Monday, April 29, 2024
Home Blog Page 118

Win FREE FLIGHT tickets by taking part in our opinion poll

Take Part in Opinion Poll and win Free Flight tickets and gift vouchers

We will be conducting opinion polls every month. The purpose of these polls is to understand the issues related to common people.We will also try to gauge people’s mood on various political developments and government policies.The result of these polls will be published in next month’s issue.

Please click on the below button to take part in our opinion poll for this month.

Click Here

This poll is open till 15th May 2018. The result will be published in our next issue on 1st June 2018. 5 lucky participants will be rewarded with gift vouchers (Rs 100 each).

One lucky winner will get an one way free flight ticket from Guwahati to Kolkata. Please find the rules for the competition.

  • The winners will be selected through lucky draw which will be done digitally.
  • The date of the flight ticket needs to be agreed mutually between the winner and ‘Rajniti Axom’.
  • The winner of the flight ticket can opt for money equivalent to flight ticket cost.
  • The decision of editorial Team of ‘Rajniti Axom’ will be final in case there is any conflict.

অসম অান্দোলনঃ প্ৰতিশ্ৰুতি অাৰু ফলশ্ৰুতি : কনকসেন ডেকা

অসম অান্দোলনৰ তৃতীয় পৰ্যায়, ১৯৮৩ – ৰ নিৰ্বাচন অাৰু হিতেশ্বৰ শইকীয়া চৰকাৰৰ ভুমিকাঃ
কনকসেন ডেকা

অবৈধ বিদেশী অনুপ্ৰৱেশ অাৰু বহিৰাগতৰ হেচাঁই অসমীয়া সমাজৰ সম্মুখত এদিন অস্তিত্ব সংকটৰ প্ৰশ্ন তুলিব বুলিয়েই সুদীৰ্ঘ কাল ধৰি শংকা কৰি অহা হৈছিল । এইলৈ বিশেষকৈ কুৰি শতিকাৰ তৃতীয় দশক মানৰ পৰাই অসমৰ প্ৰতি অনুৰাগ থকা সকল সচেতন অাছিল । অসমে যে বহিৰাগতৰ স্বাভাৱিক প্ৰক্ৰিয়াক অাদৰি নলয় তেনে নহয়, বৰঞ্চ এই ঠাইক বিভিন্ন জনগোষ্ঠীৰ মিলনভুমি বুলিহে কোৱা হয় । ইয়াত মংগোলইড, অষ্ট্ৰিক আৰ্য্য অাৰু নেগ্ৰিটো জনগোষ্ঠীৰ লোকে সুদীৰ্ঘ কাল বসবাস কৰি অাহিছে । সেয়েহে বড়ো, ৰাভা, মিচিং, কাৰ্বি, ডিমাচা, তিৱা, মৰাণ, মটক, চুতীয়া, তাই অাহোম, অালপাইন কলিতা, বামুণ, কায়স্থ, কৈৱৰ্ত প্ৰভৃতি অসংখ্য গোষ্ঠী বৰ্ণ সম্প্ৰদায়ৰ লোকে যুগ যুগ ধৰি সম্প্ৰীতিৰে বসবাস কৰি অাহিছে । কান্বকুব্জৰ পৰা কায়স্থসকল, নৱদ্বীপৰ পৰা ব্ৰাহ্মণসকল অাৰু সুদূৰ অাৰৱৰ পৰা ইছলামধৰ্মী অাজান ফকিৰ অাৰু পৰৱৰ্তী কালছোৱাত তেওঁৰ অনুগামীসকলে এই ভূমিকেই কৰ্মভূমি কৰি লৈছিল । এই অঞ্চলটোত জনসংখ্যা অাছিল কম, প্ৰাকৃতিক সম্পদ অাছিল অপৰ্যাপ্ত । সেই হেতুকে এই ভুমিখণ্ডলৈ দূৰ দূৰণিৰ পৰা মানুহ অাকৰ্ষিত হৈছিল । সকলোৱে এই ভূখণ্ডৰ বায়ু পানীকেই অাপোন কৰি লৈ সম্প্ৰীতিৰে বসবাস কৰি অাছিল । ফলস্বৰুপে ৰক্তৰ সংমিশ্ৰণ ঘটিছিল ।এই লোকসকলৰ ভিন ভিন ভাষা সংস্কৃতি থাকিলেও ইয়ালৈ অহাৰ পাছত এক উমৈহতীয়া ভাষা সংস্কৃতি গ্ৰহণৰ জৰিয়তে এখন সমাজৰ অংশীদাৰ হৈ উঠিছিল ।

কিন্তু ১৮২৬ খ্ৰীষ্টাব্দৰ পাছত বৃটিছৰ অাগমণৰ লগে লগে বহিৰাগতৰ অাগমণৰ স্বাভাৱিক প্ৰক্ৰিয়াৰো সামৰণি পৰে অাৰু দলে দলে বহু সংখ্যক লোক অাহিবলৈ ধৰাত থলুৱা লোকসকল শংকিত হৈ পৰে । ইতিমধ্যে অসমত ৰেল, জাহাজৰ চলাচল অাৰম্ভ হয় । সূচনা হয় ঔদ্যোগিকৰণৰ । এইবোৰ পৰিচলনাৰ বাবে বাহিৰৰ পৰা অভিজ্ঞ লোকৰ অাগমণ হয় । সন্দেহ নাই যে অসমৰ অৰ্থনীতি, সাহিত্য সংস্কৃতিত এই সকলৰ অৱদান অপৰিসীম অাৰু তাৰ স্বীকৃতি সেইসকলক নিদিয়াটো অজ্ঞতাৰ পৰিচায়ক হ’ব ।

কিন্তু অসমীয়াৰ মনত ভীতিৰ সঞ্চাৰ হোৱাৰ উৎস উদঘাটন কৰাটো তেনেই সহজসাধ্য নহয় । উদাহৰণ স্বৰুপে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কথাকেই অাঙুলিয়াব পাৰি । ইউৰোপৰ এচাম লোক গৈ সেই দেশৰ উন্নয়নত প্ৰভূত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত কাৰোৱেই দ্বিমত নাই। এইসকল লোকৰ অৰিহণা অবিহনে অামেৰিকা অাজিও এক অনুন্নত পিছপৰা অঞ্চলত পৰিণত হৈ থাকিলহেঁতেন, কিন্তু এচাম থলুৱা ৰেড ইণ্ডিয়ানে ইয়াক অাজিও স্বীকাৰ কৰি লোৱা নাই । এতিয়াও ঠায়ে ঠায়ে ৰেড ইণ্ডিয়ানৰ এই ধৰণৰ প্ৰাচীৰ পত্ৰ পোৱা যায় – You are not wanted here, go back । পশ্চিমীয়া যন্ত্ৰশিল্পৰ চেপাত মেক্সিকো অাৰু কানাডাকে ধৰি বিভিন্ন অঞ্চলৰ প্ৰাচীন সভ্যতা সংস্কৃতি নিশ্চিহ্ন হ’ল, ৰেড ইণ্ডিয়ানসকলৰ পৰম্পৰাগত সংস্কৃতি সভ্যতাৰ অৱসান ঘটোৱা হ’ল । সেই দেশত ক্ৰমাৎ ৰেড ইণ্ডিয়ানৰ সংখ্যা হ্ৰাস পাই গৈ ইমানেই নগণ্য হৈ পৰিল যে প্ৰবল ইচ্ছা থাকিলেও অাগ্ৰাসী ভুমিকা লৈ দখলকাৰীসকলৰ বিৰুদ্ধে যুঁজ কৰাৰ সামৰ্থ্য এতিয়া তেওঁলোকৰ নাই । একোখন দেশৰ সভ্যতা সংস্কৃতিক কিদৰে বহিৰাগতৰ অাগমনে ধ্বংস কৰি পেলায়, ইয়েই তাৰ জলন্ত প্ৰমাণ । দ্বিতীয়তে ইউৰোপৰ সভ্যতা অাৰু ৰেড ইণ্ডিয়ানৰ সভ্যতাৰ মাজত কোনটো উচ্চ সি বিচাৰ্য বিষয় নহয়, কিন্তু ৰেড ইণ্ডিয়ান সকলৰ ঐতিহ্য পৰম্পৰাক যে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হ’ল তাত দ্বিমত নাই । এই প্ৰসঙ্গতে অামি চুবুৰীয়া ত্ৰিপুৰা ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিলৈ অাঙুলিয়াব পাৰো । ত্ৰিপুৰীসকলৰ ভাষা সংস্কৃতিৰ সংকোচন বা বিলুপ্তি ঘটাবলৈ বিচৰা কাৰ্যক তেওঁলোকে মানি লোৱা নাই অাৰু ফলস্বৰুপে ত্ৰিপুৰী অত্ৰিপুৰীসকলৰ মাজৰ সংঘৰ্ষই নিদাৰুণ অবাঞ্চিত পৰ্যায়ত উপনীত হৈছে । এনে পৰিস্থিতি সামগ্ৰিকভাৱে মানৱ জাতিৰ বাবেই ক্ষতিকাৰক । অামি দ্ব্যৰ্থহীনভাৱে কব খোজোঁ যে মানুহৰ অাগমন অাৰু বহিৰ্গমন স্বাভাৱিক প্ৰক্ৰিয়া । কিন্তু সেই প্ৰক্ৰিয়া হ’ৱ লাগে স্বাভাৱিক । উদাহৰণস্বৰুপে দাঙি ধৰিব খুজিছো যে কান্বকুব্জৰ পৰা অহা কায়স্থসকলৰ ভাষা অসমীয়া নাছিল, নৱদ্বীপৰ পৰা অহা সকলৰ ভাষাও অসমীয়া নাছিল, কিন্তু তেওঁলোকেই পিছলৈ অসমীয়া ভাষা সংস্কৃতিৰ গুৰি ধৰোতা হ’ল অাৰু বহিৰাগতৰ অনুপ্ৰৱেশৰ বিৰুদ্ধে তীব্ৰ অান্দোলনতো অংশ গ্ৰহণ কৰিলে । সেইসকলে এতিয়া নিজকে অসমীয়াৰ বাহিৰে অান বুলি পৰিচয় নিদিয়ে । তেনেদৰে ৰাজস্থানৰ পৰা অাহি কিছু সংখ্যক লোক কিদৰে এইখন সমাজত মিলি গৈ হাড়ে হিমজুৱে থলুৱা হৈ পৰিছে তাৰ নিদৰ্শন হৰিবিলাস অাগৰৱালৰ পৰিয়ালেই দাঙি ধৰিছে । ইয়েই প্ৰমাণ কৰে যে প্ৰব্ৰজন এক স্বাভাৱিক প্ৰক্ৰিয়া; কিন্তু তাৰ গতি অবাধ হলে প্ৰতিক্ৰিয়া গুৰুতৰ হোৱাটোৱেই স্বাভাৱিক ।

ইংৰাজৰ অাগমনৰ পাছত এই অঞ্চলতো প্ৰব্ৰজনৰ গতি তীব্ৰতৰ হোৱা হেতুকে খিলঞ্জীয়া লোকসকলৰ মনত ঐতিহ্য সংস্কৃতি হেৰুৱওৱাৰ শংকাৰ ভাৱ উদয় হৈছে অাৰু তাৰেই ফলস্বৰূপে সময়ে দ্বন্দ্বৰো সৃষ্টি হৈছে । দৰাচলতে প্ৰব্ৰজনৰ গতি ১৯৩৫ খ্ৰীঃ মানৰ পৰাই তীব্ৰতৰ হৈছিল আৰু স্বাধীনতাৰ উত্তৰ কালতো সেই গতি অব্যাহত অাছিল । কিন্তু বিভিন্ন ৰাজনৈতিক দল অাৰু বিশেষকৈ কংগ্ৰেছ দলে অনুপ্ৰৱেশৰ সমস্যাটোক ভোটলাভৰ চেষ্টাৰে অাওকাণ কৰি থাকিবলৈ বিচাৰিছিল । তদুপৰি বাওঁপন্থী দলসমূহেও সমাজৰ বাষ্তৱ ছবিখনৰ ওপৰত দৃষ্টিপাত কৰাৰ সলনি অাদৰ্শগত দিশটোৰ ওপৰত ভেজা দিয়েই অনুপ্ৰৱেশৰ সমস্যাটোৰ ক্ষেত্ৰত উটপক্ষীৰ দৰে বালিত মুৰ গুজি থাকিবলৈ ভাল পাইছিল । এহাতে প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছ অাৰু আনহাতে বাওঁপন্থীদলসমুুহে অনুপ্ৰৱেশৰ সমস্যাটোৰ গুৰুত্ব দি সমাধানৰ পথ উলিওৱাত সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱা হেতুকে অসমীয়া সমাজে অান এক বিকল্পৰ সন্ধান কৰিবলৈ বাধ্য হৈছিল । এই সুযোগেই গ্ৰহণ কৰিলে তেতিয়াৰ সম্পূৰ্ণভাৱে অৰাজনৈতিক সংগঠন সদৌ অসম ছাত্ৰ সন্থাই । মংগলদৈ সমষ্টিৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পাছত সেই সমষ্টিত ভোটাৰ তালিকা যুগুতোৱাত দেখা গ’ল যে বহুতো অবৈধ নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে ।

অাছু অাৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত চলা অান্দোলন গান্ধীজীৰ সত্যাগ্ৰহৰ সৈতে তুলনা কৰা হৈছিল । ১৯৭৯ ৰ পৰা ১৯৮২ লৈকে তিনিবছৰীয়া অসম অান্দোলন কিছু পৰিমানে শান্তিপূৰ্ণ অাছিল বুলি কোৱা হয় যদিও এই সময়ছোৱাতে ১৫০ জন লোকৰ মৃত্যু ঘটিছিল। সমদলকাৰী অাৰু সত্যাগ্ৰহীসকলৰ ওপৰত পুলিচে লাঠিচালনা কৰাৰ ফলস্বৰূপে মৃতকৰ সংখ্যা তিনি হাজাৰতকৈও অধিক হয়গৈ ।

১৯৮৩ ৰ নিৰ্বাচনত প্ৰকৃতাৰ্থত এটা সাধৰণ নিৰ্বাচনৰ কোনো চৰিত্ৰ দেখিবলৈ পোৱা নাযায়। সাধৰণ অৰ্থত অামি নিৰ্বাচন বুলিলে এনে এক সুস্থ পৰিৱেশ থকাটো বিচাৰো য’ত প্ৰাৰ্থীয়ে নিজৰ ইচ্ছা অনুসৰি মনোনয়ন পত্ৰ দাখিল কৰিব পাৰে, প্ৰাৰ্থী অাৰু সমৰ্থক সকলে ৰাইজৰ মাজত প্ৰচাৰ চলোৱাৰ অনুকুল পৰিবেশ লাভ কৰিব পাৰে অাৰু কোনো প্ৰকাৰৰ ভীতিগ্ৰস্ত নোহোৱাকৈ ভোটদান কৰিব পাৰে । এইবোৰৰ এটাও ১৯৮৩ ৰ নিৰ্বাচনত নাই । অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে বিদেশী নাগৰিকৰ নামহীন এখন শুদ্ধ ভোটাৰ তালিকাৰ অাধাৰত নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰে । ই নিশ্চয় কোনো জগৰৰ কথা নহয়, কিয়নো অাজিৰ পৃথিৱীত এনে কোনো দেশ নাই, য’ত বিদেশী নাগৰিকৰ অবাধ অনুপ্ৰৱেশ ঘটে অাৰু সেইসকলেই নিৰ্বিবাদে ৰাজনৈতিক অধিকাৰ লাভ কৰে । প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে অসমত অবৈধ অনুপ্ৰৱেশ হোৱাৰ অভিযোগ সুদীৰ্ঘ কাল ধৰি উত্থাপিত হৈ অাহিছিল যদিও বিশেষকৈ সেই সকলৰ ভোট লাভৰ অাশাতেই কংগ্ৰেছ দলৰ চৰকাৰে নীৰৱতা অৱলম্বন কৰি থাকে, কিন্তু গোলাপ বৰবৰা নেতৃত্বাধীন জনতা চৰকাৰৰ কাৰ্য্যকালতেই এই সম্পৰ্কত বিভিন্ন মহলৰ দৃষ্টি অাকৰ্ষিত হয় অাৰু তাৰ ভিত্তিতে এক ঐতিহাসিক গণ অান্দোলনৰ সূচনা হয় ।

আগলৈ

লোকসভা ২০১৯ : বিজেপি ১০ , কংগ্ৰেছ ২, এঅাইইউডিএফ ২

  পাৰ্থ সাৰথি দত্ত


সুস্মিতা দেব, বীৰেণ সিং ইংতি অাৰু চিৰাজুদ্দিন অাাজমলৰ চিন্তা কৰিবৰ সময় হ’ল । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ  প্ৰতিফলন যদি  অহা লোকসভা নিৰ্বাচনত পৰে তেন্তে  বৰ্তমানৰ এই তিনিজন  সাংসদৰ পৰাজয় প্ৰায় নিশ্চিত । আনহাতে  জয়ৰ পথ মসৃণ নহ’ব কামাখ্যা প্ৰসাদ তাছা, গৌৰৱ গগৈ, বদৰুদ্দিন অাজমল অাৰু ৰাধেশ্যাম বিশ্বাসৰ । অৱশ্যে বহু খিনি নিৰ্ভৰ কৰিব বিৰোধী দলৰ প্ৰাৰ্থী অাৰু দল বিলাকৰ জোঁট বন্ধনৰ ওপৰত ।

যোৱা  ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা ১২৬ টা বিধানসভা  সমষ্টিৰ ভোটৰ বিন্যাস আৰু ইয়াৰ লগত জড়িত লোকসভা সমষ্টি কেইটাৰ যদি এক পৰ্যালোচনা কৰা যায় তেন্তে দেখা যাব যে বিজেপি মিত্ৰজোঁট ১০, কংগ্ৰেছ ২ অাৰু এঅাই ইউডিএফ ২ খন আসনত আগবাঢ়ি অাছে । ২০১৬ ৰ দৰে ভোটদান ২০১৯ ত হ’লে গুৱাহাটী, মঙ্গলদৈ, ডিব্ৰুগড়, তেজপুৰ অাৰু নগাঁওত বিজেপিৰ জয় নিশ্চিত ।

২০১৬ ত কিছুমান সমষ্টিত বিজেপি মিত্ৰজোঁটৰ দলৰ মাজত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা হৈছিল, এই কেইটা সমষ্টিত অামি বেছি ভোট পোৱা প্ৰাৰ্থীজনৰ ভোটহে হিচাপত লৈছো । উদাহৰণস্বৰুপে হাজো সমষ্টিত নুৰুল হুছেইনৰ ভোট মিত্ৰজোটৰ প্ৰাৰ্থীত  যোগ দিয়া  হোৱা নাই । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অনুযায়ী বিধানসভা সমষ্টি কেইটাৰ লগত সংযুক্ত লোকসভাৰ সমষ্টি কেইটাত দলবোৰৰ মাজত ভোটৰ ব্যৱধান তলৰ তালিকাত উল্লেখ কৰা হৈছে । 

 

অামি প্ৰত্যেকটো লোকসভা সমষ্টি এটা এটাকৈ বিশ্লেষণ কৰিম ।

বৰপেটা : ২০১৯ ত বৰপেটাত যুজঁখন সকলোতকৈ অাকৰ্ষণীয় হ’ব । ২০১৪ চনত চিৰাজুদ্দিন অাজমলে বিজেপিৰ চন্দ্ৰমোহন  পাটোৱাৰীক পৰাজিত কৰিছিল । জয়ৰ ব্যৱধান অাছিল ৪২,৩৪১ ভোটৰ । ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত গোটেই কেইটা বিধানসভা সমষ্টিৰ মুঠ ভোটৰ অংকত  কংগ্ৰেছ প্ৰথম, বিজেপি দিত্বীয় আৰু এঅাইইউডিএফ তৃতীয় স্থানত থাকিল । কংগ্ৰেছ আৰু বিজেপিৰ ব্যৱধান অাছিল ৮২,৪৮৩ টা ভোটৰ ।

 

বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০  টা বিধানসভা সমষ্টিৰ  ৫ খনত  কংগ্ৰেছ, ৩ খনত অগপ, বিজেপি ১ খনত  আৰু এঅাইইউডিএফ ১ খনত জয়ী হয় । বঙাইগাঁৱ, পাটাচাৰকুছি অাৰু ধৰ্মপু্ৰত  মিত্ৰজোঁটৰ প্ৰাৰ্থী বৃহৎ ব্যৱধানত জয়ী           হৈছিল । ঠিক তেনেদৰে কোনো প্ৰতিদ্বন্দ্বিতা  নোহোৱাকৈ কংগ্ৰেছ জয়ী হৈছিল জনিয়া,  সৰুক্ষেত্ৰী,  বাঘবৰ আৰু              চেঙাত । অভয়াপুৰী উত্তৰ, দক্ষিণ অভয়াপুৰী  অাৰু বৰপেটা বিধানসভা সমষ্টিত  ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল অাৰু জয়ৰ ব্যৱধান অাছিল খুব কম । শেষত এটা কথা স্পষ্ট হয়  যে বৰপেটাত সুবিধাজনক  স্থিতিত অাছে কংগ্ৰেছ । এঅাইইউডিএফ আৰু কংগ্ৰেছৰ ভোটৰ সাংঘাতিক বিভাজন নহ’লে  বিজেপিৰ কাৰণে ইয়াত জয়ী হোৱা  সম্ভব নহব ।

গুৱাহাটী :  ইংৰাজীত এষাৰ কথা আছে ‘Lamp Post Election’ অৰ্থাৎ প্ৰাৰ্থী যিয়েই নহওঁক দলৰ জয় নিশ্চিত । গুৱাহাটী বিজেপি বাবে ঠিক তেনেধৰণৰ । ২০১৪ ত বিজেপিৰ জয়ৰ ব্যবধান ৩,১৫,৭৮৪ যি বাঢ়ি  ২০১৬ত ৪,৭২,১৯৪ হয় ।

 

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বকো অাৰু ছয়গাঁওৰ বাহিৰে বাকী গোটেই কেইটা সমষ্টিত  বিজয়ী হয় বিজেপি । দিছপুৰ, পূৱ-গুৱাহাটী,  পশ্চিম গুৱাহাটী অাৰু  জালুকবাৰীত বিজেপিৰ জয় অাছিল বৃহৎ । সেয়ে  কিবা চমৎকাৰ নহ’লে কংগ্ৰেছৰ বাবে গুৱাহাটী দখল কৰাটো অসম্ভব।

শিলচৰ : শিলচৰ সমষ্টিত গোটেই দেশৰে দৃষ্টি নিবদ্ধ থাকিব ।  কাৰণ এই সমষ্টিত কংগ্ৰেছ দলৰ  মহিলা মৰ্চাৰ  সৰ্বভাৰতীয় সভানেত্ৰী সুস্মিতা দেৱ থাকিব  কংগ্ৰেছৰ দলৰ পৰা । ২০১৪ চনত সুস্মিতা দেৱ জয়ী হৈছিল প্ৰায় ৩৫,০০০ ভোটৰ       ব্যৱধানত । তেখেতে পৰাজিত কৰিছিল অসম বিজেপিৰ পিতামহস্বৰূপ কবিন্দ্ৰ পুৰকায়স্থক । কিন্তু যোৱা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাৰ সমষ্টিবোৰৰ ভোটৰ বিন্যাসত বিজেপিয়ে কংগ্ৰেছতকৈ ১,১৬,৪৩১ টা ভোটৰ  ব্যৱধানত অাগবাঢ়ি  অাছিল।

 

                                শিলচৰ লোকসভাৰ অন্তৰ্গত লক্ষীপুৰ বিধানসভা সমষ্টিটোৰ  বাহিৰে অান সকলোতে বিজেপি জয়ী হয় । ইয়াৰে ‘সোনাই’ৰ পৰা বিজয়ী হয় বিজেপিৰ একমাত্ৰ মুছলমান বিধায়কজন । ২০১৬ ত বিজেপি অাগবাঢ়ি থাকিলেও সুস্মিতা দেৱৰ শক্তিশালী প্ৰাৰ্থীত্বৰ বাবে শিলচৰৰ যুঁজখন অাকৰ্ষণীয় হব বুলি অনুমান কৰিব পাৰি ।

মঙ্গলদৈ : মঙ্গলদৈত  বিপিএফৰ প্ৰভাৱ অাছে যদিও বিজেপি যোৱা তিনিটা লোকসভা নিৰ্বাচনতে  বিজয়ী হৈছে , তথাপি ২০১৪ ত ৰমেন ডেকা কানে কান  মাৰি বিজয়ী হৈছিল । দেখা গৈছিল যে ২০১৪ লোকসভা নিৰ্বাচনত  প্ৰায় ২৩,০০০ ভোটৰ ব্যৱধানত জয়ী হোৱা বিজেপি , ২০১৬ বিধানসভা নিৰ্বাচনৰ সময়ত  বিপিএফ ৰ লগত  মিত্ৰতা কৰাৰ ফলত  মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাৰ সমষ্টিবোৰত বিজেপি মিত্ৰজোঁট  ২,১৬,২৫৬ ভোটত অগবাঢ়ি  আছে ।

 

২০১৬ ত মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০ টা বিধানসভাৰ ৯ টাতে জয়ী হয় বিজেপি মিত্ৰজোঁত । বিজেপি দলে   ৫ টা আৰু বিপিএফ  দলে ৪ টা বিধানসভা সমষ্টি দখল কৰে । বিজেপি অাৰু  বিপিএফৰ মিত্ৰতা অটুট থাকিলে মঙ্গলদৈত  তেওঁলোকৰ বিজয় প্ৰায়  নিশ্চিত ।

বাকী সমষ্টি কেইটাৰ বিশ্লেষণ অহা খণ্ডত প্ৰকাশ পাব

ৰজনীৰ ৰাজনীতি : চলিবনে ইয়াতো চিনেমাৰ যাদু ?

দেবজিত দত্ত

তামিলনাডু অসমৰ মানুহৰ কাৰণে অতি চিনাকী নাম । সুদুৰ দক্ষিণত হোৱা স্বত্তেও তামিলনাডুক  মানুহে  জানে   ‘ মাদ্ৰাজ ‘ ৰ বাবে । এতিয়াও কেন্সাৰ বুলি ক’লে ভেল্লোৰ আৰু ডাঙৰ বেমাৰ বুলি ক’লে এপ’লো আমাৰ মনলৈ আহে । মাৰ্চ মাহত এনেকুৱা কিছুমান কাৰণতেই  গৈছিলো চেন্নাইলৈ । ইদলি , বগা চোলা , সাগৰীয় মাছ আদিৰ মাজতে মানুহখিনিৰ সামাজিক অাৰু ৰাজনৈতিক অনুভুতি জনাৰ চেষ্টা কৰিছিলো । চেষ্টা আছিল একেবাৰে ‘গ্ৰাউণ্ড জিৰো’ ৰিপোৰ্ট লোৱাৰ । পোনপ্ৰথমে অলপ পুৰণি ৰাজনীতিৰ কথা জনাৰ আগ্ৰহ জন্মিছিল ।

চক্ৰৱৰ্তী ৰাজাগোপালাছাৰি আৰু কে কামৰাজ এই দুজন কংগ্ৰেছ নেতাই স্বাধীনতাৰ পিছৰ কালছোৱাত তামিলনাডুক নেতৃত্ব  দিছিল । দ্ৰাৱিড় ৰাজনীতিয়ে কালক্ৰমত ৰাষ্ট্ৰীয় দল কংগ্ৰেছক শাসনৰ পৰা ওফৰাই পেলায় । ১৯৬০ চনৰ পৰা শিপাই অহা        ‘হিন্দী ভাষা বিৰোধী’ আন্দোলনে তামিলনাডুত কংগ্ৰেছক শাসনৰ পৰা ওফৰাই  আঞ্চলিক দলৰ উত্থান সম্ভৱ কৰি তোলে । সেইমৰ্মে ১৯৬৭ চনত কংগ্ৰেছক পৰাভুত কৰি ডি এম কে দল ক্ষমতালৈ আহে । আজিপৰ্যন্ত প্ৰায় ৫০ বছৰ কাল কংগ্ৰেছ দল শাসনত আহিব পৰা নাই । কালক্ৰমত ডি এম কে দলত নেতৃত্ব কেন্দ্ৰীক বিবাদৰ ফলত নতুন কিছুমান দ্ৰাৱিড়ীয় আদৰ্শৰ  দল গঠন হয় । তেনে এটা দল হ’ল এ আই ডি এম কে । তামিল  চিনেমাৰ মহানায়ক এম জি ৰামচন্দ্ৰনৰ নেতৃত্বত ১৯৭৭ চনত গঠন হয় এ আই ডি এম কে । ১৯৬৭ চনৰ পৰা আজি পৰ্যন্ত আঞ্চলিক দল ডি এম কে  আৰু এ আই ডি এম কে দলৰ মাজতে সীমাবদ্ধ আছে তামিলনাডু ৰাজ্যৰ চৰকাৰ । মাত্ৰ সলনি হৈছে নেতৃত্ব আৰু মুখ্যমন্ত্ৰী  ।

তামিলনাডু আৰু ভাৰতৰ আন ৰাজ্যৰ ৰাজনৈতিক নেতাৰ মাজত এটা ডাঙৰ পাৰ্থক্য হ’ল তামিলনাডুত চিনেমাৰ নায়কসকলে বহু সময়ত ৰাজনীতিৰ পথাৰখনত সফলতা পায় । যিটো অইন ৰাজ্যত সহজতে দেখা নাপায় । ৰাজনৈতিক দলৰ পোষ্টাৰ- বেনাৰ আৰু তামিল চিনেমাৰ পোষ্টাৰৰ জাকজমকতা প্ৰায় সমপৰ্যায়ৰ । তামিলনাডুৰ ৰাজনীতিত বৰ্তমান সময়ত আটাইতকৈ উল্লেখযোগ্য ঘটনা হ’ল চিনেমাৰ  চুপাৰষ্টাৰ ৰজনীকান্তৰ ৰাজনীতিত প্ৰৱেশ । বিভিন্ন ৰাজ্যত যেনেকৈ বিজেপিয়ে পৰিবৰ্তনৰ শ্লোগান দিছে তেনেকৈ ৰজনীকান্তে দিছে  ‘শুণ্যতা ‘ৰ শ্লোগান । ৰজনীৰ যুক্তিত এ আই ডি এম কে ৰ নেত্ৰী জয়াললিতাৰ মৃত্যু পিছত  আৰু  ডি এম কে দলৰ নেতা এম কৰুণানিধিৰ দুৰ্ৱল স্বাস্থ্য আৰু বাৰ্ধক্যই তামিলনাডুৰ ৰাজনীতিক শুণ্যতাই গ্ৰাস কৰিছে । বৰ্তমান এ আই ডি এম কে নেতৃত্বৰ চৰকাৰখন অতি দুৰ্ৱল আৰু দিশহীন বুলি ৰাইজে ধৰি লৈছে । কাৰণ জয়াললিতাৰ অনুপস্থিতিত বাকী নেতাসকল ৰাইজৰ মাজত গ্ৰহণযোগ্য নহয় ।  ইয়াৰ প্ৰধান কাৰণ হ’ল জয়াললিতা জীয়াই থকা সময়ছোৱাত তেওঁ দল আৰু চৰকাৰক একক ভাবে নেতৃত্ব দিছিল । আনহাতে  ডি এম কে নেতা কৰুণানিধিৰ বয়স নব্বৈৰ উৰ্ধত আৰু তেওঁৰ স্বাস্থ্যৰ অবনতিৰ ফলস্বৰুপে  উত্তৰাধিকাৰী হিচাপে দলক নেতৃত্ব দিছে পুত্ৰ ষ্টেলিনে । কি্ন্তু দলৰ পৰিয়ালকেন্দ্ৰীক চৰিত্ৰ আৰু ষ্টেলিনৰ ভাৱমুৰ্তী নিকা নোহোৱাৰ ফলত অধিক ক্ষতিৰ সন্মুখিন হৈছে ডি এম কে দল ।

এনে এক সময়ৰ পুৰ্ণ সুযোগ গ্ৰহণ কৰি ৰজনীয়ে শুণ্যতা পুৰণৰ শ্লোগান দি নিজকে প্ৰক্ষেপ কৰিছে । থিক এতিয়াৰ পৰা ৪০ বছৰ আগত তামিলনাডুৰ ৰাজনীতিত নতুনত্ব আনিছিল সেইসময়ৰ দক্ষিন ভাৰতৰ চিনেমাৰ মহানায়ক এম জি ৰামচন্দ্ৰনে চমুকৈ এম জি আৰ  । যিজন ব্যক্তি চিনেমাত যেনেকৈ নায়ক আছিল তেনেকৈ তামিলনাডুৰ ৰাজনীতিতও নায়ক হ’বলৈ সক্ষম হৈছিল । গোটেই জীৱন সমাজৰ নামত উচৰ্গা কৰা এম জি আৰৰ  মৃত্যুৰ পিছত সমষ্ট সম্পত্তি দলক দান হিচাপে দি গ’ল তেওঁৰ পত্নীয়ে । এম জি আৰ ধাৰা আনিবলৈ ৰজনীয়ে চেষ্টা কৰা পৰিলক্ষিত হ’ল য়েতিয়া আমি দেখা পালো ৰজনীয়ে নিজৰ আৰু এম জি আৰ একেলগে উঠা ফটোৰে পোষ্টাৰ বনাই তেওঁৰ দলৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰ কৰিছে ।

ৰজনীৰ সমসাময়িক আন এজন তামিল অভিনেতা কমল হাচানেওঁ নিজা ৰাজনৈতিক দল গঠন কৰি  ৰাইজৰ মাজলৈ আহিছে । কমল হাচানৰ কিছুমান চিনেমা যিদৰে হিট নোহোৱা স্বত্তেও বিতৰ্কিৰ কাৰণে শিৰোনমা দখল কৰিছিল তেনেকৈ দলৰ সাংগঠনিক ভেটি যিয়েই নহওক দল আৰম্ভ কৰিয়েই বিভিন্ন বিতৰ্কিত মন্তব্যৰে তেওঁ সংবাদজগতৰ শিৰোনমা দখল কৰিছে ।

 

 

বৰ্তমানৰ তামিলনাডুৰ ৰাজনৈতিক পৰিবেশকলৈ সাধাৰণ ৰাইজৰ কি প্ৰতিক্ৰিয়া তাক জনাৰ চেষ্টা কৰিছিলো । চেন্নাইত থকা প্ৰায় দহদিনত লগ পাইছিলো কৰ্মসুত্ৰে তামিলনাডুৰ বিভিন্ন জিলাৰ পৰা অহি চেন্নাইত বাস কৰি বিভিন্ন কামত আত্মনিয়োগ কৰা কিছুমান মানুহক  । ভেংকতেশ বয়স প্ৰায় ৪৫ বছৰ । দুখন ইণ্ডিকা আছে । এখম ভাড়াত দিয়ে আৰু আনখন নিজে চলায় । চেন্নাইত থকা সময়ছোৱাত আমাৰ ঘুৰা ফুৰাৰ একমাত্ৰ সাৰথি ভেংকতেশৰ ইণ্ডিকা । ঘৰ চেন্নাইৰ পৰা প্ৰায় ৮০ কি: মি: দুৰত কাঞ্চিপুৰম জিলাত । চেন্নাইত অকলে থাকে । বস্তি অঞ্চলৰ দৰে ঠাই এখনত থাকে । তেওঁৰ লগত থকা মানুহখিনিক লগ কৰিম বুলি কোৱাত এদিন আৱেলি লৈ গ’ল তেওঁ থকা ঠাইখনলৈ । মেইন ৰাস্তাৰ পৰা সোমাই যাব লাগে ।   সৰু বাট এটাৰ দুয়োকাষে ঘৰ । চাই বাবা , মাডাৰ মেৰী , আম্বেদকাৰ আদিৰ মুৰ্তিবিলাক চাই চাই তেওঁৰ ঘৰ উঠিলো । তাত থকা প্ৰায় সকলোৱে অসম , গুৱাহাটী , শ্বিলংৰ কথা জানে । হয়টো এইয়া এপ’লো বা ভেল্লোৰ এফেক্ট । মানুহৰখিনিৰ কথাত গ’ম পালো এতিয়াও তাত মোদী , ৰাহুল , অমিত শ্বাহ নামবিলাক ৰাজনৈতিক মানচিত্ৰৰ পৰা বহু দুৰত । বৰ্তমান চৰকাৰৰ কামত মুঠেও সন্তুষ্ট নহয় । জয়াললিতাৰ পিছত এজনো নেতাৰ কামকলৈ সন্তুষ্ট নহয় তেওঁলোক । মুঠৰ ওপৰত আম্মাৰ মৃত্যুৰ পিছত এ আই ডি এম কে ৰ প্ৰতি অলপো আগ্ৰহী নহয় । তেন্তে বিকল্প কি ? ডি এম কে দল বিকল্প বুলি কৈও বিৰক্তি প্ৰকাশ কৰিলে তেওঁলোকৰ দুৰ্ণীতি আৰু পৰিয়াল কেন্দ্ৰীক ৰাজনীতিকলৈ ।  মহেশ থমাচ ৩৬ -৩৭ বছৰ বয়সৰ  প্লামবাৰ । ৰজনীকান্ত ফেন ক্লাবৰ সদস্য । তেওঁ ক’লে   ”ৰাজনীতি নহয় সব দুৰ্নীতি হয় ।” ৰজনীৰ” খৱৰে তেওঁক চুই যোৱা নাই । তেওঁ প্ৰশ্ন কৰিলে  “ক’ত আছিল ইমান দিন তেওঁ যেতিয়া কাবেৰীৰ পানী তামিলনাডুৰ কৃষকে নাপায় ।”  কমল হাচানকলৈ অলপো চিৰিয়াচ দেখা নগ’ল এজন মানুহকো ।

নতুন প্ৰজন্মৰ যুবক – যুবতীসকলে অইন ৰাজ্যৰ দৰে তামিলনাডুতও নিজকে নিয়োগ কৰিছে বহু ৰাষ্ট্ৰীয় কোম্পানীবোৰত । বিভিন্ন কাৰিকৰী শিক্ষা বা এম বি এ আদি শিক্ষাগত অৰ্হতাৰ যুবকসকলে ৰাতিপুৱা ১০ বজাৰ পৰা ৰাতি ৯ বজালৈ কাম কৰে । এইসকলেই হ’ল নতুন প্ৰজন্মৰ ভোটাৰ । নিৰ্বাচন আয়োগৰ তথ্যমতে ২০২১ চনৰ তামিলনাডু বিধান সভা নিৰ্বাচনত নতুন ভোটাৰ বৃদ্ধি পাৱ প্ৰায় ৪০ লাখ । সেয়ে অনাগত নিৰ্বাচনবোৰত এই ভোটাৰ সকলে বিশেষ ভুমিকা লোৱাটো প্ৰায় খাতাং ।  কুমাৰ স্বামী পেছাত এজন মাৰ্কেটিং টিম লিডাৰ । তেওঁ মোদী, অমিত শ্বাহ, ৰাহুল সকলোৰে খবৰ ৰাখে । দেউতাক, খুড়াকহ’তৰ দৰে অকল ডি এম কে বা  এ আই ডি এম কে মাজতে জ্ঞান সীমাৱদ্ধ হোৱাটো তেওঁ নিবিচাৰে ।   ৰাষ্ট্ৰীয় দলৰ বিভিন্ন নীতিৰ মাজত নিজেক বিচাৰি যায় । প্ৰধানমন্ত্ৰী মোদীৰ বিদেশ ভ্ৰমনে বহু ৰাষ্ট্ৰীয় কোম্পানীত কাম কৰা এনেকুৱা নতুন প্ৰজন্মৰ ল’ৰাখিনিৰ ওপৰত পৰা প্ৰভাব পেলাইছে । নিজৰ চাকৰিৰ সুবিধা অাৰু মোদীৰ বিদেশ নীতিৰ সামঞ্জস্য বিচাৰি যায়  । দুৰ্নীতিৰ পৰা মুক্ত নোহোৱা দ্ৰাৱিড় ৰাজনীতিত এওঁলোকে নিজকে একাকাৰ নকৰে । বিজেপিৰ দুৰ্বল সাংগঠনিক ভেটি আৰু প্ৰভাৱশালী স্থানীয় নেতাৰ অভাবৰ ফলত বিজেপি নতুন প্ৰজন্মৰ বিকল্প চিন্তা এতিয়াও নহয় ।

কিন্তু ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ কথা অলপ সুকীয়া । বিজেপিৰ তুলনাত কংগ্ৰেছৰ দলৰ স্থিতি অধিক সুদৃঢ় । কাৰণ এসময়ৰ সফল মুখ্যমন্ত্ৰী কে. কামৰাজৰ স্মৃতি এতিয়াও ৰাইজৰ মাজত সজীৱ । কিন্তু কংগ্ৰেছ দলে ডি এম কেৰ লগত মিত্ৰতা কৰি ‘সতী’ হোৱাৰ মানসিকতাৰ ফলত কংগ্ৰেছ দল আৰু ভোটাৰ ৰাইজৰ মাজতযে দুৰত্ব যে বাঢ়ি গৈ থাকিব সেয়া স্পষ্ট । এইবিলাক কথাই আমাক মনত পেলাই দিলে ত্ৰিপুৰাত কংগ্ৰেছ দলে চি পি এমৰ লগত মিত্ৰতা কৰি নিজৰ হাতৰ কুঠাৰ ভৰিত মৰাৰ কথা ।

ৰজনীকান্ত আৰু কমল হাচানে ৰাজনীতিত  কেনেকুৱা প্ৰভাব পেলাব পাৰে তাকে লৈ আলোচনা আৰম্ভ কৰিলো । কাৰ্তিক বীমা কোম্পানী এটাৰ এজেন্ট । মাদ্ৰাজ খ্ৰীষ্টান কলেজৰ স্নাতক । ৰজনীকলৈ যথেষ্ট  আশাবাদী । আচলতে ৰজনীৰ শক্তি হ’ল নতুন প্ৰজন্মৰ ভোটাৰ আৰু ডি এম কে বিৰোধী ভোটাৰ যিসকলে বিকল্প নথকাৰ ফলতেই এ আই ডি এম কে দলক সমৰ্থন কৰি   আহিছে । জয়াললিতাৰ মৃত্যুৰ পিছত এ আই ডি এম কে দলত আগ্ৰহ নোহোৱা হৈ যোৱাা  এক গৰিষ্ঠ সংখ্যক ৰাইজ আছে যিসকলে  ডি এম কে দলক কোনোপধ্যে সমৰ্থন নকৰে আৰু শক্তিশালী বিকল্পৰ সন্ধানত আছে । এই তিনিটা কাৰকেই প্ৰধানত: ৰজনীকান্তৰ ভেটি বুলি ভাবিব পাৰি । মানুহখিনিৰ লগত আলোচনা কৰি এনে ভাব হয়যে আৰু দুটা নিৰ্বাচনৰ পিছত তামিলনাডুৰ ৰাজনীতিত জাত – পাত ,সম্প্ৰদায় , ভাষাৰ ৰাজনীতি সমাপ্ত হৈ যাৱ । বৈদিক হিন্দুক বিৰোধীতা কৰি ৰাজনীতিৰ পথাৰত খোজ দিয়া নিয়ম এতিয়া অতীত । যিটো প্ৰমানিত হ’ল ৰজনীৰ হিমালয়লৈ আধ্যাত্মিক যাত্ৰাৰ পৰা ।  ২০২১ চনলৈ উন্নয়নৰ ৰাজনীতিক অগ্ৰাধিকাৰ দিয়া  নতুন প্ৰজন্মৰ প্ৰায় ৪০ লাখ ভোটাৰ , জয়াললিতাৰ অনুপস্থিতি , কৰুণানিধিৰ বৃদ্ধ অৱস্থা , এ আই ডি এম কেত নেতৃত্বৰ  অভাব , ডি এম কে ৰ পৰিয়ালকেন্দ্ৰীক ৰাজনীতি আৰু দুৰ্নীতি , দিশহীন কমল হাচান , কংগ্ৰেছৰ ডি এম কেৰ লগত আসন্ন মিত্ৰতা আৰু প্ৰভাব শুণ্য অমিত শ্বাহ – মোদী আদি কাৰকে সহায় কৰিব একমাত্ৰ ৰজনীকান্তক । কিন্তু এইখিনিতে গুৰুত্বপুৰ্ণ কথাটো হ’ল ৰাজনীতিৰ ক্ষেত্ৰখনত নৱাগত ৰজনীয়ে সংগঠন কেনেকৈ কৰিব আৰু নিজৰ ফেন ক্লাৱবোৰক কেনেদৰে বুথ সমিতিলৈ ৰূপান্তৰ কৰে তাৰ ওপৰতে সমষ্ট তামিলনাডুৰ ৰাজনীতি নিৰ্ভৰ কৰিব ।

কৰ্ণাটকত কংগ্ৰেছ?

ৰাজ ইফটিকাৰ হুছেইন

“মোৰ নামত ৰাম অাছে” – এই কথাষাৰ কেইদিনমান আগতে কৈছিল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী  চিদ্দাৰামাইয়াই। এইটো কংগ্ৰেছৰ নৰম হিন্দুত্বৰ এক উদাহৰণ বুলি বহুতে ভাৱে  । আচলতে কংগ্ৰেছৰ বাবে কৰ্ণাটকৰ নিৰ্বাচন অতি গুৰুত্বপুৰ্ণ । সেইবাবে চিদ্দাৰামাইয়াই সৰ্বতো প্ৰকাৰে চেষ্টা কৰিছে কংগ্ৰেছৰ বিজয়ৰ বাবে। কৰ্ণাটকত পৰাজয় হ’লে কংগ্ৰেছৰ হাতত ডাঙৰ ৰাজ্য থাকিব মাত্ৰ  পঞ্জাৱ। বিজেপি ইয়াত জয়ী হলে ,এইখন তেওঁলোকৰ দখলত থকা  ২২ তম ৰাজ্য হব ।

কৰ্ণাটকৰ ইতিহাস চালে দেখা যায় যে ইয়াত মুলত:  কংগ্ৰেছ আৰু জনতা দলৰ মাজত প্ৰতিদ্বন্দিতা হৈছিল । কিন্তু যোৱা  প্ৰায় পাচঁটা বিধানসভা নিৰ্বাচনত বিজেপিৰ উত্থান হৈছে অাৰু নিৰ্বাচন  তিনিকোণীয়া হৈছে । তলত যোৱা চাৰিটা বিধানসভা নিৰ্বাচনত এই তিনিটা দলে কিমান অাসন পাইছিল সেই বিষয়ে  উল্লেখ কৰা হৈছে ।

চন           কংগ্ৰেছ         বিজেপি        জনতাদল

২০১৩         ১২২             ৪০            ৪০
২০০৮         ৮০             ১১০           ২৮
২০০৪          ৬৫             ৭৯           ৫৮
১৯৯৯        ১৩২             ৪৪            ১০

১৯৯৯ চনত জনতা দলক পৰাস্ত কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল । এচ,এম,কৃষ্ণা হৈছিল মুখ্যমন্ত্ৰী । ২০০৪ চনত কোনো দলে সংখ্যাগৰিষ্ঠতা নাপালে । প্ৰথম বাৰৰ বাবে বিজেপি সৰ্ববৃহৎ দল হ’ল । ২০০৪  ৰ পৰা ২০০৮ লৈ  ৪ বছৰত তিনিজন মুখ্যমন্ত্ৰী হয় । প্ৰথমে কংগ্ৰেছৰ ধৰম সিং, পিছত জনতা দলৰ কুমাৰস্বামী আৰু ৭ দিনৰ বাবে বিজেপিৰ য়েদুৰাপ্পা মুখ্যমন্ত্ৰী হৈছিল । দক্ষিণ ভাৰতত বিজেপিৰ প্ৰথম চৰকাৰৰ অভিজ্ঞতা মুঠেও সুখৰ নাছিল । অৱশ্যে ২০০৮ চনত ১১০ খন আসন দখল কৰি বিজেপি পুনৰ ক্ষমতালৈ আহে । বিজেপিৰ ৫ বছৰীয়া শাসন কালে ৰাইজক খুব তিক্ততা দিয়ে । তিনিজন মুখ্যমন্ত্ৰী, দুৰ্নীতিৰ অভিযোগ, য়েদুৰাপ্পাৰ  জেলযাত্রা আদিয়ে নিশ্চিত কৰিলে ২০১৩ ত বিজেপিৰ পৰাজয় । ২০১৩ চনত কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহে । ১২২ খন অাসন দখল কৰি  চিদ্দাৰামাইয়া কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হয় । যেদুৰাপ্পাই বিধান সভাৰ আগে আগে বিজেপিৰ পৰা ওলাই গৈ নিজৰ দল গঠন কৰিছিল যদিও ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ  আগে আগে পুনৰ বিজেপিলৈ প্ৰত্যাৱৰ্তন কৰে ।

কৰ্ণাটকৰ ৰাজনীতিত জাত পাতে  প্ৰভাৱ পেলায়। অতীজৰে পৰা কৰ্ণাটকৰ ৰাজনীতি লিংগায়ট আৰু ভোক্কালিকা এই  দুটা সম্প্ৰদায়ৰ নেতাই  নিয়ন্ত্ৰন কৰি অাহিছে । দলৰ স্থান তেওঁলোকৰ বাবে গৌণ। মুখ্য হ’ল দলৰ  মুৰব্বীজনৰ  সম্প্ৰদায়টো । উদাহৰণস্বৰূপে লিংগায়ট সম্প্ৰদায়ে ইতিমধ্যে বিজেপিক সমৰ্থন দিয়াৰ সিন্ধান্ত লৈছে । কাৰণ বিজেপিৰ মুখ্যমন্ত্ৰী  পদৰ প্ৰাৰ্থী য়েদুৰাপ্পা  লিংগায়ট । জনতা দল (চেকুলাৰ) ৰ  মুৰব্বী হ’ল প্ৰাক্তন প্ৰধান মন্ত্ৰী দেৱেগৌড়া  আৰু তেওঁ হ’ল  ‘ভোক্কালিগা ‘ সম্প্ৰদায়ৰ লোক । সেইবাবে ‘ভোক্কালিগা’ সকলে জনতা দল( চেকুলাৰ) ক সমৰ্থন কৰিব । বৰ্তমানৰ  মুখ্যমন্ত্ৰী চিদ্দাৰামাইয়া কুৰুৱা সম্প্ৰদায়ৰ । এটা বেচৰকাৰী সংস্থাই কৰা চাৰ্ভে অনুসৰি কৰ্ণাটকত ১৭% লিংগায়ট, ১৩%  ভোক্কালিগা, ১২% মুছলমান, ২০% দলিত, ৭% কুৰুৱা , ৩% বামুন অাৰু বাকী অন্যান্য সম্প্ৰদায়ৰ মানুহ অাছে ।
বিজেপিয়ে ১৭% লিংগায়ট অাৰু অন্যান্য উচ্চ বৰ্ণৰ হিন্দুৰ  সমৰ্থন লাভ কৰিব কৰি আহিছে । কিন্তু বৰ্তমানৰ কংগ্ৰেছ চৰকাৰখনে ‘ লিংগায়ট ‘ মানুহখিনিক ধৰ্মীয় সংখ্যালঘুৰ মৰ্য্যদা দিবৰ কাৰণে বিধান সভাত বিল উত্থাপন কৰিছে আৰু সেইমৰ্মে কেন্দ্ৰীয় চৰকাৰলৈ সন্মতিৰ বাবে  প্ৰতিবেদন পঠিয়াইছে  । কংগ্ৰছৰ এইটো পদক্ষেপক লিংগায়ট খিনিয়ে নিৰ্বাচনৰ সময়ত কিদৰে সহাঁৰি জনায় তাৰ ওপৰত বিজেপিৰ নিৰ্বাচনত সফলতা বহু পৰিমানে নিৰ্ভৰ কৰিব ।  জনতা দলে ভোক্কালিগাৰ সমৰ্থন পাইছে । কংগ্ৰেছৰ  প্ৰতি কুৰুৱা অাৰু মুছলমানৰ সমৰ্থন অাছে । বাকী থকা ২০% দলিতে নিৰ্ণয় কৰিব কৰ্ণাটকৰ পৰৰ্ৱতী মুখ্যমন্ত্ৰী ।  বিভিন্ন অ’পিনিয়ন প’ল মতে কৰ্ণাটকত এইবাৰ ওলোমা  বিধানসভা হব । ৫ টা অ’পিনিয়ন প’ল ৰ ফলাফল তলত দিয়া  হৈছে।

 

 

ফেব্ৰুৱাৰীত কৰা অ’পিনিয়ন প’ল বিলাকৰ গড় ল’লে দেখা  যায় যে কোনো এটা দলেই  সংখ্যাগৰিষ্ঠতা নাপায় । অৱশ্যে নিৰ্বাচনলৈ এতিয়াও এমাহ বাকী । সময় যোৱাৰ লগে লগে ছবিখন পৰিষ্কাৰ হব । বিজেপি অাৰু কংগ্ৰেছ  দুয়োটা দলৰ সপক্ষে কাম কৰিব পৰা কিছু  কাৰক তলত উল্লেখ কৰা হৈছে। এই কাৰকবোৰে যিকোনো দলৰ পক্ষে ঢৌ সৃষ্টি কৰাত সহায় কৰিব  পাৰে ।

বিজেপি

১) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তাই বিজেপিক  সুফল দিব পাৰে। মোডীৰ জনসভাবোৰে বিজেপিৰ সপক্ষে ঢৌ সৃষ্টি কৰাৰ  সম্ভাৱনীয়তা নুই কৰিব নোৱাৰি ।

২) ১৯৮৫ চনৰ পিছত  কৰ্ণাটকত কোনোৱে  একেৰাহে দুবাৰ মূখ্যমন্ত্ৰী  হবলৈ সক্ষম হোৱা নাই।

৩) চিদ্দাৰামাইয়া চৰকাৰৰ কিছুমান মন্ত্ৰী যেনে জৰ্জ, শিৱকুমাৰ অাদিৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগে অহা নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ আশা অাছে।

৪) বিজেপিৰ ব্যাপক প্ৰচাৰ অাৰু ডিজিটেল মাধ্যমৰ প্ৰয়োগ ।

৫) লিংগায়ট ইচ্যুটোৱে  কিন্তু ওলোটাকৈ বিজেপিকহে সহায় কৰিব পাৰে নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়ছোৱাত ।

 

কংগ্ৰেছ

১) যদিও মন্ত্ৰীসভাৰ  কেইজমান সদস্যৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ অাছে, তথাপি  চিদ্দাৰামাইয়াৰ ব্যক্তিগত ভাৱমুৰ্তি  নিকা।

২) কানাড়া মানুহৰ  কথা কৈ কানাড়া ভাষী লোকসকলৰ মন জয় কৰিবলৈ  চেষ্টা কৰিছে কংগ্ৰেছে ।

৩) পুৰ্বৰ বিজেপি চৰকাৰৰ ব্যৰ্থতা।

৪) লিংগায়ট সম্প্ৰদায়ক ধৰ্মীয় সংখ্যালঘুৰ মৰ্য্যদা প্ৰদান কৰাই কংগ্ৰেছক প্ৰভাৱিত কৰিব ।

৫) নৰম হিন্দুত্বৰে উচ্চবৰ্ণৰ  হিন্দুক নিজৰ কাষ চপাই  অনাৰ প্ৰচেষ্টা ।

শেষত এই কথা ক’ব পাৰি যে এইবাৰ কৰ্ণাটকৰ  যুঁজখন  অাকৰ্ষণীয় হব। জনতা দলৰ অাসনৰ সংখ্যাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব ।বৰ্তমান সময়ত কৰ্ণাটকৰ মানুহৰ মাজত থাকি ধাৰণা হয় যে বিজেপি দলে আশা কৰা ধৰণৰ ফল পোৱাটো কঠিন হ’ব । সেইদৰে কংগ্ৰেছক প্ৰভাৱ পেলাব প্ৰৱল প্ৰতিষ্ঠান বিৰোধী ঢৌ এটাই । এইবাৰ জনতা দল (চেকুলাৰ) হব  পাৰে কৰ্ণাটকৰ কিং মেকাৰ । তেন্তে ৰাষ্ট্ৰীয় ৰাজনীতিত পুনৰ গুৰুত্ব পাব দেৱেগৌড়াই । মাজত অপেক্ষা মাত্ৰ ১ মাহ।

বাজেট ২০১৮-২০১৯ : কিছু চিন্তা কিছু দুশ্চিন্তা

ড ০ সুশান্ত কুমাৰ কাশ্যপ

অসমৰ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ দ্বিতীয়খন বাজেট বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ” শুভম কৰোতি কল্যানম  , আৰোগ্যম ধন-সম্পদা  । শক্ৰ বুদ্ধি বিনাশয় , দীপজ্যোতি নমস্তুতে ।। ”  শীৰ্ষক শ্লোকেৰে যোৱা ১২ মাৰ্চ ২০১৮ ইং তাৰিখে সদনৰ মজিয়াত উত্থাপন কৰে । যদিও যোৱা বৰ্ষত চৰকাৰৰ ৯৯৯.৯৯ কৌটি টকা ৰাহি হৈছে , কিন্তু পুৰ্বৰ ৩১৪৯.০৪ কৌটি টকাৰ ঘাটিৰ বাবে এইবাৰ বাজেটত সৰ্বমুঠ ২১৪৯.০৪ কৌটি টকা ঘাটি দেখুওঁৱা হৈছে । আশা কৰা হৈছে আগন্তুক বৰ্ষত এই ঘাটি পুৰণ কৰিবলৈ সমৰ্থ হ’ব । হয়তো পূৰ্বৰ ৰাজহ ঘাটিৰ পৰিমান কম হ’লে আমি এখন ৰাহি বাজেট দেখিবলৈ   পালোহেতেন ।

২০১৮-১৯ বাজেটখন একেষাৰে ক’বলৈ গ’লে বিভিন্ন অভিলাসী আচঁনিৰে এখন উন্নয়নমূখী বাজেট । আপাত দৃষ্টিত বাজেটখন চমক সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি কৰা য়েন লাগিলেও অসমৰ সামগ্ৰিক উন্নয়নৰ বাবে এনেকুৱা এখন বাজেটৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি । প্ৰথমতে আহো বাজেটত বিশেষ গুৰুত্ব পোৱা শিক্ষা বিভাগলৈ । কেৱল প্ৰাথমিক শিক্ষা অনুষ্ঠানৰ আন্ত:গাঠনি উন্নয়নৰ বাবে বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত অতিৰিক্ত শ্ৰেণীকোঠা , ভিতৰৰ বেৰ আৰু বৈদ্যুতিকৰণৰ  বাবে ৯৮০ কৌটি টকা ধাৰ্য্য কৰা হৈছে । যোৱা বছৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়ত গুণোৎসৱ আয়োজন হৈ যোৱাৰ পিছত এনেকুৱা বৃহৎ পৰিমাণৰ ধনৰ আৱন্তন তাৎপৰ্যপূৰ্ণ । ইয়াৰ উপৰিও যোৱা কেইবছৰমানৰ পৰা চিকিৎসা , কাৰিকৰী আৰু উচ্চ শিক্ষা সম্প্ৰসাৰণৰ বাবে মেডিকেল কলেজ , অভিযান্ত্ৰিক কলেজ আৰু বিশ্ববিদ্যালয় স্থাপনৰ কথা ঘোষনা কৰা হৈ আছে । ইতিমধ্যে কেইবাখনৰ নিৰ্মাণৰ কামও  আৰম্ভ হৈছে ।  এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিবযে স্বাধীনোত্তৰ কালত অসমত যিকেইখন বিশ্ববিদ্যালয় , চিকিৎসা মহাবিদ্যালয় , অভিযান্ত্ৰিক কলেজ স্থাপন হৈছিল ,পৰৱৰ্তী সময়ত আশী , নব্বৈ দশক পৰ্য্যন্ত চৰকাৰী খণ্ডত কোনো ধৰণৰ চৰকাৰী উচ্চশিক্ষাৰ অনুষ্ঠান গঢ়লৈ নুঠিল । ক’বলৈ শিক্ষাকে ধৰি প্ৰায় সকলোবিলাক খণ্ডতে স্থবিৰতাই বিৰাজ কৰিছিল । এই স্থবিৰতাৰ বাবে সেই সময়বোৰত তদানিন্তন চৰকাৰবোৰে নকৰা কামবিলাকৰ বোজা এতিয়াৰ চৰকাৰবোৰৰ মূৰৰ ওপৰত পৰাৰ বাবে যোৱা কংগ্ৰেছ চৰকাৰৰ শেষৰ কেইবছৰ মানৰ পৰা অসমত চিকিৎসা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় নিৰ্মাণৰ ধুম উঠিছে । বৰ্তমান বিজেপি চৰকাৰ খনেও ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰা পৰিলক্ষিত হৈছে । এতিয়াও অসমৰ জনসংখ্যা অনুপাতে চাহিদা অনুযায়ী মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সংখ্যা কম । গতিকে এনেধৰণৰ শিক্ষানুষ্ঠান স্থাপন অতি জৰুৰী । এইবাৰ বাজেটত ২০ খন আইন আৰু বিএড কলেজ স্থাপনৰ প্ৰস্তাৱ ৰখিছে । আঙুলিৰ মূৰত লেখিব পৰা নগণ্য সংখ্যক বিএড আৰু আইন কলেজ থকা অসমত এনেবোৰ প্ৰস্তাৱ আদৰণীয় । যদিও যোৱা কিছুবছৰৰ পৰা প্ৰতিবাৰেই বাজেটত এনেবোৰ ঘোষনাই ৰাইজক চিন্তাত নেপেলোৱা নহয় । কিন্তু যি সময়ত এইবোৰ ঘোষনা হ’ব লাগিছিল মানে ৮০-৯০ ৰ দশকবোৰত , সেইসময়ৰ চৰকাৰবোৰে কৰিব নোৱাৰাৰ ফলত এতিয়া প্ৰতিখন বাজেটত একেবিলাক কথাই উত্থাপন কৰিব লগাত পৰিছে । চৰকাৰী খণ্ডত শিক্ষানুষ্ঠান স্থাপনে যিদৰে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব তেনেদৰে নিবনুৱা সমস্যা সমাধানতো ভাল পদক্ষেপৰ আশা কৰিব পাৰি । এটা কথা ঠিক যে ঘোষনাই বাস্তৱ ৰূপ পোৱা যাত্ৰা কালছোৱা অতি গুৰুত্বপূৰ্ণ ।

এইবাৰ বাজেটত আন এক উল্লেখযোগ্য দিশ হ’ল কৃষি ক্ষেত্ৰত ১৮০১.১৪ কৌটি টকাৰ আৱন্টন । বিগত কালছোৱাত দেখা গৈছে যে কৃষিৰ বাবে আৱন্টিত ধনৰ ব্যাপক খেলিমেলি হয় । বিভিন্ন পৰ্য্যায়ৰ  দুৰ্নীতিয়ে কৃষিখণ্ডলৈ দুৰ্যোগ নমাই আনা বুলি ক’লেও ভুল কোৱা নহয় । এইবাৰ কৃষিৰ উপকৰণ ক্ৰয়ৰ বাবে প্ৰতিজন কৃষকলৈ ৫০০০ টকা সাহাৰ্য্যৰ প্ৰস্তাৱ ৰখা হৈছে । এইখিনিতে এটা গুৰুত্বপূৰ্ণ দিশ হ’ল কৃষকলৈ কৃষি সামগ্ৰী বিতৰণ কৰাতকৈ প্ৰত্যক্ষভাবে যদি প্ৰয়োজনীয় ধনখিনি  বেংকৰ একাউন্টত পঠোৱা হয় তেন্তে দুৰ্নীতি বহু পৰিমানে কমিব বুলি ধাৰণা হয় ।

গৃহ অাৰু ৰাজনৈতিক বিভাগলৈ ৫৫৮৪ কৌটি টকা আৱন্টনৰ প্ৰস্তাৱে বিভাগটোলৈ আশাৰ বতৰা অানিছে  । বিভিন্ন সময়ত সংৱাদ মাধ্যমৰ জৰিয়তে আৰক্ষী সকলৰ বিভিন্ন সমস্যা যেনে অস্বাস্থ্যকৰ পৰিবেশত বসবাস , থানা সমুহত আন্ত:গাঠনিৰ অভাৱ আদিৰ বিষয়ে অৱগত হোৱা যায় । সেয়ে বাজেটৰ ধনে কিছু হ’লেও সমস্যা দূৰ কৰিব পাৰিব বুলি আশা কৰিব পৰা যায় ।

২০১৮ -১৯ বাজেটত জনকল্যানমূলক আঁচনিৰ পয়োভৰ ঘটা বুলি ক’লে অত্যুক্তি কৰা নহ’ব । কনকলতা মহিলা সৱলীকৰণ যোজনা , স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা , সংখ্যালঘূ কণ্যা সন্তানৰ বৃত্তিমূলক আঁচনি , দীনদয়াল দিব্যাংগ আঁচনি আদিৰ দ্বাৰা সকলো স্তৰৰ জনসাধাৰণৰ উন্নয়নৰ যি চিন্তা কৰা হৈছে সেয়া আদৰণীয় । তদুপৰি এইবাৰৰ বাজেটত প্ৰতিটো বিধানসভা সমষ্টিত স্থানীয় বিধায়কে নিৰ্ধাৰণ কৰি দিয়া আঁচনিৰ ভিত্তিত  যি ” বিশিষ্ট প্ৰকল্প ” সমুহৰ বাবে ধনৰ আৱন্টন দিয়া হৈছে সেয়া বাজেটৰ এক নতুন দিশ বুলি বিবেচিত হৈছে । কিন্তু এটা কথা অনস্বীকাৰ্য্য যে বাজেটখনে প্ৰায় সকলো খণ্ড সামৰি ল’লেও ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত তাৎক্ষনিক পদক্ষেপ লোৱাৰ পৰা পিছুৱাই থাকিল । থলুৱা আৰু লঘু উদ্যোগৰ প্ৰতি বাজেটখন উদাসিন দেখা গ’ল ।

প্ৰতিবছৰেই ক্ষমতাত থকা দলৰ চৰকাৰখনে বাজেট উত্থাপন কৰি আহিছে । কিন্তু ইয়াৰ ৰূপায়ন কিমান হৈছে তাৰ পৰ্যালোচনা নহয় । নতুন বাজেট উত্থাপনৰ কৰাৰ আগদিনাখন আগৰ বাজেটখনৰ সফলতা আৰু বিফলতাৰ আলোচনা কৰাৰ নিয়ম ভাৰতবৰ্ষৰ সংবিধানত এতিয়াও নাই । পুৰণি আঁচনিৰ ৰূপায়ন বাকী থাকোতেই নতুন আঁচনি ঘোষনা কৰা হয় । বাজেটৰ ঘোষনাবোৰ চৰকাৰী ফাইল বা নোটপেডত আৱদ্ধ নাৰাখি সফল ৰূপায়নৰ বাবে চৰকাৰে উচিত পদক্ষেপ লওঁক । গতিকে চৰকাৰ , বিভিন্ন দল সংগঠনে চোকা নজৰ ৰাখক বাজেটৰ সফল ৰূপায়নত , যিয়ে অসমৰ ৰূপ সলনি কৰি দিবলৈ সক্ষম হব পাৰে ।

বিহু, ৰাজনীতি আৰু অলপ ধেমালি

(এই লেখনিৰ উদ্দেশ্য  হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

তাৰক দাস

আমাৰ বাপোতি সাহোন ৰঙালী বিহুটোক বাহিৰৰ বীজতৰীয়া সংস্কৃতিৰ পৰা মুক্ত কৰিবৰ নিমিত্তে এখন কৰ্মশালা অনুষ্ঠিত হয় । ইয়াত ভাষন দিয়ে অসমৰ বিশিষ্ট নেতাসৱে । তাৰে কিছু অংশ আপোনালোকৰ বাবে আগবঢ়াঁলো।

সুদৰ্শন সোনোৱালঃ  অসমত থকা সকলো অসমীয়া, বঙালী, বিহাৰী, নেপালী, তামিল, মালায়ালী আদিয়ে খুব ভদ্ৰ ভাবে বিহু পালন কৰিব বুলি আশা ৰাখিলো ।  মনত ৰাখিব আমি সদায় ভয় আৰু ভক্তিৰে চলিব লাগে ।

গগৈ চাৰঃ আমি সকলোৱে মিলি ৰঙালী বিহুটোক বাহিৰৰ বিজতৰীয়া সংস্কৃতিৰ পৰা মুক্ত কৰিব লাগিব । আমাৰ দিনত ভূল নাই হোৱা বুলি মই কোৱা নাই , কিন্তু এই চৰকাৰ খনে দুবছৰত বিহুৰ কাৰণে  কি কৰিলে ?  আমাৰ দিনত আমি আমেৰিকাতো বিহু পাতিছো ।

বিমন্ত বিশ্বঃ আমিতো নৰকাসুৰ নহয় যে সকলো কাম এক ৰাতিৰ ভিতৰতে কৰি পেলাব পাৰিম । তেওঁলোকে ১৫ বছৰত কৰিব নোৱাৰা কাম আমি দুই বছৰত কেনেকৈ কৰিম ? We are serious about Bihu. Our government will start Gunotsav for all the Bihu committees from this year. ‘চলো পাল্টাই’ নহয় নহয় আহক বিহু মাৰো ।

আগ্ৰামা মহিয়ৰি : বিহু মই নাচিম । ফাংচন কৰাৰ কাৰণে সকলোকে মাটি দিয়া হব। চিন্তাৰ কাৰণ নাই । কিন্তু বিটিচিত মই অকলে বিহু নাচিম ,অকলে বিহু গাম আৰু ঢোঁলও মই বজাম ।

আতৰুদ্দিন আজমল: মই চৰকাৰক দাবী জনাইছো সকলো বিহু জনা মানুহৰ নাম NRC ত অন্তৰ্ভুক্ত হ’ব  লাগে। মোক বহুতে ঠাট্টা কৰে কিন্তু মোৰ নিচিনা বিহু নাচিব পৰা মানুহ গোটেই অসমতে নাই ।

উজ্জল ভট্ট: আমাৰ স্পষ্ট  কথা , ১৯৭১ চনৰ পিচত অহা কোনো লোকে বিহু গান পৰিবেশন কৰিব নোৱাৰিব , আমি নিদিও । সি হিন্দুয়ে হওঁক বা মুছলমানে হওঁক ।

অকিল গগৈঃ  আজিকালি বিহু সব কৰ্পৰেটে নিয়ন্ত্ৰণ কৰে , যাক এই চৰকাৰে ৰঙা দলিচা পাৰি দিছে ।  সকলোৱে কেবল বিহুৰ নামত ৰাজনীতি কৰি আছে । সকলো দল সংগঠন কৰ্পৰেটৰ হাতত বিক্ৰী গৈছে ।

নিৰেন গোহাইঃ বিহু ৰাতি পাতিলে মোৰ অসুবিধা নাই। দিনত শব্দটোৰ প্ৰতি মোৰ এলাৰ্জি আছে ।

থুলথুল হুচেইনঃ আমি এইবাৰ আৰব দেশত বিহু পাতি দেখাম । বিহু ৰাণী পাতক কিন্তু এইবাৰ বিহু ৰজা , ঢোঁলৰ ৰজা আদি  বটা দিয়াৰ পক্ষপাতী মই  নহয় ।

নয়নাক্ষ পুৰকায়স্থ : বিহুত কোনো ড্ৰেছ কোড থাকিব নালাগে ।

পতুল বৰাঃ বিহুক লৈ আমি কেতিয়াও আপোচ নকৰো । আমাৰ ১ (কৌটি) মিনিট নালাগে মন্ত্রী পদ ত্যাগ কৰিবলৈ ।


হৰেনঃ বন্ধু আজি কৰ্টত দেখো ; কি কামত বা আহিলা?
দেবেনঃ উপাধি সলনি কৰিম বুলি ভাবিছো ।
হৰেনঃ কিয়?
দেবেনঃ চিনেমাত অনুষ্কা, ক্ৰিকেটত ৰোহিত, কমেডিত কপিল আৰু অসমত বিমন্ত বিশ্ব। মাৰ্কেটত বৰ্তমান শৰ্মা চলি আছে।


মন্ত্রীঃ আজকে আমি আপনা সবাইকে বাজেট পঢ়িয়া শোনাব । আমি সবাইকে সপ্তম দৰমাহা দিব।
অধ্যক্ষঃ অৰ্ডাৰ অৰ্ডাৰ। কামিনুল ইছলাম ডাঙৰীয়া, হাত চাপৰি বন্ধ কৰক। শৰ্মা ডাঙৰীয়া, অসমলৈ ঘুৰি আহক ত্রিপুৰা পৰ্ব শেষ ।


থুলথুল হুচেইনঃ আজিৰ নতুন প্ৰজন্ম একেবাৰে ৰসাতলে গৈছে বুজিছা ?
পত্নীঃ কি হ’লনো ? কাৰোবাৰ লগত কাজিয়া লাগিছে নেকি ?
থুলথুল হুচেইনঃ ৪২০ বোৰে মোক দেখিলে গান মাৰে । ৰাজাকো ৰানীচে প্যাৰ হো গেয়া । এজনেতো য়া আলি ৰেহেম আলি বুলিও জোকাইছে । দিন বেয়া চলি আছে বাবে কাৰো গাত হাত দিয়া নাই ।


সাংবাদিকঃ আপোনালোকৰ চৰকাৰে ঘাটি বাজেট দাখিল কৰিলে, সেই বিষয়ে আপুনি কি কৱ বিচাৰে ?
বগৰীলতা ডেকাঃ এয়া বিৰোধীৰ চক্ৰান্ত । আমাৰ চৰকাৰে দাখিল কৰা বাজেটত একো ঘাটি থাকিব নোৱাৰে ।এয়া খাটি বাজেট ।  খাটি অসমীয়াৰ বাজেট । জয় আই অসম।
সাংবাদিকঃ বাইদেউ, বেয়া নাপাব , এটা কথা সোধো আপুনি বাজেটৰ ‘ব’ টো জানেনে ?
বগৰীলতা ডেকাঃ ‘ ব ‘ ৰে বিহুহে । চাওঁ গুচক আগৰ পৰা ।


 

বগৰীলতা মন্ত্ৰী হ’ল

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস আৰু ইয়াত উল্লেখিত সকলো চৰিত্র কাল্পনিক)

চবিন বসুমতাৰী

ধিংকা চিকা ধিংকা চিকা ধিংকা চিকা ধিংকা চিকা ধিংকা চিকা ……। এইটো হ’ল অামাৰ সকোলোৰে চিনাকী বগৰীলতা বাইদেউৰ ফোনৰ ৰিংট’ন । যোৱাকালি ৰাতিপুৱা দাদাৰ ফোন অাহিছিল । দাদা মানে অামাৰ চিএম দাদা । দাদাৰ কাৰ্য্যলয়ৰ পৰা বগৰীলতাক মতা হৈছিল , মন্ত্ৰীত্বৰ বিভাগৰ বিষয়ে আলোচনা কৰিবলৈ । তাৰ পিছৰে পৰা বাইদেউৰ মনতো সাতখন অাঠখন লাগি অাছে । বাইদেউ অাৰু তেখেতৰ স্বামীৰ মাজত সেই ফোনটোৰ পিছত হোৱা কথপোকথনখিনি অাপোনালোকক জনাৱ পাই  অামি নথৈ অানন্দিত হ’ম ।

বগৰীলতাঃ কি বিভাগনো  লওঁ ! খুৱ কনফিউজ বুজিছা, তুমিয়ে অলপ সহায় কৰাচোন ।
স্বামীঃ গৃহ বা বিত্ত তাৰে এটা খুজি ল’লেই হ’ল । বিত্ত হ’লে বেছি ভাল হব । তেতিয়া তুমি অসমৰ বহু টকা ৰাহি কৰিব পাৰিবা ।

বগৰীলতাঃ ফাটলামী নকৰিবা । চিৰিয়াচলি কৈছো । চিনেমা বিভাগটো ল’লে কেনে হয় ?

স্বামীঃ চিনেমা বুলি কোনো বিভাগ নাই হে, সেইটোক সাংস্কৃতিক পৰিক্ৰমা বুলি কয় । কাম পিছে একো নাই । বছৰত কেইবাৰমান  বঁটা দিব লাগে, বচ্ ইমানেই । কাম কৰিব খুজিছা যদি সমাজ কল্যান বিভাগটো লোৱা ।

বগৰীলতাঃ  নাই নাই , সেইটো অতি লেতেৰা বিভাগ । কোনে কেতিয়া জেং কৰি দিয়ে ঠিক নাই । বিদ্যুত বিভাগটো খুজি চাওঁ নেকি ?
স্বামীঃ কি কৈছা ! এনেয়ে গৰমৰ দিন অাহি অাছে, কাৰেণ্ট নাথাকিলে ৰাইজেটো বাদেই নিউজ চেনেল বিলাকেওঁ  নেৰিব  কিন্তু ।  কোনোৱাই ক’ব অান্ধাৰৰ ৰাণী , কোনোৱাই ক’ব মৃত্যুৰাণী । পৰ্য্যটন বিভাগটো বৰ ভাল । পৰ্য্যটক অাহিল নাহিল সেইবিলাক পিছত দেখা যাব । কিন্তু এই চেগতে মাজে মাজে আমাৰ বিদেশ ভ্ৰমণটো হব ।

বগৰীলতাঃ মইও এইটোৱেই ভাবি আছিলো জানানে । কিন্তু এটাই সমস্যা, সেইটো হ’ল প্ৰিয়ংকা । তাইক মই একেবাৰেই দেখিব  নোৱাৰো । ইমান অভাৰ এক্টিং কৰে । তাইক দেখিলেই গলটোত টিপা মাৰি ধৰিবৰ মন যায় । হিমন দাক কৈ শিক্ষা বা স্বাস্থ্য ইয়াৰে এটা ল’ব পৰা যায় নেকি ?

স্বামীঃ প্ৰধান শিক্ষকবিলাকক গালি দিব পাৰিবা জানো ? কিমান কষ্ট কৰি বি.এ. টো পাছ কৰিছা, কোনটো কলিজাৰে ডাক্তৰ, প্ৰফেচাৰক গালি দিবা হে ? মই কৈছো ফুল এণ্ড ফাইনেল কৰা, অাই,টি, টোকে খুজি পেলোৱা । অসম চুক্তি ৰূপায়নটোওঁ ফ্ৰিটে পাব পাৰা । ফিউচাৰ অাছে ।

বগৰীলতাঃ হোৱাটছ্ অাপ অাৰু ফেচবুকৰ বাহিৰে অাই,টি, ৰ দেখো একোৱে নাজানো । অসম চুক্তি ৰূপায়নটো ! মাৰিবা নেকি ? সুউজ্বল দাৰ লগত কোনে যুক্তি দিব টিভিত ? উদ্যোগ অাৰু কৃষিৰ যিকোনো এটা ল’লে কেনে হয়?  ট্ৰেক্টৰ বিলাব পাৰিম, কিমান ভাল লাগিব ।
স্বামীঃ এই দুটা বিভাগ সকলোতকৈ বেয়া বুজিছা । অসমৰ উদ্যোগ বিলাক বন্ধ হৈ গৈ অাছে, আনহাতে অাজিকালি কোনেও খেতি কৰিব নোখোজে ।

বগৰীলতাঃ এনেকুৱা  লাগিছে যেন মই মন্ত্ৰী হ’ম বুলি তোমাৰ বুকুখন জ্বলিছে, সেইকাৰণে তুমি সব নিগেটিভ কথা কৈ অাছা ।

স্বামীঃ বিদ্যা শপত মই জ্বলা নাই, তুমি  মন্ত্ৰী হোৱা অাৰু মই মন্ত্ৰী হোৱা একে কথা নহয় জানো ? ভালকৈ চিন্তা কৰি এনে লাগিছে  যেন সাংস্কৃতিক পৰিক্ৰমাটোৱে উত্তম হ’ব । কাৰণ কালি নিৰ্বাচনত হাৰিলে আকৌ সেই লাইনটোতে যাব নালাগিব জানো ?

বগৰীলতাঃ মইটো প্ৰথমৰ পৰা তাকেই কৈ আছিলো । তুমিহে মোক কনফিউজ কৰি আছা । মই এতিয়া ৰেদি হৈ দাদাৰ অফিচলৈ  যাওঁ । মই  মেগি বনাই থৈছো, তুমি  খোৱা ।

প্ৰায় দুঘণ্টামান পিছত বাইদেউ ৰেদি হৈ দাদাৰ অফিচ পালে । ৰাষ্টাত বাইদেউৱে পুৰা প্ৰেক্টিছ কৰি গৈ আছে, সাংস্কৃতিক পৰিক্ৰমা বিভাগটোক তেওঁ কেনেকৈ উন্নতি কৰিব ইত্যাদি ইত্যাদি । কংলিবেলটো টিপি যেতিয়া ৫ মিনিটমান কোনো সহাঁৰি নাই, বাইদেউৱে দৰ্জাত টোকৰ মাৰিলে, নাই কোনোৱে দৰ্জা খুলি দিয়া নাই । উপাই নাপায় দাদালৈ ফোন কৰিলে, ফোনটো  নালাগে,         নেটৱৰ্ক বেয়া  । এনেতে এটা সৰু ল’ৰা অাহি বাইদেউক এখন কাৰ্ড দিলে । তাত লিখা অাছিল, “যোৱাবাৰ মোক বনাইছিল, এইবাৰ  অাপোনাক বনালো -এপ্ৰিল ফুল ।”

ইতি

পুতুল বৰা (ডাঙৰ)

Sarbananda Sonowal is ahead in social media

Written by : Debajit Dutta

Assam’s Politicians most popular in Facebook:

Assam’s Chief minister Mr Sarbananda Sonowal leads the chart with close to 7 lakhs followers. His powerful cabinet colleagues Dr Himanta Biswa Sarma and Mr Chandra Mohan Patowary are at number 2 and 3 respectively. The gap between Mr Sonowal and Mr Sarma is approximately 1 lakh. Mr Tarun Gogoi is at the 4th position with 80,000 followers. Next in the list are two young politicians Mrs Angoorlata Deka and Naba Doley. Total 7 ministers from Sarbananda Sonowal government are in the top 10.

Assam’s Politicians most popular in Twitter:

The list is very similar to Facebook. Only change is Keshab Mahanta who replaces Naba Kumar Doley. Once again Assam Chief minister Mr Sonowal tops the chart with more than 6 lakhs followers.  Dr Himanta Biswa Sarma is at the 2nd position. The gap is almost 1.7 lakhs. Mr Tarun gogoi has more than 1 lakh followers and he is at the 3rd position. AGP president Mr Atul Bora is at the 6th position with more than 2600 followers. Here is the list of top 10:

Indian politicians most popular in Facebook:

Prime Minster Mr Narendra modi is far ahead in the race. His followers are more than 4 crores. BJP President Mr Amit Shah is distant second with more than 1 crore followers. Rajasthan Chief minister Mrs Vasundhara Raje and Delhi Chief minister Arvind Kejriwal are in the 3rd and 4th position respectively.

Indian politicians most popular in Twitter:

Once again there is no completion for the top position. Mr Modi with followers more than 4 crores tops the chart. Delhi chief minister Mr Kejriwal is in the 2nd position. He has more than 1 crore followers. There are 4 cabinet ministers from Modi government are in the top 10.  Here is the list of top 10:

( The data collected on 26th March 2018)

 

নিষ্প্ৰভ অগপ, তেলেগু দেশমে উজ্জীবিত কৰিছে তৃতীয় মৰ্চাৰ সম্ভাৱনীয়তা..

আঞ্চলিক দলৰ ভৱিষ্যৎ ?

প্ৰফুল্ল কলিতা

অঞ্চলিক দলৰ অাৱিৰ্ভাৱক ভাৰতৰ দলীয় ব্যৱস্থাৰ অন্যতম বিশেষত্ব হিচাপে অাখ্যা দিব পাৰি । সৰ্বভাৰতীয় দলসমুহৰ নীতি অাৰু কাম-কাজত অসন্তুষ্ট হোৱাৰ ফলত বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন অাঞ্চলিক দল সৃষ্টি হোৱা দেখা যায় । দেশত বৰ্তমানে স্বীকৃত অাঞ্চলিক দলৰ সংখ্যা দুকুৰিৰো অধিক । অাঞ্চলিক দলসমুহৰ ভিতৰত অসমৰ অসম গণ পৰিষদ, পঞ্জাৱৰ অাকালি দল, অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম, উড়িষ্যাৰ বিজু জনতা দল, বিহাৰত ৰাষ্টীয় জনতা দল, সমতা পাৰ্টি, তামিলনাডুৰ ডি.এম.কে, আৰু এ.অাই.ডি.এম.কে, হাৰিয়ানাৰ লোক দল, মহাৰাষ্ট্ৰৰ শিৱসেনা, হিমাচলৰ বিকাশ কংগ্ৰেছ, মিজো নেচনেল ফ্ৰণ্ট, পশ্চিমবংগত তৃণমুল কংগ্ৰেছ, অাৰ.এছ.পি., ফৰৱাৰ্ড ব্লক, এন.চি.পি. অাদি উল্লেখযোগ্য । ১৯৮৫ চনৰ অাগষ্ট মাহত  অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল । সেই বছৰৰে অক্টোবৰ মাহত অসম গণ পৰিষদ নামৰ অাঞ্চলিক ৰাজনৈতিক দলটোৰ জন্ম  হৈছিল । অসমৰ খিলঞ্জীয়া লোকসকলৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ লোক, বাগিছাত কাম কৰা বনুৱা, অসমত স্থায়ীভাৱে  বসবাস কৰা মুছলমান, বঙালী হিন্দু অাৰু বঙলী মুছলমান লোক কিছুমানেও এই দলৰ প্ৰতি সমৰ্থন দিছিল । ফলত প্ৰথমটো নিৰ্বাচনত অংশগ্ৰহন কৰিয়েই অসম গণ পৰিষদে অসম বিধানসভাত ৬৪ খন অাসন লাভ কৰিবলৈ সক্ষম হৈছিল । গণ পৰিষদ দলে গণতন্ত্ৰ, সমাজবাদ অাৰু ধৰ্মনিৰপেক্ষতাৰ সমৰ্থনেৰে এখন শ্ৰেণীহীন সমাজ গঠনৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু  কাৰ্য্যক্ষেত্ৰত সেয়া সম্ভৱ হৈ নুঠিল । সেই সমুত প্ৰফুল্ল মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ চৰকাৰক অসমৰ ভোটাৰ ৰাইজে যি অাশাত  চৰকাৰ গঠনৰ সুবিধা দিছিল, জনসাধৰণৰ সেই অাশা-অাকাংঙ্খা চৰকাৰে পূৰণ কৰাত ব্যৰ্থ হৈছিল । ইয়াৰ ফলত, অসম গণ  পৰিষদ চৰকাৰৰ প্ৰতি অসমৰ ভোটাৰ ৰাইজৰ মোহভঙ্গ হৈছিল । সেয়েহে দুৰ্নীতি, দলীয় বিভাজন অাদি বিভিন্ন কাৰণত ১৯৯১ চনৰ নিৰ্বাচনত অসম গণ পৰিষদ দলে চৰকাৰ গঠনৰ সুবিধা  নাপালে। কিন্তু ১৯৯৬ চনৰ সাধৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলে অসমত পুণৰ ক্ষমতা লাভ কৰাৰ সুযোগ পাইছিল । চি-পি-অাই, চি-পি-এম অাদি দলৰ সহায়ত এই দলে চৰকাৰ গঠন কৰিছিল । অাগৰ ভুলবোৰ অাঁতৰাই অসমৰ জনসাধাৰণে সম্মুখীন হোৱা জলন্ত সমস্যাবোৰ  সমাধান কৰাৰ অাশ্বাস  দিয়াৰ কাৰণে অসমৰ ভোটাৰ ৰাইজে অসম গণ পৰিষদক পুণৰ  চৰকাৰ গঠনৰ সুবিধা দিছিল । অানকি কেন্দ্ৰত চৰকাৰ গঠন  কৰাৰ বিষয়তো গণ পৰিষদৰ অৰিহণা অাছিল। প্ৰথমবাৰৰ কাৰণে গণ পৰিষদৰ দুজন নেতাই কেন্দ্ৰীয় মন্ত্রীসভাত স্থান  পাইছিল । কিন্তু এই কাৰ্যকালৰ ভিতৰতো অসম গণ পৰিষদে পূৰ্বৰ কৃত-কৰ্মৰ পৰা কোনো শিক্ষা গ্ৰহন নকৰিলে ।  ফলত এই দলৰ চৰকাৰৰ প্ৰতি জনসাধাৰণৰ মোহভংগ হ’ল, ২০০১ ত অনুষ্ঠিত ৰাজ্যৰ সাধাৰণ নিৰ্বাচনত এই দলে পৰাজয় বৰণ কৰে । ২০০৪ চনত সংসদীয় নিৰ্বাচনত এই দলে মাথো দুখন অাসনতে সন্তুষ্ট থাকিবলগীয়াত পৰে । ২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ অাগমুহুৰ্তলৈকে অসম গণ পৰিষদ দল অাৰু ইয়াৰ সহযোগী দলবিলাকে অসমত চৰকাৰ গঠনৰ অাশা কৰিছিল যদিও, এইবাৰো অসম গণ পৰিষদ দলে বিধানসভাত মাথো ২৪ খন অাসনহে লাভ কৰিবলৈ সক্ষম হয় । ২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা দলৰ সৈতে প্ৰাক্ নিৰ্বাচনী মিত্ৰতাৰে নিৰ্বাচনত ৬ খন অাসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ এখন অাসনত জয়লাভ কৰিবলৈ সক্ষম হয় । ২০১১ চনৰ বিধানসভা নিৰ্বাচনত দলে চন্দ্ৰমোহন পাটোৱাৰী অাৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত শোচনীয় পৰাজয়বৰণ কৰি মাত্ৰ ১০ খন আসনতহে সন্তুষ্ট থাকিবলগীয়াত পৰে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অগপ শূণ্যপ্ৰায় হৈ পৰে । ২০১৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ কান্ধত উঠি ১৪ খন অাসন দখল কৰে । অথচ অঞ্চলিকতাবাদৰ সাপেক্ষে বলা বতাহ জাকৰ গম গতি পাই, বিজেপি দলে অাঞ্চলিক ৰাজনীতিৰ মতাদৰ্শক সৰ্বসাধাৰণ ভোটাৰৰ মাজত অাবেগিক ৰূপত প্ৰতিষ্ঠা কৰি নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ হ’বলৈ সক্ষম হ’য় । কংগ্ৰেছ অথবা বিজেপি কিম্বা অাঞ্চলিক দলৰ একাংশ নেতাৰ জনপ্ৰিয়তা অাৰু গ্ৰহণযোগ্যতা কমি অহাৰ মূলতে হৈছে – নেতাসকলৰ নিজৰ নিজৰ দায়িত্ব দক্ষতাৰে সম্পাদন কৰাৰ অক্ষমতা । যিটো অসম মুলুকৰ অাৰু কেন্দ্ৰৰ বৰ্তমান বিজেপি মিত্ৰযোটৰ শাসনাধিস্থ চৰকাৰখনৰ সৰহ সংখ্যক মন্ত্ৰী-বিধায়কৰ ক্ষেত্ৰতো বিদ্যমান । অানকি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো একে ধৰণৰ অদক্ষতাই বিৰাজ কৰিছিল । সফল ৰজনীতিক হ’বলৈ হ’লে দূৰদৰ্শিতাৰ অতিব প্ৰয়োজন । মূলতঃ ভৱিষ্যত দ্ৰষ্টা অাৰু প্ৰতুৎপন্নমতিতাৰ প্ৰয়োজন সৰ্বাধিক । লগত থাকিব লাগে সুচতুৰ চাণক্য নীতিৰ সুস্থ সৱল জ্ঞান । অন্যথাই অদূৰ ভবিষ্যতত ভোটাৰ ৰাইজৰ অাস্থা হেৰুওৱাই নিৰ্বাচনত লাউলোৱা অৱস্থাৰ সন্মুখীন হ’বলগীয়া কাৰ্য অৱস্বাম্ভাৱী । জনগোষ্ঠীয় সমস্যাসমূহ কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰিব নোৱাৰাৰ উপৰিও, অৰ্থনৈতিক অনগ্ৰসৰতা, নিৱনুৱা সমস্যা, প্ৰৱজন, স্বাস্থ্য, শিক্ষা, বিত্ত অাদি সমস্যাৰ পৰা জনগণে পৰিত্ৰাণ নাপালে বা চৰকাৰে তেনে সমস্যা সমধান কৰাত ব্যৰ্থ প্ৰমানিত হ’লে দলৰ জনপ্ৰিয়তা কমি অাহে । অানহাতে দলৰ সদস্যসকলৰ মাজত      সৃষ্টি হোৱা মতভেদেও দলৰ জনপ্ৰিয়তা হেৰুৱাৰ বিশেষ বৰঙণি যোগায় ।

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰলায়ৰ ৰাজ্যিক মন্ত্ৰী এম.জে.অাকবৰে সদনত দাখিল কৰা তথ্যমতে – এগৰাকী দুগৰাকী নহয়  সৰ্বমুঠ ৩১ গৰাকী ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ (বেংক লুট) ঋণ পৰিশোধ নকৰি দেশ ত্যাগ কৰি বিদেশত খিতাপি লৈছে ।বৃহৎ পৰিমাণৰ দেশীয় অৰ্থ অনিয়মৰে নি হয়তো বিদেশত বিনিয়োগ কৰিছে । অথচ নিৰ্বাচনৰ মূহুৰ্তত মোদীজীয়ে দেশৰ  জনসাধাৰণক কথা দিছিল বিদেশত জমা থকা ক’লা ধন উদ্ধাৰ কৰি দেশৰ গৰীৱ নাগৰিকৰ দুখ-দূৰ্দশা দূৰ কৰিব । প্ৰতিগৰাকী  ভাৰতীয়ৰ বেংক একাউণ্টত ১৫ লাখকৈ বিদেশী ক’লা ধন জমা হ’ব । দেশৰ জনতা জনৰ্দনৰ প্ৰকৃত ‘পহৰাদাৰ’ অথবা ‘প্ৰধান  সেৱক’ বুলি সততে ঘোষণা কৰা মহামান্য প্ৰধানমন্ত্ৰী গৰাকীৰ চকুৰ অাগেদি হীৰা ব্যৱসায়ীয়ে কৰিছে পলায়ন । যিটো অতি  উদ্যেগ জনক । অথচ সৌ সিদিনা তেওঁ ত্ৰিপুৰাৰ নিৰ্বাচনী সভাত ৰাইজক উদ্দেশ্যি উদাত্ত ভাষণ দি কৈছিল – মাণিক দলিয়াই  হীৰা আঁকোৱালি ল’বলৈ । কিন্তু হীৰা ব্যৱসায়ী নীৰৱ মোদী অাৰু হাতে কানে হীৰা খচিত অলংকাৰ পৰিধান কৰা সোমৰস ৰয়েল চেলেঞ্জাৰ্ছ অাৰু কিংফিচাৰ এয়াৰ লাইনচৰ এসময়ৰ স্বত্তাধিকাৰী বিজয় মালিয়াৰ দৰে প্ৰবঞ্চক পুঁজুপতি সকলে কেনেকৈ দেশৰ  বেংক ব্যৱস্থাটোক ফাঁকি দি জুৰুলা কৰি পলায়ন কৰিলে ? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যানুসৰি ৰাজহুৱা খণ্ডৰ বেংকবোৰত মুঠ অনাদায়ী ঋণৰ ৭৬ শতাংশই বৃহৎ পুজিপতিক দিয়া ঋণ ।অৰ্থাৎ কোনো বেংকে দ্ৰয়া ১০০ টকা ঋণৰ ৭৬ টকাই পুঁজিপতিৰ  জেপত । অথচ কৃষি ঋণ ৰেহাইৰ দাবীত দেশজুৰি কৃষকসকল ৰাজপথত নামিব লগা হৈছে । বিশেষ ৰাজ্যৰ মৰ্যদা নাপাই তেলেগু দেশমে মিত্ৰতা ভংগ কৰি চৰকাৰৰ পৰা ওলাই অাহিছে ।অথচ অগপই অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তনকে ধৰি হিন্দু বাংলাদেশীক  নাগৰিত্ব দিবলৈ উঠি পৰি লগা বিজেপিৰ সতে ক্ষমতাৰ খকত মিত্ৰতা খামুচি ধৰি অাছে ।

ভাৰতবৰ্ষৰ অাঞ্চলিক দলসমুহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম দলো অন্যতম । ১৯৮২ চনত এন.টি.ৰামাৰাওৰ নেতৃত্বত  এই দলটো প্ৰতিষ্ঠা লাভ কৰিছিল । সেই সময়ত অন্ধ্ৰপ্ৰদেশত শাসনৰ ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হৈছিল অাৰু কেন্দ্ৰীয় চৰকাৰেও  এই ৰাজ্যখনৰ প্ৰতি সহানুভুতিসূচক মনোভাৱ গ্ৰহন কৰা নাছিল । তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে নিজ খেয়ালসূচীত এই ৰাজ্যৰ  মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ ফলত ৰাজ্যখনৰ স্বায়ত্ব শাসনত বাধাৰ সৃষ্টি হৈছিল । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতেহে সেই সময়ৰ  চৰকাৰে কাৰ্যনিৰ্বাহ কৰিছিল । সেয়েহে ছয় কৌটি তেলেগু লোকৰ অাত্মসন্মান ৰক্ষা কৰাৰ উদ্দেশ্যে অাৰু মূল্যবোধজড়িত  ৰাজনৈতিক শাসন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ৰামাৰাওৰ নেতৃত্বত তেলেগু দেশম দলটো গঠন কৰা হৈছিল ।

১৯৮৩ চনৰ নিৰ্বাচনত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি অন্ধ্ৰত চৰকাৰ গঠনৰ সুবিধা পাইছিল । তেনেদৰে বিভিন্ন ঘাট-প্ৰতিঘাট আৰু উত্থান পতনৰ মাজেৰে অাহি অাহি অাজিৰ চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন তেলেগু দেশম পাৰ্টি সমগ্ৰ ভাৰতবৰ্ষতে এক সৱল ৰূপত অাত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে । যিটো দলে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে এন দি এ দল  গঠনত মুখ্য ভুমিকা গ্ৰহন কৰিছিল । সেই দলে অাজি ৰাজ্যবাসীৰ স্বাৰ্থত এন দি এ দল ত্যাগ কৰিছে । ত্যাগ কৰিছে কেন্দ্ৰীয়  চৰকাৰৰ মন্ত্ৰীত্ব । তাতেই দলটোৰ একতা অাৰু দীৰ্ঘসুত্ৰীতা প্ৰকাশ পাইছে । যিটো অগপ অাদি অাঞ্চলিক দলে সততে কৰিবলৈ  সাহস নকৰে । ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিপুল জয়লাভৰ পিছমূহুৰ্ততে অভেদ্য দূৰ্গৰুপে খ্যাত উত্তৰ প্ৰদেশৰ দুটা লোকসভা  সমষ্টিৰ শেহতীয়া নিৰ্বাচনত শাসকীয় দল বিজেপিৰ চন্দ পতন ঘটিছে । ৰাাইজে ভাবিবলৈ লৈছে – বিজেপি নেতৃত্বাধীন কংগ্ৰেছ  দলে দলক অাৰু ৰাষ্ট্ৰক সৱল নেতৃত্ব দিব নোৱাৰাটো পৰিতাপৰ বিষয় । পৰিয়ালতান্ত্ৰিক সমাজনীতিৰ পৰা আতৰি অাহি জ্যেষ্ঠ  অাৰু শ্রেষ্ঠজনক দলটোৰ নেতৃত্বৰ ভাৰ দিলে কংগ্ৰেছ নিশ্চয়কৈ উপকৃত হ’লহেতেন । লগতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীত্ব অথবা  ক্ষমতাৰ প্ৰতি যে লালয়িত নহয়, সেইটো ভাৰতীয় জনগণৰ অাগত প্ৰতিষ্ঠা কৰিব পাৰিলেই কংগ্ৰেছৰ ১৩৩ বছৰীয়া ইতিহাস ঠন ধৰি উঠিলহেতেন । অন্যথা মোদীক গণ্ডাই গণ্ডাই প্ৰশ্ন কৰি অথবা মোদীৰ দৰে বিদেশ যাত্ৰা কৰি কংগ্ৰেছৰ হেৰোৱা গৌৰৱ  উদ্ধাৰ কৰাটো অসম্ভৱ ।

ইতিমধ্যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে “মোদী মুক্ত ভাৰতৰ” শ্লোগানেৰে বিজেপি অাৰু কংগ্ৰেছৰ বিৰুদ্ধে  ঐক্যবদ্ধ হোৱাৰ কুচকাৱাজ ক্ৰমাৎ বৃদ্ধি পাই্ছে – একাংশ বিৰোধীৰ মাজত । মহাৰাষ্ট্ৰ নৱ-নিৰ্মাণ সেনাৰ মূৰব্বী ৰাজ থাকৰে  অাগবাঢ়ি অাহিছে । কংগ্ৰেছ, বিজেপি দুয়োটা প্ৰধান দলক অাঁতৰাই ৰাখি এক তৃতীয় মৰ্চা গঠনৰ প্ৰসংগই চৰ্চা লাভ কৰিছে ।পশ্চিম বংগ অাৰু তেলেংগানাৰ দুই মুখ্যমন্ত্ৰী ক্ৰমে মমতা বেনাৰ্জী অাৰু কে চন্দ্ৰশেখৰ অালোচনাত মিলিত হৈছে । এনেদৰে এক  ফেডাৰেল মৰ্চা গঠনৰ বাবে অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম, উড়িষ্যাৰ বিজু জনতা দল, এন চি পি প্ৰভৃতি উল্লেখিত দলবোৰে এৰা  এৰি অাৰু সহযোগীতাৰ মনোভাৱেৰে ঐক্যবদ্ধ হৈ অাগবাঢ়িলে ফেডাৰেল শাসনৰ সীমাহীন সম্ভাৱনা সহজলভ্য হৈ পৰিব অাৰু  কংগ্ৰেছ-বিজেপিৰ শাসনত জুৰুলা ভাৰতীয় নাগৰিকৰ বাবে অাশাৰ পথৰূপে প্ৰকট হ’ব । অৱশ্যে নিজ গাদীৰ সুৰক্ষাৰ স্বাৰ্থত  ৰাইজৰ অাশা-আকাংশাক জলাঞ্জলি দিয়া অগপৰ দৰে অাঞ্চলিক দলবোৰৰ ভৱিষ্যত যে মধুৰ নহয় সেয়া নিশ্চিত । যদিহে দল  অাৰু ৰাইজৰ ভৱিষ্যতৰ কথা নাভাবি, সঠিক সময়ত সঠিক সিন্ধান্তৰে অাগনেবাঢ়ে তেন্তে দলৰ লগত দেশৰ (ৰাজ্যৰ) দুৰ্দিন  অনিবাৰ্য্য ।

লেখকৰ ফোনঃ ৮০১১৫১৮৪৮৪ ।।