Saturday, May 4, 2024
Home Blog Page 59

কংগ্ৰেছৰ সত্য বচন ৰাইজে শুনিবনে?

  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


নিৰ্বাচনৰ দিন ঘোষনাৰ লগে লগে অসমত নিৰ্বাচনী বতাহ বলিছে। কংগ্ৰেছৰ নেতাসকলে ৰাজ্যৰ চুকে কোনে গৈ ভোটাৰৰ মন জয়ৰ চেষ্টা কৰিছে। বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই দি নিজৰ দলৰ বাবে ভোট ভিক্ষা কৰিছে। কংগ্ৰেছ দলে বিজেপিৰ বিৰূদ্ধে বহু অভিযোগ উত্থাপন কৰিছে যাৰ সত্যতা অস্বীকাৰ কৰাৰ উপায় নাই। মুল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰিছে। পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মুল্যই ৰাইজক জ্বলাকলা খুৱাইছে। এসময়ত এই বিজেপিয়ে কৈছিল “বহুত হুৱা মেহংগাই কা মাৰ, অবকি বাৰ মোদী চৰকাৰ”। পেট্ৰলজাত সামগ্ৰীৰ ওপৰত অত্যাধিক কৰ জাপি দি মোদীয়ে এতিয়া আগৰ চৰকাৰক দোষাৰোপ কৰিব বিচাৰিছে। ৰাষ্ট্ৰীয় ঘাইপথত টোল সংগ্ৰহেও ৰাইজক ক্ৰোধিত কৰিছে। এইবাৰ আহো নিবনুৱা সমস্যালৈ। যোৱা বিধানসভা নিৰ্বাচনৰ আগত আগত অসমত ১৪ লাখ নিবনুৱা থকা বুলি চিঞৰা অসমৰ বিজেপি চৰকাৰ এতিয়া নিমাত। শিক্ষকৰ চাকৰি কেইটা দিয়েই যেন চৰকাৰখনে সন্ত্তষ্টি লাভ কৰিছে। পি.আন.আৰ.দি, এছ.আই আদি পৰীক্ষাটো অজস্ৰ দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখুওৱা সৰ্বানন্দ সোণোৱালে নিজৰ দলৰ নেতা পালিনেতাৰ সম্পত্তি যোৱা ৫ বছৰত কিমান বাঢ়িল তাৰ হিচাপ ল ‘লেই সকলো ওলাই পৰিব। চিণ্ডিকেটৰ কথা খোদ বিধায়ক শিলাদিত্য দেবে কৈছে। এসময়ত মাছ কিনি দিয়াতকৈ মাছ ধৰিব শিকাম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাইও হিতাধিকাৰী সৃষ্টি কৰাৰ প্ৰতিযোগিতাত নামি গৈছে। স্কুটী, বুলেটাৰ পিছত এতিয়া এনে পৰ্যায় পাইছে যে কেন্টিনত চাহ খাবৰ বাবে দৈনিক ১০০ টকা হেনো ছাত্র-ছাত্রীক দিব। কৰদাতা ৰাইজৰ  টকাৰ ইয়াতকৈ বেছি অপব্যবহাৰ আমি দেখা নাই। কৃষি, উদ্যোগ, জলসিঞ্চন, পৰিবহন, গ্ৰামোন্যয়ন আদি বিভাগবোৰে যোৱা ৫ বছৰত কি কৰিছে একো উমানেই পোৱা নাই। নিৰ্বাচনী প্ৰতিশ্ৰুতিমতে  চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, ৬ জাতীৰ জনজাতিকৰণৰ সমস্যা এই চৰকাৰে সমাধান কৰিব নোৱাৰিলে। গতিকে কংগ্ৰেছে এই চৰকাৰখনৰ বিৰুদ্ধে যি অভিযোগ আনিছে তাৰ অধিকাংশই বাস্তব সত্য। ৰাইজেও সেয়া নুবুজা নহয়। কিন্তু ৰাইজৰ হাতত বিকল্প কি? কংগ্ৰেছ চৰকাৰৰ শেষৰটো কাৰ্য্যকাল ৰাইজৰ মনৰ পৰা এতিয়াও আতৰা নাই। কি নিশ্চয়তা আছে যে কংগ্ৰেছ আহিলে এই সকলো সমস্যা সমাধান কৰিব পাৰিব? অসমত কংগ্ৰেছ চৰকাৰ আহিলে যদি কেন্দ্ৰৰ বিজেপি চৰকাৰে সকলো পুজি বন্ধ কৰি দিয়ে? তেতিয়া হ’লে চোন পোৱাখিনিৰো মুধা মৰিব। কংগ্ৰেছৰ বিশ্বাসযোগ্য নেতা কোনজন যাৰ কথাত আমি পতিয়ন যাব পাৰো? এইবোৰ প্ৰশ্নই বৰ্তমান সৰ্বসাধাৰণ ৰাইজক ব্যতিব্যস্ত কৰিছে। বিকল্প হিচাপে জাতীয় পৰিষদ থাকিলেও অগপৰ দিনৰ সেই বিভীষিকাৰ কথা ভাবিলেই নোম শিয়ৰি উঠে। পৰবৰ্তী চৰকাৰ বিজেপিৰ হ’লেও তেওঁলোকে ভাবিব নালাগে যে এয়া তেওঁলোকৰ কামৰ বাবে ভোট দিছে। ৰাইজৰ যে অন্য বিকল্প নাই।

আৱেগিক আন্দোলনেৰে ছহিদ জন্ম দিব পাৰি কিন্তু ভাষা ৰক্ষা কৰা সম্ভৱ নহয়

  • অগ্নিভ দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসমত ছহিদ বনোৱা ফেক্টৰিটো চলাই থকা বুদ্ধিজীৱীৰ আদৰ্শক যেতিয়ালৈকে  অসমৰ জনসাধাৰণে সম্পূৰ্ণকৈ ডাষ্টবিনলৈ দলিয়াই নেপালাই তেতিয়ালৈকে সংখ্যাত কম হলেও এইবোৰ জঘন্য কাম কৰিয়েই থাকিব সন্ত্ৰাসবাদীহঁতে  । আমি যেতিয়া আৱেগিক হও, খঙত কাম কৰো বা আনে কোৱা কথাত  গুৰত্ব দিঁও তেতিয়া আমি  নিজাববীয়াকৈ নিয়াৰিকৈ চিন্তা কৰিব নোৱাৰা হও বা দীৰ্ঘদিনিয়া পৰিকল্পনা কৰিবলৈ অক্ষম হৈ পৰো ৷ বৰ্তমানৰ পৰিস্থিতি দেখিলেও লাগে আমাৰবোৰৰ আৱেগহে বেছি কাম কৰে ।আৰু ইয়াৰ লগে লগে  চিন্তাৰ পৰিসাৰ্দ্ধ সৰু হৈ পৰে তথা বেছি দুৰলৈ চিন্তা কৰিব নোৱাৰা হৈ পৰো ৷
   হিন্দু বাংলাদেশী আৰু  অসমীয়া ভাষাৰ অস্তিত্ব এই দুটা বিষয় বহু দশক ধৰি আলোচনা হৈ আছে ৷ হিন্দু বাংলাদেশী মানেই বঙালী ভাষাৰ আগ্ৰাসন আৰু অসমীয়া ভাষা ধ্বংসৰ মূল হব বুলি আমাৰ মনত এচাম স্বাৰ্থন্বেসী মানুহে সোমোৱাই দিছে আৰু আমি তাক চকু মুদি মানি লৈছো ৷ অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট বুলি চিঞৰ বাখৰ কৰাসকলক যদি কোৱা হয়  __ ইমানেই যদি অসমীয়া ভাষালৈ মৰম তেন্তে  নিজৰ লৰা ছোৱালীক অসমীয়া মাধ্যমত পঢ়াই আদৰ্শ কিয় নেদেখায়? সেইষাৰ কথা শুনাৰ লগে লগে  জাঙুৰ খাই উঠে আমাৰ বুদ্ধিজীবী সমাজ ।  তেওঁলোকে কয় ,  “নিজৰ মাতৃভাষাক, নিজৰ সংস্কৃতিক ভাল পোৱাৰ চৰ্ত হিচাপে কোনোবাই নিজৰ সন্তানক অসমীয়া মাধ্যমৰ স্কুলত পঢ়াব  লাগিব নেকি?”
এইসকলৰ  এনেকুৱা কথা শুনিলে হাঁহিম নে কান্দিম সিদ্ধান্ত  লোৱা মস্কিল হৈ যায় ৷ তেওঁলোকৰ এই ভাষ্য যদি ছহিদ ৰঞ্জিত বৰপূজাৰীৰ আত্মাই শুনিলেহেঁতেন তেন্তে   তেখেতে মনতে ভাবিলেহেঁতেন এইদৰেই ভাষা ৰক্ষা কৰিব বুলি জনাহেঁতেন তেওঁ ভাবিলেহেঁতেন ছহিদেই হ’লো কিয়?
ৰঞ্জিত বৰপূজাৰী ছহিদ হোৱাৰ আৱশ্যকতা কি আছিল, যিহেতু  অসমীয়া ভাষাক ভালপোৱাৰ চৰ্ত অসমীয়া মাধ্যম নহলেও কোনো কথা নাই, ইংৰাজী মাধ্যমত পঢিও নিজৰ ভাষাক ভাল পাব পাৰি, ৰক্ষা কৰিব পাৰি, অসমীয়া ভাষাত লিখিব পাৰি, কথা কব পাৰি  ৷ (অৱশ্যে   ইংৰাজীৰ ঠাইত বঙালী হ’লে অসমীয়া ভাষাৰ ভৱিষ্যত কিয় অন্ধকাৰময় হৈ পৰিব তেখেত বিলাকেহে জানিব ) যি কি নহওক এইটো কথা ঠিক  যে অসমীয়া ভাষাত  দুটা কবিতা ,ফেচবুকৰ আপডেট , কেইটামান গল্প লিখিবলৈ হয়তো কোনোৱে অসমীয়া মাধ্যমত নপঢিলেও হ’ব ৷  সেইটোত যদি কাৰোবাৰ সন্দেহ আছে নিজেই ক্লীয়েৰ হৈ ল’লেই হ’ল ৷ অসমীয়া ভাষাটোক কেৱল কবিতা, গল্প,প্ৰবন্ধ  লিখা ভাষা কৰি ৰাখিবলৈ হলে আচলতে ভাষাটোক লৈ ইমান চিন্তা নকৰিলেও হয় ৷ তাৰকাৰণে ৰাস্তালৈ ওলাই যোৱাটো কেৱল টাইম পাছ ৷ কাৰণ অসমীয়াই নিজে নিজৰ ভাষা কোৱা,লিখা বন্ধ নকৰালৈকে অসমীয়া ভাষা বাংলাদেশী কিয় বৃটিছ আহিও ধ্বংস কৰিব নোৱাৰে ৷
 ইংৰাজী মাধ্যমত পঢিও যদি অসমীয়া ভাষাক ৰক্ষা কৰিব   পাৰি তেনেহলে আকৌ অসমীয়া মাধ্যমত নো পঢোৱাব কিয় লাগে ?  হয় সেইটো লাখ টকাৰ প্ৰশ্ন ৷
অসমীয়া ভাষা ৰক্ষা মানে যিসকলে ভাবে দুটা কবিতা, গল্প, প্ৰবন্ধ বা উপন্যাস বা কেইটামান গান তেনেহলে সেইসকললৈ সমবেদনা জনালোঁ৷ অসমীয়া মাধ্যম কিয় লাগে বা কিয় পঢাব লাগে অসমীয়া মাধ্যমত ? অসমীয়া মাধ্যমত যদি পঢোৱা নহয় তেতিয়া হলে কবিতা,গান,গল্পৰ বাহিৰে অসমীয়া ভাষাৰ পৰা হেৰাই যাব বিজ্ঞান,বুৰঞ্জী, অৰ্থনীতি,সমাজ বিজ্ঞান আদিবোৰ ৷ যদি অসমীয়া মাধ্যমত কোনোৱে নপঢা হয় তেতিয়া এইবোৰ বিষয়ত কলেজ, বিশ্ববিদ্যালয়ত  কিতাপ পত্ৰ জানো থাকিব ?   এনেয়েও  অসমীয়া ভাষাত বিজ্ঞান বিষয়ৰ কিতাপ পত্ৰৰ সংখ্যা অতি কম ৷ মাধ্যমিক শিক্ষাতে কিতাপ পত্ৰৰ অভাৱ, বাকী মাতৃভাষাত প্ৰফেচনেল কৰ্চ পঢাৰ কথা সপোনতো ভাবিব পৰা নাযায়  ৷  ভাষা এটা কেৱল সাহিত্য চৰ্চা কৰিবলৈয়ে যথেষ্ট নে ?  ভাষাটোক আমাৰ সকলো দৈনন্দিন কাম কাজত ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰিলেহে সি সঁচা অৰ্থত শক্তিশালী হৈ উঠিব? নিজা নিজা ভাষা শক্তিশালী হ’লে সকলোতে মাতৃভাষা ব্যৱহাৰ কৰিব পাৰি তাৰ উদাহৰণ ইউৰোপৰ দেশ সমুহ  ৷ গতিকে মাধ্যম অসমীয়া নোহোৱাকৈ আমাৰ ভাষাক কেৱল কবিতা ,গল্প  আদি মধ্যবিত্তীয় চিন্তাত সীমাবদ্ধ ৰাখিব বিচাৰে তাতো কাৰো আপত্তি থকা উচিচ নহয় ৷ খুব বেছি ভাষাটো উত্তৰণত পয়া লাগি ৰব ৷ গতিকে ভাষাটো কোন পৰ্য্যয়লৈ নিবলৈ আমি আগ্ৰহী তাৰ ওপৰতেই ভাষাটোৰ ভৱিষ্যত নিৰ্ভৰ কৰিব  ৷
ৰাস্তাত আৱেগিক আন্দোলনেৰে ৰাজনীতি কৰিব পাৰি, ছহিদ জন্ম দিব পাৰি কিন্তু সেই আৱেগেৰে ভাষা ৰক্ষা কৰা সম্ভৱ নহয়  ৷

লুৰিণ-অখিলৰ নজৰ অসমীয়াভাষী হিন্দু-মুছলমানৰ ভোটত

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১৯৮৫ ৰ পৰা আৰম্ভ কৰি অসমৰ ৰাজনৈতিক পথাৰখনত আজিলৈকে অজস্ৰ ছাত্ৰ নেতাই ৰাজনীতিত যোগ দিলে আৰু আজিৰ তাৰিখত পুৰ্বৰ ছাত্ৰ নেতাসকলৰ বহুতেই ৰাজনীতিয়েই নহয় সমাজিক ভাবেও অপ্ৰাসংগিক হৈ গ’ল ।
প্ৰফুল্ল কুমাৰ মহন্ত , ভৃগু ফুকনে আৰম্ভ কৰা ট্ৰেণ্ড আজিলৈ চলি থাকিল । ক্ষমতা লাভৰ সহজ বাট যেতিয়া অগপ আছিল তেতিয়া অগপলৈ গৈছিল আৰু বৰ্তমান বিজেপি শক্তিশালী সেয়ে ছাত্ৰ সকল বিজেপি লৈ আহিছে ।
হিতেশ্বৰ শইকীয়া বা তৰুণ গগৈৰ দিনত কংগ্ৰেছত যোৱা বহু ছাত্ৰ নেতাকো ৰাইজে দেখিছে ।
লুৰিণ জ্যোতি গগৈৰ হাতত নেতৃত্ব প্ৰদান কৰি সদৌ অসম ছাত্ৰ সন্থাই অসম জাতীয় পৰিষদ গঠন কৰিলে । পৰিস্থিতিৰ লগত তাল মিলাই অজাপ আৰু বাওঁপন্থী ভাৱধাৰাৰ ৰাইজৰ দলে মিত্ৰতা স্থাপন কৰিলে । অজাপ বা ৰাইজৰ দলৰ ভোট বেংক এটাই । অসমীয়া ভাষী হিন্দু ভোটাৰ খিনি হৈছে দুয়োটা দলৰ মুল ভোট বেংক । বদৰুদ্দিন আজমল বা কংগ্ৰেছৰ ভোট বেংকত অজাপ আৰু ৰাইজৰ দলে প্ৰভাব পেলাব নোৱাৰে। আনহাতে বিজেপিৰ নিয়ন্ত্ৰণত থকা চাহ জনগোষ্ঠী ভোটাৰ সকলৰ কাষ চপাও এই দল দুটাৰ বাবে অসম্ভৱ । নলবাৰী , হাজো , কমলপুৰ , ৰঙিয়া , জালুকবাৰী , মংগলদৈ , শিবসাগৰ আদি সমষ্টিৰ খিলঞ্জীয়া মুছলমান ভোটাৰৰ পুৰণি ভোটিং ট্ৰেণ্ডৰ পৰা ধাৰণা হয় যে কংগ্ৰেছৰ পৰা কোনোপধ্যে এই সমুহ ভোটাৰ আতৰি নাহে অহা নিৰ্বাচনত ।  যদি কংগ্ৰেছে বিজেপিক ৰোধ কৰাৰ স্বাৰ্থত দুৰ্বল প্ৰাৰ্থী বা ৱাক অভাৰ দিয়ে তেন্তে  অজাপ বা ৰাইজৰ দলৰ প্ৰাৰ্থীৰ স্থিতি সুদৃঢ় হব ।
অসমত লোকসভাৰ  ১৪ টা সমষ্টি  । ৪ টা সমষ্টি ( তেজপুৰ , যোৰহাট , ডিব্ৰুগড় , লক্ষীমপুৰ  ) ৰ জয় পৰাজয় নিৰ্ণয় কৰে চাহ জনগোষ্ঠী আৰু গোৰ্খা ভোটাৰ সকলে।
ধুবুৰি , নগাওঁ , কলিয়াবৰ আৰু বৰপেটা সমষ্টি  নিৰ্ণয় কৰে অভিবাসী মুছলমান ভোটাৰে । কৰিমগঞ্জ আৰু শিলচৰ সমষ্টি দুটা বৰাকৰ অন্তৰ্গত  ।লুৰিণ জ্যোতি গগৈৰ অসমীয়া ভাষা কেন্দ্ৰীক ৰাজনীতি  তাত অৰ্থহীন । তথাপি বদৰুদ্দিন আজমলৰ হৈ প্ৰচাৰ কৰাৰ স্বাৰ্থত ইউডিএফে অজাপৰ লগত গোপন মিত্ৰতা কৰিলে নামনি অসম আৰু উজনিত কংগ্ৰেছ – ইউডিএফ উপকৃত হব পাৰে । ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত স্বায়ত্ব শাসিত পাৰ্বত্য জিলা সমষ্টি ( ডিমাহাচাও + কাৰ্বিআংলং) আৰু কোকৰাঝাৰত লুৰিণ জ্যোতি গগৈৰ ৰাজনৈতিক নেৰেটিভ অপ্ৰাসংগিক ।
বাকী থাকিল গুৱাহাটী আৰু মংগলদৈ । নগাওঁৰ দৰে অভিবাসী মুছলমানৰ ভোটৰ বৰ্ধিত সংখ্যাই মংগলদৈতো ছবিখনৰ দ্ৰুত সলনি হৈছে  । ১৯৮৫ ত অগপৰ যিমান ঢৌ আছিল সেই ঢৌৰ তুলনাত অজাপৰ ঢৌ ১০ % ও নহয় । কিন্তু এইবাৰ অজাপ আৰু ৰাইজৰ দলৰ উত্থানৰ লগত বদৰুদ্দিন আজমলৰ প্ৰত্যক্ষ সমৰ্থন আৰু অংক থাকিব । কাৰণ আজমল আৰু লুৰিণ জ্যোতি গগৈ দুয়োজনেই হিন্দু বাংলাদেশীৰ বিৰোধী ।
 বদৰুদ্দিন আজমলে ধৰ্মীয় সংখ্যালঘু প্ৰধান প্ৰায় ২৫ টা সমষ্টি নিজৰ দখললৈ আনিবলৈ চেষ্টা কৰিব আৰু সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভুমিকা লোৱা ১৫ টা  সমষ্টি  কংগ্ৰেছে দখল কৰাৰ চেষ্টা কৰিব ।  উজনিৰ অসমীয়াভাষী হিন্দু  সংখ্যাগৰিষ্ঠ সমষ্টি কেইটাত  অজাপ আৰু ৰাইজৰ দলক সহযোগ কৰি  ২০ টা সমষ্টি বিৰোধী প্ৰাৰ্থী জয়ী কৰিলেই  আগন্তুক সময়ত কংগ্ৰেছ – ইউডিএফ এ অজাপ আৰু ৰাইজৰ দলৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িব ।  মুলত: লুৰিণ জ্যোতি গগৈ আৰু অখিল গগৈয়ে অসমীয়া ভাষী হিন্দু ভোট বিভাজন কৰিবলৈ যিমানেই সফল হ’ব সিমানেই ৰাজ্যত বিজেপি বিৰোধী ইউদিএফ – কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ সম্ভাৱনীয়তা বৃদ্ধি পাব ।

গৌৰৱ গগৈ হ’ব পাৰিবনে নৱীন পাটনায়ক?

  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


২০০১ চনত এজন ওঁৰিয়া বন্ধুক সুধিছিলো _ তোমালোকৰ মুখ্যমন্ত্রীয়ে কেনে কাম কৰি আছে? তেওঁ দুখ কৰি কৈছিল যে মুখ্যমন্ত্রীয়ে ওঁৰিয়া ভাষাটোৱে ভালকৈ কব নাজানে। সেইজন নৱীন পাটনায়কে আজি অভিলেখ গঢ়াৰ পথত। সুৰ্দীৰ্ঘ ২২বছৰ কাল মুখ্যমন্ত্রী হৈ থকা নৱীন পাটনায়কে আৰু তিনি বছৰ পিছত ভংগ কৰিব পৱন চামলিংৰ দীৰ্ঘতম সময়ৰ বাবে মুখ্যমন্ত্রী হৈ থকাৰ ৰেকৰ্ড। আমেৰিকাত পঢ়া শুনা কৰা পাটনায়কৰ ৰাজনৈতিক যাত্রা ইমান সহজ নাছিল। তেওঁৰ নাছিল ৰাজনীতিত ভৰি দিয়াৰ ইচ্ছা। কিন্তু পিতৃ বিজু পাটনায়কৰ আকস্মিক মৃত্যুৰ পিছত ৰাইজৰ হেচাত ৰাজনীতিত আহিবলৈ বাধ্য হয়। তেওঁৰ পিতৃ তথা দুবাৰৰ মুখ্যমন্ত্রী বিজু পাটনায়ক আছিল জনতা দলৰ। ১৯৯৭ চনত নৱীন পাটনায়কে জনতা দলৰ শীৰ্ষ নেতাসকলক লগ ধৰি আবেদন জনায় যে ওৰিষ্যাত কংগ্ৰেছক প্ৰতিহত কৰিবলৈ হ’লে বিজেপিৰ লগ লগা উচিত। সেইসময়ৰ জনতা দলৰ নেতা দেৱগৌড়া, লালু যাদৱ আদিয়ে ইয়াত সন্মতি প্ৰদান নকৰিলে। বিজু জনতা দল নামৰ নতুন দল খুলি বিজেপিৰ সহযোগত নৱীন পাটনায়ক ২০০০ চনত মুখ্যমন্ত্রীৰ আসনত বহে। ইয়াৰ পিছত নৱীন পাটনায়কে আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। এটাৰ পিছত আন এটা আচনিৰে তেওঁ ওৰিষ্যাৰ অপ্ৰতিদ্বন্দী নেতা হৈ পৰিল। যেতিয়া তেওঁ বুজি পালে যে বিজেপি নহলেও তেওঁ জয়ী হ’ব তেতিয়া বিজেপিক আতৰাই মিত্রতাৰ বান্ধোনৰ পৰা ওলাই আহি চৰকাৰখন সম্পূৰ্ণভাবে নিজৰ নিয়ন্ত্রণত আনিলে। দিন যায় মানে পাটনায়কৰ ৰাজনৈতিক পৰিপক্কতা বৃদ্ধি পালে। অসমৰ বৰ্তমান বিজেপি প্ৰভাৰী বৈজয়ন্ত পাণ্ডা তেওঁৰ এসময়ৰ ভাল বন্ধু আছিল। কিন্তু তেওঁৰ পৰা বিপদৰ উমান পাই পাণ্ডাক একাষৰীয়া কৰিলে। উপাই নাপাই পাণ্ডাই বিজেপিত যোগদান কৰে। পাটনায়কে তিনিখন কিতাপো লেখে। খুৱ কম কথা কোৱা নবীন পাটনায়ক নিজৰ ইমেজক লৈ খুব সচেতন। সেয়াই হয়তো তেওঁৰ সফলতাৰ কাৰণ।
অসমৰ পৰা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু নৱীন পাটনায়কৰ মাজত বহু মিল আছে। দুয়োজন প্ৰাক্তন মুখ্যমন্ত্রীৰ পুত্র। দুয়োজনে ৰাজনীতিত প্ৰবেশ কৰাৰ আগত বেছিভাগ সময় বাহিৰত কটাইছিল আৰু সেইবাবে দুয়োজন নিজৰ মাতৃভাষাত দুৰ্বল। নবীন পাটনায়কে অৱশ্যে পিতৃৰ মৃত্যুৰ পিছতহে ৰাজনীতিত প্ৰবেশ কৰে আৰু নিজাকৈ দল গঠন কৰি শাসনৰ বাঘজৰী দখল কৰে। আনহাটে গৌৰৱ গগৈয়ে নিজৰ পিতৃৰ হাতত ধৰি ৰাজনীতিত প্ৰবেশ কৰে। এটা প্ৰতিষ্ঠিত দলৰ নেতা হোৱাৰ সুবাদতে অতি সহজে দুবাৰ লোকসভালৈ নিৰ্বাচিত হয়। এতিয়া প্ৰশ্ন হয় গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্রী হ’ব পাৰিবনে? ইয়াৰ বাবে প্ৰথমতে কংগ্ৰেছ শাসনত আহিব লাগিব। ২০২১ৰ নিৰ্বাচনী যুঁজ চলি আছে। কোন জয় হয় এতিয়াই কৈ দিয়া কঠিন। যদি ২০২১ বা ২০২৬ যেতিয়াই কংগ্ৰেছ মিত্রজোঁটে ৬৪ খন আসন পায় তেতিয়াই হাই কামাণ্ডে নিৰ্ণয় কৰিব মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী । ৰাহুল গান্ধীৰ লগত সু সম্পৰ্ক থকাৰ সুবাদতে তেওঁৰ প্ৰথম পচন্দ হ’ব পাৰে গৌৰৱ। অসমৰ বাকী ৰাজ্যিক কংগ্ৰেছ নেতাসকলৰ দুৰ্বলতাও ইয়াৰ অন্যতম কাৰণ। সেয়েহে কব পাৰি যে কংগ্ৰেছ যেতিয়াই ক্ষমতালৈ আহিব গৌৰ‍ৱ গগৈ  মুখ্যমন্ত্রী হোৱাৰ সম্ভাবনা প্ৰবল। হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা কংগ্ৰেছে সদায় আহোম সম্প্ৰদায়ৰ নেতাক মুখ্যমন্ত্রীৰ পদৰ বাবে অগ্ৰাধিকাৰ দি আহিছে। সেয়েহে গৌৰৱৰ বাবে ই এক ইতিবাচক দিশ। ২০১৬ চনত কংগ্ৰেছ শোচনীয় ভাবে পৰাজিত হ’লেও কংগ্ৰেছৰ শক্তিক অসমত আওকাণ কৰিব নোৱাৰি। ইয়াৰ কাৰণ হ’ল অসমৰ জনগাঠনি। বিজেপিয়ে অসমৰ নিৰ্বাচন খেলে ৬৫% মানুহকলৈ। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ টাৰ্গেট ১০০% মানুহ। বিজেপি ক্ষমতালৈ অহাৰ মুল কাৰণ আছিল ২০১৬ চনত দলটোৰ ষ্ট্ৰাইক ৰেট। এই ৬৫% মানুহৰ ৪২.৫% মানুহে ভোট দিছিল বিজেপিক। বিজেপিয়ে সদায় এনে ষ্ট্ৰাইক ৰেট আশা কৰিব নোৱাৰে। তাৰ বাবে সকলো হিন্দু জাতি জনগোষ্ঠীক সন্তুষ্ট কৰি ৰাখিব লাগিব। অলপ মান প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিলেই কংগ্ৰেছক ক্ষমতা দখলৰ সুবিধা দিব। কংগ্ৰেছ -এ.আই.ইউ.দি.এফ মিলি ৬৫% হিন্দু ভোটাৰৰ ২০% দখল কৰিব পাৰিলেই অসমত কংগ্ৰেছ নেতৃতাধীন চৰকাৰ হ’ব আৰু পৰবৰ্তী মুখ্যমন্ত্রী হ’ব গৌৰৱ গগৈ। এবাৰ মুখ্যমন্ত্রী হ’ব পাৰিলে তেওঁ আহোমৰ লগতে চাহ জনগোষ্ঠী, বড়ো আৰু কাৰ্বীসকলৰ নিজৰ হাতলৈ আনিব পাৰিলেই অসমত নিগাজি হ’ব পাৰিব। কোৱা দৰকাৰ নাই যে মুছলমানৰ জনসংখ্যা প্ৰতিটো লোক পিয়লত বৃদ্ধি পাই আছে আৰু বছৰ যায় মানে কংগ্ৰেছৰো ভোট বেংক বৃদ্ধি পাই আছে। অসমত কংগ্ৰেছ অহা মানে গৌৰৱ মুখ্যমন্ত্রী হোৱা। গৌৰৱে হয়তো ৫-১০ বছৰ অপেক্ষা কৰিব লগা হ’ব পাৰে। কিন্তু এবাৰ মুখ্যমন্ত্রী হ’ব পাৰিলে তেওক আতৰ কৰা বিৰোধী বা নিজ দলৰ নেতাসকলৰ বাবে কঠিন হ’ব।

গুৰুজনাই  ৰাম আৰু কৃষ্ণৰ কথাৰে অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধিছিল

  • প্ৰিয়াংকু নাৰায়ণ বৰুৱা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


এবাৰ সংসদত কোনো এক বিষয়ত বিতৰ্ক চলি থকাৰ মাজতে CPI (M) দলৰ সাংসদ সোমনাথ চেটাৰ্জীয়ে বিজেপিক “বিজেপি আৰু সংঘৰ” ৰাষ্ট্ৰবাদক লৈ সমালোচনা কৰি ক’লে – আপোনালোকৰ ৰাষ্ট্ৰবাদ আপোনালোকেহে বুজি পাই তাৰ বাহিৰে কোনেও বুজি নাপায়। তাৰ প্ৰত্যুত্তৰত বিজেপিৰ সাংসদ সুষমা স্বৰাজে ক’লে – মই বুজাইছো আপোনাক ৰাষ্ট্ৰবাদ কি? অসমৰ ডিব্ৰুগড় চহৰত জন্ম পোৱা এটি শিশু । যাৰ পিতৃ মাতৃয়ে নিজৰ সন্তানটিৰ নাম ৰাখে সেই ঠাইখনৰ সম্পূৰ্ণ বিপৰীত দিশত থকা সুদূৰ গুজৰাট প্ৰান্তৰ এক ঐতিহাসিক মন্দিৰৰ নামেৰে। আৰু সেই শিশুটিৰ নাম আছিল সোমনাথ যি আজি আমাৰ সমুখত আছে। আৰু এয়াই হৈছে আমাৰ ৰাষ্ট্ৰীয় পৰম্পৰাৰ ঐক্য যাৰ  পৰা  সৃষ্টি হৈছে ৰাষ্ট্ৰবাদ।
আজি অসমত একাংশ লোকে অসমীয়াত্বক ভাৰতীয়ত্বৰ পৰা পৃথক কৰিব’লৈ “ভাৰত মাতা কী জয়”ৰ বিৰোধিতাৰে এক বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰে অসমীয়া সমাজখনক চিন্ত ভিন্ন কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। সেইসকল লোকে জানি থোৱা টো ভাল যে যিখন অসমীয়া সমাজৰ বৰভেটি মহাপুৰুষ শ্ৰী শংকৰদেৱে গঢ়ি থৈ গৈছিল তেওঁ নিজেই কেতিয়াও অসমক ভাৰতৰ পৰা পৃথক কৰি ৰখা নাছিল। অসমৰ ভূমিত জন্মগ্ৰহণ কৰা গুৰুজনাই  অযোধ্যা আৰু মথুৰাত জন্ম হোৱা ৰাম আৰু কৃষ্ণৰ কথাৰে সমগ্ৰ অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধিছিল আৰু কোটি কোটি জন্ম পূণ্যৰ ফলত মানুহ ভাৰতত জন্ম হয়  বুলি সগৌৰৱে ঘোষণা কৰিছিল।
হৰে: কীৰ্ত্তনমুৎসৃজ্য ধৰ্ম্মন্যঞ্চৰেৎ কলৌ ।
ন কিঞ্চিৎ ফলমাপ্নোতি শ্ৰম এৱ হি কেৱলম ।। ( শ্ৰীমদ্ভাগৱত )
ভাঙনি – কলিত হৰিৰ কীৰ্ত্তন এৰিয়া অন্যত্ত ধৰ্ম আচৰে ।
মিছাতে কেৱল শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে ।।
গুৰুজনাই ৫০০ বছৰ আগতেই সাংস্কৃতিক ভাৰতবৰ্ষৰ প্ৰশংসা কৰি গৈছে ; অথচ সেই সময়ত ভাৰত বুলি নিৰ্দিষ্ট ভৌগলিক খণ্ডৰ কল্পনাই নাছিল । এয়াই আমাৰ ৰাষ্ট্ৰবাদ ; এয়াই গুৰুজনাৰ দূৰদৃষ্টি । স্বপ্নদ্ৰষ্টা গুৰুজনাৰ বাবেই আমি এক অসমীয়া বুলি সগৌৰৱে জাতীয় চিনাকি দিব পাৰিছোঁ । আমি নিশ্চিতভাৱে ভাল অসমীয়া। কিন্তু  ভাৰতীয়ত্ব তথা হিন্দু:এক জীৱন ধাৰা যাৰ পৰা আমি কোনোদিন পৃথক নহয়। আমাৰ বহল পৰিচয় আমি ভাৰতীয়।
প্ৰসংগক্ৰমে ৰাষ্ট্ৰবাদ এক প্ৰৱাহমান সাংস্কৃতিক চেতনা আৰু স্ব বৈশিষ্ট্য মহীয়ান হিন্দু:জীৱন ধাৰা ইয়াৰ অক্সিজেন।।
ভাৰতীয় জনতা পাৰ্টিৰ মূল দৰ্শনৰ লগত পঞ্চনিষ্ঠা সম্পূৰ্ণ সামঞ্জস্যপূৰ্ণ।
পঞ্চনিষ্ঠা সমুহ:
১। ৰাষ্ট্ৰবাদ আৰু ৰাষ্ট্ৰীয় একাত্মতা।
২। গণতন্ত্ৰ
৩। ইতিবাচক ধৰ্মনিৰপেক্ষতা বা সৰ্বধৰ্ম সমভাৱ।
৪।গান্ধীয় সমাজবাদ।
৫।প্ৰমূল্যভিত্তিক  বা সজ ৰাজনীতি ।
আজি আমাৰ জাতীয় চিন্তনত বিচ্ছিন্নতাবাদী মানসিকতাৰ প্ৰভাৱ।ৰাষ্ট্ৰবাদক ক্ষুদ্ৰ জাতিসত্বাৰ প্ৰতিবন্ধক বুলি চিহ্নিত কৰি দেশৰ সংহতি বিনষ্ট কৰাৰ কুটকৌশল ৰচনা হৈছে।সেইবুলিয়েই আমি প্ৰত্যাহ্বানৰ সন্মুখত নতি স্বীকাৰ কৰিমনে?
হ’ব পাৰে এয়া সময়ৰ কঠিন পৰীক্ষা।চয়তানী শক্তিৰ চতুৰালি চলিব ক্ষন্তেক।হ’ব পাৰে সামান্য গতি সাৱলীলতাত ব্যাঘাত।আমি ব্যথিত।দুখিত: এইবাবেই পৰিৱৰ্তন আৰু প্ৰগতিকামীতাৰ প্ৰকৃত অৰ্থ বুজি পোৱা বুলি ভবা বহু জনক পৰীক্ষাগাৰৰ গিনিপিগ ৰূপে চয়তানৰ পৰীক্ষাগাৰত সোমাই পৰিল। তীব্ৰ সন্তোষ এয়াই যে এন্দুৰ নিগনি বোৰ আন্ধাৰ কুঠৰীত চয়তানৰ ৰাজঅভিষেকৰ সপোন দেখা মুহূৰ্তত হাতত হাত ধৰি ৰৈছো আমি। আলোক সন্ধানী স্থিৰ,স্পষ্ট স্থিতি আৰু দৃষ্টি আমাৰ মুকলি পৰিচয়। কেতিয়াবা কেনেবাকৈ সাময়িক মত বিৰোধ হ’লেও আমাক ওচৰ চপাই আনে।মতানৈক্যৰ উৰ্ধত আমাৰ বিশ্বাসৰ দৃঢ়তা আৰু পাৰস্পৰিক শ্ৰদ্ধা আমাৰ বগা ধন।বাকী “হমাৰা কয়া বিগাৰ লোগে হম তো ফকীৰ হে ।”
সদাশয় নিবেদন,গণতান্ত্ৰিক দেশৰ নাগৰিক আৰু ভাৰতৰ হিন্দু দৰ্শন প্ৰতি ভাৰতবাসীৰ ভূষণ।এজন ভাল ভাৰতীয় হোৱাৰ উপৰিও ভাল অসমীয়া হোৱাৰ আমাৰ আজন্ম হেঁপাহ।হলাহল পাণ কৰি নীলকন্ঠ হোৱাৰ বিৰাট ডাঙৰ বক্তব্য নিদিও আমি নি:কিণ মানুহ।নতুবা ৰঙা টুপী পিন্ধি ৰজোজ্বলাক নাঙঠ কৰিব পৰাকৈ সাহসী নহয়।দু:শাসন হ’বলৈ হাবিয়াস নাছিল কাহানিও যিদৰে যুধিস্থিৰৰ সম প্ৰজ্ঞাৰ বাসনা নাই।অৱশ্যেই ভাল লগা দৃশ্যাংশ কিচক বধ অথবা দু:শাসন বিনাশ।
দৃঢ়তাৰে কও জাতি মাটিৰ সংস্কৃত ভেটি তৈয়াৰ কৰা বহু মণীষাৰ ত্যাগক বৃদ্ধাংগুষ্ঠ দেখুৱাই স্ব স্বাৰ্থৰ লালসাত উত্তৰ পুৰুষৰ অংগক্ষত কৰিব বিচৰা ANARCHISTসকলৰ অভিসন্ধি প্ৰতিহত কৰিব পৰাকৈ সাজু হোৱাৰ আহ্বান সন্ধিক্ষণৰ দাবী।
এক বিৰাট প্ৰত্যাহ্বানে জোকাৰি পেলাব লাল বাদশ্বাহ আৰু মোগলৰ শ্বাহী বৈঠক।কথা দিছো। ৰাষ্ট্রীয় চেতনা আৰু জাতীয় প্ৰেমক পদাঘাত নকৰিব।আমিবোৰ গোঁৱাৰ মানুহ কিন্তু ছক্ৰবেহু ভেদি চেদেলি ভেদেলি কৰিব পৰা সামৰ্থ শিকিছো।এচাম সমমৰ্মী সতীৰ্থৰ বিশ্বাসেৰে বলীয়ান আমাৰ কথা অসমৰ বৌদ্ধিক ও সামাজিক ক্ষেত্ৰ চুৱাপাতনি হ’বলৈ নিদিওঁ।এয়া আমাৰ দৰে লক্ষ জনৰ ৰামধেনু সপোন।কোনোবাই অশ্বডিম্ব ক’লেও আমাৰ আপত্তি নাই।আমি নিৰলস চেষ্টা কৰিম।
Writer is a member of Bharatiya Janata Party. 
Disclaimer: The opinions expressed within this article are the personal opinions of the author. The facts and opinions appearing in the article do not reflect the views of Rajniti Axom and Rajniti Axom does not assume any responsibility or liability for the same.

ময়ো কৈছিলো “জয় শ্ৰী ৰাম”

  • লক্ষ্মন কুমাৰ কলিতা

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বহু দিনৰ মুৰত দাদাৰ ঘৰলৈ যাম। দাদাক সৰুৰে পৰা পাইছো । দেশপ্ৰেম , মৌলবাদী মুক্ত অসমৰ ধাৰণা তেখেতৰ পৰাই পাইছিলোঁ । ভাবিছিলোঁ ৰাভাদেৱো চাগে এনেকুৱাই আছিল । এসাজ খাই এসাজ আনক দিয়ে । দাদাৰ অনুপ্ৰেৰণাতেই ৰাষ্ট্ৰীয় দলত যোগদান কৰিছিলোঁ। পুৰণি বাজাজ স্কুটাৰ এখন লৈ সভাবোৰলৈ আহে। মানুহ বৰ বেছি নহয়। ১৫-২০ জন মানুহ লৈও আমি সভা কৰা মনত আছে। তেখেতৰ ভাষণত পাকিস্থানৰ পৰিকল্পনা , চীনৰ কূটনীতি বা  ৰোহিংগীয়া আদি সকলো শুনিছিলোঁ । তেখেতে যেতিয়া গোটেই শৰীৰৰ জোৰেৰে জয় শ্ৰী ৰাম বুলি ধ্বনি দিছিল ; গাটো কিবা ৰিজিন জিনাই গৈছিল। ধমনীৰ মাজেৰে বৈ গৈছিল ভাৰত মাতাৰ জয়ৰ সুবাস। দেউতাৰ সৰু গেলামাল দোকানখনৰ পৰা আহৰি লৈ মই ঘন্টাৰ পিছত ঘন্টা ধৰি দাদাৰ ঘৰত আলোচনাত মিলিত হৈছিলো। আমি চিন্তিত আছিলো। এখনৰ পৰা আনখন জিলা আমাৰ হাতৰ পৰা ওলাই গৈ আছে। অসমীয়াৰ কিয় জানো কানসাৰ নাই? প্ৰতিটো নিৰ্বাচনত আমি চেষ্টা কৰো আৰু প্ৰতিবাৰে নিৰাশ হৈ হা হুমুনিয়া কাঢ়ো। অবশেষত আহিল আমাৰ সপোনৰ দিনটো। এইবাৰ আমাৰ চৰকাৰ। দাদাৰ চোতালত দেৱালী, হোলী একেলগে। আমাৰ মুখ্যমন্ত্রী, আমাৰ বিত্তমন্ত্রী , আমাৰ বিধায়ক ।
  দেউতাৰ অসুখৰ বাবে দোকানখন ময়ে চাবলগা হৈছিল। সেইবাবে দাদাৰ ঘৰলৈ বা দলৰ সভাই সমিতিয়ে যাবলৈ সুযোগ পোৱা নাছিলো। আক্ষেপ নাই। ৰাজ্যখন আচল দেশপ্ৰেমীৰ হাতত আছে যিহেতু আমি এতিয়া চিন্তা মুক্ত।ভাবিলো আজি দাদাৰ ঘৰৰ পৰা পাক এটা মাৰি আহো। ঘৰ পাই দেখিলো গেটৰ সন্মুখত প্ৰচণ্ড ভিৰ। ঘৰৰ ভিতৰলৈ যোৱা গেটখন সলনি হৈছে। পুৰণি অসম টাইপৰ ঘৰৰ কাষতে এটা তিনিমহলীয়া আৰ.চি.চি। দুটা মহলা সম্পুৰ্ণ হৈ গৈছে। তৃতীয়টোৰ কাম চলি আছে। ৰৈ থকা মানুহবোৰৰ পৰা জানিলো দাদা ঘৰত নাই; কিছুসময় পিছতে ঘৰ আহি পাব। আজি দাদাৰ ঘৰত খানা পাতিছে। আগৰ পৰাই জানো যে দাদাৰ বৰ চিম্পল মানুহ । দুই এজনৰ লগত চিনাকী হলো । আমাৰ পুৰণি মানুহ বিলাকে হয়তো আহিবলৈ সময় নাপেলে ।  দাদা হঁতৰ ঘৰুৱা সহায় কৰা লৰাজনৰ লগতে আড্ডা মাৰি থাকিলো । কিছু সময় বহাৰ পিছত ৰাস্তাত গাড়ীৰ শব্দ শুনিলোঁ । দাদা আহিছে । বগা  টুপী পিন্ধি থকা মানুহজনে গেট খন খুলি দিলে । কলা গ্লাছ লগোৱা গাড়ী এখন সোমাই আহিলে ।  পিছৰ চিটত দাদা। “জয় শ্ৰী ৰাম”  দাদাক দেখি স্বাভাবিক ভংগিমাৰে চিঞৰিলো।  গাড়ী খন একেবাৰে ভিতৰৰ গেৰেজলৈ গুছি গ’ল ।  দাদাই  নুশুনিলে নে শুনিলে ভাবি থাকোতেই ভিতৰৰ ৰুমৰ পৰা এজাক মহিলাৰ কন্ঠস্বৰ ভাহি আহিল ____” হেপী বাৰ্থ ডে টু ইউ , হেপী বাৰ্থ ডে ট’মি ………”
দাদাৰ কুকুৰটোৰ জন্মদিন আজি । যোৱা দুবছৰ মান অহা নাছিলোঁ দাদাৰ ঘৰলৈ । ট’মি চাগে নতুন আলহী ।

চৰকাৰত থকা নেতা- মন্ত্ৰীৰ পলায়নবাদী চৰিত্ৰৰ বাবেই জন্ম হ’ল নতুন দল

  • ৰাজেন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


বিজেপিৰ একাংশ নেতাৰ মৌনতাৰ ফলতেই নতুন দলৰ জন্ম হৈছে । হয় নাগৰিকত্ব সংশোধনী বিলৰ সময়ত অসমৰ অধিকাংশ বিজেপি নেতাই মৌনব্ৰত ধাৰণ কৰিছিল । সংযুক্ত সংসদীয় কমিটিয়ে যেতিয়া অসমলৈ আহিছিল কেবৰ কাৰণে জনমত সংগ্ৰহৰ বাবে আৰু সেই কথা আজি সকলোৰে মনত আছে । “জেপিচি অহা মানেই নাগৰিকত্ব বিল আহিব বুলি কি নিশ্চিতি আছে ” __এনেকুৱা মন্তব্য দিয়া ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আজিও মিডিয়াৰ আৰ্কাইভত নথকা নহয় ।  আছু , অগপৰ দৰে সংগঠনে নিজৰ নীতিত বাহাল থাকি জেপিচিৰ সমিতিৰ আগত কেবক বিৰোধীতা কৰি পত্ৰ দিছিল , যদিও অগপৰ একমাত্ৰ সাংসদজনে ৰাজ্যসভাত নিজৰ স্থিতি সলনি কৰে ।  বিজেপিৰ সভাপতি , অসম চৰকাৰৰ মুখ্যমন্ত্ৰীজনে নিৰৱতা অৱলম্বন কৰাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ বিজেপিৰ টিকটত বিধায়ক হোৱা বা সাংসদ হোৱা নেতাসকলো মৌন হৈ থাকিল । বিজেপিৰ এই বৃহৎ সংখ্যক নেতাগণৰ পলায়নবাদী স্থিতিক ভিত্তি কৰি আছুৱে আক্ৰমণৰ লক্ষ্য কৰি ল’লে সৰ্বানন্দ সোণোবালক । হিতেশ্বৰ শইকীয়াৰ পিছতেই আছুৰ সৰ্বস্ব ৰোষত পৰিল একালৰ প্ৰাক্তণ সতীৰ্থ সৰ্বানন্দ সোণোৱাল । সৰ্বানন্দ সোণোৱালৰ স্থিতিক ব্যৱহাৰ কৰিলে কংগ্ৰেছেও । বৰ্তমানৰ সাংসদ আব্দুল খালেকে সংবাদ মাধ্যমত এই পৰ্যন্ত প্ৰচাৰ কৰিলে যে __সৰ্বানন্দ সোণোৱালে যদি বিজেপি ত্যাগ কৰে তেন্তে কংগ্ৰেছে অগপৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠন কৰিবলৈ ইচ্ছুক আৰু  সোণোৱালক মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছে সমৰ্থন দিব । অগপৰ সময়ত হোৱা গুপ্তহত্যাৰ সময়ত তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজৰ স্থিতিৰ পৰা এধাপো পিছুৱাই অহা নাছিল । হিতেশ্বৰ শইকীয়াৰ সময়ত হোৱা অসম আন্দোলন বা তৰুণ গগৈৰ সময়ত ব্যৰ্থ হোৱা এন আৰ চিৰ পায়লত প্ৰজেক্টৰ বিফলতা স্বত্তেও আছুৱে ৰাইজৰ কান্ধত বন্দুক থৈ তেওঁলোকক ব্যক্তিগত আক্ৰমণ কৰাৰ সুযোগ পোৱা নাছিল ।  কিন্তু সৰহ সংখ্যক জনগণৰ সমৰ্থন থকা নাগৰিকত্ব বিল খনৰ সময়ত একমাত্ৰ নেতাৰ নিজৰ মৌনতা আৰু পলায়নবাদী নীতিৰ বাবে ছাত্ৰ সংগঠনে ৰাজপথত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ পুত্তলিকাক দাহ কৰাই নহয় , নাটকীয় ফাঁচী কাঠো বনাইছিল । অকল অসমীয়াভাষী ছাত্ৰ সংগঠনেই নহয় মৌলবাদী দল বিলাকেও  মুক্ত ভাবে ব্যক্তিগত আক্ৰমণ কৰি গ’ল । এনেকুৱা এক  ব্যক্তিগত শ্লিলতাহানী পৰিবেশত কেব সমৰ্থক জনতাৰ মাজত সন্দেহৰ ভাব সৃষ্টি হয় ____বিজেপি নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাব কৰা  কেবক হয়টো মুখ্যমন্ত্ৰীয়ে সমৰ্থন নকৰে , আৰু উপায়হীন শান্ত প্ৰকৃতিৰ বিবেকবান সৰ্বানন্দ সোণোৱালে মৌনব্ৰত ধাৰণ কৰিছে । সেই সময়ত সৰ্বানন্দ সোণোৱালে মিডিয়াৰ আগত দিয়া ,” মোক একঘৰীয়া নকৰিব……..” ধৰণৰ মন্তব্যই সাধাৰণ অসমীয়াভাষী ৰাইজৰ আবেগক উদ্দেলিত কৰিছিল । একে সময়তে লুৰিণ জ্যোতি গগৈ আৰু দিপাংকৰ নাথৰ আপচবিহীন স্থিতিত সমুজ্জ্বল ভট্টাচাৰ্য্য বিবুধিত পৰা বুলিও বিভিন্ন সুত্ৰই দাবী কৰে । পুৰ্বৰ প্ৰবীণ বড়ো , তপন গগৈ , শংকৰ প্ৰসাদ ৰায়ৰ ওপৰত থকা সমুজ্জ্বল ভট্টাচাৰ্য্যৰ নিয়ন্ত্ৰণ লুৰিণ- দিপাংকৰৰ ওপৰত নচলা হ’ল । আছুৰ ভিতৰচৰাত ওলোৱা খৱৰ মতে সৰ্বানন্দ সোণোবাল আৰু আছু নেতৃত্বৰ মাজৰ ব্যৱধান বৃদ্ধিত মুখ্যমন্ত্ৰীৰ উপদেষ্টা মণ্ডলীৰ এজন বিশেষ ব্যক্তিৰ উপদেশো কাৰণ হৈছিল । সম্পৰ্ক , আবেগ সকলোকে নতুন গতি প্ৰদান কৰি সময়ৰ শৰ সময়ত মাৰিলে লুৰিণ জ্যোতি গগৈয়ে । আছুৰ প্ৰত্যক্ষ সহযোগত ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়াই নতুন যুগৰ সুচঁনা কৰে । নিখিল বড়ো ছাত্ৰ সন্থাৰ দৰেই সদৌ অসম ছাত্ৰ সন্থাইও নিজৰ দল জন্ম দিলে অজাপ । কেবৰ সময়ত বিজেপি মিত্ৰজোঁট চৰকাৰ ভংগ কৰাৰ কৌশল ( আব্দুল খালেকৰ সমীকৰণ ) বিফল হয়  হিমন্ত বিশ্ব শৰ্মা  আৰু হাগ্ৰামা মহিলাৰীৰ স্থিতিয়ে । মহিলাৰীৰ দৰে এজন জনজাতীয় নেতাৰ মুখত কেব সমৰ্থনৰ বক্তব্যই নামনি আৰু মধ্য অসমৰ বৰ্ণ হিন্দু অসমীয়া ভাষী ৰাইজক কেব সম্পৰ্কে ধাৰণা সৃষ্টিত সহায় কৰে আৰু নতুন সমীকৰণ অপ্ৰাসংগিক হৈ যায় ।  তৎস্বত্তেই উজনি অসম ( পুৰ্ব বংগীয় অনুপ্ৰবেশকাৰীৰ উমান কম পোৱা ) ৰ অঞ্চল বিলাকত লুৰিণ জ্যোতি গগৈৰ প্ৰভাব বৃদ্ধি হৈ থাকিল । অজাপ , ৰাইজৰ দল , কংগ্ৰেছ , ইউডিএফৰ মহাজোঁটে অসমৰ নিৰ্বাচনক নতুনত্ব প্ৰদান কৰাৰ লগতে অসমৰ সমাজিক পৰিবেশো সলনি কৰিব ।

৬ নং দঁফাৰ প্ৰতিবেদনত থকা ভয়ংকৰ পৰামৰ্শ

  • হৰ কুমাৰ ঠাকুৰীয়া

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


অসম চুক্তিৰ ৬ নং দঁফা কি ? ৬ নং দঁফা শব্দটো যোৱা ৫ বছৰত ৰাইজে যিমানবাৰ শুনিছে , তাৰ আগতে অসমৰ মানুহে কিমানবাৰ শুনিছিল এই শব্দটো ? প্ৰফুল্ল মহন্ত , হিতেশ্বৰ শইকীয়া আৰু তৰুণ গগৈৰ দিনবোৰত ৬ নং দঁফা কাৰ্য্যকৰী কিয় নহ’ল সেইবিলাক প্ৰশ্নৰ উত্তৰ অগপ বা কংগ্ৰেছৰ হাতত নাই । আনকি বিজেপি চৰকাৰেও কিয় বিগত পাঁচ বছৰত খিলঞ্জীয়াৰ সংৰক্ষণ বিষয়টো সমাধান নকৰিলে সেইয়াও প্ৰশ্নবোধক । কিন্তু এটা কথা স্পষ্ট যে বিজেপিৰ বাহিৰে আন দলে এই কামটো কৰাৰ সাহস দেখুৱাব নোৱাৰে । তৎস্বত্তেও অসমৰ গৰিষ্ঠ সংখ্যক মানুহে বিচাৰিছিল যে নাগৰিকত্ব সংশোধনীৰ সমন্তৰালকৈ খিলঞ্জীয়াৰ সুৰক্ষা বিষয়টোকো বিজেপিয়ে এই কাৰ্যকালতে সমাপ্ত কৰিব । নব প্ৰজন্মৰ হাতত গুগুল বা ইনটাৰনেত আহি পৰাৰ পিছত ৬ নং দফাঁ সম্পৰ্কে কাল্পনিক  ধাৰণা সলনি হ’ল । ৬ নং দফাঁত ছয় শাৰী বাক্যও নাই যে সেইয়া নতুন প্ৰজম্মই দেখিলে । যাহক বৰ্তমানৰ চৰকাৰে এই ৬ নং দঁফাটোৰ জকাটোক আকৃতি দিয়াৰ লক্ষ্য আগত ৰাখি এখন পৰামৰ্শ কমিটি গঠন কৰি দিলে ।  ৰাইজ , দল – সংগঠন কোনো বাদ নপৰিল , সকলোৱে নিজৰ নিজৰ পৰামৰ্শ সমিতিৰ আগত দিলে । পৰামৰ্শ কমিটিয়ে যথাসময়ত বন্ধ খামত পৰামৰ্শ ৰিপোৰ্ট কেন্দ্ৰীয় চৰকাৰৰ ওচৰত জমা দিয়াৰ আগমুহুৰ্তত অথন্তৰ লগাই দিলে সদৌ অসম ছাত্ৰ সন্থাই । গোপন নথি পত্ৰ ৰাজহুৱা কৰি দিলে আছুৱে । বিভিন্ন মাধ্যমত প্ৰতিবেদন ৰাজহুৱা কৰা বাবে আছুক একাংশই সমালোচনা নকৰা নহয় , তৎস্বত্তেও আমি ধাৰণা কৰো যে বিগত চল্লিশ বছৰত প্ৰতিবেদন ৰাজহুৱা কৰাটো হৈছে আছুৰ প্ৰথমটো অতি ধনাত্মক কাম । আছুৰ কাৰণেই অসমৰ ৰাইজে ৬ নং দঁফাৰ পৰামৰ্শসমুহ দেখা পালে । আৰু ইয়াৰ লগে লগে উদঘাটন হ’ল প্ৰতিবেদনত থকা কিছুমান ভয়ংকৰ পৰামৰ্শ ।  অসম চুক্তিত নাগৰিকত্ব ভিত্তি বৰ্ষক ২০ বছৰ আগুৱাই অনা হৈছিল তথাপি অসমীয়াভাষী ৰাইজে আবেগৰ চাকনৈকাত থাকি ১৯৭১ চনৰ ফ্লপ শ্ব দেখা নাপালে । ১৯৭১ ভিত্তি বৰ্ষ অকল অসমতেই কৰা হ’ল , কিন্তু ৰাইজে নুবুজিলে যে বিদেশী বহিষ্কাৰ হোৱাতকৈ বিদেশীক নিমন্ত্ৰণ হে দিয়া হ’ল । কাৰণ ভাৰতৰ বাকী ৰাজ্যৰ অনুপ্ৰবেশকাৰীসকলে ১৯৭১ ৰ নথি দেখালে অসমত নাগৰিকত্ব পাব পাৰে । সেই একে পৰিবেশ এইবাৰো বিভিন্ন সংগঠনে কৰিব বিচাৰিছে । ৬ নং দঁফা কাৰ্যকৰী হব লাগিব কিন্তু পৰামৰ্শ কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত নহয় । প্ৰতিবেদনত থকা ইনাৰ লাইন পাৰ্মিটৰ ধাৰণাক সমৰ্থন কৰিছে ইউডিএফ আৰু কংগ্ৰেছৰ বিধায়ক চেৰমান আলিয়ে । যিজন চেৰমান আলিয়ে মিঞা মিউজিয়ামৰ কথা কৈছিল সেইজন আকৌ আই এল পিৰ সমৰ্থক । অসমত ILP প্ৰৱৰ্তন হোৱা আৰু কাশ্মীৰত ধাৰা ৩৭০ ৰ কোনো পাৰ্থক্য নাই । এতিয়া আহিছো ১৯৫১ ভিত্তি বৰ্ষ । অসমীয়াৰ আবেগ ১৯৫১ চনতো । কিন্তু আমি উপলব্ধি কৰিছোনে ___ভিত্তি বৰ্ষ কিহৰ বাবে? পৰামৰ্শ কমিটিৰ প্ৰতিবেদনত উল্লেখ থকা ভিত্তি বৰ্ষ হৈছে খিলঞ্জীয়া নিৰ্ধাৰণৰ । নাগৰিকত্বৰ ভিত্তি বৰ্ষ আৰু খিলঞ্জীয়া ভিত্তি বৰ্ষ দুটা পৃথক বিষয় । অসমৰ বাবে নাগৰিকত্ব ভিত্তি বৰ্ষ ভাৰতৰ আন ৰাজ্যৰ লগত নিমিলে । ভাৰতত বিদেশী বুলি প্ৰমাণিত হোৱা ব্যক্তি এজনে ২০ বছৰ নতুন প্ৰমাণপত্ৰ দেখুৱাই অসমত নাগৰিকত্ব পাব পাৰে আৰু সমসাময়িক ভাবে ভাৰতৰো নাগৰিকত্ব পাব পাৰে । এখন দেশত দুটা ভিত্তি বৰ্ষ আচৰিতেই নহয় , হয়তো অসাংবিধানিকো । পৰামৰ্শ কমিটিত থকা খিলঞ্জীয়া সংজ্ঞাত চেৰমান আলি , আজমল সকলো খিলঞ্জীয়া হৈ পৰিব । চেৰমান আলিৰ শেহতীয়া এটা ফেচবুক পোষ্টে স্পষ্ট কৰিছে যে তেওঁৰ বাঘবৰ সমষ্টিত আজিৰ সময়ত ৯৯% মানুহ খিলঞ্জীয়া , কাৰণ ৯৯% মানুহৰ হাতত ১৯৫১ ৰ প্ৰমাণ পত্ৰ আছে । বাকী যিখিনি ১% আছে সেইখিনিও খিলঞ্জীয়া কিন্তু দুৰ্ভাগ্যবশত: তেওঁলোকৰ হাতত কাগজ পত্ৰ নাই । নতুন প্ৰজন্ম এতিয়া তথ্যৰ সদাগৰ । সকলোৱে নিজেই লক্ষ্য কৰক যে ১৯৫১ বা ১৯৪১ চনত ব্ৰহ্মপুত্ৰ উপত্যকা বা সমগ্ৰ অসমত কিমান শতাংশ মুছলমান আছিল । অসমত অসমীয়া ভাষী মুছলমান আৰু অভিভাষী মুছলমানৰ সংখ্যাৰ অনুপাতো বিচাৰ কৰক । ১৯৫১ চনৰ জনগণনা মতে অসমত সেইসময়ত মুছলমান জনসংখ্যা ৩৫ % ৰও অধিক আছিল । তেন্তে কি যুক্তিত ১৯৫১ ভিত্তিত খিলঞ্জীয়া নিৰ্ধাৰণে অসমৰ ভুমি পুত্ৰক সুৰক্ষা দিব পাৰিব ?  অসমৰ গৰিয়া মৰিয়া সংগঠনবোৰে কিন্তু আছুৰ বিপৰীত স্থিতিত অৱস্থান কৰিছে আৰু তেওঁলোকে ব্যক্ত কৰিছে যে ১৯৫১ ভিত্তিত খিলঞ্জীয়া নিৰ্ধাৰণে ভুমিপুত্ৰক সহায় নকৰে । বিভিন্ন সুত্ৰই দাবী কৰা মতে গৰিয়া সংগঠনবোৰে এই বিষয়টোত দৃঢ় পদক্ষেপ লবলৈ আগৱাঢ়ি অহা কাৰণ আছুৰ লগত প্ৰত্যক্ষ সংঘাত তেওঁলোকে কৰিব বিচৰা নাই । অন্যহাতে হিন্দুত্ব বাদী  সংগঠনৰ অধিকাংশই ১৯৫১ চন শব্দৰ মায়াজালৰ পৰা মুক্ত হব পৰা নাই কাৰণ তেওঁলোকৰ হাতত নাই জনগাঁঠনিৰ তথ্য । সদৌ শেষত দৃষ্টি নিবদ্ধ হৈ আছে অমিত শ্বাহৰ ওপৰত । অমিত শ্বাহে প্ৰতিবেদনখনৰ ওপৰত লোৱা ব্যৱস্থাই নিৰ্ধাৰণ কৰিব অসমৰ ভৱিষ্যত ।

বিজেপিৰ টোলগেট সন্ত্ৰাস

  • নয়ন বৰ্মন

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ৰাষ্ট্রীয় ঘাইপথত  টোল গেট গোটেই ভাৰতবর্ষতেই বিদ্যমান আৰু অসমটো যোৱা কিছুমাহৰ পৰা টোলগেট কাৰ্য্যকৰী হোৱা দেখা গৈছে। ১৫ ফেব্ৰুৱাৰীৰ  পৰা প্ৰতিখন বাহনত ফাষ্টেগ লগোৱাটো বাধ্যতামূলক কৰিছে। অধিক ব্যস্ত  টোলগেট খন হৈছে বাইহাটা চাৰিআলিৰ  সমীপৰ মদনপুৰৰ টোলগেট। ১৬ জানুৱাৰীৰ দিনা টোলগেটত ফাষ্টটেগ নথকা বাবে ১০৫ টকা ল’লে আৰু যেতিয়া ১০৫ টকাৰ ঠাইত ৫৫ টকা দিব খুজিছিলোঁ তেতিয়া গেটৰ লৰাজনে আৰ্মি মাতিম বুলি ধমকি দিলে । টোলগেটত কি আৰ্মি থাকে নাজানো কিন্তু ডকাইত জাতীয় মানুহ প্ৰায়েই দেখা যায় ।
   বিভিন্ন অভিযোগ মতে ফাষ্টটেগ থাকিলেই বিভিন্ন দিনত পইচাৰ হাৰ সলনি হৈ থাকে । কিছু ড্ৰাইভাৰে গেটৰ মানুহক এই বিষয়টো অৱগত কৰাত তেওঁলোকে উত্তৰ দিয়ে যে দিনটোৰ প্ৰথম বাৰত বেছিকৈ কাটে।তাৰ পিছত যিমান বাৰ গলেও প্ৰতিবাৰেই কমকৈ কাটিব,অৰ্থাৎ ৫০ টকাকৈ চাগে।
দিল্লী মুম্বাইৰ এক্সপ্ৰেছ হাইৱে বিলাকৰ টোলগেটত গাড়ীৰ যান-জোঁট আমাৰ ইয়াৰ দৰে নহয় । অতি আহল বহল ঠাইত টোলগেট থাকে ।  টোলগেট থকা আৰু টোলগেট নথকা ৰাস্তা সামৰি দুই ধৰণৰ ৰাস্তা থাকে । গুৱাহাটীত প্ৰবেশ কৰাৰ প্ৰাকমুহুৰ্তৰ মদনপুৰ টোলগেট খনে যাত্ৰীক মানসিক ভাবে হাৰাশাস্তি কৰে । পুৰ্বতে যিদৰে শৰাইঘাট ব্ৰিজত ঘন্টাৰ পিছত ঘন্টা ধৰি যানজোঁটত থাকিব লগা হৈছিল , এতিয়া বহু সময় টোলত থাকিব লগীয়া হয় । এফালে পইচা আৰু আনফালে গাড়ীৰ যানজোঁটে মানুহক ব্যতিব্যস্ত কৰি তুলিছে । তথাপি চৰকাৰ নিৰ্বিকাৰ । নিৰ্বাচনত জনসাধৰণে টোলগেটৰ কি জৱাব দিয়ে সময়ত স্পষ্ট হ’ব ।

বামপন্থী শিক্ষাবিদ বনাম বামপন্থী সাধাৰণ নাগৰিক

  • ৰিতু তালুকদাৰ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


 (১)
 ব্যক্তিগত জীৱনৰ ভোগ লালসা বাদ দি নক্সাল পন্থাৰ দৰে গোড়া বামপন্থাত বিশ্বাসী হৈ দুৰ্নীতিৰ পৰা বহু আতৰত থকি খেতি কৰি ঘৰ চলায় । ধৰ্মহিন হৈ জীৱন কটায় । হিন্দু , মুছলমান , খ্ৰীষ্টান একো পন্থাকে অনুসৰণ নকৰে । ভোগবাদী মানসিকতা পৰিহাৰ কৰি নিজৰ আদৰ্শত লাগি থাকি সমাজৰ পৰা প্ৰায় বিচ্ছিন্ন হৈ থাকে ।
একেখন সমাজতে সমাজবাদ , বাওঁবাদ , চেকুলাৰবাদৰ ভাষণ দিয়া বুদ্ধিজীবী আৰু ৰাজনেতাও থাকে  যিসকলে অসম আন্দোলনৰ সময়ত ছাত্ৰৰ দ্বাৰা নিৰ্যাতিত হৈও  প্ৰফুল্ল মহন্তৰ নেতৃত্বত গঠন হোৱা চৰকাৰত অংশ লৈছিল ।
এচাম ভোগবাদী চাকৰিয়াল , শিক্ষক , ডাক্তৰ, প্ৰফেচাৰো সমাজত থাকে যিসকলে ব্যক্তিগত জীৱনত এয়াৰ কন্দিচন নোহোৱাকৈ চলিব নোৱাৰে , নিজৰ লৰা ছোৱালীক দিল্লী পাব্লিক স্কুলত পঢ়ুৱাই ভাষা ৰক্ষা কৰে , মেডিকেল ৰিপ্ৰেজেন্টিভৰ পৰা ধন লৈ ঔষধ লিখা একাংশ ডাক্তৰেও বাওঁপন্থীৰ ভাষণ দিয়ে । এইয়াই পৰম্পৰা অসম তথা ভাৰতৰ ।
                                                                         (২)
কংগ্ৰেছ দলে ভাৰতৰ ৰাজনৈতিক পৰম্পৰাকে সম্পুৰ্ণভাবে দুষিত কৰি পেলালে। ত্যাগৰ সলনি ‘টিকেট’ৰ ৰাজনীতি কৰা বেমাৰটো সকলো দললৈকে বিয়পি পৰিল। চামচাতন্ত্ৰই সকলো দলতে গা কৰি উঠিল। সেয়ে আমি ক’ব পাৰো কংগ্ৰেছী ধেমাধৰা আৰু বিজেপি ধেমাধৰাৰ মাজত কোনো প্ৰাৰ্থক্য নাই।  কামৰ বাবে যোগ্য নোহোৱা লোকে বিজেপিৰ নেতাৰ চামচাগিৰীকে জীৱিকা আৰ্জনৰ পথ হিচাপে লৈছে আৰু নিজকে পালিনেতালৈ ৰূপান্তৰ কৰিছে ।
অগপৰ দিনবোৰত জন্ম হোৱা পালিনেতা আৰু ঠিকাদাৰ ৰূপী একাংশ ৰাক্ষসে ধনে জনে জাতিষ্কাৰ হৈছিল কিছু সময়ৰ বাবে । প্ৰশাসন , আৰক্ষীক কেৰেপ নকৰি সমান্তৰাল শাসন চলোৱা সেইসকলৰ ৯৯% ই আজিৰ দিনটোত গাত খৰ লৈ মৃত্যু যন্ত্ৰণা ভুগি থকা কুকুৰৰ অৱস্থা এটাত জীৱন কটাই আছে । বহু কেইজন যেনিবা সংসাৰ এৰি গ’লেই ।
কপিল চিব্বালে ৰাজ্যসভাত এন আৰ চিৰ বিৰুদ্ধে বক্তব্য দিয়াৰ সময়ত অসমৰ কংগ্ৰেছী নেতাই এন আৰচিক লৈ আবেগিক মন্তব্য দিয়া অপ্ৰাসংগিক ; লগতে তৰুণ গগৈ চৰকাৰৰ সময়ছোৱাত ব্যৰ্থ হোৱা এন আৰ চি পাইলট প্ৰজেক্টে কংগ্ৰেছৰ ব্যৰ্থতা আৰু পলায়নবাদী চৰিত্ৰ প্ৰকাশ কৰিছিল । যিদৰে কেবৰ সময়ত বিজেপিৰ নেতাৰ মৌনতা , অগপ মন্ত্ৰীৰ পদত্যাগ নাটক , কংগ্ৰেছ – এআইইউডিএফৰ আভুৱা ভৰা  অসমীয়াবাদে ভোটাৰ ৰাইজক নতুনত্বৰ সোৱাদ দিলে । গণতান্ত্ৰীক দেশৰ নিৰ্বাচনী ৰাজনীতিয়ে  সকলোকে নিজৰ মতামত বা আত্মৰক্ষাৰ  সুযোগ দিয়ে ।