অসমীয়া  ভাষা  আৰু জাতিৰ স্বাৰ্থত  কটনিয়ানৰ অভিনৱ প্ৰতিবাদ আৰু কবি নীলমণিৰ উচুপনি

5950

প্ৰফুল্ল কলিতা


।। এক ।।

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অসংখ্য অমৰ সৃষ্টিৰ ভিতৰৰে অসম আন্দোলনৰ ভয়াবহতা আৰু সকৰুণ চিত্ৰ দাঙি ধৰা এটি গীত হৈছে – ‘জুয়ে পোৰা তিৰাশীৰ নিৰ্বাচনী বছৰ / মোৰ ভাইটি নোহোৱা হ’ল / নেপালো  খবৰ / তই জাননে খবৰ ……. ?’ এই গীতটো সম্পৰ্কত তেওঁ নিজেও কৈ গৈছে এনেদৰে –‘ বিংশ শতাব্দীৰ অসমৰ ১৯৮৩ চনটো অতীব ভয়াবহ বুলি ইতিহাসত চিহ্নিত হৈ ৰ’ব । ই যেন পুনৰ নহয় । সেই জুয়ে পোৰা তিৰাশীৰ দিনবোৰ যেন আকৌ উভতি নাহে ।’ সেই একেটি গীততে ভূপেনদাই আকৌ কৈছে – ‘জিলাৰ দহো গাঁৱত তোৰ সমকক্ষ নাই / তোক হেৰুৱাই আমাৰ গঞাই ক্ৰোধত বিনাই …….. ।  জানো তোৰ পণ আছিল দেশখন গঢ়িব / অহা দিনৰ সুন্দৰ জীৱন / অসমবাসীক দিব /  চিঞৰে সি নিজৰ মাটি হ’ব কিয় পৰ /  মোৰ ভাইটি নোহোৱা হ’ল – জাননে খবৰ…. ……?’  অনহাতে  অসম সংগীত প্ৰণেতা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই পৰাধীন অসম  অৰ্থাত্ বৃটিছৰ ৰাজত্বকালত দেশপ্ৰেম হীন  অসমীয়াক লৈ নানা ব্যঙ্গাত্মক  বাক্য বিনিময় কৰিছিল । ভাব হয়  আজিও যেন  তাৰ চোক  কমি যোৱা নাই । তেনে এক ভাবোদ্বীপনাৰে সম্বৃদ্ধ হৈয়ে হয়তু কটনিয়ান সকলে আজি জাতিৰ দুৰ্যোগৰ সময়ত ব্যংগ বা   বক্ৰোক্তিৰে হ’লেও প্ৰতিবাদ সাব্যস্ত কৰিলে । কটনিয়ানৰ প্ৰতিবাদৰ ভাষাই – অসমৰ  এসময়ৰ জাতীয় নায়ক তথা বৰ্তমানৰ  বিনয়ী মুখ্যমন্ত্ৰীগৰাকীক ছাত্ৰাৱস্থাতৰ  স্থিতিলৈ ঘূৰি অহাটো  মনেপ্ৰাণে কামনা কৰে । কামনা কৰে চিৰদিনে চিৰস্মৰণীয় অসমীয়া জাতিৰ আদৰ্শ পুৰুষ হৈ থকাটো । যাৰ বাবে তেওঁলোকে  প্ৰতিবাদৰ অভিনৱ ধাৰা সৃষ্টি কৰিলে ।  ত্ৰাহি মধুসুদন সুঁৱৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মুখ্যমন্ত্ৰী সোনোৱালৰ মৌন ভূমিকাত কটনিয়ানে  । তাহানিৰ সদৌ অসম ছাত্ৰ সন্থাৰ  সন্মানীয় সভাপতি  সোনোৱালগৰাকীক উভতাই বিচাৰিছে  অসমবাসীৰ লগতে কটনিয়ান সকলেও  । ফলস্বৰূপে  ঘোষণা কৰিলে নিৰূদিষ্ট বুলি । লগতে ঘোষণা কৰিছে  –‘ অসমীয়াজাতিৰ এই সংকট কালত জাতীয় নায়কৰ কোনো শুংসূত্ৰ পোৱা নাই …।’  প্ৰতিবাদৰ এনেবোৰ ভাষাৰ পৰা বুজা যায় প্ৰকৃতাৰ্থত সোনোৱাল ডাঙৰীয়াক ছাত্ৰ সমাজে আজিও কি ধৰণে চাই বা ভাবে। আমি আশা কৰিম  সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ছাত্ৰ সমাজৰ লগতে অসমবাসীৰ ভাৱাবেগক গুৰুত্ব দি স্বমহিমাৰে জিলিকি উঠিব ! অসমীয়া সমাজ জীৱনৰ পক্ষত থিয় দিব । ফলত সোণত সুৱগা চৰি ৰাজনৈতিক নেতা সকলৰ মাজত অনন্য ৰূপত উজলি উঠিব । অসম মুলুকত  হৈ ৰ’ব  চিৰ জ্যোতিষ্মান  ।

।। দুই ।।  
ইতিমধ্যে আইৰ মুখৰ মাতষাৰ  হেৰুৱাৰ ভয়ত অনেকগৰাকী অসমী আইৰ  সুসন্তান চিন্তান্বিত আৰু  শোকবিহ্বল হৈ পৰা দেখা গৈছে  । তাৰ ভিতৰৰে প্ৰথিতযশা কবি নীলমণি ফুকন অন্যতম । তেওঁ কৈছে –  ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ মই বিৰোধী।মই ঘোৰ বিৰোধী। মা’ৰ মুখৰ ভাষা নাইকীয়া হ’ব ! মাটিডোখৰ নাইকীয়া হ’ব’..। অসমীয়াৰ প্ৰাণৰ ‘গোলাপী জামুৰ লগ্নৰ কবি’ আশীৰ্দ্ধোৰ(৮৫) শ্ৰদ্ধাৰ নীলমণি ফুকনদেৱে ১৩ মে’ৰ এক গ্ৰন্থ উন্মোচনী সভাত-কথাখিনি কৈ সৰল শিশুৰদৰে হুকহুকাই উচুপি উঠিছে ।অসমীয়া জাতিৰ পিতৃতুল্য ব্যক্তিজনৰ এনে হিয়াভগা কান্দোন সহ্য কৰিব পাৰিনে? কবিয়ে বাস্তৱিকতে কাৰ বাবে কান্দিছে? হে অসমৰ ভৱিষ্যৎ প্ৰজন্ম, এনেকুৱা দূৰদৰ্শী পিতৃতুল্য ব্যক্তি পাই অসমী আই সঁচাই ধন্য হোৱা নাইনে? যিয়ে ভৱিষ্যতৰ ভাষাহীন- জাতিহীন আই অসমীৰ দুৰ্যোগৰ কথা ভাবি এনেদৰে হিয়াধুনি কান্দিব পাৰে । •••••

।। তিনি ।।
কৰবাত কেতিয়াবা   কটনৰ কোনো কোনো  ছাত্ৰই  অসামাজিক কৰ্মত লিপ্ত হোৱা বুলি শুনিলে  মনটো ভাৰাক্ৰান্ত হৈ পৰে । আকৌ  সততে কৰি অহা ভাল কামবোৰৰ বাবে বুকু ফুলি উঠে । ( প্ৰক্তন ) কটনিয়ান হিচাবে । এইবাৰো , ১০ মে’ৰ দিনা কোনো পূৰ্বাভাষ নিদিয়াকৈ , অধ্যয়ণত ব্যাঘাট নোহোৱাকৈ  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে, তাকেলৈ আমি অলেখ আনন্দ অনুভৱ কৰিছো । ছাত্ৰসমাজৰ পৰিশীলিত, সংযম আৰু সজ আচৰণপূৰ্ণ অভিব্যক্তি দেখি – শুনি গৰ্ববোধ কৰিছো । প্ৰতিবাদৰ কৌশল দেখি চিন্তাৰ খোৰাক লাভ কৰিছো । যদিওবা দুই এগৰাকী দুঃস্কৃতে তাৰ মাজতে অশোভনীয় কাৰ্যত লিপ্ত হোৱা দেখা গৈছে । সেয়া অৱশ্যেই গৰিহণাৰ যোগ্য । উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলোৱা ইউ পি এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতিমানসকলক  সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা সভাত শিক্ষামন্ত্ৰী সহিতে  মুখ্যমন্ত্ৰী উপস্থিত থকাৰ কথা আছিল । কিন্তু মুখ্যমন্ত্ৰী মহোদয় সভাত উপস্থিত নহ’ল । উপস্থিত হ’ল নৱনিযুক্ত  শিক্ষামন্ত্ৰী সন্মানীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া । ছাত্ৰসমাজৰ ক্ষোভৰ বলি হৈ কটন বিশ্ববিদ্যালয় চৌহদত কিছু সময় আৱদ্ধ হৈ থাকিবলগীয়াত পৰে শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য ডাঙৰীয়া । চৰকাৰৰ বাংলাদেশী প্ৰীতিয়ে ৰাজ্যজুৰি ক্ষোভৰ জুই জ্বলোৱাৰ মূহুৰ্তত  কটনিয়ানৰ বজ্ৰ নিনাদিত হুংকাৰত স্তম্ভিত হৈ পৰে সকলো । স্মৰ্তব্য উল্লেখিত সভাখনৰ সহযোগী আছিল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু প্ৰাক্তন কটনিয়ান এছোচিয়েচন । এই সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল উপস্থিত থকাৰ কথা আছিল আৰু মুখ্যমন্ত্ৰীক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে স্মাৰক পত্ৰ প্ৰদানৰ বাবে প্ৰস্তুত হৈ আছিল । পিছে মুখ্যমন্ত্ৰী গৰাকীৰ অনুপস্থিতিত শিক্ষা মন্ত্ৰী গৰাকীয়ে প্ৰতিবাদী ছাত্ৰসমাজৰ পৰা নিজ হাতে পত্ৰখন ল’বলৈ অস্বীকাৰ কৰাত,  ছাত্ৰসমাজৰ ক্ষোভ দুগুণে বৃদ্ধি পায় । – ‘ভোটৰ সময়ত মানুহৰ ঘৰে ঘৰে গৈ ভোট ভিক্ষা কৰিব পাৰে যদি , ছাত্ৰসমাজৰ ওচৰলৈ আহি স্মাৰক পত্ৰখন ল’ব নোৱাৰে কিয় ?’ এনে ব্যংগাত্মক উক্তিৰ  পাছত যেনিবা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই স্বইচ্ছাৰে স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে। ইয়াৰোপৰি –‘ ডাঙৰ নহয় দেশতকৈও মোৰ দুৰ্বলচিতীয়া মোমাইবোৰ’ , ‘নায়ক হ’ব খুজি খলনায়ক হলি’ ইত্যাদি শ্লোগানেৰে মুখৰিত হৈ পৰে কটনৰ বাকৰি । কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নোহোৱাকৈ । আনকি আইনখনৰ ক্ষেত্ৰত এবাৰ মাথোঁ গোপীনাথ বৰদলৈৰ দৰে ‘নালাগে’ বুলি শব্দটো উচ্ছাৰণ কৰিবলৈ কাবৌ কাকূতিৰে একালৰ ‘জাতীয় নায়ক’ গৰাকীলৈ কাতৰ আহ্বান জনালে প্ৰতিবাদত ভাগ লোৱা ছাত্ৰ সমাজে । স্বাৰ্থপৰ, কুন্ধচ ৰাজনীতিৰ দলীয় স্বাৰ্থৰ উৰ্দ্ধলৈ গৈ প্ৰকৃতাৰ্থত জাতীয় নায়ক হিচাবে অসমীয়াৰ পক্ষত থিয় দিবলৈ প্ৰতিবাদকাৰীয়ে আহ্বান জনাই কয় – ‘আন দহজন ৰাজনীতিকৰ শাৰীত আপোনাক আমি ৰাখিব বিচৰা নাই, সেই কথাৰ গুৰুত্ব আৰু তাৎপৰ্য আপুনি বুজক, সোনোৱাল ডাঙৰীয়া’ । জাতিৰ স্বাৰ্থত সংগ্ৰাম অব্যাহত ৰাখিবলৈ বদ্ধপৰিকৰ ছাত্ৰ সমাজে প্ৰতিবাদস্থলীত আবেগ বিহ্বল ভাবে চিঞৰি চিঞৰি গায় যাই সাহিত্যৰথীৰ অমৰ সৃষ্টি  – ‘অ’ মোৰ আপোনাৰ দেশ / অ’ মোৰ চিকুণীৰ দেশ / এনেখন সুৱলা এনেখন সুফলা এনেখন মৰমৰ দেশ ……।‘
আমি আশা কৰিম সাহিত্যৰথী, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ অসম সংগীত  ( অসমীয়াৰ জাতীয় সংগীত ) আৰু অসম ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৮৩’ কলৈ লিখা গীতৰ ভাষা আৰু স্বনামধন্য কবি নীলমণি ফুকনৰ উচুপনি  সকলো পক্ষই মৰ্মে মৰ্মে উপলব্ধি কৰিব আৰু অসমীয়া জাতিক, অসমীয়া ভাষাক বিশ্ব দৰবাৰত  নজঁহা – নপমাকৈ জীয়াই ৰাখিব ।  অসমত কোনো কালে, কোনো কাৰণতে ৮৩ৰ সেই ভয়াবহ বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ নহ’ব । সংযম আৰু সজ আচৰণেৰে গণ আন্দোলনত সকলোৱে ভাগ ল’ব । তাত আপত্তি কৰিবলগীয়া একো নাথাকিব । চৰকাৰেও প্ৰতিবাদৰ ভাষা শীঘ্ৰে ভালদৰে বুজি উঠিব । সৰ্বতোপৰি সকলোপক্ষই মনত ৰখা দৰকাৰ – জাতি ধংসৰ আখৰাত মত্ত  হ’বলৈ হ’লে  অসমীয়া জাতি, অসমীয়া ভাষা  খুব ক’ম দিনৰ বাবেহে জীয়াই থকাৰ সম্ভাৱনা ? আইৰ মুখৰ মাত হেৰাবলৈ বেছি পৰ নাই?  আৰু এই কম সময়ৰ ভিতৰতে সমূহ অসম সন্তানে অসম মাতৃৰ বাবে  কৰিবলগীয়া আছে অলেখ । কিয়নো আমাৰ প্ৰাণৰো প্ৰাণৰ  অসমী আইৰ লগতে জাতিটোক দীৰ্ঘজীৱী কৰিবই লাগিব । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ , সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকা  আদি মহান ব্যক্তিসকলে ভবাৰ দৰে । সাৱলীল ভাবে স্থাপন কৰিব লাগিব অসমীয়া জাতিক, অসমীয়া ভাষাক ; এই ভূ-ভাৰস্তত ।  ■■ ■■


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com


 লেখকৰ ফোন আৰু ঠিকনা : ৮০১১৫১৮৪৭৪ ।। বোৰ্কা , চাংসাৰি, কামৰূপ, অসম ।।