখ্যা চৰকাৰী স্কুলত বহুত । এইয়া অকল এই বছৰটোতে নহয় । যোৱা কিছুবছৰৰ পৰা এনেকুৱা ফলাফল প্ৰায় ধাৰাবাহিক । কি প্ৰক্ৰিয়াৰ দ্বাৰা চৰকাৰী স্কুলৰ সুদিন ঘুৰি আহিব বুলি আপুনি ভাবে ?

দেবব্ৰত শইকীয়া: মই দেখিছো একেবাৰে ভিতৰৰ গাওঁত বাস কৰা সাধাৰণ মানুহ এজনেও নিজৰ ল’ৰা ছোৱালীক চৰকাৰী স্কুলত পঢ়াবলৈ টান পায় বা নপঢ়ায় । কিন্তু কিছুবছৰৰ পৰা চৰকাৰী স্কুলৰ আন্ত:গাঠনিৰ বহুখিনি পৰিৱৰ্তন হৈছে । কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে আগৰ শিক্ষামন্ত্ৰীক শিক্ষা বিভাগৰ পৰা আতঁৰাব নেলাগিছিল  । কিন্তু ডাঙৰ কথাটো এইযে যদি চৰকাৰী চাকৰী কৰা প্ৰতিজন মানুহৰ পৰা আৰম্ভ কৰি বিষয়া, মন্ত্ৰী- বিধায়কলৈ সকলোৱে নিজৰ ল’ৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়োৱাটো বাঞ্চনীয় হোৱাকৈ এখন আইন যদি প্ৰস্তুত কৰা হয় তেন্তে চৰকাৰী স্কুলৰ মাণদণ্ড অতি উন্নত হৈ যাব । মই এই বিষয়টো  গুৰুত্ব সহকাৰে চাম  ।

ৰাজনীতি অসম: ২০১৬ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ কাৰণ কি বুলি ভাবে ?

দেবব্ৰত শইকীয়া: ১৫ বছৰ কংগ্ৰেছ শাসনত আছিল । প্ৰতিখন চৰকাৰে ৰাইজৰ আশা , ৰাজ্যৰ উন্নয়নত গুৰুত্ব দিছিল । কিন্তু শেষৰ কেইবছৰ মানত  বিভিন্ন কাৰণত কংগ্ৰেছ চৰকাৰখনে ৰাইজৰ আশা পুৰণত ব্যৰ্থ হয় । সেইসময়ত বিজেপি দলে নিৰ্বাচনী প্ৰচাৰত বিভিন্ন প্ৰতিশ্ৰুতি দিছিল । সেয়ে অসমৰ জনতাই আমাক বিৰোধীৰ ভুমিকা ল’বলৈ মত  দিয়ে  ।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


 

বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো

সাক্ষাৎকাৰ  প্ৰবীণ বড়োৰ সৈতে

সাক্ষাৎকাৰ গ্ৰহণ কৰে পাৰ্থ প্ৰতিম লহকৰ ,নুপুৰ দত্ত আৰু হেমন্ত ডেকাই

‘ৰাজনীতি অসম’ ই-আলোচনী খনৰ ওৱেবচাইট আই.ডি:  www.rajnitiaxom.com


ৰাজনীতি অসম: লোকসভা নিৰ্বাচন সমাগত । কোকৰাঝাৰ সমষ্টিকলৈ আপোনালোকৰ পৰিকল্পনা কি?

প্ৰবীণ বড়ো:কোকৰাঝাৰ লোকসভাৰ অন্তৰ্গত গোটেই কেইটা বিধান সভা সমষ্টিটে আমাৰ সাংগঠনিক কাম কাজ সুচাৰু ৰূপে চলি আছে । বিটিচি প্ৰশাসনৰ কাম কাজকলৈ ৰাইজ সন্তুষ্ট ।  আজি বিটিচি প্ৰশাসনৰ উন্নয়নমুলক কৰ্মৰাজী , সামাজিক দায়বদ্ধতা , বিটিচি অঞ্চলত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰ সহযোগিতাই সমগ্ৰ অসমবাসীকে গৌৰবান্বিত কৰিছে । যোৱাবাৰ লোকসভা নিৰ্বাচনৰ সময়ত গোষ্ঠীগত মেৰুকৰণৰ ৰাজনীতিৰ ফলত বিপিএফৰ প্ৰাৰ্থীৰ পৰাজয় হৈছিল । কিন্তু ২০১৬ বিধান সভা নিৰ্বাচনে প্ৰমান কৰিলে যে সেই মেৰুকৰণ স্থায়ী নহয় । কাৰণ ২০‍১৬ চনত  কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টিবোৰৰ ভোটৰ বিন্যাস চালে দেখা পাবযে  বিপিএফ প্ৰায় ১১৮০০০ ভোটত আগবাঢ়ি আছে ।  মুল কথা হ’ল শান্তি ,সম্প্ৰতি, উন্নতি । এই তিনিওটা কথাত বিটিচি প্ৰশাসনৰ কোনো খুট নাই । কোকৰাঝাৰৰ বিভিন্ন কলেজবোৰত  আমাৰ অসমৰ উজনি,  নামনি , কাছাৰ , কাৰ্বিআংলং   আদি সকলো ঠাইৰ পৰা অহা ল’ৰা ছোৱালীবিলাকে আনন্দমনে পঢ়ি আছে । কিমানে স্কুল, কলেজত পাঠদান কৰি আছে অতি নিষ্ঠা সহকাৰে । এইসকলো বিলাকে আগন্তুক সময়বোৰত মেৰু কৰণৰ ৰাজনীতি সমাপ্ত কৰিব ।

ৰাজনীতি অসম: যোৱাবাৰ ৰেকৰ্ড মাৰ্জিন ভোটত বি পি এফ পৰাস্ত হ’ল । কিন্তু লক্ষ্য কৰিলে দেখা যায় যে ২০১৬ বা ২০১১ চনৰ বিধান সভা সভা নিৰ্বাচনত বিটিচিৰ বাহিৰতো বহু কেইটা সমষ্টিত বিপিএফে নিৰ্ণায়ক ভুমিকা লয় । তেনে স্থলত কোকৰাঝাৰ লোকসভা সমষ্টিত আপোনালোক পৰাস্ত হৈছিল ? ইয়াৰ কাৰণ কি ?

প্ৰবীণ বড়ো:যোৱাবাৰ লোকসভা নিৰ্বাচনত গোষ্ঠীগত মেৰুকৰণ হ’ব বুলি কোনেও ভবা নাছিল । কিন্তু ৰাজনৈতিক স্বাৰ্থত  অনাবড়ো সাধাৰণ মানুহখিনিক আবেগিক ভাবে ব্লেকমেইল কৰা হ’ল । অপ্ৰচাৰে চলোৱা হ’ল যে বিটিএডিত বড়োক বাদ দি আন জনগোষ্ঠীৰ মানুহবিলাক অসুৰক্ষিত । নব শৰণীয়াৰ অপ প্ৰচাৰ , আবেগিক ব্লেকমেইল আৰু মিথ্যাচাৰৰ ৰাজনীতিয়ে ঢৌ এটাৰ সৃষ্টি কৰিছিল আৰু সেই ঢৌৱে আছিল  বিপিএফৰ পৰাজয়ৰ কাৰণ । কিন্তু এতিয়া সেই ঢৌটো বাদেই তেনেকুৱা ধাৰণাও নাই ৰাইজৰ মাজত । বিটিচিৰ উন্নতি হ’ব লাগিলে ইয়াত বাস কৰা প্ৰতিজন মানুহৰে বিকাশ হ’ব লাগিব । বিপিএফ দলে হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিশ্বাস কৰেযে মানুহ এজন সুষ্ঠহৈ থাকিবলৈ যিদৰে প্ৰতিটো অংগ সুস্থ সৱল হ’ব লাগে তেনেদৰে বিটিএডিৰ উন্নয়ন হ’বলৈ হ’লে প্ৰতিটো গোষ্ঠীৰে উন্নতি আৰু বিকাশ হ’ব লাগিব ।

ৰাজনীতি অসম: ২০‍১৬ বিধান সভা নিৰ্বাচনৰ ফলাফল লক্ষ্য কৰিছো । কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টিৰ ভোট বিন্যাসত বিপিএফ মিত্ৰজোঁট প্ৰায় ১১৮০০০ ভোটত আগবাঢ়ি আছে । তেনেস্থলত কিছুদিন আগত হৈ যোৱা ভুমি অধিকাৰ বিতৰ্কই  প্ৰভাব পেলাব বুলি আপুনি ভাবে নেকি ?

প্ৰবীণ বড়ো:এই ভুমি নীতিৰ কথাটো একেবাৰেই অৰ্থহীন কথা । কাৰণ বিটিচি চুক্তি মৰ্মে বিটিচি প্ৰশাসনৰ ভুমি নীতি বনোৱা অধিকাৰেই নাই । বৃটিছে বনোৱা ভুমি নীতি  মতেই সকলো কামকাজ চলি আছে । মাজে মাজে সংশোধন হৈছে । কিন্তু মুল কথাটো হ’ল ভুমি নীতি সংশোধনৰ অধিকাৰ একমাত্ৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওপৰতহে ন্যষ্ট থাকে । বিটিচি প্ৰশাসনে নতুন ভুমি নীতি বনাব এই কথাবিলাক সম্পুৰ্ণ মিছা আৰু কাল্পনিক । এইটো প্ৰচাৰ কৰা হৈছে একমাত্ৰ ৰাজনৈতিক মুনাফা লভাৰ  কাৰণে । কিন্তু এইবাৰ আমি এই নেতিবাচক ৰাজনীতিক সকলো জাতি জনগোষ্ঠীক লগত লৈ প্ৰতিহত কৰিব পাৰিম । বিটিচি প্ৰশাসনে এচডিচি অফিচবিলাকত নাগৰিক সভা পাতিছে আৰু আনি বিপিএফ দল হিচাপেও সকলো অঞ্চলতে সকলো শ্ৰেণীৰ নাগৰিকক লগতলৈ সজাগতা সভা পাতিছে ।সেয়ে  ৰাইজ এনেকুৱা অপ প্ৰচাৰৰ  প্ৰভাবৰ পৰা মুক্ত ।

ৰাজনীতি অসম: বৰ্তমানৰ বিজেপি মিত্ৰজোঁত চৰকাৰ আৰু আগৰ কংগ্ৰেছ  নেতৃত্বৰ চৰকাৰ দুইখনতেই বিপিএফ আছিল । দুয়োখন চৰকাৰৰ মাজত পাৰ্থক্য কি ?

প্ৰবীণ বড়ো: কংগ্ৰেছৰ দিনত প্ৰথম পৰ্যাযত বিপিএফৰ কথা বিলাকক গুৰুত্ব  দিছিল । কিন্তু পিছৰ পৰ্যায়ত  তেওঁলোকে ভাবিলে যে বিপিএফ নহ’লেও চৰকাৰ চলাব পাৰিব সেয়ে আমাক গুৰুত্ব কমকৈ দিয়া হ’ল । আৰু পিছৰ সময়ত ফল বিলাক ৰাইজে দেখিছে ।

কিন্তু বৰ্তমান বিজেপি  দলে নিৰ্বাচনৰ সময়ত দিয়া কথাবিলাক লৰচৰ কৰা নাই । তেওঁলোকে যি কমিটমেন্ট দিছিল সেয়া ৰাখি আছে । বিপিএফ নথকাকৈও অগপৰ লগত চৰকাৰ কৰিব পাৰে । কিন্তু বিপিএফ তেওঁলোকে মৰ্যদা দিছে আৰু বিপিএফৰ কথা ৰাখি আছে ।

ৰাজনীতি অসম: নাগৰীকত্ব বিধেয়কখনকলৈ প্ৰতিবাদ হৈ আছে । বিধেয়কখনকলৈ আপোনাৰ মন্তব্য কি ?

প্ৰবীণ বড়ো: বেলেগ এখন ৰাষ্ট্ৰৰ নাগৰিকক ভাৰতত নাগৰিকত্ব দিয়াৰ প্ৰশ্নই আহিব নালাগে  । যদি বাংলাদেশৰ হিন্দু সকলে অসুৰক্ষিত অনুভৱ কৰিছে তেন্তে ভাৰতে কুটনৈতিক প্ৰক্ৰিয়াৰে সমাধান কৰিব পাৰে ।

ৰাজনীতি অসম: আছু পৰা বহু নেতা বিজেপিলৈ গ’ল , আপুনি অগপলৈ গৈছিল । বহু প্ৰাক্তন আছুনেতা বৰ্তমান চৰকাৰৰ মন্ত্ৰী বিধায়ক । আপুনি কিয় অগপ এৰি  বিপিএফত যোগ দিছিল ?

প্ৰবীণ বড়ো:  আছুৰ পৰা গৈ মই অগপত যোগদান কৰিছিলো । কাৰণ আঞ্চলিকতাবাদক মই বিশ্বাস কৰো । কিন্তু অগপত যোগদান কৰি মই দুটা কথাৰ ওপৰত গুৰুত্ব দিছিলো __ এটা হৈছে নতুন প্ৰজন্মৰ মানুহবিলাকক অগ্ৰাধিকাৰ দি দল আগুৱাই যোৱা আৰু দ্বিতীয়টো আছিল অসমৰ সকলো ভুমি পুত্ৰ জনগোষ্ঠী সমুহক বিশ্বাসত লৈ উন্নয়নৰ বাট ৰচনা কৰা । কিন্তু তেতিয়া নতুন মানুহ , আছুৰ পৰা আহিছোহে মাত্ৰ বুলি অগপৰ বহু নেতাই গুৰুত্ব নিদিলে । কিন্তু এতিয়া সেই নেতা বিলাকেই অগপ এৰি বিজেপি ,কংগ্ৰেছ কৰি আছে । তেতিয়া মই আছুত আছো । সমুজ্বল ভট্টাচাৰ্য্য , সৰ্বানন্দ সোনোৱাল , অমিয় ভুঞা আৰু মই দিল্লীত আছু আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত চলি থকা  বৈঠকত উপস্থিত আছিলো । তেতিয়া মই সভাপতি আৰু অমিয় ভুঞা সম্পাদক । আমাৰ সন্মুখত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটলবিহাৰী বাজপায়ী দেৱে কৈছিল সৰ্বানন্দ সনোৱাল আৰু সমুজ্বল ভট্টাচাৰ্য্যক বিজেপিক দিয়া আৰু মোক কৈছিল যেতিয়া আছু এৰিবা তেতিয়া বিজেপিত যোগ দিবা । কিন্তু মই যিহেতু বিশ্বাস কৰো যে আঞ্চলিকতাবাদে অঞ্চল এটাৰ সমস্যা সমাধান কৰিব পাৰিব সেয়ে মই বিপিএফত যোগদান কৰিছিলো ।

ৰাজনীতি অসম: কি কাৰণত বিদেশী বহিষ্কাৰ  শ্লোগান ১৯৭৯ ৰ পৰা আজিলৈকে  দি থাকিব লগা হৈছে । কিয় সফল হোৱা নাই দাবী পুৰণত ?

প্ৰবীণ বড়ো:  ছাত্ৰ সংগঠনত থকা নেতাসকলে বহু সময়ত ছাত্ৰ সন্থা বাদ দি যেতিয়া ৰাজনৈতিক দলত যোগদান কৰে তেতিয়া আগৰ শ্লোগান বিলাক পাহৰি যায় । অসমীয়া মানুহে আবেগিক হৈ ভাবে যে ছাত্ৰ সন্থাত থকা সময়ছোৱাত নেতাজনে জাতিৰ স্বাৰ্থত যি ভুমিকা লৈছিল সেই একেই ভুমিকা তেওঁ বিধান সভাটো ল’ব । কিন্তু সমস্যাটো তাতেই হৈ যায় । ৰাজনৈতিক দলৰ নেতাহৈ সলনি হৈ যায় আৰু ৰাইজৰো পৰিবৰ্তন চকুত পৰোতে বহু পলম হৈ যায় । সেই কাৰণে সমস্যা সমস্যা হৈয়ে থাকে । আজি এন আৰ চিৰ কাম সৰ্বানন্দ সোনোৱালৰ দিনত আগবাঢ়ি আছে । এইখিনি কাম প্ৰফুল্ল কুমাৰ মহন্তই দুৱাৰ মুখ্যমন্ত্ৰী হৈও কৰিব নোৱাৰিলে । আই এম ডিটি আইন সৰ্বানন্দ সোনোৱালেই লাগি ভাগি বাতিল কৰিলে কোৰ্টত । অসম আন্দোলন কৰি ৰাইজৰ বিশ্বাসভাজন হৈ চৰকাৰ গঠন কৰা নেতাসকলে কিয় IMDT আইনখন বাতিল কৰিব নোৱাৰিলে ? আমাৰ অসমীয়া মানুহখিনি আবেগিক , মানুহক সহজতে বিশ্বাস কৰে । কিন্তু মানুহখিনি প্ৰেকটিকেল হোৱাহে উচিত বুলি মই ভাবো ।

ৰাজনীতি অসম: বিটিএডি গঠন হোৱাৰ  এক দশক পাৰ হ’ল । বিটিএডিকলৈ আপোনাললোকৰ পৰিকল্পনা কি?

প্ৰবীণ বড়ো: বিটিচিক উত্তৰ পুবৰ ভিতৰত এটা অাদৰ্শ অঞ্চল হিচাপে গঢ় দিবলৈ আমি পৰিকল্পনা হাতত লৈছো । প্ৰথম অবস্থাত প্ৰতিটো সমষ্টিতে একোখন আদৰ্শ গাওঁ গঢ় দিব লাগিব ।সৌ সিদিনা ভাৰত চৰকাৰৰ প্ৰাক্তন গৃহ সচিব পিল্লাই ডাঙৰীয়াই নিজেই কৈছে যে উন্নয়নৰ ক্ষেত্ৰত বিটিএডি কৰ্মপদ্ধতি অতি সুন্দৰ ।

এই অঞ্চলটোকলৈ অসমৰ সকলো ৰাইজে গৌৰৱ কৰিব পাৰিব । সেয়া আমাৰ বিশ্বাস । আন্ত: গাঠনিৰ উন্নয়নৰ দিশত হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত  বিটিএডি প্ৰশাসনে ক্ষিপ্ৰতাৰে আগবাঢ়ি গৈ আছে আৰু আগন্তুক দিনত বিটিএডিৰ প্ৰশাসনে এই অঞ্চলটোৰ প্ৰতিজন ব্যক্তিৰ সহায় সহযোগিতাত এখন সমৃদ্ধিশালী , শান্তি ,সম্প্ৰীতি আৰু বিকশিত বিটিএডি গঢ়িব পাৰিম ।

ৰাজনীতি অসম: চৰকাৰ এখন গঠন হয় ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা ।  সাধাৰণ মানুহৰ দুটা মৌলিক প্ৰয়োজন স্বাস্থ্য আৰু শিক্ষা । স্বাধীনতাৰ পিছৰ পৰাই এই দুয়োটাৰ কাৰণে জনতাই ব্যক্তিগত অনুষ্ঠানৰ ওপৰত বেছি নিৰ্ভৰশীল হব লগা হয়। যদি মৌলিক প্ৰয়োজনখিনিয়ে যদি চৰকাৰে দিব নোৱাৰে ৰাইজৰ উপায় কি আৰু  ইয়াৰ সমাধান কি ?

প্ৰবীণ বড়ো:  গোটেই দেশতে যিটো শিক্ষানীতি চলি আছে এই নীতিয়ে শিক্ষাব্যৱস্থাটোক উন্নিত কৰিব পৰা নাই । বৰঞ্চ ৰাজহুৱা খণ্ডৰ শিক্ষাব্যৱস্থাটো নিম্নগামীহে হৈছে । স্কুলৰ ইউনিফৰ্ম ফ্ৰি দিছে , ফিজ মাফ কৰিছে , দুপৰীয়াৰ আহাৰ দিছে ভাল কথা । কিন্তু সকলোকে কিয় দিব লাগে । যিখিনি দুখীয়া তেওঁলোকক দিয়ক । কিন্তু যাৰ সম্বল আছে তেওঁলোকক এইবিলাক নিয়মৰ আওঁতাত অনা কাৰণেই চৰকাৰী স্কুলত ছাত্ৰ -ছাত্ৰীৰ সংখ্যা কমি গৈছে । সকলোৱে মিলি এটা সুস্থ শিক্ষানীতি প্ৰয়োগ কৰিলে বহুখিনি সমস্যা হ্ৰাস হ’ব ।

স্বাস্থ্যখণ্ডটোত বহু নতুন নতুন মেচিন হস্পিতলত স্থাপন কৰা হ’ল । কিন্তু এইবিলাক যন্ত্ৰ চলাবলৈ টেকচিয়ানৰ অভাব । ফলত মেচিনবিলাক ব্যৱহাৰ নহয় । হস্পিতল আছে ডাক্তৰ নাই। সময় লাগিব । নতুন নতুন ডাক্তৰ ওলাব লাগিব । ডাক্তৰ আৰু চিকিৎসাকৰ্মী সকলক পৰ্যাপ্ত সুবিধা দিয়ক । ডাক্তৰ বিলাকটো আমাৰ মেডিকেল কলেজ বিলাকত পঢ়া । তেওঁলোকে বিচৰা ধৰণে  সুবিধা দিয়ক আৰু বাধ্য কৰাওঁক গাওঁত কাম কৰিবলৈ ।

ৰাজনীতি অসম: কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এখন অবিজেপি চৰকাৰৰ কথা উল্লেখ কৰিছে । অগপ ,বিপিএফ, এআইডিফ , কংগ্ৰেছ সন্মিলীত চৰকাৰ । বিপিএফে এই সমীকৰণক গুৰুত্ব দিছে নেকি?

প্ৰবীণ বড়ো: এই সমীকৰণক আমি গুৰত্ব দিয়াৰ প্ৰয়োজন বোধ কৰা নাই । এইবিলাক কথা উন্নয়নৰ স্বাৰ্থত হোৱা নাই । মাত্ৰ ঢৌ সৃষ্টি কৰাৰ প্ৰয়াস অৰু এইবিলাকে পৰিবেশ অশান্তহে কৰিব । আমাৰ কথা বৰ্তমান সোনোৱাল নেতৃত্বাধীন চৰকাৰখনে বিটিএডি প্ৰশাসনক উন্নয়নৰ দিশত সম্পুৰ্ণ সহযোগিতা আগবঢ়াই আছে । এইক্ষেত্ৰত আন দলে কংগ্ৰেছৰ কথাত সমৰ্থন দিয় নিদিয়ে তেওঁলোকৰ নিজা কথা । কিন্তু বৰ্তমান সময়ত বিপিএফ দলে এইবিলাক কথাক গুৰুত্ব নিদিয়ে ।
ৰাজনীতি অসম: আগন্তুক  লোকসভা নিৰ্বাচনত আপুনি কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰতিদন্দিতা কৰা কথা ভাবিছে নেকি ?

প্ৰবীণ বড়ো: ৰাজনীতিলৈ আহিছো যিহেতু লক্ষ্য আছে যে এদিন  ৰাইজৰ প্ৰতিনিধিহৈ জনগণৰ সমস্যাবিলাক দুৰ কৰিম  আৰু সমাজৰ উন্নয়নৰ স্বাৰ্থত নিজক সমৰ্পন কৰিম । যদি দলে বিচাৰে মই যিকোনো দায়িত্ব ল’বলৈ প্ৰস্তুত । মুল কথাটো হ’ল সন্মানীয় হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত বিটিএডিৰ উন্নয়ন ক্ষিপ্ৰ কৰা আৰু বিটিএডিক  ভাৰতৰ ভিতৰত এটা আৰ্হি অঞ্চল হিচাপে প্ৰস্তুত কৰা ।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


এ.পি.এছ.চিত সফল, মূল্যবৃদ্ধি ৰোধত বিফল সৰ্বা চৰকাৰ

দেবজিত দত্ত


‘ৰাজনীতি অসম’ৰ যোৱা খণ্ডত প্ৰকাশ পোৱা অ’পিনিয়ন প’ললৈ ৰাইজে ব্যাপক সহাৰি জনাইছে। ধুবুৰী, বৰপেটা, নলবাৰী, কামৰুপ, লখিমপুৰ, কৰিমগজ্ঞ আদিকে কৰি অসমৰ প্ৰায় প্ৰত্যেকখন জিলাৰ পৰা ৰাইজে আমাৰ অ’পিনিয়ন প’লত ভাগ লৈছে। ১৫ এপ্ৰিলত আৰম্ভ হোৱা অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ দিন আছিল ১৫ মে ২০১৮।

আমি অসমৰ ৰাইজক চাৰিটা প্ৰশ্ন কৰিছিলো।

১) সৰ্বানন্দ সোনোৱাল চৰকাৰখনক আপুনি দহৰ ভিতৰত কিমান নম্বৰ দিব ?
২) যোৱা দুবছৰত এই চৰকাৰখনৰ সকলোতকৈ ডাঙৰ সফলতা কি ?
৩) যোৱা দুবছৰত এই চৰকাৰখনৰ সকলোতকৈ ডাঙৰ বিফলতা কি ?
৪) অহা তিনিবছৰত এই চৰকাৰখনৰ প্ৰাথমিকতা কি হোৱা উচিত ?

অ’পিনিয়ন প’লৰ চাৰিটা প্ৰশ্নৰ বিপৰীতে ৰাইজৰ মতামত আমি তলত বিস্তাৰিত ভাবে প্ৰকাশ কৰিছো।

সৰ্বানন্দ সোনোৱাল চৰকাৰখনক আপুনি দহৰ ভিতৰত কিমান নম্বৰ দিব?

এই প্ৰশ্নটোৰ বিপৰীতে আমি চাৰিটা বিকল্প আগবঢ়াইছিলো।
১) ০-২
২) ৩-৫
৩) ৬-৮
৪) ৯-১০

এই বিষয়ে ৰাইজৰ মতামত তলৰ গ্ৰাফত প্ৰতিফলিত হৈছে।

সৰ্বাধিক ৩৯.৬% ৰাইজে এই চৰকাৰ খনক ৬-৮ নম্বৰ দিছে। ৩২.৭% য়ে চৰকাৰক ৩-৫ নম্বৰ দিছে।১৬.৮% লোকে চৰকাৰখনৰ কাম কাজক লৈ সিমান সন্তুষ্ট নহয় অাৰু ০-২ নম্বৰ দিছে।১০.৯% ৰাইজে চৰকাৰক ৯-১০ নম্বৰ দিছে।

যোৱা দুবছৰত এই চৰকাৰখনৰ সকলোতকৈ ডাঙৰ সফলতা কি?

এই প্ৰশ্নটোৰ বিপৰীতে ৬টা বিকল্প আছিল।

১) এ.পি.এছ.চি দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ।
২) সামগ্ৰিক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ।
৩) ভাল বাজেট উপহাৰ
৪) এদভান্টেজ অসম
৫) অটল অমৃত অভিযান
৬) অন্য

সৰহ সংখ্যক ৰাইজে  এ.পি.এছ.চি ৰ দুৰ্নীতি বিৰুদ্ধে চৰকাৰৰ প্ৰদক্ষেপক প্ৰশংসা কৰিছে। ৪৪.৬% লোক এই ক্ষেত্রত একমত।

চৰকাৰখনৰ বাজেটক ২৬.৭% ৰাইজে ভাল পাইছে আৰু ই ২ নম্বৰ স্হান পাইছে। ৩ নম্বৰ স্হানত আছে চৰকাৰখনৰ সামগ্ৰিক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ। ১৩.৯% ৰাইজে এই বিকল্পটোত মোহৰ লগাইছে। অটল অমৃত অভিযান ৮.৯%, অন্য ৫% আৰু এদভানটেজ অসমে ১%  মানুহৰ সমৰ্থন লাভ কৰিছে।

যোৱা দুবছৰত এই চৰকাৰখনৰ সকলোতকৈ ডাঙৰ বিফলতা কি?

এই প্ৰশ্নটোৰ বিপৰীতে পাচটা বিকল্প আছিল।
১) মূল্যবৃদ্ধি
২) বেয়া ৰাস্তা ঘাট
৩) নিবনুৱা সমস্যা সমাধানত ব্যৰ্থতা
৪) পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল
৫) অন্য

৫১.৫% ৰাইজে মূল্যবৃদ্ধি এই চৰকাৰৰ সকলোতকৈ ডাঙৰ বিফলতা বুলি ভাবে।

২১.৮% ই নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত চৰকাৰক বিফল হোৱা বুলি ভাবে, ৩য় স্হানত আছে বেয়া বাট পথ। ২০.৮% ৰাইজে এই ক্ষেত্রত একমত। পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু অন্য এই দুয়োটাত মাত্র ৩% মানুহে মোহৰ লগাইছে।

৪) অহা তিনিবছৰত এই চৰকাৰখনৰ প্ৰাথমিকতা কি হোৱা উচিত ?

এই প্ৰশ্নটোৰ বিপৰীতে ৬ টা বিকল্প দিয়া হৈছিল

১) NRC কাম শেষ কৰি বাংলাদেশী সমস্যা সমাধান কৰা।
২) উদ্যোগীকৰণ
৩) বিজুলী সমস্যা সমাধান
৪) যোগাযোগ ব্যবস্হাৰ উন্নত কৰা
৫) বাজেটত উল্যেখ কৰা সকলো প্ৰতিশ্ৰুতি পালন কৰা।
৬) অন্য

বাংলাদেশী সমস্যাটোলৈ অসমৰ ৰাইজ আটাইতকৈ বেছি চিন্তিত। ৩৪.৭% ৰাইজে এই ক্ষেত্রত একমত।

বাজেটক লৈ অসমৰ ৰাইজ খুব আশাবাদী। ২৩.৮% ৰাইজে বাজেটৰ প্ৰতিশ্ৰুতি পূৰণ হোৱাটো বিছাৰে। ২০.৮% লোকে যোগাযোগ উন্নত কৰাটো প্ৰথম প্ৰাথমিকতা বুলি ভাবে। উদ্যোগীকৰণে ১৬.৮% মত পাই চতুৰ্থ স্হান পাইছে। বিদ্যুত সমস্যা সমাধান আৰু অন্য দুয়োটাই ২% পাইছে।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


আমাৰ অ’পিনিয়ন প’লত অংশ গ্ৰহণ কৰা সকলো ৰাইজক আমি ধন্যবাদ জনাইছো।

আমাৰ অ’পিনিয়ন প’লত অংশগ্ৰহণ কৰা সকলৰ মাজৰ পৰা লটাৰিৰ যোগেদি আমি ৬ জন লোকক বাচনি কৰিছো। আমি এখেতসকলক অনুৰোধ  কৰিম যাতে আমাক editor@rajnitiaxom.com  ত যোগাযোগ কৰে ১৫ জুন ২০১৮ৰ ভিতৰত ।

বিমান টিকটঃ সংগ্ৰাম দলে, ধেমাজি

গিফ্ট ভাউচাৰ:

কে.চি গগৈ, ডিব্ৰুগড়

মৃত্যুজ্ঞয় শইকীয়া, শোনিতপুৰ

বয়ানুৰ ইছলাম , গোৱালপাৰা

চৈয়দ জেকৰুল চাদ, কামৰুপ মেট্ৰ’

ৰাজ চক্ৰবৰ্তী , কৰিমগজ্ঞ

মই মোডীৰ সভালৈ নেযাওঁ ……

মই এজন মধ্যবিত্ত অসমবাসী । মোৰ নাম …..। নালাগে দিয়ক জানিবলৈ । কাৰণ মানুহে নামত বহুত কিবা কিবি বিচাৰি পায় । মই কাৰো আদৰ্শ নহয় । মই শিক্ষাবিদ বা বুদ্ধিজীবিও নহয় । চিদামবৰমক মই জানো বগা ধুটী পৰিধান কৰা এজন কংগ্ৰেছ দলৰ এজন  নেতা হিচাপে , ৰাহুল গান্ধী মোৰ কাৰণে ইন্দিৰা গান্ধীৰ নাতি আৰু ৰাজীব গান্ধীৰ পুত্ৰ, মোডীক জানো বাজপেয়ী-আদৱানীৰ দলৰ এজন নেতা আৰু তেওঁ দেশৰ প্ৰধানমন্ত্ৰী । থ্ৰিজি ফোৰজি এইবিলাক মোৰ জনাৰ উপায়  নাই আৰু ইচ্ছাও নাই ।  মই এজন সাধাৰণ চাকৰিজীবি । মোৰ বয়স প্ৰায় ৬১ বছৰ । চাৰ্টিফিকেটৰ বয়স মতে চাকৰিকাল আৰু এবছৰ বাকী আছে । মোৰ পৰিয়ালত ৪ জন আমি । ডাঙৰ ল’ৰা জালুকবাৰীৰ পৰা ইঞ্জিনিয়াৰ পাছ কৰি গুৱাহাটীত চাকৰি কৰে । প্ৰাইভেট কোম্পানী এটাত । সৰুটো বি এ পাছ কৰি ৰাতিপুৱা ওলাই যায় আৰু আবেলি আহে , কেতিয়াবা মই শোৱাৰ পিছতো আহে ।  পাৰ্টী কৰে । মাকে ঠিকাদাৰ বুলি কোৱাও শুনো কেতিয়াবা  । অ’ ইহঁতৰ মাক মোটকৈ ৭-৮ বছৰ সৰু হ’ব । বিয়াৰ আগতে পি ইউ পাছ কৰি ভেন্সাৰ এখনত কাম কৰিছিল । বিয়াৰ পিছত বাদ দিলে । কেতিয়াবা কোনোবাই কোৱা শুনো যে স্কুলখন যোৱাবছৰ  চৰকাৰে লৈছে ।

মোৰ ভাই এজন । নুমলিগড়ত থাকে । অইলত কাম কৰে । তাৰেই ছোৱালী বিয়া পাতিছে । এতিয়া সি বাংগালোৰট ফ্লেট এটা কিনিছে । সিহঁতৰো এজনেই সন্তান । ছোৱালীজনী বাংগালোৰত থাকে । যোৱাবছৰ কইনাপক্ষৰ হৈ পুনে গৈছিলো ।   মহাৰাষ্ট্ৰৰ ল’ৰা ।

ঘৰ বুলিবলৈ দেউতাৰ দিনৰে এটা ঘৰ । ৰাস্তাৰ উচ্চতাই মোৰ ঘৰৰ বাৰাণ্ডা পাইছে । যোৱাবছৰৰ আগৰ বছৰ মোৰ ঘৰৰ সন্মুখৰ খালী থকা ঠাইখিনিত নতুন মানুহ এজনে বিল্ডিং এটা আৰম্ভ কৰিছিল । এইখিনি ঠাইত আমাৰ ল’ৰাহতে স্কুলত থাকোতে ক্ৰিকেট খেলিছিল । মোৰ মনত আছে মই চাকৰি পোৱা  প্ৰথম খৱৰটো হৰিকাইক  ইয়াতেই ধান কাটি থাকোতে দিছিলো । কিন্তু যোৱা ৫- ৬ বছৰৰ পৰা ইয়াত খেলা ধুলা নহয়  ।  কাৰণ  আজিৰ ল’ৰা ছোৱালীখিনি আবেলি সময়ত  টিউচনত যায় আৰু বাকীখিনি সময় মোবাইলত বিশ্বৰ খবৰ লয় আৰু শব্দহীন ভিডিঅ’ চায়। ভালেই কাৰণ কাকো অসুবিধা নিদিয়ে । ক্ৰিকেটৰ ব’ল পৰি আইনা ভঙাৰ সমস্যা নাই ।  তেতিয়াৰ পৰাই ঠাইখিনি ওচৰ চুবুৰিয়াই ডাষ্টবিন হিচাপেই ব্যৱহাৰ কৰিছিল । একো অসুবিধাই নাই ডাষ্টবিন গুছি বিল্ডিং হৈছে । মাত্ৰ গেটখন ৰাষ্টাৰ পৰা বহু ওপৰত  হোৱা হেতুকে গাড়ী মটৰ উঠাবৰ বাবে দলং এখন দিছে । দলংখন ৰাষ্টাৰ আধাৰ পৰা আৰম্ভ হয় । অলপ অসুবিধা হৈছে খোজ কঢ়া ৰাইজৰ কিন্তু বাইক কেইখনৰ স্পীডটো কিন্তু অলপ কমিছে । সব থিকেই আছে , একো অসুবিধা নাই ।

যোৱা আহাৰত মোৰ ঘৰৰ কোঠাৰ ভিতৰত কেইবাদিনো  বৰষুনৰ পানী সোমাইছিল । সমুখৰ বাৰাণ্ডাখন অলপ ওখ কৰিলোঁ আৰু ডাঙৰ ল’ৰাই এল আইচি গৃহ ঋণ বিভাগৰ পৰা পোৱা টকা কেইটাৰে চাৰিটা ৰুমৰ ঘৰ এটা আৰম্ভ কৰিলোঁ । শিল, বালি , ইটা, লোহা  সকলো সৰু ল’ৰাৰ চিনাকী দোকানত বন্দবস্ত কৰা হ’ল । মিস্ত্ৰী সিহঁতৰ শ্ৰমিক সংগঠনৰে মানুহ । কাম আৰম্ভ হ’ল ।  প্ৰথম সপ্তাহত পুৰাদমে কাম চলাৰ পিছত মিস্ত্ৰীৰ দেখা দেখি নোহোৱা হ’ল । সৰু ল’ৰাও  পাৰ্টীৰ  বৈঠকত ব্যস্ত ।  আজি চাকৰিৰ পৰা চুটিলৈ মিস্ত্ৰী বিচাৰি গ’লো । মোৰ অফিচৰ লগৰ এজনৰ ঘৰত পকাৰ কাম চলি থকা কথা মই শুনিছিলো । ভবা মতেই কাম । পুৱাই ঘৰ ওলালো । মিস্ত্ৰীৰ চৰ্দাৰক লগ কৰিলোঁ । ধুবুৰিৰ পিনৰ মিস্ত্ৰীবিলাক । মই কথাখিনি কোৱাৰ পিছত  চৰ্দাৰজনে ক’লে __

” চাৰ হৈ যাব আপোনাৰ কাম । কালিৰ পৰাই আমাৰ মানুহে কাম কৰিব । একো টেনসন নাই , পকাৰ কামৰ পৰা আৰম্ভ কৰি কাঁঠ , লাইট , পানী সব আমি কৰি দিম । ”

আজি ৰবিবাৰ । ঘৰতে মিস্ত্ৰীৰ লগত লাগি আছো । পৰিবাৰৰ মোমায়েকৰ বন্ধুৰ ল’ৰাজন আমাৰ ঘৰৰ চোতালত ।

” কি অনন্ত , ভালে আছা ? “

” আছো ভিনদেউ , একৰকম”

” পিছে ইমান পুৱাই আহিলাযে”

” অ’  ভিনদেউ , আপোনাৰ প’লিছিৰ প্ৰিমিয়ামটো দিব লগা হৈছে ।”

“এৰা পাহৰিছিলো ,  ৬৫০০ নাছিল জানো !”

” হয়,  ৬৫০০ য়েই আছিল ।  কিন্তু এইবাৰ জিএছটিৰ কাৰণে অলপ বেছি দিব লাগিব ।”

” কিমান বেছি হ’ব ?”

” ২০০ মান বেছিকে দিয়ক , যদি কমতে হৈ যায় ঘুৰাই দিম আপোনাক আৰু এটা কথা ভিনদেউ আজিকালি মোবাইলত মেছেজ আহে প্ৰিমিয়াম দিয়াৰ লগে লগে ।”

“মেচেজ ! মোৰ দেখোন চিলিণ্ডেৰাৰ মেছেজ দুবাৰমান আহি এতিয়া নহাই হ’ল । ”

পাকঘৰৰ পৰা পৰিবাৰে মাত লগালে __

“ঔৱা আপুনি গ’মেই নাপায় ,  আজিকালি গেছৰ পইছা নুসুমাই । আপুনি চাকৰি কৰে কাৰণে চাবচিডি নেপায় । “

তিনিমাহ গ’ল । ঘৰৰ কাম বাকী আছে বুলি ক’বলৈ গ’লে ৰং আৰু লাইটৰ কামখিনি । ৰং কৰি থকা ল’ৰাকেইজন গোৱালপাৰাৰ পিনৰ । বেচ কামিলা ল’ৰা । অহা দুদিনমান কামত  নাহে বুলি কৈছে । এন আৰ চিত কিবা লেঠা লাগিছে । ৭১,  ৫১  বুজি নেপায় । কিন্তু সিহঁতে কোৱামতে ক্লাচ নাইনত থাকোতে প্ৰথম ভোট দিছিল ।

“খুড়া , অলপ কেৰাচিন দিবচোন ।” ৰং কৰা ল’ৰা এজনে মাত দিলে ।

“হেৰা কেৰাচিনৰ বটলটো ক’ত থৈছা ”

পৰিবাৰে টিভিত চিৰিয়েল চাই আছিল ।

” কেৰাচিন !  দোকানীয়ে দিয়া বন্ধ কৰিছে ।  কেৰাচিন অকল বিপিএলৰ কাৰণেহে । বাথৰুমত ৰামদেবৰ বগা বটল এটা আছে  সেইটোৰে কৰক যি কৰে ।”

প্ৰায় খংতেই ক’লে ।

কেইদিন মান কাম বন্ধ আছে । অলপ জিৰণী পাইছো ।

দিনৰ তেতিয়া ১ বাজি গৈছিল ।

“দেউতা তুমি ক’ত আছা ” ডাঙৰ ল’ৰাই ফোনত ক’লে ।

” অফিচত , কি হ’ল তোৰ মাতটো সৰুকৈ আহিছে যে , কিবা অসুখ নেকি ?”

” দেউতা মোৰ চাকৰি গ’ল ।”

বিনামেঘে বজ্ৰপাত পৰিল । তথাপি নিজকে নিয়ন্ত্ৰণ কৰিলোঁ ।

” গ’ল মানে !”

“দেউতা জিঅ’ “

” জিঅ”  মানে , কালি চোন সৰুৱে মায়েৰাক কিবা এটা জিঅ’ মোবাইল এটা কিনি দিছিলহে মাত্ৰ ” 

সি ক’লে _” হয় এইয়াচেল বন্ধ হৈ গ’ল ।”

“একো চিন্তা নকৰিবি , তই কাইলৈ ঘৰলৈ আহ , সব ঠিক হৈ যাব ”

” দেউতা মই আজিয়েই যাম ট্ৰেইনত । কাইলৈ অসম বন্ধ নাগৰিকত্ব বিধেয়কৰ । বাইকখন ইয়াতেই থৈ যাম, পেট্ৰ’লৰ  দামো   বহুত বাঢ়িছে ।”

অলপ পিছতে মই সৰু ল’ৰাক ফোন কৰিলোঁ ।

” সৰু অহাকালি কিহৰ বন্ধ অ’ ” মই সুধিলো ।

” দেউতা সেই কৃষক পাৰ্টীটোৱে বন্ধ দিছে । কাইলৈ মোডী আহিব , এছিয়াৰ আটাতকৈ দীঘল দলংখন উদ্দোধন কৰিবলৈ ।”

” হয় নেকি ! “

” তুমি ওলাবা । আমাৰ বুথৰ পৰা বাছ এখনো যাব ” সি ক’লে ।

”  নহব দে , কাইলৈ মোৰ অফিচ আছে । মই মোডীৰ সভালৈ নেযাওঁ । “


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


২০১৯ঃ বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা

  • সুৰেশ কলিতা

অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনী ‘ৰাজনীতি অসম’:  www.rajnitiaxom.com


২০১৯ লোকসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপি দলে  প্ৰস্ত্ততি আৰম্ভ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ ২৫ খন আসনৰ ভিতৰত কমেও ২০ খন আসনৰ লক্ষ্য বান্ধি লৈছে বিজেপি মিত্রজোঁটে। ২০১৯ত উত্তৰ ভাৰতত যদি আসন কমে তেন্তে উত্তৰ পূৰ্বাঞ্চলে এই ঘাটি কিছু পৰিমানে পূৰাব পাৰিব বুলি বিজেপি আশাবাদী। নেডাৰ আহ্বায়ক ড: হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে অমিত শ্বাহে উত্তৰ পূৰ্বাঞ্চলৰ গুৰুদায়িত্ব অৰ্পন কৰিছে। মনিপুৰ আৰু ত্রিপুৰাত বিজয়ৰ পিছত বিজেপিৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। ডঃ শৰ্মাই অসমৰ সমষ্টি সমূহৰ বাবে বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থীৰ তালিকা এখন অমিত শ্বাহক দাখিল কৰিছে।

‘ৰাজনীতি অসম’ৰ হাতত আহি পৰা এই তালিকাখনত বৰ্তমানৰ ৬ জন সাংসদৰ নাম আছে। ডঃ শৰ্মাই নিজে গুৱাহাটী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। কোকৰাঝাৰ আসনখন বি.পি.এফক দিয়াটো ইতিমধ্যে নিশ্চিত হৈছে। সমস্যাটো অগপৰ লগত। বিজেপিয়ে ধুবুৰী, বৰপেটা আৰু কলিয়াবৰ আসন কেইখন অগপক এৰি দিবলৈ সন্মত হৈছে। এই তিনিখন আসনে সংখ্যালঘু অধ্যুষিত আৰু অগপৰ বাবে ইয়াত জয়ী হোৱা খুব কঠিন হব। সেই কথা উপলদ্ধি কৰি অগপই তেজপুৰ, মংগলদৈ বা লখিমপুৰ তাৰ যিকোনো এখন আসন বিচাৰিছে। যিহেতু ইয়াৰ বৰ্তমানৰ সাংসদ কেইগৰাকী বিজেপিৰ সেয়ে বিজেপিয়ে সমষ্টি কেইটা এৰি দিয়াৰ পক্ষপাতী নহয়। মুৰকত বিজেপি আৰু অগপৰ মাজত কেইতামান সমষ্টিত বন্ধুত্বমুলক প্ৰতিদ্বন্দ্বিতা হব পাৰে। বিশ্বস্ত সুত্রৰ পৰা অামাৰ হাতত ‍আহি পৰা বিজেপি মিত্রজোঁটৰ  প্ৰাৰ্থীৰ তালিকাখন এনে ধৰনৰঃ

গুৱাহাটীঃ ডঃ হিমন্ত বিশ্ব শৰ্মা
শিলচৰঃ দিলীপ পাল
কৰিমগজ্ঞঃ মিচন ৰজ্ঞন দাস
অট’নমাছ দিচট্ৰিকঃ ডাঃ নুমল মমিন
নগাঁৱঃ ৰাজেন গোহাঁই
মংগলদৈঃ ৰমেন ডেকা
তেজপুৰঃ ৰামপ্ৰসাদ শৰ্মা
লখিমপুৰঃ প্ৰদান বৰুৱা
যোৰহাটঃ কামাখ্যা তাছা
ডিব্ৰুগড়ঃ ৰামেশ্বৰ তেলী
ধুবুৰী : জাভেদ ইছলাম
কোকৰাঝাৰ: প্ৰবীণ বড়ো                                                                                                    বৰপেটা: কুমাৰ দীপক দাস বা ভূপেন ৰয়                                                                                     কলিয়াবৰ: প্ৰফুল্ল কুমাৰ মহন্ত

শিলচৰ লোকসভা সমষ্টিৰ পৰা দিলীপ পালক প্ৰাৰ্থিত্ব দিয়া হব। পালে ইতিমধ্যে বিধান সভাৰ উপাধ্যক্ষৰ পদৰ পৰা ইস্তফা দি সমষ্টিত নিজৰ কাম আৰম্ভ কৰিছে। ২০১৯ত সুস্মীতা দেব আৰু দিলীপ পালৰ মাজত এখন আকৰ্ষণীয় যুঁজ হব বুলি আশা কৰিব পাৰি। কৰিমগজ্ঞ এটা সংৰক্ষিত সমষ্টি। বিজেপিৰ প্ৰাক্তন বিধায়ক মিচন ৰজ্ঞন দাস প্ৰাৰ্থিত্বৰ শক্তিশালী দাবীদাৰ। যোৱা বিধান সভা নিৰ্বাচনত তেখেত খুব কম ভোটত পৰাজিত হৈছিল। ধুবুৰী সমষ্টিত বিজেপিয়ে অগপক সমৰ্থন কৰাৰ সম্ভাবনা আছে। সেই কাৰণে মানকাচাৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামক দলত যোগদান কৰুওৱা হৈছিল। ইছলাম, হিমন্ত বিশ্বৰ ঘনিষ্ঠ। কিন্তু বিজেপিত থাকিলে তেখেতৰ জয়ী হোৱাৰ সম্ভাবনা ক্ষীণ, সেয়েহে তেখেতক অগপত যোগদান কৰাই ধুবুৰী লোকসভাৰ প্ৰাৰ্থীত্ব দিয়াৰ পৰিকল্পনা কৰা হৈছে। কোকৰাঝাৰৰ পৰা বিপিএফৰ টিকটত নিৰ্বাচন খেলিব প্ৰবীণ বড়োই। হাগ্ৰামাই বড়োৰ প্ৰাৰ্থিত্বৰ বিষয়ে বিজপি নেতৃত্বক জনাইছে আৰু বিজেপি নেতৃত্বই এই ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে।অট’ন’মাচ জিলাৰ পৰা জয়ৰাম ইংলেং আৰু ডাঃ নুমল মমিনৰ নাম চৰ্চাত আছে যদিও মমিন বৰ্তমানলৈ আগবাঢ়ি আছে।নুমল মমিনক বিজেপিয়ে দলৰ বিভিন্ন দায়িত্ব দিছে অাৰু ২০১৯ৰ বাবে প্ৰস্তুত কৰাইছে। কলিয়াবৰত বিজেপি মিত্রজোঁটক এজন শক্তিশালী প্ৰাৰ্থী দৰকাৰ যিয়ে গৌৰব গগৈক প্ৰত্যাহ্বান জনাব পাৰে। প্ৰাক্তন মুখ্যমন্ত্রী প্ৰফুল্ল কুমাৰ মহন্ত এই ক্ষেত্রত সকলোতকৈ আগত আছে। মহন্ত ডাঙৰীয়াই এতিয়াও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সন্মতি প্ৰকাশ কৰা নাই বুলি জানিব পৰা গৈছে।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


 

গৌৰবে পাৰিবনে কলিয়াবৰত?

লোকসভা ২০১৯ : বিজেপি ১০ , কংগ্ৰেছ ২, এ.অাই.ইউ.ডি.এফ ২ – দ্বিতীয় খণ্ড

পাৰ্থ সাৰথি দত্ত

যোৱা খণ্ডত আমি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত অসমৰ পৰা কোনটো দলে কেইখন আসন পোৱাৰ সম্ভাবনা আছে, সেই বিষয়ে বিশ্লেষণ কৰিছিলো। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত দলবোৰে লাভ কৰা ভোটবোৰ যদি লোকসভা সমষ্টি অনুসৰি যোগ কৰা হয়, তেতিয়া দেখা যায় যে বিজেপি মিত্রজোঁট ১০, কংগ্ৰেছ ২ আৰু এ.আই.ইউ.দি.এফ ২ টা লোকসভা সমষ্টিত আগবাঢ়ি আছে। ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিফলন ২০১৯ চনত পৰিলে, কংগ্ৰেছ জয়ী হব কলিয়াবৰ আৰু বৰপেটা সমষ্টিত। এ.আই.ইউ.দি.এফে শেষ হাঁহি মাৰিব ধুবুৰী আৰু কৰিমগজ্ঞত। বাকী ১০ টা সমষ্টি দখল কৰিব বিজেপি মিটজোঁটে। যোৱা খণ্ডত আমি ২০১৪ আৰু ২০১৬ত দলবিলাকে লোকসভা সমষ্টিবিলাকত পোৱা ভোটৰ তুলনা কৰি এখন তালিকা প্ৰকাশ কৰিছিলো। ইয়াৰ উপৰিও আমি বৰপেটা, গুৱাহাটী, মংগলদৈ আৰু শিলচৰ লোকসভা সমষ্টিৰ বিশ্লেষণ আগবঢ়াইছিলো। এই খণ্ডত কলিয়াবৰ, তেজপুৰ, ধুবুৰী, লখিমপুৰ আৰু অট’নমাচ দিচট্ৰিক লোকসভা সমষ্টিৰ কিছু তথ্য আগবঢ়াম।

কলিয়াবৰঃ এই সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ বুলি জনা যায়। কংগ্ৰেছ এই সমষ্টিটোত মাত্র দুবাৰ ১৯৮৪ আৰু ১৯৯৬ চনত পৰাজিত হৈছিল। দুয়োবাৰ অগপৰ প্ৰাৰ্থী ক্ৰমে ভদ্ৰেশ্বৰ তাঁতী আৰু কেশব মহন্তৰ হাতত পৰাজিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্রী তৰুন গগৈ। ১৯৯৮ চনত হোৱা লোকসভা নিৰ্বাচনত তৰুন গগৈ ডাঙৰীয়া ইয়াৰ পৰা পুনৰ নিৰ্বাচিত হৈছিল। গগৈ পৰিয়াল ইয়াৰ পৰা মুঠ ৭ বাৰ জয়ী হয়। ইয়াৰে তৰুন গগৈ ৩ বাৰ, তেখেতৰ ভাই দীপ গগৈ ৩ বাৰ আৰু পুত্র গৌৰব গগৈ এবাৰ জয়ী হয়। কলিয়াবৰ লোকসভা সমষ্টিত যঠেষ্ট মুছলমান ভোটাৰ আছে যিটো কংগ্ৰেছৰ বাবে এটা প্লাচ পইন্ট। সেইবাবে প্ৰচণ্ড মোডী ঢৌ থকা স্বত্বেও ২০১৪ চনত গৌৰব গগৈয়ে বিজেপিৰ মৃনাল শইকীয়াক ৯৩,৮৭৪ টা ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ ভোটৰ হিচাপ কৰিলে দেখা যায় যে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ভোটৰ ব্যবধান কমি ১১,৩৮০ হৈছে।

কলিয়াবৰ লোকসভাৰ অৰ্ন্তগত ১০ টা বিধান সভা সমষ্টিৰ ৫টাত বিজেপি মিত্রজোঁট , ৪ টাত কংগ্ৰেছ আৰু ১টাত এ.আই.ইউ.দি.এফ জয়ী হৈছিল। ধিং সমষ্টিত এ.আই.ইউ.দি.এফ যথেষ্ট ভোট পাইছিল। এ.আই.ইউ.দি.এফৰ এই ভোটখিনি ২০১৯ ত কংগ্ৰেছলৈ যোৱাৰ সম্ভাবনা আছে। ড: হিমন্ত বিশ্ব শৰ্মাই এইবাৰ গৌৰব গগৈক তাৰ্গেট হিচাপে লৈ এজন শক্তিশালী পাৰ্থী দিয়াটো নিশ্চিত। গৌৰবৰ ২০১৪ ৰ সাৰথি ৰকিবুল হুছেইন ইতিমধ্যে কিছু দুৰ্বল হৈছে। কংগ্ৰেছে এ.আই.ইউ.দি.এফ ভোটবিলাক কংগ্ৰেছলৈ নিয়াৰ বাবে চেষ্টা কৰিব। এই সমষ্টিৰ যুঁজখনে বাতৰিৰ শিৰোনামা দখল কৰিব বুলি মনে ধৰে। তুমুল প্ৰতিদ্বন্দ্বিতা স্বত্বেও শেষত গৌৰব গগৈ ইয়াৰ পৰা ২০ৰ পৰা ৩০ হাজাৰ ভোটত জয়ী হব বুলি অামি অনুমান কৰিছো।

তেজপুৰঃ ১৯৭৭ চনত জনতা দলৰ পুৰ্ণ নাৰায়ন সিংহ, ২০০৯ চনত অগপৰ যোচেফ টপ্প আৰু ২০১৪ চনত বিজেপিৰ আৰ.পি শৰ্মা তেজপুৰ লোকসভা সমষ্টিৰ পৰা বিজয়ী হৈছিল। তাৰ বাহিৰে বাকী কেইবাৰ এইটো কংগ্ৰেছৰ দখলত আছিল। এই সমষ্টিটো এটা সময়ত প্ৰতিনিধিত্ব কৰিছিল বিজয় চন্দ্ৰ ভাগবতী আৰু বিপিন পাল দাসৰ নিছিনা গুণী লোকে। আনহাটে মনি কুমাৰ চুব্বাক প্ৰাৰ্থিত্ব দি কংগ্ৰেছ দল সমালোচনাৰো সন্মুখিন হৈছিল। ২০১৪ চনত বিজেপিৰ আৰ.পি শৰ্মাই কংগ্ৰেছৰ যুব নেতা ভূপেন বৰাক ৮৬,০২০ ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। এই সমষ্টিটোত বহু নেপালী ভোটাৰ আছে আৰু এই ফেক্টৰ টোৱে বিজেপিক যোৱাবাৰ সহায় কৰিছিল। এই সমষ্টিত বড়ো ভোটাৰো কম নহয়। দেখা গৈছিল যে ২০১৬ চনত বিপিএফৰ লগত মিত্রতা কৰি বিজেপি লাভবান হৈছিল আৰু তেজপুৰ লোকসভাত কংগ্ৰেছৰ বিৰুদ্ধে ২,০৬,৯৯২ টা ভোটৰ অগ্ৰগতি লবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও তেজপুৰ লোকসভাৰ অৰ্ন্তগত ৯ টা বিধান সভা সমষ্টিৰ আটাইকেইটা বিজেপি মিত্রজোঁটে দখল কৰিছিল। মুঠৰ ওপৰত কব পাৰি যে তেজপুৰত জয়ী হোৱাটো বিজেপিৰ বাবে কঠিন নহব। বিজেপিৰ জোঁট বন্ধন আৰু কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচনৰ পিছত গম পোৱা যাব বিজেপি কিমান ব্যবধানত জয়ী হব পাৰিব।

ধুবুৰীঃ স্বাধীনতাৰ ঠিক পিছত ধুবুৰীত প্ৰজা চচিয়েলিষ্ট দলৰ প্ৰভাব আছিল। তেওলোক এই সমষ্টিৰ পৰা তিনিবাৰ জয়ী হৈছিল। লাহে লাহে প্ৰজা চচিয়েলিষ্ট দলৰ প্ৰভাব কমিবলৈ ধৰে আৰু ধুবুৰী লোকসভা সমষ্টিটো কংগ্ৰেছৰ দুৰ্গত পৰিনত হয়। কংগ্ৰেছ দল ইয়াৰ পৰা মুঠ দহ বাৰ জয়ী হয়। এ.আই.ইউ.দি.এফৰ গঠনৰ পিছত কংগ্ৰেছ ২০০৯ আৰু ২০১৪ত বদৰুদ্দিন আজমলৰ হাতত পৰাজিত হয়। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত ধুবুৰী লোকসভাৰ অৰ্ন্তগত ১০ টা বিধান সভা সমষ্টিৰ ৫ টাত কংগ্ৰেছ, ৩ টাত এ.আই.ইউ.দি.এফ অাৰু বিজেপি দুটাত জয়ী হৈছিল।

২০১৬ ত দলবিলাকে পোৱা ভোট যোগ কৰিলে দেখা যায় যে এ.আই.ইউ.দি.এফ কংগ্ৰেছতকৈ ২৯,১৭৮ টা ভোটত আগবাঢ়ি আছে। ২০১৪ ত এই ব্যবধান আছিল ২,২৯,৭৩০।এই পৰিসংখ্যাটোৱে হয়তো বদৰুদ্দিন আজমল ডাঙৰীয়াক চিন্তিত কৰিব।২০১৬ ত জলেশ্বৰ আৰু ধুবুৰী বিধানসভা সমষ্টিত এ.আই.ইউ.দি.এফৰ জয় ব্যবধান আছিল বিশাল। কংগ্ৰেছে যদি এই সমষ্টি দুটাত অলপ কষ্ট  কৰে তেন্তে ২০১৯ত বদৰুদ্দিন আজমল পৰাজয় হলেও আচৰিত হবলগীয়া নাই। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত তেখেত নিজে পৰাজিত হৈছিল যিয়ে প্ৰমান কৰে যে এ.আই.ইউ.দি.এফৰ স্তিতি সিমান ভাল নহয়।

লখিমপুৰঃ ১৯৯৬ আৰু ২০০৪ চনত অগপৰ ডঃ অৰুন কুমাৰ শৰ্মা লখিমপুৰ লোকসভা সমষ্টিৰ পৰা জয়ী হোৱাৰ বিপৰীতে ৰাণী নৰহ ইয়াৰ পৰা নিৰ্বাচিত হৈছিল ১৯৯৮, ১৯৯৯ আৰু ২০০৯ চনত। ২০১৪ চনত বৰ্তমানৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে ৰাণী নৰহক ২,৯২,১৩৮ টা ভোটৰ ব্যবধানত পৰাজিত কৰে। ২০১৬ বিধানসভা নিৰ্বাচনত বিজেপিয়ে লখিমপুৰ লোকসভাৰ পৰা ১,৩২,৪৪৫ টা ভোটৰ ব্যবধানত আগবাঢ়ি আছে। সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্রী হোৱাৰ পিছত হোৱা উপ নিৰ্বাচনত বিজেপিৰ প্ৰদান বৰুৱা এই সমষ্টিৰ পৰা ১,৯০,২১৯ টা ভোটৰ ব্যৱধানত জয়ী হয়।

২০১৬ বিধান সভা নিৰ্বাচনত লখিমপুৰ লোকসভাৰ অন্তৰ্গত ৯টা সমষ্টিৰ ৬ টা বিজেপি মিত্রজোঁট দখল কৰে। কংগ্ৰেছ ,এ.আই.ইউ.দি.এফ আৰু গণশক্তিয়ে ১ খনকৈ আসনত জয়ী হবলৈ সক্ষম হয়।

 

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এই সমষ্টিটোত বিজেপি শক্তিশালী স্তিতিত আছে। গণশক্তিয়েও বিজেপিক সমৰ্থন জনাব । সেয়ে বিজেপিক হৰুওৱাটো কংগ্ৰেছৰ বাবে সহজ নহব।

আট’নমাচ দিচট্ৰিকঃ ১৯৭৭  চনত বৰ্তমানৰ সাংসদ বীৰেন সিং ইংতি ইয়াৰ পৰা প্ৰথম নিৰ্বাচিত হৈছিল। তেতিয়া তেখেতৰ বয়স আছিল মাত্র ৩২ বছৰ। ১৯৯১ চনত চিপিআই (এম এল) ৰ ডঃ জয়ন্ত ৰংপীয়ে এই সমষ্টিটো কংগ্ৰেছৰ পৰা কাঢ়ি আনিবলৈ সমৰ্থ হয়। ১৯৯১ ৰ পৰা ২০০৪ লৈ তেখেত একেৰাহে ইয়াৰ পৰা সাংসদ হৈ থাকে। ২০০৪ চনত বীৰেন সিং ইংতিয়ে এই সমষ্টিটো কংগ্ৰেছৰ বাবে পুনৰ উদ্ধাৰ কৰে। ২০০৯ আৰু ২০১৪ চনত তেখেত পুনৰ ইয়াৰ পৰা বিজয়ী হয়। ২০১৪ চনত তেখেতে বিজেপিৰ জয়ৰাম ইংলেংক ২৪,০৯৫ ভোটৰ ব্যবধানত পৰাজিত কৰে। ২০১৬ চনৰ বিধান সভা   নিৰ্বচনত অবশ্যে বিজেপিয়ে ইয়াৰ পৰা অগ্ৰগতি লাভ কৰে ৩৮,১৫৮ টা ভোটৰ ব্যবধানত।

 

ইয়াৰ পিছত বিজেপি ইয়াৰ পৰা বৈঠালংছু আৰু কাৰ্বি পৰিষদৰ নিৰ্বাচনতো জয় লাভ কৰে। ৫ জন বিধায়কৰে বিজেপি ইয়াত যঠেষ্ট শক্তিশালী । বিজেপিয়ে ২০১৯ত এই আসন খন দখল কৰাটো প্ৰায় নিশ্চিত। ৭৩ বছৰীয়া বীৰেন সিং ইংতিৰ এইটোৱে হব শেষ কাৰ্য্যকাল।


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


আগলৈ

আজমল মুখ্যমন্ত্রী, গৃহমন্ত্রী হাগ্ৰামা ?

তাৰক দাস


ৰাজনীতিত অসম্ভব বুলি কোনো কথা নাই। সেই কথা আকৌ এবাৰ প্ৰমাণ হ’ল যেতিয়া কংগ্ৰেছে অসমত অনা বিজেপি দলবিলাকক লৈ চৰকাৰ গঠনৰ প্ৰস্তাব দিলে। অগপ আৰু বিপিএফ দলে যদিও আনুষ্ঠানিক ভাবে ইয়াৰ সহাৰি দিয়া নাই তথাপিও ৰাইজৰ মাজত ইয়াক লৈ যথেষ্ট কৌতূহলৰ সৃষ্টি হৈছে। বৰ্তমান অসম বিধান সভাত বিজেপিৰ ৬০, কংগ্ৰেছৰ ২৬,এ.আই.ইউ.ডি.এফৰ ১৩, অগপৰ ১৪, বি.পি.এফৰ ১২ জন বিধায়ক আৰু নিৰ্দলীয় বিধায়ক ( গণশক্তি)ৰ ভুবন পেগু অাছে। মুঠ অনা বিজেপি বিধায়কৰ সংখ্যা ৬৬ জন। অগপ, বি.পি.এফ, এ.আই.ইউ.ডি.এফ মিলি কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ বনাব পাৰে নেকি? সচাকৈ এনে এখন চৰকাৰ হ’লে মন্ত্রীসভাখন কেনেকুৱা হব? এই বিষয়ে আমি বহু লোকৰ সৈতে কথা পাতিছিলো। সৰহ সংখক লোকৰ মতে এনে এখন চৰকাৰ বনোৱা সম্ভব নহয়। কিছুমান লোকে অবশ্যে ৰাজনীতিত সকলো সম্ভব বুলি ভাবে। অগপ, বি.পি.এফ, এ.আই.ইউ.দি.এফৰ চৰকাৰ হ’লে কোনে মন্ত্রী সভাত স্হান পাব, সেই বিষয়ে ৰাইজৰ মতামত লবলৈ চেষ্টা কৰিছিলো। কংগ্ৰেছ হাইকামাণ্ডৰ লগত  এ.আই.ইউ.ডি.এফৰ যিহেতু সুসম্পৰ্ক আছে, সেয়ে মুখ্যমন্ত্ৰী পদ আজমল দেৱে পাব বুলি কিছুমানে ভাবে । ৰাইজৰ পৰা পোৱা মতৰ ভিত্তিত আমি এই তিনিটা দলৰ সম্ভাব্য মন্ত্রীসকলৰ (কাল্পনিক) এখন তালিকা প্ৰস্ত্তত কৰিছো। 

বিধানসভাৰ অধ্যক্ষঃ প্ৰফুল্ল কুমাৰ মহন্ত

উপাধ্যক্ষ : আব্দুল খালেক

মুখ্যমন্ত্রীঃ বদৰুদ্দিন আজমল 

কেবিনেট মন্ত্রী

গৃহ: হাগ্ৰামা মহিলাৰী

বিত্ত: অতুল বৰা

গড়কাপ্টানী:  বৃন্দাবন গোস্বামী

উদ্যোগ: ভুবন পেগু

শিক্ষাঃ সত্যব্ৰত কলিতা

স্বাস্হ্য : আমিনুল ইছলাম

বন: কেশব মহন্ত

জলসিঞ্চন প্ৰমিলা ৰাণী ব্ৰহ্ম

শক্তি: ৰিহন দৈমাৰী

জলসম্পদ: ইমানুৱেল মুচাহাৰী

কৃষিঃ ফনিভূষণ চৌধুৰী

ৰাজহ: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ৰাজ্য মন্ত্ৰী:

পৰিবহণ: নজৰুল হক

পঞ্চায়ত: অনন্ত কুমাৰ মালো

মীন : আনোৱাৰ হুছেইন লস্কৰ


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


অসমীয়া  ভাষা  আৰু জাতিৰ স্বাৰ্থত  কটনিয়ানৰ অভিনৱ প্ৰতিবাদ আৰু কবি নীলমণিৰ উচুপনি

প্ৰফুল্ল কলিতা


।। এক ।।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অসংখ্য অমৰ সৃষ্টিৰ ভিতৰৰে অসম আন্দোলনৰ ভয়াবহতা আৰু সকৰুণ চিত্ৰ দাঙি ধৰা এটি গীত হৈছে – ‘জুয়ে পোৰা তিৰাশীৰ নিৰ্বাচনী বছৰ / মোৰ ভাইটি নোহোৱা হ’ল / নেপালো  খবৰ / তই জাননে খবৰ ……. ?’ এই গীতটো সম্পৰ্কত তেওঁ নিজেও কৈ গৈছে এনেদৰে –‘ বিংশ শতাব্দীৰ অসমৰ ১৯৮৩ চনটো অতীব ভয়াবহ বুলি ইতিহাসত চিহ্নিত হৈ ৰ’ব । ই যেন পুনৰ নহয় । সেই জুয়ে পোৰা তিৰাশীৰ দিনবোৰ যেন আকৌ উভতি নাহে ।’ সেই একেটি গীততে ভূপেনদাই আকৌ কৈছে – ‘জিলাৰ দহো গাঁৱত তোৰ সমকক্ষ নাই / তোক হেৰুৱাই আমাৰ গঞাই ক্ৰোধত বিনাই …….. ।  জানো তোৰ পণ আছিল দেশখন গঢ়িব / অহা দিনৰ সুন্দৰ জীৱন / অসমবাসীক দিব /  চিঞৰে সি নিজৰ মাটি হ’ব কিয় পৰ /  মোৰ ভাইটি নোহোৱা হ’ল – জাননে খবৰ…. ……?’  অনহাতে  অসম সংগীত প্ৰণেতা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই পৰাধীন অসম  অৰ্থাত্ বৃটিছৰ ৰাজত্বকালত দেশপ্ৰেম হীন  অসমীয়াক লৈ নানা ব্যঙ্গাত্মক  বাক্য বিনিময় কৰিছিল । ভাব হয়  আজিও যেন  তাৰ চোক  কমি যোৱা নাই । তেনে এক ভাবোদ্বীপনাৰে সম্বৃদ্ধ হৈয়ে হয়তু কটনিয়ান সকলে আজি জাতিৰ দুৰ্যোগৰ সময়ত ব্যংগ বা   বক্ৰোক্তিৰে হ’লেও প্ৰতিবাদ সাব্যস্ত কৰিলে । কটনিয়ানৰ প্ৰতিবাদৰ ভাষাই – অসমৰ  এসময়ৰ জাতীয় নায়ক তথা বৰ্তমানৰ  বিনয়ী মুখ্যমন্ত্ৰীগৰাকীক ছাত্ৰাৱস্থাতৰ  স্থিতিলৈ ঘূৰি অহাটো  মনেপ্ৰাণে কামনা কৰে । কামনা কৰে চিৰদিনে চিৰস্মৰণীয় অসমীয়া জাতিৰ আদৰ্শ পুৰুষ হৈ থকাটো । যাৰ বাবে তেওঁলোকে  প্ৰতিবাদৰ অভিনৱ ধাৰা সৃষ্টি কৰিলে ।  ত্ৰাহি মধুসুদন সুঁৱৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মুখ্যমন্ত্ৰী সোনোৱালৰ মৌন ভূমিকাত কটনিয়ানে  । তাহানিৰ সদৌ অসম ছাত্ৰ সন্থাৰ  সন্মানীয় সভাপতি  সোনোৱালগৰাকীক উভতাই বিচাৰিছে  অসমবাসীৰ লগতে কটনিয়ান সকলেও  । ফলস্বৰূপে  ঘোষণা কৰিলে নিৰূদিষ্ট বুলি । লগতে ঘোষণা কৰিছে  –‘ অসমীয়াজাতিৰ এই সংকট কালত জাতীয় নায়কৰ কোনো শুংসূত্ৰ পোৱা নাই …।’  প্ৰতিবাদৰ এনেবোৰ ভাষাৰ পৰা বুজা যায় প্ৰকৃতাৰ্থত সোনোৱাল ডাঙৰীয়াক ছাত্ৰ সমাজে আজিও কি ধৰণে চাই বা ভাবে। আমি আশা কৰিম  সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ছাত্ৰ সমাজৰ লগতে অসমবাসীৰ ভাৱাবেগক গুৰুত্ব দি স্বমহিমাৰে জিলিকি উঠিব ! অসমীয়া সমাজ জীৱনৰ পক্ষত থিয় দিব । ফলত সোণত সুৱগা চৰি ৰাজনৈতিক নেতা সকলৰ মাজত অনন্য ৰূপত উজলি উঠিব । অসম মুলুকত  হৈ ৰ’ব  চিৰ জ্যোতিষ্মান  ।

।। দুই ।।  
ইতিমধ্যে আইৰ মুখৰ মাতষাৰ  হেৰুৱাৰ ভয়ত অনেকগৰাকী অসমী আইৰ  সুসন্তান চিন্তান্বিত আৰু  শোকবিহ্বল হৈ পৰা দেখা গৈছে  । তাৰ ভিতৰৰে প্ৰথিতযশা কবি নীলমণি ফুকন অন্যতম । তেওঁ কৈছে –  ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ মই বিৰোধী।মই ঘোৰ বিৰোধী। মা’ৰ মুখৰ ভাষা নাইকীয়া হ’ব ! মাটিডোখৰ নাইকীয়া হ’ব’..। অসমীয়াৰ প্ৰাণৰ ‘গোলাপী জামুৰ লগ্নৰ কবি’ আশীৰ্দ্ধোৰ(৮৫) শ্ৰদ্ধাৰ নীলমণি ফুকনদেৱে ১৩ মে’ৰ এক গ্ৰন্থ উন্মোচনী সভাত-কথাখিনি কৈ সৰল শিশুৰদৰে হুকহুকাই উচুপি উঠিছে ।অসমীয়া জাতিৰ পিতৃতুল্য ব্যক্তিজনৰ এনে হিয়াভগা কান্দোন সহ্য কৰিব পাৰিনে? কবিয়ে বাস্তৱিকতে কাৰ বাবে কান্দিছে? হে অসমৰ ভৱিষ্যৎ প্ৰজন্ম, এনেকুৱা দূৰদৰ্শী পিতৃতুল্য ব্যক্তি পাই অসমী আই সঁচাই ধন্য হোৱা নাইনে? যিয়ে ভৱিষ্যতৰ ভাষাহীন- জাতিহীন আই অসমীৰ দুৰ্যোগৰ কথা ভাবি এনেদৰে হিয়াধুনি কান্দিব পাৰে । •••••

।। তিনি ।।
কৰবাত কেতিয়াবা   কটনৰ কোনো কোনো  ছাত্ৰই  অসামাজিক কৰ্মত লিপ্ত হোৱা বুলি শুনিলে  মনটো ভাৰাক্ৰান্ত হৈ পৰে । আকৌ  সততে কৰি অহা ভাল কামবোৰৰ বাবে বুকু ফুলি উঠে । ( প্ৰক্তন ) কটনিয়ান হিচাবে । এইবাৰো , ১০ মে’ৰ দিনা কোনো পূৰ্বাভাষ নিদিয়াকৈ , অধ্যয়ণত ব্যাঘাট নোহোৱাকৈ  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে, তাকেলৈ আমি অলেখ আনন্দ অনুভৱ কৰিছো । ছাত্ৰসমাজৰ পৰিশীলিত, সংযম আৰু সজ আচৰণপূৰ্ণ অভিব্যক্তি দেখি – শুনি গৰ্ববোধ কৰিছো । প্ৰতিবাদৰ কৌশল দেখি চিন্তাৰ খোৰাক লাভ কৰিছো । যদিওবা দুই এগৰাকী দুঃস্কৃতে তাৰ মাজতে অশোভনীয় কাৰ্যত লিপ্ত হোৱা দেখা গৈছে । সেয়া অৱশ্যেই গৰিহণাৰ যোগ্য । উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলোৱা ইউ পি এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতিমানসকলক  সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা সভাত শিক্ষামন্ত্ৰী সহিতে  মুখ্যমন্ত্ৰী উপস্থিত থকাৰ কথা আছিল । কিন্তু মুখ্যমন্ত্ৰী মহোদয় সভাত উপস্থিত নহ’ল । উপস্থিত হ’ল নৱনিযুক্ত  শিক্ষামন্ত্ৰী সন্মানীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া । ছাত্ৰসমাজৰ ক্ষোভৰ বলি হৈ কটন বিশ্ববিদ্যালয় চৌহদত কিছু সময় আৱদ্ধ হৈ থাকিবলগীয়াত পৰে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য ডাঙৰীয়া । চৰকাৰৰ বাংলাদেশী প্ৰীতিয়ে ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলোৱাৰ মূহুৰ্তত  কটনিয়ানৰ বজ্ৰ নিনাদিত হুংকাৰত স্তম্ভিত হৈ পৰে সকলো । স্মৰ্তব্য উল্লেখিত সভাখনৰ সহযোগী আছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু প্ৰাক্তন কটনিয়ান এছোচিয়েচন । এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থকাৰ কথা আছিল আৰু মুখ্যমন্ত্ৰীক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদানৰ বাবে প্ৰস্তুত হৈ আছিল । পিছে মুখ্যমন্ত্ৰী গৰাকীৰ অনুপস্থিতিত শিক্ষা মন্ত্ৰী গৰাকীয়ে প্ৰতিবাদী ছাত্ৰসমাজৰ পৰা নিজ হাতে পত্ৰখন ল’বলৈ অস্বীকাৰ কৰাত,  ছাত্ৰসমাজৰ ক্ষোভ দুগুণে বৃদ্ধি পায় । – ‘ভোটৰ সময়ত মানুহৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিব পাৰে যদি , ছাত্ৰসমাজৰ ওচৰলৈ আহি স্মাৰক পত্ৰখন ল’ব নোৱাৰে কিয় ?’ এনে ব্যংগাত্মক উক্তিৰ  পাছত যেনিবা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই স্বইচ্ছাৰে স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰোপৰি –‘ ডাঙৰ নহয় দেশতকৈও মোৰ দুৰ্বলচিতীয়া মোমাইবোৰ’ , ‘নায়ক হ’ব খুজি খলনায়ক হলি’ ইত্যাদি শ্লোগানেৰে মুখৰিত হৈ পৰে কটনৰ বাকৰি । কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাকৈ । আনকি আইনখনৰ ক্ষেত্ৰত এবাৰ মাথোঁ গোপীনাথ বৰদলৈৰ দৰে ‘নালাগে’ বুলি শব্দটো উচ্ছাৰণ কৰিবলৈ কাবৌ কাকূতিৰে একালৰ ‘জাতীয় নায়ক’ গৰাকীলৈ কাতৰ আহ্বান জনালে প্ৰতিবাদত ভাগ লোৱা ছাত্ৰ সমাজে । স্বাৰ্থপৰ, কুন্ধচ ৰাজনীতিৰ দলীয় স্বাৰ্থৰ উৰ্দ্ধলৈ গৈ প্ৰকৃতাৰ্থত জাতীয় নায়ক হিচাবে অসমীয়াৰ পক্ষত থিয় দিবলৈ প্ৰতিবাদকাৰীয়ে আহ্বান জনাই কয় – ‘আন দহজন ৰাজনীতিকৰ শাৰীত আপোনাক আমি ৰাখিব বিচৰা নাই, সেই কথাৰ গুৰুত্ব আৰু তাৎপৰ্য আপুনি বুজক, সোনোৱাল ডাঙৰীয়া’ । জাতিৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত ৰাখিবলৈ বদ্ধপৰিকৰ ছাত্ৰ সমাজে প্ৰতিবাদস্থলীত আবেগ বিহ্বল ভাবে চিঞৰি চিঞৰি গায় যাই সাহিত্যৰথীৰ অমৰ সৃষ্টি  – ‘অ’ মোৰ আপোনাৰ দেশ / অ’ মোৰ চিকুণীৰ দেশ / এনেখন সুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ ……।‘
আমি আশা কৰিম সাহিত্যৰথী, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত  ( অসমীয়াৰ জাতীয় সংগীত ) আৰু অসম ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৮৩’ কলৈ লিখা গীতৰ ভাষা আৰু স্বনামধন্য কবি নীলমণি ফুকনৰ উচুপনি  সকলো পক্ষই মৰ্মে মৰ্মে উপলব্ধি কৰিব আৰু অসমীয়া জাতিক, অসমীয়া ভাষাক বিশ্ব দৰবাৰত  নজঁহা – নপমাকৈ জীয়াই ৰাখিব ।  অসমত কোনো কালে, কোনো কাৰণতে ৮৩ৰ সেই ভয়াবহ বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ নহ’ব । সংযম আৰু সজ আচৰণেৰে গণ আন্দোলনত সকলোৱে ভাগ ল’ব । তাত আপত্তি কৰিবলগীয়া একো নাথাকিব । চৰকাৰেও প্ৰতিবাদৰ ভাষা শীঘ্ৰে ভালদৰে বুজি উঠিব । সৰ্বতোপৰি সকলোপক্ষই মনত ৰখা দৰকাৰ – জাতি ধংসৰ আখৰাত মত্ত  হ’বলৈ হ’লে  অসমীয়া জাতি, অসমীয়া ভাষা  খুব ক’ম দিনৰ বাবেহে জীয়াই থকাৰ সম্ভাৱনা ? আইৰ মুখৰ মাত হেৰাবলৈ বেছি পৰ নাই?  আৰু এই কম সময়ৰ ভিতৰতে সমূহ অসম সন্তানে অসম মাতৃৰ বাবে  কৰিবলগীয়া আছে অলেখ । কিয়নো আমাৰ প্ৰাণৰো প্ৰাণৰ  অসমী আইৰ লগতে জাতিটোক দীৰ্ঘজীৱী কৰিবই লাগিব । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ , সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা  আদি মহান ব্যক্তিসকলে ভবাৰ দৰে । সাৱলীল ভাবে স্থাপন কৰিব লাগিব অসমীয়া জাতিক, অসমীয়া ভাষাক ; এই ভূ-ভাৰস্তত ।  ■■ ■■


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


 লেখকৰ ফোন আৰু ঠিকনা : ৮০১১৫১৮৪৭৪ ।। বোৰ্কা , চাংসাৰি, কামৰূপ, অসম ।।