Saturday, May 18, 2024
Home Blog Page 58

বৰাকত কংগ্ৰেছ- আজমলৰ যাদু

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমত বিজেপিয়ে প্ৰবেশ কৰিছিল বৰাকৰ দ্বাৰেৰে। ৰাম মন্দিৰ আন্দোলনৰ প্ৰভাব অসমত পৰিছিল একমাত্র বৰাক অঞ্চলত। বৰাকৰ তিনিখন জিলাত হিন্দু-মুছলমানৰ সংখ্যা প্ৰায় ৫০-৫০। অপ্ৰিয় হ’লেও সত্য যে হিন্দু-মুছলমানৰ ৰাজনীতি বৰাকত বহু বছৰৰ পৰা চলি আহিছে। ১৯৯১ত অগপ, কংগ্ৰেছ , বাওঁ দলৰ মাজত মুছলমানৰ ভোট বিভক্ত হোৱাৰ পূৰ্ণ সুযোগ লাভ কৰি বিজেপিয়ে বৰাকৰ ৯খন বিধানসভা আৰু দুখন লোকসভাৰ আসন দখল কৰিছিল। কৰিমগঞ্জ দক্ষিণ আৰু হাইলাকান্দি বিধানসভা যত ৬০%তকৈ বেছি মুছলমান আছে তেনে সমষ্টিও বিজেপিৰ হাতলৈ গৈছিল। ২০১১ত এ.আই.ইউ.দি.এফৰ উত্থান তথা তৰুণ গগৈ দেৱৰ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ আশ্বাসৰ পিছত কংগ্ৰেছে বৰাক ছুইপ কৰিছিল। সেইবাৰ বিজেপিয়ে এখনো আসন নাপালে। ২০১৬ৰ নিৰ্বাচনত বিজেপিৰ প্ৰত্যাবৰ্তন ঘটে আৰু ১৫খনৰ ভিতৰত ৮খন আসন দখল কৰিবলৈ সক্ষম হয়। এতিয়া আহো ২০২১ৰ নিৰ্বাচনী পৰ্যালোচনালৈ। কংগ্ৰেছ- এ.আই.ইউ.দি.এফৰ মিত্রতাৰ সুফল কংগ্ৰেছে বৰাকত লাভ কৰিব। শিলচৰ আৰু কৰিমগঞ্জ লোকসভাৰ অন্তৰ্গত ১৫টা বিধানসভা সমষ্টিকলৈ আমাৰ এক প্ৰতিবেদনঃ
কৰিমগঞ্জ
হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক সামৰি কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভিতৰত আছে ৮টা বিধানসভা সমষ্টি। ১ নম্বৰ ৰাতাবাৰী অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। ইয়াত মুখ্য প্ৰতিদ্বন্দ্বিতা বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকৰ আৰু কংগ্ৰেছ প্ৰাৰ্থী শম্ভু সিং মাল্লাৰ মাজত হৈছে । শম্ভু সিং বিজেপিৰ টিকটত ২০০৬ চনত জয়ী হৈছিল কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়ত আন কেইবাজনো বিধায়কৰ লগত কংগ্ৰেছত যোগদান কৰে। ২০১১ চনত বিজেপিৰ প্ৰাৰ্থী কৃপানাথ মাল্লাই ৫৯, ৩৭৫ ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছৰ অখিল ৰঞ্জন তালুকদাৰে পাইছিল ২৯,৪৪৯ টা ভোট। ২০১৯ৰ লোকসভা নিৰ্বাচনত এই বিধানসভা সমষ্টিত বিজেপিৰ ভোট আছিল ৭৭,২৩৪ , কংগ্ৰেছৰ ১১,৮২৪ আৰু এ.আই.ইউ.দি.এফৰ ৩৪,৪২১। কৃপানাথ মাল্লা সংসদলৈ যোৱাৰ পিছত হোৱা উপ নিৰ্বাচনত এ.আই.ইউ.দি.এফে প্ৰাৰ্থী দিয়া নাছিল। সেইবাৰ বিজেপিৰ বিজয় মালাকৰে ৬৮,৪৫৫ আৰু কংগ্ৰেছৰ কেশৱ ৰজকে পায় ৪৪,৪৫৪ ভোট। এই সমষ্টিত চাহ জনগোষ্ঠীৰ ভোট যঠেষ্ট আছে আৰু বিজেপিয়ে তেওঁলোকৰ মাজত প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ-আজমলৰ যৌথ শক্তিয়েও ইয়াত বিজেপিক প্ৰতিহত কৰা কঠিন আছে।
   ২ নম্বৰ পাথাৰকান্দিত বিজেপিৰ বৰ্তমান বিধায়ক কৃঞ্চেন্দু পাল আৰু কংগ্ৰেছৰ শচীন চাহুৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে। ইয়াত বঙালী ভোটাৰৰ লগতে শৰণীয়া মনিপুৰী আৰু চাহ বাগিছা ভোটাৰৰ প্ৰাধান্য আছে। ২০১৬ ত বিজেপি , এ.আই.ইউ.দি.এফ আৰু কংগ্ৰেছে লাভ কৰা ভোটৰ পৰিমান আছিল ক্ৰমে ৪৬৫৪৪, ৩৭২৭৬ আৰু ৩২০৪৮। ২০১৯ লোকসভাত এই ভোট আছিল ক্ৰমে ৭৫৩২৩, ৪৫৩৬৪, ১৩১১৬। কংগ্ৰেছ আৰু আজমলৰ মিত্রতাৰ পিছত সংখ্যালঘুৰ ভোট যিদৰে একত্রিত হ’ব তেনেদৰে সংখ্যাগুৰুৰো হ’ব। অগপই ইয়াৰ পৰা এজন মুছলমান প্ৰাৰ্থী দিছে যিয়ে বিজেপিক সহায় কৰিব। ইয়াত বৰ্তমানলৈ বিজেপি আগবাঢ়ি আছে।
   ৩নং কৰিমগঞ্জ উত্তৰত বৰ্তমান কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়ষ্ঠ আৰু বিজেপিৰ ড° মানস দাসৰ মাজত প্ৰতিদ্বন্দ্বিতা সিমাবদ্ধ থাকিব। ২০১৬ত কমলাক্ষই বিজেপিৰ মিছন ৰঞ্জন দাসক ৪৬৪ টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। সংখ্যালঘুৰ আধিপত্য থকা এই সমষ্টিত মুছলমান ভোট বিভাজনে বিজেপিক বিজয়ৰ কাষ চপাই নিছিল। ২০১৬ত কমলাক্ষই ৪৫,২৮৯ ভোট পোৱাৰ বিপৰীতে বিজেপিৰ মিছন ৰঞ্জন দাসে পাইছিল ৪৪,৮২১ টা ভোট। দাস আছিল এই সমষ্টিৰ চাৰিবাৰৰ বিধায়ক। কংগ্ৰেছৰ বাবে চিন্তাৰ বিষয় যে ২০১৬ত ৩৪২০৭ টা ভোট পাই তৃতীয় স্থানত থকা চাহাবুল ইছলাম চৌধুৰীয়ে এইবাৰ এ.আই.ইউ.দি.এফৰ টিকট নাপাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০১৯ লোকসভাত ইয়াৰ পৰা বিজেপি, কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফে ভোট পাইছিল ক্ৰমে ৬২১৫০, ২৮৮৮৬ আৰু ৪৭৪১০। চাহাবুলে কংগ্ৰেছৰ ভোট কিছু কাটিব যদিও কমলাক্ষ এজন শক্তিশালী প্ৰাৰ্থী। মুছলমানৰ লগতে বঙালী হিন্দুৰ মাজতো তেওঁৰ জনপ্ৰিয়তা আছে। ইয়াত কংগ্ৰেছেই আগবাঢ়ি আছে।
   ৪নং কৰিমগঞ্জ দক্ষিণ আসনত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী চিদ্দিক আহমেদে প্ৰতিদ্বন্দ্বিতা কৰিছে। মহাজোঁটৰ মিত্রতা সূত্রে আহমেদে আসনখন লাভ কৰিছে। ২০১৬ চনত আহমেদে ৫৩,৬৪৪ টা ভোট পাই এ.আই.ইউ.দি এফৰ আজিজ আহমেদ খানৰ হাতত পৰাজিত হৈছিল ৪৪১৬টা ভোটৰ ব্যবধানত। ২০১৯ লোকসভাত ইয়াত বিজেপিয়ে পাইছিল ৪৫,৫৭৬ টা ভোট। কংগ্ৰেছে  ৩১,৪০৩ আৰু   এ.আই.ইউ.দি.এফে পাইছিল ৫৯,৭০১টা ভোট। বৰ্তমানৰ বিধায়ক আজিজ আহমেদ খানে নিজৰ দলৰ টিকট নাপাই যোগদান কৰিছে অগপত। প্ৰায় ৬৫% মুছলমান ভোট থকা এই সমষ্টিত কংগ্ৰেছৰ চিদ্দিক আহমেদৰ জয় নিশ্চিত। ইয়াত কোনো প্ৰতিদ্বন্দ্বিতা নাই।
   ৫ নম্বৰ বদৰপুৰ বিধানসভা সমষ্টিত ২০১৬ চনত কংগ্ৰেছৰ জামাল উদ্দিন আহমেদে ৩৮,২৬৬ টা ভোট পাই বিজয়ী হৈছিল। দ্বিতীয় স্থানত আছিল এ.আই.ইউ.দি.এফৰ আব্দুল আজিজ। তেওঁ ভোট পাইছিল ৩৬,১৭৮। ব্যবধান আছিল মাত্র ২০৪৪। বিজেপিৰ দীপক দেৱে পাইছিল৩৫,৬৯৪টা ভোট। প্ৰায় ৭০% মুছলমান বসতি থকা বদৰপুৰত যোৱাবাৰ কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফৰ মাজত সংখ্যালঘু ভোটৰ উলম্ব বিভাজনৰ পিছতো বিজেপি জিকিব নোৱাৰিলে। জামালুদ্দিনৰ আকস্মিক মৃত্যুৰ পিছত যোৱাবাৰৰ ৰানাৰ্ছ আপ আব্দুল আজিজ মিত্রজোঁটৰ প্ৰাৰ্থী। আব্দুল আজিজ এইবাৰ বিধায়ক হোৱাটো প্ৰায় নিশ্চিত। ২০১৯ লোকসভাত বিজেপি,কংগ্ৰেছ আৰু এ.আই.ইউ.দি.এফে লাভ কৰা ভোট আছিল ক্ৰমে ৪৫২৯৭, ১২০৭৯ আৰু ৬৩৮৭৫। বিজেপিৰ প্ৰাৰ্থী বিশ্বৰূপ ভট্টাচাৰ্য্যক তেওঁ বিশাল ভোটৰ ব্যবধানত পৰাজিত কৰাৰ সম্ভাবনা আছে।
     ৬নং হাইলাকান্দিত প্ৰতিদ্বন্দ্বিতা হ’ব এ.আই.ইউ.দি.এফৰ জাকিৰ হুছেইন লস্কৰ আৰু বিজেপিৰ মিলন দাসৰ মাজত। ২০১৬ বিধানসভা নিৰ্বাচনত এ.আই.ইউ.দি.এফৰ আনোৱাৰ হুছেইন লস্কৰে বিজেপিৰ সৌম্যজিত দত্ত চৌধুৰীক ২৬০৮টা ভোটৰ ব্যবধানত পৰাজিত কৰিছিল। লস্কৰে পাইছিল ৪১,৬৪৭ তথা দত্ত চৌধুৰীয়ে পাইছিল ৩৯,০৩৯। কংগ্ৰেছৰ আনামুদ্দিন লস্কৰে ৯২৮৭ আৰু নিৰ্দলীয় জাকিৰ হুছেইন লস্কৰে পাইছিল ১৫,৬৩৩ টা ভোট। সংখ্যালঘুৰ ভোট বিভাজনৰ ফলত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা অগবঢ়াব পাৰিছিল। ২০১৬ত তিনি নম্বৰত থকা জাকিৰ হুছেইন লস্কেৰ এইবাৰ এ.আই.ইউ.দি.এফৰ টিকট পাইছে। ২০১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪৮১৭৩, কংগ্ৰেছে ৬২৯৬ আৰু এ.আই.ইউ.দি.এফে ৬২০৯৯টা ভোট লাভ কৰিছিল। প্ৰায় ৬০% মুছলমান ভোট থকা সমষ্টিটোত আজমলৰ প্ৰাৰ্থী যঠেষ্ট আগবাঢ়ি আছে আৰু জয় প্ৰায় নিশ্চিত।
   ৭ নম্বৰ কাটলিছেৰাত প্ৰতিদ্বন্দ্বিতা বিজেপিৰ সুব্ৰত নাথ আৰু এ.আই.ইউ.দি.এফৰ সুজামউদ্দিন লস্কৰৰ মাজত। ২০১৬ চনত সুজামে কংগ্ৰেছৰ সেইসময়ৰ মন্ত্রী গৌতম ৰয়ক ১৫,০৮৪টা ভোটাৰ ব্যবধানত পৰাজিত কৰিছিল। সুজামে ৫০,৬৭৬ , ৰয়ে ৩৫, ৫৯২ আৰু বিজেপিৰ ৰাজকুমাৰ দাসে ৩২,১৬৪টা ভোট লাভ কৰে। ২০১৯ৰ লোকসভাত বিজেপিয়ে ৬১,০২৬, কংগ্ৰেছে ৭২৭৯ আৰু এ.আই.ইউ.দি.এফে ৬১০২৬টা ভোট লাভ কৰিছিল। হাইলাকান্দি জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত ইয়াতে বিজেপিয়ে সামান্য প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও এ.আই.ইউ.দি.এফ বৰ্তমানলৈ আগবাঢ়ি আছে।
    ৮নম্বৰ আলগাপুৰত মুল প্ৰতিদ্বন্দ্বিতা হ’ব অগপৰ আপতাবুদ্দিন লস্কৰ আৰু এ.আই.ইউ.দি.এফৰ নিজামুদ্দিন চৌধুৰীৰ মাজত। ২০১৬ত নিজামে ৫০,৫৩১ টা ভোট পোৱাৰ বিপৰীতে বিজেপিৰ কৌশিক ৰায়ে ৩২৩৭৭ আৰু কংগ্ৰেছৰ ৰাহুল ৰয়ে ২৫৯২৭টা ভোট লাভ কৰিছিল। ২০১৯ৰ লোকসভাত বিজেপিয়ে ৫৩৪১৫, কংগ্ৰেছে ৯৪১০ অাৰু এ.আই.ইউ.দি.এফে ৬০৬২৩টা ভোট লাভ কৰিছিল। প্ৰায় ৬০% মুছলমান ভোটাৰ থকা সমষ্টিটো নিজৰ হাতত ৰখাৰ বাবে এ.আই.ইউ.দি.এফে বেছি কষ্ট কৰিবলগীয়া হোৱা নাই।
 শিলচৰ
কাচাৰ জিলাৰ ৭টা বিধানসভা সমষ্টিৰে গঠিত শিলচৰ লোকসভা সমষ্টি। ২০১৯ত শিলচৰ লোকসভাত এ.আই.ইউ.দি.এফে প্ৰাৰ্থী দিয়া নাছিল। ২০২১ত ৯ নম্বৰ শিলচৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা হ’ব বিজেপিৰ দ্বিপায়ন চক্ৰবৰ্তী আৰু  কংগ্ৰেছৰ তমাল কান্তি বানিকৰ মাজত। টিকট বঞ্চিত হৈ দিলীপ পালে নিৰ্দলীয় খেলিছে যদিও তেওঁ নিৰ্বাচনৰ ফলাফলক প্ৰভাবিত কৰাৰ সম্ভাবনা ক্ষীণ। শিলচৰত হিন্দু ভোটাৰ প্ৰায় ৭০%। যোৱা বিধানসভাত বিজেপিৰ দিলীপ পালে ৯৪,৭৮৭ টা ভোট আৰু কংগ্ৰেছৰ বিথিকা দেবে ৫৪,৮৬৭টা ভোট পাইছিল। ২০১৯ লোকসভাত বিজেপিৰ ভোট বৃদ্ধি হয় ১,০৬,৯০৪ টালৈ আৰু কংগ্ৰেছে পায় ৫৭,৯৬৮টা ভোট। দিলীপ পালে কিমান ভোট কাটিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিজেপিৰ জয়ৰ ব্যবধান কিন্তু বিজেপিৰ জয় নিশ্চিত।
  ১০ নম্বৰ সোনাইত বিজেপিৰ বৰ্তমানৰ বিধায়ক আমিনুল হক লস্কৰক প্ৰত্যহ্বান জনাইছে কংগ্ৰেছৰ কৰিমুদ্দিন বৰভূঞাই। ২০১৬ত লস্কৰে কংগ্ৰেছৰ এনামুল হকক ৭৫৫৩টা ভোটৰ ব্যবধানত পৰাস্ত কৰিছিল। লস্কৰে ৪৪,২৩৬ , এনামুলে ৩৬,৬৮৩ আৰু এ.আই.ইউ.দি.এফৰ কৰিমুদ্দিনে পাইছিল ৩২,১০৯টা ভোট। ২০১৬ত ৬০% মুছলমান ভোট থকা সোনাইত কংগ্ৰেছ ,এ.আই.ইউ.দি.এফৰ ভোট বিভাজনৰ সুযোগত জয়ী হৈছিল লস্কৰ। ইয়াৰ উপৰিও মুছলমান সম্প্ৰদায়ৰ ভেন্সাৰ স্কুলৰ শিক্ষক বিলাকেও প্ৰাদেশীকৰণৰ আশাত বিজেপিক সহায় কৰিছিল। ২০১৯ৰ লোকসভাত বিজেপিয়ে ৫৬,১৬৯ ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ৭৫,৯২৪ ভোট। এইবাৰ মিত্রজোঁটৰ প্ৰাৰ্থীহৈ অতি উৎসাহী হৈ পৰিছে কৰিমুদ্দিন। তেওঁৰ মতে বিজেপিৰ লগত তেওঁৰ প্ৰতিদ্বন্দ্বিতা নহয়; হ’ব নিৰ্দলীয়ৰ সৈতে। কিবা চমৎকাৰ নহ’লে কৰিমুদ্দিনৰ জয় ১০০% নিশ্চিত।
    ১১ নম্বৰ ধলাইত প্ৰতিদ্বন্দ্বিতা নাই। হিন্দু বসতি প্ৰধান আসনখনত বিজেপিৰ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ জয় নিশ্চিত। যোৱাবাৰ শুক্লবৈদ্যই ৬৮৬৯৪টা ভোট পাই কংগ্ৰেছৰ গিৰিন্দ্ৰ মাল্লিক পৰাভূত কৰিছিল। মল্লিকে পাইছিল ৪১,৮৫৭টা ভোট।  ২০১৯ লোকসভাত বিজেপিয়ে ৮২,৪১৬ট ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পাইছিল ৫১,৮৩৬। এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ মালা। কিন্তু তেওঁ শুক্লবৈদ্যক পঞ্চম বাৰৰ বাবে বিধানসভাত প্ৰবেশ কৰাৰ পথত হেঙাৰ হ’ব নোৱাৰে।
   ১২ নম্বৰ উদৰবন্দত একেৰাহে ৪ বাৰ বিজয়ী হোৱাৰ পিছত অজিত সিং যোৱাবাৰ পৰাজিত হৈছিল। অজিত সিং এ লাভ কৰিছিল ৪৫,৫৯৮টা ভোট।  ৫৪,২০৪টা ভোট পাই বিজয়ী হৈছিল বিজেপিৰ মিহিৰ কান্তি সোম। এ.আই.ইউ.দি.এফৰ লিয়াকত আলি লস্কৰে পাইছিল ৮,৭১৫টা ভোট। ২০১৯ লোকসভা নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছে লাভ কৰা ভোট আছিল ক্ৰমে ৬৮,০৩৩ আৰু ৫০,৩৮৯। হিন্দু সংখ্যাগৰিষ্ঠ উদৰবন্দত পুনৰবাৰ সমুখসমৰত মিহিৰ কান্তি সোম আৰু অজিত সিং । ইয়াত প্ৰতিদ্বন্দ্বিতা তীব্ৰ হ’ব যদিও বিজেপিৰ জয়ৰ সম্ভাবনা অধিক।
   ১৩ নম্বৰ লক্ষীপুৰ বিধানসভা সমষ্টি ১৯৮৩ চনৰ পৰা প্ৰতিনিধিত্ব কৰি আহিছে গোৱালা পৰিয়ালে। কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী দীনেশ প্ৰসাদ গোৱালাই ২০১১ চনলৈ আৰু তাৰ পিছত তেওৰ পুত্র ৰাজদ্বীপ গোৱালা ইয়াৰ পৰা বিধায়ক হৈছে। ২০১৬ চনত ৰাজদ্বীপে বিজেপিৰ থৈবা সিংক ২৪,৩৬৭টা ভোটৰ বিশাল ব্যবধানত পৰাজিত কৰে। লক্ষীপুৰত বঙালী হিন্দুৰ লগতে আছে চাহ জনগোষ্ঠী আৰু মণিপুৰী ভোটাৰৰ প্ৰাধান্য। ২০১৬ চনৰ পিছত ইয়াত বিজেপিয়ে ব্যাপক ভাবে সাংগঠনিক বিস্তাৰ কৰে। দলে ইয়াৰ ফল লাভ কৰে ২০১৯ লোকসভা নিৰ্বাচনত। প্ৰথমবাৰৰ বাবে বিজেপিয়ে ইয়াত কংগ্ৰেছক পিছ পেলাবলৈ সক্ষম হয়। বিজেপিয়ে ৬১২১৬টা ভোট পোৱাৰ বিপৰীতে কংগ্ৰেছে পায় ৪৯,৭৪৫। বিপদৰ উমান পাই ৰাজদ্বীপে বিজেপিত যোগদান কৰে যদিও বিজেপিয়ে তেওঁক টিকট নিদিলে। বংশবাদৰ ৰাজনীতিক প্ৰশ্ৰয় দিব নোখোজা বিজেপিয়ে আনকি কবীন্দ্ৰ পুৰকায়স্থৰ পুত্র কৰ্ণাদকো টিকট নিদিলে। কৰ্ণাদ শিলচৰৰ টিকটৰ দাবীদাৰ আছিল। লক্ষীপুৰৰ পৰা টিকট পালে বিজেপিৰ কাচাৰ জিলা সভাপতি কৌশিক ৰয়ে। কৌশিকক প্ৰত্যাহ্বান জনাব কংগ্ৰেছৰ মুকেছ পাণ্ডেই। ৰাজদ্বীপে টিকট নাপাই বিদ্ৰোহ কৰা নাই আৰু সেইবাবে বিজেপি বৰ্তমানলৈ আগবাঢ়ি আছে।
   ১৪ নম্বৰ বৰখোলাত ২০১৬ত বিজেপিৰ কিশোৰ নাথ জয়ী হৈছিল মাত্র ৪৮টা ভোটত। দ্বিতীয় স্থানত আছিল নিৰ্দলীয় মিছবাহুল ইছলাম লস্কৰ। কংগ্ৰেছৰ ৰুমী নাথ ২১,৯৪৬টা ভোট পাই তৃতীয় স্থানত আছিল। মিছবাহুল এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী। আগতে দুবাৰ কংগ্ৰেছৰ পৰা বিধায়ক হোৱা মিছবাহুলে দলৰ টিকট নাপাই দুবাৰ নিৰ্দলীয় হৈ খেলিছিল। প্ৰায় ৫৫% মুছলমান থকা সমষ্টিটোত ২০১৯ৰ লোকসভাত কংগ্ৰেছে পাইছিল ৫৬,৮৪৪ আৰু বিজেপিয়ে পাইছিল ৫৪,৩৫৪টা ভোট। বিজেপিয়ে বিধায়ক কিশোৰ নাথৰ টিকট কাটি প্ৰাৰ্থীত্ব দিছে অমলেন্দু দাসক। কংগ্ৰেছৰ মিছবাহুল ইয়াৰ পৰা জয়ী হোৱাৰ পূৰ্ণ সম্ভাবনা আছে।
১৫ নম্বৰ কাটিগড়াত বিজেপিৰ টিকট পাইছে এসময়ৰ কংগ্ৰেছৰ প্ৰবল প্ৰতাপী মন্ত্রী গৌতম ৰয়ে। গৌতমক প্ৰত্যহ্বান জনাবলৈ সাজু কংগ্ৰেছৰ খলিল উদ্দিন মজুমদাৰ। ২০১৬ত ইয়াৰ পৰা জয়ী হৈছিল বিজেপিৰ অমৰ চান্দ জৈন। জৈনৰ জয়ৰ মুল কাৰণ আছিল ৫৫% মুছলমান ভোটাৰৰ ভোট বিভাজন। কংগ্ৰেছে ১৬,৪১৬ টা ভোট পোৱাৰ লগতে এ.আই.ইউ.দি.এফে পাইছিল ৫০,৯৫৬টা ভোট। বিজেপিৰ জৈনে পাইছিল ৫৯,৭৬৪। ২০১৯ৰ লোকসভাত বিজেপিয়ে ৬৭,১৪৩ আৰু কংগ্ৰেছে ৭৩,৫২৭টা ভোট লাভ কৰিছিল। যদিও হিমন্ত বিশ্ব শৰ্মাই ইয়াত সভা কৰি ১৫০ কৌটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছে তথাপিও বিধানসভাৰ পথ গৌতম ৰয়ৰ বাবে অত্যন্ত কঠিন। ইয়াত ৰয়ক পৰাস্ত কৰি খলিল উদ্দিনৰ দিছপুৰ যাত্রা প্ৰায় নিশ্চিত।
দেখা গ’ল যে বৰাকৰ ১৫ টা সমষ্টিৰ ভিতৰত মাত্র ৬ টা সমষ্টিত বিজেপি আগবাঢ়ি আছে। সমষ্টিকেইটা হ’ল ৰাতাবাৰী, পাথাৰকান্দি, শিলচৰ, ধলাই, উদৰবন্দ আৰু লক্ষীপুৰ। বাকী ৯টা সমষ্টিতে কংগ্ৰেছ মিত্রজোঁটৰ জয়ৰ সম্ভাবনা উজ্জ্বল।

ৰাজনীতি অসম আলোচনীখন সম্পূৰ্ণকৈ পঢ়িবলৈ ক্লিক কৰক: WWW.RAJNITIAXOM.COM


লক্ষীমপুৰ আৰু নাহৰকটীয়া :অগপৰ অগ্নি পৰীক্ষা

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অগপৰ লগত বিজেপিয়ে মিত্ৰতা কৰা সময়ত অগপ আছিল বিগ ব্ৰাদাৰ । কিন্তু বিগত নিৰ্বাচনবোৰ অতিক্ৰম কৰি অগপ আৰু বিজেপিৰ মিত্ৰতাই ২০২১ চনত ভৰি দিলে । এইবাৰ প্ৰফু্ল্ল মহন্ত, বৃন্দাবন গোস্বামীৰ দৰে ৮৫’ ৰ নেতা সকলে টিকট লাভ নকৰিলে । এসময়ৰ আছু আৰু অগপৰ সাংগঠনিক ভেটিৰ বলত অগপৰ হাতীৰ চিহ্নত বিধায়ক হোৱা কমলপুৰ , ৰঙিয়া , ছিপাঝাৰ , নলবাৰী,ধৰ্মপুৰ ,বৰক্ষেত্ৰী , বৰমা , দিছপুৰ , জালুকবাৰী , পুৱ গুৱাহাটী , নগাঁও ,বৰহমপুৰ প্ৰমুখ্যে অজস্ৰ সমষ্টিৰ ইভিএমত হাতীৰ চিহ্ন নাই । নিৰ্বাচনৰ সময়ত ৮৫ ‘ ৰ সময়ৰ সমষ্টিৰ পুৰণি অগপ নেতাসকলক বিজেপিৰ প্ৰাৰ্থী সকলে এখন বলেৰো বাহন দিয়ে । দুই-তিনিজনীয়া গ্ৰুপত সমষ্টিৰ বিশজন পুৰণি অগপ নেতাক সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত লগায় । আৰু এইখিনি মানুহেই মিটিংত নতুন প্ৰজন্মই পাহৰি  যোৱা অসম চুক্তিৰ বৰ্ণনা কৰে । বিজেপিৰ প্ৰাৰ্থীক অগপৰ লগত থকা হাজাৰ হাজৰ পকেট ভোটৰ ফন্দি পাঠ কৰাই আৰু বুথৰ খানাৰ নামত বৰঙনি গোটাই । খানা অবিহনে অগপৰ ভোট আন দললৈ ট্ৰেন্চফাৰ হৈ যোৱাৰ ব্লেকমেইলে নিৰ্বাচনী খৰচ বৃদ্ধি কৰে । প্ৰাৰ্থীয়ে ভোটৰ ভয়ত বিশ্বাস নকৰি উপায় নাইকিয়া এক পৰিবেশত মেনেজ কৰে অগপৰ কাল্পনিক ভোট বেংক । ১৯৮৫ চনত অগপই পোৱা ভোটৰ ওপৰত ভিত্তি কৰি ২০২১ চনলৈ চলি আছে অগপৰ পকেট ভোটৰ ৰাজনীতি । পূৱ গুৱাহাটীৰ পৰা পাটাছাৰকুছি আৰু নগাঁওৰ পৰা টিংখংলৈ বিজেপিয়ে অগপৰ পুৰণি সমষ্টি বিলাকত প্ৰাৰ্থী দিলে । অগপ আৰু বিজেপিয়ে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰা দুটা সমষ্টিৰ ভোটে অগপ আৰু বিজেপিৰ গণ ভিত্তিৰ এটা তুলনামুলক ছবি চিহ্নিত কৰিব । লক্ষীমপুৰত অগপৰ পৰা নিৰ্বাচনত নামিছে এসময়ৰ প্ৰভাবশালী নেতা উৎপল দত্ত আৰু বিজেপিৰ পৰা মানব ডেকা । উৎপল দত্ত যিদৰে প্ৰফুল্ল মহন্ত ফৈদৰ একেদৰে মানব ডেকা হৈছে হিমন্ত বিশ্ব শৰ্মা ফৈদৰ । কংগ্ৰেছৰ প্ৰাৰ্থী জয় প্ৰকাশ দাসৰ জয় -পৰাজয় যিয়েই নহওক মানব ডেকা আৰু উৎপল দত্তৰ কোনে অধিক ভোট পায় সেয়া হব বিচাৰ্য্য বিষয় । আন এটা সমষ্টি হৈছে নাহৰকটীয়া । অগপৰ পৰা নৰেণ সোণোৱাল , বিজেপিৰ তৰংগ গগৈ আৰু কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনৰ লগত নিৰ্বাচনত নাম সোমাইছে আছুৰ দ্বাৰা নবগঠিত দল অজাপৰ লুৰিন জ্যোতি গগৈ । লুৰিন জয়ী হব নে কোন জয়ী হব সেয়া গুৰুত্বপুৰ্ণ বিষয় যদিও আগন্তুক সময়ত অগপ-বিজেপিৰ মাজত চলা সমষ্টি আদান-প্ৰদানৰ বিষয়টোক প্ৰভাবিত কৰিব তৰংগ গগৈয়ে ভোট বেছি পায় নে নৰেণ সোণোৱালে । যদিহে নৰেণ সোণোৱালৰ ভোটৰ সংখ্যাই কংগ্ৰেছ বা অজাপক জয়ী কৰাই তেন্তে অগপ-বিজেপিৰ মিত্ৰতা প্ৰাসংগিক হৈ থাকিব । অন্যথা লাহে লাহে অগপই মুছলমান সংখ্যাগৰিষ্ঠ সমষ্টি বিলাকত হে নিৰ্বাচন খেলিব লাগিব ।

বুলেট মামা মুখ্যমন্ত্রী

(এই লেখনিৰ উদ্দেশ্য হাস্যৰস )

 কমেডি ডেক্স: ৰাজনীতি অসম 

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


সকলোতে মাত্র নিৰ্বাচনৰ আলোচনা। ৰেষ্টুৰেন্ট, অফিছ, পাৰ্ক সকলোতে কেবল ৰাজনীতি। আনকি টয়লেটত বহিওঁ কিছুমানে ভাবি আছে কোনে কিমান আসন পাই চৰকাৰ বনাব? ৰাইজৰ ইমান আগ্ৰহ দেখি আমি নিজক ৰখাব নোৱাৰিলো। আমি উপস্থিত হ’লো বিভিন্ন সভাই সমিতিয়ে। নেতাসকলৰ ভাষণ শুনাৰ লগতে শুনা পালো তেওঁলোকে নিজৰ মাজত পতা কিছুমান গোপন আলোচনা।
দুই গুজৰাটী
মুদীঃ এওঁক মামা বুলি কিয় মাতে?
শাহঃ মোটাভাই , বপুৰাই সকলোকে বুলেট দিম বুলি ফুচলাই ভোট লৈছে।
মুদীঃ এওঁটো গুজৰাটীকো পিছ পেলাইছে।
শাহঃ দুখনমান বুলেট দিব লাগিব। নহলে পাপ লাগিব নেকি?
মুদীঃ টকা ক’ত পাবা? বেছিবলৈও চোন এতিয়া একো বাকী নাই!
শাহঃ বুলেট নিদিলে মামাই খুব আমনি কৰিব আমাক।
মুদিঃ চাবা আৰু তেওঁক বেছি লাই নিদিবা। নহ’লে কেতিয়াবা আমাকে মামা বনাই দিব।
মামাৰ ব’দিগাৰ্দ
মামাৰ ব’দিগাৰ্দ ১ঃ এই নিৰ্বাচনটো সোনকালে শেষ হ’লে ৰক্ষা। সদায় ৰাতি ভৰিত তেল মালিছ কৰিব লাগে।
মামাৰ বদিগাৰ্দ ২ঃ মই হ’লে নিৰ্বাচন ভাল পাওঁ। মায়ে ৰৈ থাকে টিভিত ওলাম বুলি। ১ মাহত ৯৬ টা ছোৱালীৰো প্ৰপোজেল আহিছে।
মামাৰ বদিগাৰ্দ ১ঃ নাহিবনে! চানগ্লাছ পিন্ধি যি প’জত ঠিয় হৈ থাক মামাৰ পিছফালে। পুৱাৰ পৰা মাজ নিশালৈ ইমান ঘূৰি থাকিব লাগে তোৰ একো সমস্যা নহয় নেকি?
মামাৰ বদিগাৰ্দ ২ঃ গাড়ীৰ ওপৰত উঠিলে অলপ বুকুখন দুৰু দুৰু কপি থাকে। তাৰ বাহিৰে সব থিকে আছে। অবশ্যে ভাজমলৰ নাম শুনি শুনি কিবা কাণখন পকি গৈছে। ৩০ দিনত চাগে ৩ হাজাৰ বাৰমান ভাজমলৰ নাম লৈছে। কোনো সন্ত্রাসবাদী হ’ব চাগে?
মামাৰ বদিগাৰ্দ ১ঃ নহয় ৰে। সি আচামৰ এটা দাড়ীবালা বাবা আছে। যাৰ বাচ্ছা নহয় তাৰ তালৈ যায়। তন্ত্র মন্ত্র কৰি বচ্ছা পেয়দা কৰি দিয়ে।
গেৰান্টি
ৰুহুল গান্ধীঃ আমি জিকিমনে?
ৰুপুন বৰাঃ পৃথিবীত কি ঘটি আছে গমেই নাপাও চাৰ। পুৱাৰ পৰা ৰাতিলৈ কেবল নিজকলৈয়ে ব্যস্ত।
ৰুহুল গান্ধীঃ গেৰান্টীৰ কিবা হ’লনে?
ৰুপুন বৰাঃ গেৰান্টি ফালি চিৰি চিন মোকাম নোহোৱা কৰিলে চাৰ।
ৰুহুল গান্ধীঃ চাকৰিৰ বাবে ফৰ্ম ফিলাপৰ কি হ’ল?
ৰুপুন বৰাঃ তাৰো বেণ্ড বজাই নাৰি ভূৰি উলিয়াই দিলে চাৰ।
ৰুহুল গান্ধীঃ ‘কা’ ক লৈ বৰ লম্ফ জম্ফ কৰি আছিলা দেখোন?
ৰুপুন বৰাঃ বুলেট-অৰুণোদয়-কৰোণাই ‘কা’ক ধুই মেলি চফা কৰি দিলে যেন পাওঁ চাৰ।
ৰুহুল গান্ধীঃ আপুনি নিজে জিকিব নে? নে তাতো কোনোবাই কিবা কৰিলে?
ৰুপুন বৰাঃ একো কব নোৱাৰো। সেইজনে ইয়াত দুই-তিনিবাৰ আহিছিল। তাৰ পিছত মানুহবোৰে দেখোন মই পূৱত গ’লে পশ্চিমৰ পিনে পলায়।
ৰুহুল গান্ধীঃ আপুনি কাৰ কথানো কৈ আছে? কোনে আপোনালোকৰ এই দশা কৰিলে?
ৰুপুন বৰাঃ আপুনি যে কুকুৰে খোৱা বিস্কুট খাব দিছিল,সেইজনেই চাৰ। তাৰ পিছৰে পৰা মানুহ জন চোন হিংস্ৰ  হৈ পৰিছে।
হিলাদিত্য কবিতা
দাসদাদা দাসদাদা টিকট নিদিলা কিয়?
হৰ্বাদা যে মনে মনে থাকিল, মইনো দিম কিয়?
অ’ হৰ্বাদা অ’ হৰ্বাদা মনে মনে থাকিলা কিয়?
হিমুদা যে মুখ্যমন্ত্রী হ’ব মইনো মাতিম কিয়?
অ’ হিমুদা অ’ হিমুদা, মোক ঠগিলা কিয়?
কণীদাক যে সিজাই থৈছা, মইনো নঠগিম কিয়?
অ’ কণীদা অ’ কণীদা মাফ নকৰিলা কিয়?
বৰষুণ যোৱাৰ পিছত জাপি ল’লেনো নিভিজিবা কিয়?

কোন জয়ী হ’ব সৰ্বাধিক ভোটৰ ব্যবধানত?

অসম বিধানসভাৰ নিৰ্বাচন অনুস্থিত হৈছে ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত। ফলাফল প্ৰকাশ পাব ২ মে তাৰিখে। আমাক জনাওক ১২৬জন নতুন বিধায়কৰ ভিতৰত কোনজন জয়ী হ’ব সৰ্বাধিক ভোটৰ ব্যবধানত। আমাৰ অ’পিনিয়ন প’লত ভাগ লোৱাৰ অন্তিম দিন ২১ এপ্ৰিল ২০২১। অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰকঃ

নিৰ্বাচনৰ দিন ঘোষণাৰে মোদীৰ চমক; টাৰ্গেট ৮২

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমলৈ আহি প্ৰধানমন্ত্রী মোদীয়ে কৈছিল যে মাৰ্চৰ ৮ বা ১০ তাৰিখে নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে। লগে লগে সংবাদ মাধ্যমে প্ৰচাৰ ইয়াক প্ৰচাৰ কৰি দিলে। বিৰোধীয়ে প্ৰশ্ন কৰিলে_কেনেকৈ মোদীয়ে নিৰ্বাচনৰ দিন ঘোষণা কৰিব পাৰে? পৰিকল্পিত ভাবে মোদীয়ে নিজৰ এজেণ্ডাত সফল হ’ল। ভাষনত মোদীৰ disclaimer ক সংবাদ মাধ্যমে গুৰুত্ব নিদিলে যত তেখেতে কৈছিল যে এয়া তেখেতৰ অনুমানহে মাত্র। নিৰ্বাচনৰ দিন ঘোষণা কৰা নিৰ্বাচন আয়োগৰ কাম আৰু তেওঁলোকে নিজৰ কাম কৰি থাকিব। বিৰোধী দল আৰু ৰাইজক হতবাক কৰি নিৰ্বাচনী আয়গে ২৬ ফেব্ৰুৱাৰী তাৰিখে অসম তথা আন চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে। অসমত ২৭ মাৰ্চত হ’বলগীয়া প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ শেষ দিন ৯ মাৰ্চ। অৰ্থাৎ নিৰ্বাচনৰ দিনাংক ঘোষণা কৰাৰ দিনৰ পৰা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ শেষ দিনলৈ মাত্র ১০ দিন সময় আছে। ইয়াৰ ফলত বিৰোধী দলবোৰৰ মাজত আৰম্ভ হৈছে হাহাকাৰ।  নিৰ্বাচনী আয়োগ এটা স্বতন্ত্র সংস্থা যদিও বিভিন্ন সময়ত ই কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে কাম কৰে বুলি অভিযোগ উঠিছে। অসমৰ নিৰ্বাচনী সভাত উপস্থিত থকা সময়ত নৰেন্দ্ৰ মোদী যে নিৰ্বাচনৰ দিন সম্পৰ্কে জ্ঞাত নাছিল সেয়া বিশ্বাস কৰিবলৈ টান। তেন্তে মোদীয়ে কিয় মাৰ্চৰ ৮-১০ তাৰিখমানে নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে বুলি ক’লে? ইয়াক বুজিবলৈ নিৰ্বাচনৰ সুচীখন অধ্যয়ন কৰা প্ৰয়োজন।
অসমৰ বিধানসভা নিৰ্বাচন তিনিটা পৰ্য্যায়ত হ’ব। তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড় আৰু লখিমপুৰ লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিবোৰৰ নিৰ্বাচন হ’ব ২৭ মাৰ্চত। যোৱা লোকসভা নিৰ্বাচনত কলিয়াবৰৰ বাদে আন চাৰিটা লোকসভাত বিজেপি বিপুল ভোটত জয়ী হৈছিল। এই ৪৭ টা বিধানসভা সমষ্টিৰ পৰা বিজেপি মিত্রজোঁটৰ বিধায়ক ৩৬জন। এইবাৰ বিজেপিৰ টাৰ্গেট হ’ল ৪৪। বিজেপিয়ে ৩ টা সমষ্টি ধিং, ৰূপহীহাট আৰু চামগুৰি এৰি দিছে। যোৱাবাৰ পৰাজিত হোৱা সৰুপথাৰ, গোলাঘাট, তিতাবৰ, মৰিয়নি , শিৱসাগৰ, নাজিৰা, নাওবৈচা আৰু ডুমডুমা এইবাৰ বিজেপিৰ টাৰ্গেট। বিজেপিয়ে ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত ইয়াত নিৰ্বাচনী প্ৰচাৰ যোৱা দুমাহ মানৰ পৰা চলাই আছে। মোদীও এই অঞ্চলটোলৈ তিনিবাৰকৈ আহিছে। আজমলৰ লগত মিত্রতা হোৱাৰ পিছত এই ৪৭টা সমষ্টিত বিজেপিৰ প্ৰধান প্ৰতিদ্বন্দ্বী হ’বলৈ গৈ আছিল জাতীয় পৰিষদ। কিন্তু আকস্মিকভাবে নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত জাতীয় পৰিষদে কিমান প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব তাত সন্দেহ আছে। জাতীয় পৰিষদৰ নিৰ্বাচনী প্ৰতীকটোক ২৫ দিনত কিমান ৰাইজৰ মাজত লৈ যাব সেয়া সহজে অনুমেয়। জাতীয় পৰিষদক বেকফুটত ৰখাৰ উদ্দেশ্যৰে বিজেপিয়ে নিৰ্বাচন সোনকালে কৰিব বিচাৰিছে। ধনে জনে বিজেপি যিহেতু নিৰ্বাচৰ বাবে সম্পূৰ্ণ সাজু সেয়ে বিৰোধীক শলঠেকত পেলাই প্ৰথম পৰ্য্যায়ৰ ৪৪ টা সমষ্টি দখল কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে। বিজেপি ইয়াত সফল হ’লে বিজেপিৰ সপক্ষে বতাহ অহা বুলি দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত প্ৰচাৰ চলাব।
  দ্বিতীয় পৰ্য্যায়ত ভোটগ্ৰহণ হ’ব ৩৯টা সমষ্টিত। এইকেইটা শিলচৰ, কৰিমগঞ্জ, ডিফু, মংগলদৈ আৰু নগাঁৱ লোকসভাৰ অন্তৰ্গত। নগাঁৱত কংগ্ৰেছৰ আৰু বাকী চাৰিটাত বিজেপিৰ সাংসদ আছে। এই ৩৯টাৰ ভিতৰত বিজেপি-অগপৰ বিধায়কৰ সংখ্যা   ২৫ জন। কংগ্ৰেছ-আজমৰ মিত্রতাৰ ফলত বিজেপিৰ সৰ্বাধিক ক্ষতি হ’ব বৰাকত। এইবাৰ বিজেপিয়ে বৰাকত চাৰিটাতকৈ বেছি সমষ্টি নাপায় বুলি অনুমান কৰিছে। সেয়েহে ইয়াৰ লোকচান পুৰণ কৰিবলৈ বিটিএদিৰ চাৰিটা সমষ্টি পানেৰী, মাজবাট, ওদালগুৰি আৰু মাজবাটক নিৰ্বাচন কৰিছে। কাৰ্বি পাহাৰৰ ৫ সমষ্টি তথা কমলপুৰ, নলবাৰী, ৰঙিয়া, জাগীৰোড, মৰিগাওঁ, বঢ়মপুৰ আৰু হোজাইকলৈ বিজেপি দল অত্যন্ত আত্মবিশ্বাসী। প্ৰথম পৰ্য্যায়ৰ ৪৪ তথা দ্বিতীয় পৰ্য্যায়ৰ ২২খন আসন দখল কৰি বিজেপিয়ে তৃতীয় পৰ্য্যায়লৈ যাব বিচাৰিছে। তেওঁলোকে ভালদৰে জানে যে গুৱাহাটীৰ বাদে তৃতীয় পৰ্য্যায়ত তেওঁলোকৰ পথ মসৃন নহয়। ৬ এপ্ৰিলত হ’বলগা তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনত আছে ধুবুৰী, বৰপেটা, কোকৰাঝাৰ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাৰ সমষ্টি সমূহ। ইয়াৰ পৰা বিজেপিৰ সাংসদ মাত্র এজন তথা ৪০ৰ ভিতৰত বিধায়ক মাত্র ১৬জন। কংগ্ৰেছ-আজমলৰ মিত্রতাৰ পিছত বিজেপি বিপদত পৰিছে গোলকগঞ্জ, সৰভোগ, বিলাসীপাৰা পূব, বৰপেটা আৰু বৰক্ষেত্রীত। ইয়াক পূৰণ কৰিবলৈ সাজু কৰিছে ভবানীপুৰ, তামুলপুৰ,বৰমা, চাপাগুৰি আৰু ছয়গাঁও জয়ৰ ব্লু প্ৰিন্ট।
প্ৰথম পৰ্য্যায়ৰ ৪৪, দ্বিতীয় পৰ্য্যায়ৰ ২২ আৰু তৃতীয় পৰ্য্যায়ৰ ১৬ ; মুঠ ৮২ খন বিধানসভা আসনৰ টাৰ্গেট বিজেপিৰ। কৰ্মকৰ্তা সকলৰ মনোবল বৃদ্ধি কৰিবলৈ ১০১+ ৰ কথা কৈ থাকে যদিও বিজেপি দলৰ আচল টাৰ্গেট ৮২। সততে আলোচনা হয় মোদী মেজিকৰ কথা। নিৰ্বাচনৰ দিন ঘোষণা কৰি বিৰোধীক ২৬ ফেব্ৰুৱাৰীত মোদীয়ে মেজিক দেখালে। ইয়ে বিজেপিক ৮২খন আসন দখল কৰাত সহায় কৰিবনে এয়া সময়তহে জনা যাব।

২০ বছৰীয়া প্ৰতীক্ষাৰ অন্ত

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


যোৱা সপ্তাহত কলিকতাত হোৱা এ.বি.পি নিউজৰ শিখৰ সন্মিলনত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক প্ৰশ্ন কৰা হৈছিল_ অসমত আপোনালোকৰ মুখ্যমন্ত্রী প্ৰাৰ্থী কোন? উত্তৰত শ্বাহে কৈছিল যে যথা সময়ত দলৰ শীৰ্ষ নেতৃত্বই মিলি এই বিষয়ত সিদ্ধান্ত ল’ব। সাধাৰণতে যিকোনো নিৰ্বাচনত বিৰোধী দলক প্ৰশ্ন কৰা হ’য় মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ বিষয়ে। শাসক দলে নিজৰ ৰাজ্যৰ মুখ্যমন্ত্রীজনৰ নেতৃত্বতে নিৰ্বাচন খেলে আৰু সকলোৱে ধৰি লয় যে জিকিলে বৰ্তমানৰ মুখ্যমন্ত্রী জনেই পুনৰ চৰকাৰখনৰ নেতৃত্ব দিব। সেইবাবেই তৃণমূল কংগ্ৰেছক প্ৰশ্ন কৰা হোৱা নাই তেওঁলোক জিকিলে মুখ্যমন্ত্রী কোন হ’ব। এইটো সৰ্বজন বিদিত যে পশ্চিমবংগত তৃণমূল জিকিলে মমতা বেনাৰ্জীয়ে পুনৰ মুখ্যমন্ত্রী হ’ব। সেইফালৰ পৰা চাব গ’লে অমিত শ্বাহক কৰা প্ৰশ্নটো অলপ ব্যতিক্ৰমী ধৰণৰ। অমিত শ্বাহেও  নকলে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে আমি নিৰ্বাচন খেলিম আৰু জয়ী হ’লে সোণোৱালে হ’ব আমাৰ মুখ্যমন্ত্রী। ইয়াৰ অৰ্থ হ’ল অমিত শ্বাহৰ হাতত প্লেন বি মজুত আছে আৰু সেয়া হ’ল ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্রী পদত অধিষ্ঠিত কৰা। আমি পোৱা খৱৰ অনুসৰি শৰ্মাই যেতিয়া ২০১৫ত বিজেপি যোগদান কৰিছিল তেতিয়াই তেওঁ এটা চৰ্ত দিছিল যে ২০১৬ত নহলেও ২০২১ত তেওঁক মুখ্যমন্ত্রীৰ পদ লাগিবই। এতিয়া কেন্দ্ৰীয় নেতৃত্বই সেই দিশত কাম কৰি আছে। নিৰ্বাচনৰ আগতে এই বিষয়ে ঘোষণা কৰি অসম বিজেপিৰ ভিতৰত থকা জাতীয়তাবাদী শিবিৰটোক নিৰাশ কৰিব খোজা নাই তেওঁলোকে। কিন্তু তেওঁলোকৰ কাম কাজত স্পষ্ট হৈছে নতুন সমীকৰণ। অসমৰ আকাশে বতাহে এতিয়া ‘সকলোৰে আনন্দ সৰ্বানন্দ’ চলা নাই। অসমত এতিয়া ভাইৰেল হৈছে ‘আহিছে আহিছে হিমন্ত আহিছে’ গান। নিৰ্বাচনী ৰণকৌশল যুগুত হৈছে শৰ্মাৰ নেতৃত্বত। ইস্তাহাৰৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থী বাচনি সকলোৰে দায়িত্ব অমিত শ্বাহে ন্যস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। হিমন্ত বিশ্বই নিজৰ প্ৰচাৰ অভিযানক দুটা ভাগত বিভক্ত কৰিছে। প্ৰাৰ্থী ঘোষণা কৰাৰ আগত প্ৰতিজন সম্ভাব্য  প্ৰাৰ্থীৰ শক্তিৰ উমান লবলৈ শৰ্মাই সমষ্টিয়ে সমষ্টিয়ে চলাইছে চাইকেল আৰু পদযাত্রা। ৰাইজৰ লগত সংবাদৰ ওপৰত পোৱা তথ্য তথা সমৰ্থকৰ সংখ্যাৰ ওপৰতে নিৰ্ভৰ কৰিব টিকট পোৱা নোপোৱাৰ খেল। এবাৰ টিকট নিৰ্ধাৰণ হোৱাৰ পিছত পুনৰ ১০০ টা বিধানসভা সমষ্টিত কমেও দুখনকৈ নিৰ্বাচনী সভা পতাৰ লক্ষ্য শৰ্মাৰ।
ইতিমধ্যে বিভিন্ন আচনি যেনে অৰুণোদয়, স্বয়ম, স্কুটি আদিৰ জৰিয়তে অসমৰ ৰাজনীতিত জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছে। ৰাজনীতি অসমৰ অ’পিনিয়ন প’ল মতে অসমত মোদীতকৈও শৰ্মাৰ জনপ্ৰিয়তা অধিক। তেনে ক্ষেত্রত কেন্দ্ৰীয় নেতৃত্বয়ো  বুজি উঠিছে যে এইবাৰ তেওঁক ফুচুলোৱা কঠিন হ’ব। ২০১৫ত দিয়া কথা ৰখাৰ বাহিৰে গত্যন্তৰ নাই। গুৰুত্বপূৰ্ণ হ’ব নিৰ্বাচনৰ পিছত সৰ্বানন্দ সোণোৱালৰ ভূমিকা। সোণোৱালকো অসন্ত্তষ্ট কৰিব নিবিচাৰিব মোদী-শ্বাহ- নাদ্দাই। সোণোৱালে যদি কেন্দ্ৰলৈ যাব নিবিচাৰে তেন্তে ইয়াক সমাধান কৰাটো হ’ব বিজেপি নেতৃত্বৰ বাবে এক ডাঙৰ প্ৰত্যহ্বান।
মহাৰাষ্ট্ৰত ২০০৪ চনত সুশীল কুমাৰ সিন্ধে আছিল কংগ্ৰেছৰ মুখ্যমন্ত্রী। কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পিছত সিন্ধেৰ সলনি বিলাসৰাও দেশমুখক মুখ্যমন্ত্রী পাতে। অসমো এইবাৰ একে পথতে অগ্ৰসৰ হৈছে। ইয়াৰ বাহিৰে কোনো ৰাজ্যতে নিৰ্বাচনত জয়ী হোৱাৰ পিছত শাসক দলৰ মুখ্যমন্ত্রী সলনি কৰা আমি দেখা নাই।  হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিখন সভাৰ ভিৰ দেখি ৰাজনীতিৰ বিষয়ে সম্যক জ্ঞান থকা ব্যক্তিজনেও বুজি পাইছে ২০২১ত কাৰ চৰকাৰ হ’ব আৰু কাৰ বাবে চৰকাৰ হ’ব। ২০০১ চনত প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মা আজি বহু বছৰ ধৰি অসমৰ CM in waiting  হৈ আছিল। ২০ বছৰীয়া দীঘলীয়া পৰিক্ৰমাৰ পিছত শৰ্মা আৰু মুখ্যমন্ত্রীৰ চকীৰ মাজৰ ব্যবধান মাত্র আঢ়ৈ মাহ।

২০২১ নিৰ্বাচনঃ আপোনাৰ বাবে ৰাজনীতি অসমৰ ১ লাখ টকা

২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ চলিব অসমৰ বিধানসভাৰ নিৰ্বাচন। অহা এমাহত সকলো দলৰে বাঘা বাঘা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় নেতাসকলৰ আপোনাৰ সমষ্টিলৈ আগমন ঘটিব পাৰে। তেওঁলোকে আপোনাক দিব অজস্ৰ প্ৰতিশ্ৰুতি। ২ মেৰ পিছত ১২৬ জন আইন প্ৰণয়নকৰ্তাই অসমৰ বিধানসভাত প্ৰবেশ কৰিব। আপোনালোকক দিয়া প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে পালন কৰিব পাৰিবনে নোৱাৰে কোৱাটো কঠিন। কিন্তু অহা বিধানসভা নিৰ্বাচনৰ পুৰ্বানুমাণ কৰি আপুনি লাভ কৰিব পাৰে ১ লাখ টকাৰ নগদ ধন। অহা বিধানসভা নিৰ্বাচনত অসমৰ প্ৰধান দলসমূহে কিমানখনকৈ আসন পাব, সেইটো সঠিকভাবে ক’ব পাৰিলেই আপুনি পাই যাব পাৰে ১ লাখ টকা। আমাৰ অ’পিনিয়ন প’লত ভাগ ল’বলৈ তলত ক্লিক কৰক। অ’পিনিয়ন প’লত ভাগ লোৱাৰ শেষ তাৰিখ ৬ এপ্ৰিল ২০২১। অ’পিনিয়ন প’লৰ নিয়মসমূহ ভালদৰে পঢ়ি ল’ব।

CLICK HERE

১) উত্তৰবিলাক একোটা পূৰ্ণ সংখ্যা হ’ব লাগিব। উত্তৰটো এটা পৰিসৰ ( যেনে ১-১২৬ বা ৬০-৭০)আদি হ’লে তাক অযোগ্য বিবেচনা কৰা হ’ব।
২) আপোনাৰ বয়স ১৮ বছতকৈ কম হ’লে পুৰস্কাৰৰ ধন অভিভাবকৰ একাউন্টত জমা কৰা হ’ব।
৩) এজন ব্যক্তিয়ে এটা ভোট দিব পাৰিব
৪) পুৰস্কাৰ লাভ কৰিব লগীয়া লোকৰ সংখ্যা সৰ্বাধিক এজন। এজনকৈ বেছি ব্যক্তিয়ে শুদ্ধকৈ পুৰ্বানুমান কৰিলে, যিজন ব্যক্তিয়ে প্ৰথমতে নিজৰ উত্তৰ পঠিয়াইছে, তেওঁ ১ লাখ টকা লাভ কৰিব।
৫) যিকোনো বিবাদৰ ক্ষেত্রত ৰাজনীতি অসমৰ সম্পাদকৰ সিদ্ধান্তই চুৰান্ত সিদ্ধান্ত হ’ব।

 

যেতিয়া কৰিমগঞ্জত পাকিস্তানৰ পতাকা গুছাই দিয়া হয়

  • পাৰ্থ প্ৰতীম লহকৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ গ্ৰন্থ এখন উন্মোচন কৰা কাৰ্য্যসূচীত অসমৰ ভৱিষ্যত সম্পৰ্কে বিভিন্ন মন্তব্য কৰিছে । প্ৰখ্যাত সাংবাদিক কৌশিক ডেকাই ‘কা’ আইনখনক বিৰোধীতা কৰি হিমন্ত বিশ্ব শৰ্মাৰ স্থিতিকো প্ৰশ্ন কৰিছিল । আনকি শিলচৰ ( কাচাৰ)ত অসমীয়া ভাষাক কিয় ৰাজ্যভাষাৰ স্থান দিব পৰা নাই তাকেলৈও খেদ ব্যক্ত কৰিছে । কৌশিক ডেকাৰ দৰে বিদগ্ধ সাংবাদিক এজনৰ বাবে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ সম্পৰ্ক কেনেকৈ আৰম্ভ হৈছিল সেই কথা হয়তো জ্ঞাত নহয় । অসমীয়া ভাষী বা বঙালি ভাষী নতুন প্ৰজন্মই জনা আৱশ্যক  যে কাচাৰ , শিলচৰ ,চিলেট ( বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) আদি অঞ্চল বৃটিছে দখল কৰাৰ আগৰ বিভিন্ন সময়ত বিভিন্ন ভাষা-ভাষী ৰজাই শাসন কৰিছিল । মনিপুৰী ৰজা , কোঁচ ৰজা , কছাৰী  ৰজা আদি বিভিন্ন জনে এই অঞ্চলটো ভিন্ন সময়ত নিজৰ দখলত ৰাখিছিল ।
অসম তথা ভাৰতৰ সাধাৰণ জনতাই কাচাৰৰ কথা অধিক জনাৰ পৰিবেশ কেতিয়াও পোৱা নাই আৰু সমান্তৰাল ভাবে ভাৰত বিভাজন বুলি ক’লেও সাধাৰণ মানুহৰ মনত  পঞ্জাৱৰ ছবিখনেই আহে । কিন্তু পঞ্জাৱ বা সিন্ধ প্ৰদেশৰ ছবিৰ লগতে ভাৰতৰ পুৱ প্ৰান্তৰ অসমৰ সংলগ্ন এক বৃহৎ অঞ্চলো যে বিভাজনৰ স্বীকাৰ হৈ পাকিস্তানত অন্তৰ্ভুক্ত হৈছিল সেই ছবিখন ভাৰতৰ সাধাৰণ জনতাৰ জ্ঞাত নহয় আৰু তাতকৈ ডাঙৰ কথা অসমৰ অধিকাংশ মানুহেই নাজানে । ৰাষ্ট্ৰবাদী ভাষণ দিয়া অসমৰ নেতাসকলে অসমখন  কাশ্মীৰ হ’ব বুলি দিয়া ভাষণতো স্থান নাপায় অসমৰ কিমান অংশ পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল । ভাষাভিত্তিক জাতিবাদত লিপ্ত নেতাসকলে ৰাষ্ট্ৰবাদীক প্ৰত্যুত্তৰ দিয়া কথাত সংলগ্ন হয় যে অসমখন দৰাচলতে ত্ৰিপুৰাহে হ’ব ।  ত্ৰিপুৰা আৰু কাশ্মীৰতেই সীমাবদ্ধ আমাৰ সমাজ ।
২০২১ বিধান সভা নিৰ্বাচনৰ আগমুহুৰ্তত আগন্তুক নিৰ্বাচনৰ ৰূপৰেখা কি হ’ব সহজে অনুমান কৰিব পাৰি । এফালে বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ মুক্ত মিত্ৰতা আৰু আনফালে বিজেপি । আইএমডিটি ৰ সমৰ্থক , সমষ্টি সংৰক্ষণ ব্যৱস্থাৰ বিৰোধী , ভগনীয়া হিন্দুক নাগৰিকত্ব প্ৰদানৰ বিৰোধী নীতিৰ সমৰ্থক ইউডিএফৰ লগত কংগ্ৰেছ দলে কৰা মিত্ৰতাই বিজেপিক বিপদত পেলাব বুলি মিত্ৰগোটৰ নেতাসকলে দাবী কৰিছে । হিমন্ত বিশ্ব শৰ্মাই পুৰ্ব বংগীয় মুছলমানৰ  ভোট বিজেপিক নালাগে বুলি কোৱাৰো কোনো অৰ্থ নাই । কাৰণ এইচাম ভোটাৰে বিজেপিক ভোট দিয়াৰ নজিৰ নাই । যোৱা লোকসভা নিৰ্বাচনত বৰপেটা লোকসভা সমষ্টিত কুমাৰ দীপক দাসে লাভ কৰা ভোটৰ বিন্যাসে সকলো প্ৰমাণ কৰিছে । অন্যহাতে খিলঞ্জীয়া মুছলমানৰ সুৰক্ষাৰ কথা কোৱা বিজেপিৰ কাৰণে বিচাৰ্য্য বিষয়টো হ’ল  অসমীয়াভাষী মুছলমান ভোটৰ প্ৰাসংগিকতাও খুব বেছি ৪-৫ টা সমষ্টিটেই সীমাবদ্ধ ।
চিলেট ___স্বাধীনতাৰ আগমুহুৰ্তলৈ অসমৰ এখন জিলা আছিল ; কামৰূপ ,শিবসাগৰ বা নগাঁৱৰ দৰে । দেশ বিভাজনৰ প্ৰাকমুহুৰ্তত অসমৰ চিলেটত গণভোটৰ সিদ্ধান্ত লোৱা হৈছিল । চিলেট অঞ্চলটোৰ জনগাঁঠনি কি আছিল ? বা একেলগে ভাৰতৰ স্বাধীনতা যুদ্ধত অংশ লোৱা মানুহখিনিৰ মাজত ভোটৰ জড়িয়তে ভৱিষ্যত নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াটোক কিয় বাস্তবিত কৰা হ’ল সেইয়া এতিয়া ইতিহাস ।  উত্তৰ চিলেট ( ৬৭% মুছলমান ),দক্ষিণ চিলেট(৩৯%মুছলমান ),চুনামগঞ্জ(৫৫%মুছলমান ),কৰিমগঞ্জ(৪৭% মুছলমান) । এনেকুৱা এটা জনগাঁঠনিৰ অঞ্চল চিলেটক পাকিস্তানত অন্তৰ্ভুক্ত কৰাত মহম্মদ আলি জিন্নাৰ অকণো অসুবিধা হোৱা নাছিল । ভোটদান হৈছিল দুটা দিনত । ১৯৪৭ চন ,জুলাইৰ ৬ তাৰিখ আৰু ৭ তাৰিখ আছিল ভোটগ্ৰহণৰ দিন । ব্যৱহাৰ হোৱা বেলটত দুটা চিহ্ন আছিল । ঘৰৰ ছবিয়ে ভাৰতত থকাৰ পক্ষক বুজাইছিল আৰু কুঠাৰৰ চিহ্নই পাকিস্তানৰ পক্ষক প্ৰতিনিধিত্ব কৰিছিল । জাতীয় কংগ্ৰেছৰ ভাৰতৰ সপক্ষে প্ৰচাৰ আৰু মুছলীম লীগৰ পাকিস্তানত অন্তৰ্ভুক্ত  কৰাৰ পক্ষত প্ৰচাৰে সমাজক লেতেৰা কৰাৰ আগতেই জিন্নাই মুছলমান মানুহৰ মনত ধৰ্মীয় ৰাজনৈতিক চেতনা জগাই তুলিছিল । জিন্নাই নিজৰ এজেণ্ডা চলাই নিয়াত সফল হয় আৰু ভাৰতৰ পক্ষত প্ৰচাৰ চলোৱা কংগ্ৰেছ দল পৰাজিত হয় । কংগ্ৰেছৰ পক্ষত থাকি জমিয়ত উলেমা ই  হিন্দৰ নেতাসকলে মুছলীম লীগক বিৰোধ কৰিছিল । কিন্তু ৰাজনৈতিক ভাবে বিচক্ষণ মুছলমান সমাজে জমিয়তক গুৰুত্ব দিয়া নাছিল।জমিয়তৰ ধৰ্মীয় নেতাৰ বিধৰ্মী ৰাজনীতিক মুছলমান সমাজে প্ৰত্যাখ্যান কৰিছিল আৰু জিন্নাৰ ধাৰ্মিক ৰাজনীতিক সমৰ্থন কৰি পাকিস্তানৰ পক্ষত ভোট দিছিল ।  বৃটিছে ছিলেট দখল কৰাৰ পিছত বিভিন্ন সময়ত ছিলেটৰ মুছলমান জনতাই অসমৰ লগত থকাৰ কাৰণে আগ্ৰহ ব্যক্ত  কৰিছিল  , আনহাতে ছিলেটৰ হিন্দু খিনিয়ে বংগৰ লগত থকাৰ আগ্ৰহ কৰিছিল । ছিলেটৰ মুছলমানৰ অধিকাংশই নিৰক্ষৰ আছিল যদিও ৰাজনৈতিক বিচক্ষণতা বহু প্ৰখৰ আছিল । ছিলেটৰ হিন্দু সকলে বঙালী ভাষী হিচাপে মুছলমান মানুহখিনিৰ লগত ভাষীক আবেগেৰে বান্ধ খাই আছিল । তৎস্বত্তেও ছিলেটীয়া মুছলমান মানুহখিনিয়ে অসমৰ অসমীয়া ভাষী আৰু জনজাতি মানুহৰ সংখ্যাগৰিষ্ঠ অসমত থকাৰ যুক্তিত অটল আছিল । অসমৰ লগত থকাৰ বিষয়টো অসমীয়া প্ৰেম নাছিল , ই আছিল এটা কেলকুলেতদ সিদ্ধান্ত , কাৰণ তেওঁলোকে জানিছিল যে অসমত তেওঁলোকৰ সংখ্যাৰ অনুপাত হিন্দুৰ তুলনাত সামান্যহে কম । সেয়ে মুছলমান আধিপত্য অসমত বেছি প্ৰাসংগিক হব বংগতকৈ । গণভোটৰ ১৫ দিন পিছত আকাশবানী( ৰেডিঅ) ত গণভোটৰ ফলাফল ঘোষণা হয় । ঘোষণাৰ পিছতেই  ছিলেটৰ পৰিবেশ সলনি হৈ যায় । দুই দিন আগলৈ বন্দে মাতৰম ধ্বনি মুখৰিত হৈ থকা কৰিমগঞ্জ , হবিগঞ্জ , খুলনাৰ ৰাস্তাবোৰত নাৰা ই টকবিৰ শ্লোগান শুণা গ’ল । বঙালী ভদ্ৰ লোক পৰিয়ালসকলে মহিলা আৰু শিশুক গুৱাহাটী আৰু শ্বিলংলৈ লৈ আহে । প্ৰথমতে ভাবিছিল যে পৰিস্থিতি শান্ত হলে নিজৰ নিজৰ ঘৰলৈ ঘুৰি যাব আকৌ । কিন্তু পৰিস্থিতি শান্ত কোনোদিনেই নহ’ল । বৰ্তমান  অসমৰ বৰাক উপত্যকাৰ ৰাতাবাৰী , কৰিমগঞ্জ , পাথাৰকান্দি আদি অঞ্চলত পাকিস্তানী পতাকা ঘৰে ঘৰে উৰুৱা হ’ল । ২১ জুলাইৰ  ফলাফল ঘোষণাৰ দিনটোত অধিকাংশ মানুহৰ বাবে ভৱিষ্যত পৰিস্থিতি কি হব ধাৰণা নাছিল ।  হিন্দুৰ পলায়ন আৰম্ভ হৈ গ’ল । মহিলাৰ ওপৰত অত্যাচাৰ , ঘৰ বাৰী দখল কৰা পৰিবেশ হিন্দু পৰিয়ালে দেখিছিল আৰু  সাম্প্ৰদায়িক সম্প্ৰীতিৰ মৰিচিকা উপলব্ধি কৰিছিল ।
মাউন্ট বেটেন আৰু কংগ্ৰেছৰ মাজত হোৱা আলোচনাত ১৫ আগষ্টৰ দিনটোক ক্ষমতা হস্তান্তৰ দিন হিচাপে বাচি লোৱা হৈছিল আৰু সেই মৰ্মে বৃটিছ বিষয়া ৰেদক্লিফে ভাৰতৰ  মানচিত্ৰ খন বনাই আছিল । ১৩ আগষ্টৰ দিনটোত পুনৰ চৰকাৰে ঘোষণা কৰে যে কৰিমগঞ্জ  ভাৰতৰ লগত থাকিব । কৰিমগঞ্জৰ পৰিবেশ পুনৰ সলনি হ’ল । পাকিস্তানৰ পতাকা গুছাই ভাৰতৰ পতাকা আঁৰি দিয়া হ’ল । আৰু তেতিয়াৰ পৰাই গণভোটত পাকিস্তানৰ পক্ষত ভোট দিয়া মুছলমান মানুহখিনিও ভাৰততে থাকি গ’ল ।
২০২১ ৰ নিৰ্বাচন সাধাৰণ বিধান সভাৰ নিৰ্বাচন হ’ব বুলি ধাৰণা কৰা নাযায় । কাৰণ পুৰ্ব বংগীয় মুছলমানৰ দল সংগঠন সমুহৰ লগত কংগ্ৰেছে মুক্ত মিত্ৰতা কৰিছে আৰু অসমীয়া ভাষী ছাত্ৰ সংগঠন কিছুমানে হিন্দু সংস্থাপনৰ সমৰ্থন থকা নাগৰিকত্ব আইনক বিৰোধীতা কৰি পুৰ্ব বংগীয় মুছলমানৰ দলবোৰক নৈতিক সমৰ্থন প্ৰদান কৰিছে । এনেকুৱা সন্ধিক্ষণৰ সময়ত  ৰাষ্ট্ৰবাদী ভোটাৰখিনিৰ কাৰণে বিজেপিয়ে কি স্থিতি লব আৰু কিছু দিন পিছতেই স্পষ্ট হব ।

পুৰণি বিজেপিক লেং মাৰি প্ৰাক্তন ছাত্ৰ নেতাৰ ক্ষমতাৰ সোৱাদ

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিজেপি দলে চৰকাৰত নিজৰ পাঁচ বছৰীয়া কাৰ্যকাল শেষ কৰিব ওলাইছে ।  ২০১৬ নিৰ্বাচনত অগপক মিত্ৰজোঁটত অন্তৰ্ভুক্ত কৰিছিল , বিজেপিৰ জনবল আৰু ধনবলত অগপৰ বহু কেইজন নেতা বিধায়ক হ’ল । অতুল বৰা ,উৎপল দত্ত , সত্যব্ৰত কলিতা , পবিন্দ্ৰ ডেকা প্ৰমুখ্যে প্ৰায় ৯০% অগপৰ বিধায়কে পুনৰ জীৱন পাইছিল । ২০১৬ ত দল হিচাপে পুনৰ জীৱন পোৱা  বিধায়ক সকলৰ বাদেও বিজেপিত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰ ৰক্ষা কৰা বহু প্ৰাক্তণ অগপ নেতা এতিয়া বিজেপি চৰকাৰত মন্ত্ৰী । চন্দ্ৰমোহন পাটোৱাৰী , সৰ্বানন্দ সোণোৱাল , নব কুমাৰ দলে প্ৰমুখ্যে বহু প্ৰাক্তন অগপ নেতা মন্ত্ৰী সভাত  স্থান দখল কৰি  আছে । হিমন্ত বিশ্ব শৰ্মাক বাদ দি প্ৰভাবশালী দপ্তৰ দখল কৰি থকা মন্ত্ৰী কেওজনেই প্ৰাক্তণ অগপ বা বৰ্তমানৰ অগপ নেতা । চন্দ্ৰ মোহন পাটোৱাৰী , অতুল বৰা , কেশৱ মহন্ত , ফনি ভূষণ চৌধুৰী , নব কুমাৰ দলে আৰু খোদ মুখ্যমন্ত্ৰী এই সমীকৰণৰ অংশীদাৰ । যিটো সময়ত বিজেপিৰ পুৰণি কৰ্মী – নেতাসকলে সমষ্টিৰ টিকটৰ নামত নিজৰ মাজত প্ৰতিদ্বন্দ্বিতাত লিপ্ত হৈছে সেই সময়তে প্ৰাক্তন আছু নেতা বা বিভিন্ন ছাত্ৰ সংগঠন কৰা ছাত্ৰ নেতা সকলে  নিকায় আৰু দপ্তৰত প্ৰভাবশালী পদ লৈ ক্ষমতাৰ ক্ৰিম খাবলৈ সক্ষম হৈছে । দিছপুৰত মৃগাংক বৰ্মন বা জয়ন্ত দাসে বিজেপিৰ পতাকা লৈ ৰাইজৰ মাজত সোমাই পৰিছে  , কিন্তু টিকট জানো তেওঁলোকৰ দুজনেই পাব ? হয়টো দুয়োকে লেং মাৰি প্ৰাক্তণ আছু আৰু অগপ নেতা অতুল বৰাইও টিকট পাই যাব পাৰে । বৰক্ষেত্ৰীত নয়ন তালুকদাৰ , শান্তনু কলিতাৰ দৰে নেতাই ৩০ বছৰ বিজেপিত থাকি এইবাৰ টিকট বিচাৰিব । কিন্তু তেওঁলোকে জানো প্ৰভাবশালী নাৰায়ন ডেকাক বলে পাৰিব ? বিধায়কৰ টিকট পাবলৈ সক্ষম নোহোৱা পুৰণি কৰ্মীক সাধাৰণ নিকায় এটাৰ দায়িত্বও চৰকাৰ খনে নিদিলে । কিন্তু সৌ সিদিনালৈ তাই আহোম ছাত্ৰ সংগঠন কৰা লক্ষ্য কোঁৱৰৰ দৰে ব্যক্তিয়ে চৰকাৰৰ খেল বিভাগটো জানো চলাই থকা নাই ? তপন গগৈৰ দৰে প্ৰাক্তণ ছাত্ৰ নেতা ৰাতিটোৰ ভিতৰত বিধায়ক হল , মন্ত্ৰী হল আৰু এতিয়া সাংসদ । হিমন্ত বিশ্ব শৰ্মাৰ লগত অহা কংগ্ৰেছী সকলৰ ভিতৰত পিযুজ হাজৰিকাৰ বাহিৰে বাকী সকলক মানুহে পাহৰিছেই ।  কেব আন্দোলনৰ সময়ত অগপৰ মন্ত্ৰীসকলৰ পদত্যাগ আৰু ছাত্ৰ সংগঠনৰ পৰা আহি বিজেপিত ক্ষমতাৰ সোৱাদ লোৱা সকলে মৌনতা অৱলম্বন কৰিলে । দলৰ বেয়া সময়ত পলায়নবাদী স্থিতি লোৱা সকল আজি মন্ত্ৰী বা নিকায়ৰ অধ্যক্ষ । হিমন্ত বিশ্ব শৰ্মাৰ লগত অহা আৰু কেবৰ সময়ত দলীয় স্থিতিক উপস্থাপনত গুৰুত্বপুৰ্ণ ভুমিকা লোৱা কংগ্ৰেছী জয়ন্ত মল্ল বৰুৱাই পৰ্যটন বিভাগৰ নেতৃত্বত থাকি কিছু অৰ্থ বা প্ৰচাৰ পাইছে কিন্তু ৰাইজৰ প্ৰতিনিধি হোৱাৰ সুযোগৰ পৰা বহু দুৰত আছে ।আবু তাহেৰ বেপাৰী পুনৰ কংগ্ৰেছলৈ ঘুৰি গ’ল,ৰাজেন বৰঠাকুৰ প্ৰয়াত হ’ল,পল্লব লোচন দাস ৰাজ্যৰ ৰাজনীতিৰ পৰা বহু দুৰত গৈ সাংসদ হ’ল, পিয়ুস হাজৰিকাই সমষ্টি সলাবলৈ তৎপৰ হৈছে ।মুঠৰ ওপৰত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা খিলঞ্জীয়া নেতা কৰ্মীৰ অধিকাংশৰ অৱস্থা কেৰাচিন । পুৰণি বিজেপি , বজৰং , বিশ্ব হিন্দু পৰিষদ বা বিজেপিত থকা প্ৰাক্তন কংগ্ৰেছী সকলোকে লেং মাৰি বিজেপি লৈ অহা প্ৰাক্তন ছাত্ৰ নেতা সকলে ক্ষমতাৰ সোৱাদ লৈ নোদোকা হৈ থকাটো বিজেপিৰ যোৱা ৫ বছৰৰ এক বিশেষ ঘটনা বুলি ইতিহাসে মনত কৰিব ।

মোদীক অতিক্ৰম কৰি শীৰ্ষত হিমন্ত বিশ্ব, দ্বিতীয় লুৰিণ

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসম বিধানসভাৰ নিৰ্বাচন সমাগত। এতিয়া অসমৰ সকলোতে ৰাজনৈতিক নেতাৰ ভিৰ। গাতত লুকাই থকা বহু নেতা এতিয়া ৰাইজৰ মাজলৈ যাবলৈ বাধ্য হৈছে। দিল্লীৰ নেতাসকলেও অসমত খদম-দম লগাইছে। আমি যোৱা মাহৰ অ’পিনিয়ন প’লত ৰাইজলৈ প্ৰশ্ন কৰিছিলো যে কোনজন নেতাৰ কথাত ৰাইজে বিশ্বাস কৰিব ? ১ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ চলা এই অ’পিনিয়ন প’ললৈ ৰাইজৰ পৰা আহিল ব্যাপক সহাৰি। এটা কথা স্পষ্ট হ’ল যে ৰাইজে দিল্লীৱালা নেতাসকলতকৈ অসমৰ নেতাসকলক প্ৰাধান্য দিয়ে। ২৭.৪% ভোট পাই শীৰ্ষত থাকে অসমৰ বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। দ্বিতীয় স্থানত থাকে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। তৃতীয় স্হান দখল কৰে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে। প্ৰথম তিনিজন নেতাৰ ভোট লাভৰ শতাংশ আছিল এনে ধৰণৰঃ
চতুৰ্থ স্থান দখল কৰে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। অসম কংগ্ৰেছৰ নেতা তথা সাংসদ প্ৰদ্যুত বৰদলৈ থাকে পঞ্চম স্থানত। ষষ্ঠ স্থান যুতিয়া ভাবে লাভ কৰে ভাৰতৰ গৃহমন্ত্রী অমিত শ্বাহ আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।
তালিকাৰ শেষত থাকে ৰাহুল গান্ধী, বদৰুদ্দিন আজমল, ৰিপুণ বৰা আৰু অখিল গগৈ। তেওঁলোকে লাভ কৰা ভোটৰ পৰিমাণ আছিল এনে ধৰণৰঃ
সামগ্ৰীক ভাৱে চাব গলে এই অপিনিয়ন প’লৰ পৰা তিনিটা কথা স্পষ্ট হ’ল। হিমন্ত বিশ্ব শৰ্মা এতিয়াও অসমৰ নিৰ্বাচনী ৰাজনীতিৰ অপ্ৰতিদ্বন্দী সেনাপতি। দ্বিতীয় কথাটো হ’ল দিল্লীৰ নেতাৰ সভাত ভিৰ হ’লেও ৰাইজৰ মনত বিধানসভাৰ নিৰ্বাচনত তেওঁলোকৰ গুৰুত্ব বেছি নাই। শেষত বিজেপিৰ নেতাসকলৰ জনপ্ৰিয়তা কংগ্ৰেছৰ নেতাসকলতকৈ বেছি। লুৰিণ জ্যোতি গগৈয়ে  কংগ্ৰেছৰ নেতাসকলক পিছ পেলোৱাটো তেওলোকৰ কাৰণে নিশ্চয় চিন্তাৰ কাৰণ।