নিষ্প্ৰভ অগপ, তেলেগু দেশমে উজ্জীবিত কৰিছে তৃতীয় মৰ্চাৰ সম্ভাৱনীয়তা..

1461

আঞ্চলিক দলৰ ভৱিষ্যৎ ?

প্ৰফুল্ল কলিতা

অঞ্চলিক দলৰ অাৱিৰ্ভাৱক ভাৰতৰ দলীয় ব্যৱস্থাৰ অন্যতম বিশেষত্ব হিচাপে অাখ্যা দিব পাৰি । সৰ্বভাৰতীয় দলসমুহৰ নীতি অাৰু কাম-কাজত অসন্তুষ্ট হোৱাৰ ফলত বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিভিন্ন অাঞ্চলিক দল সৃষ্টি হোৱা দেখা যায় । দেশত বৰ্তমানে স্বীকৃত অাঞ্চলিক দলৰ সংখ্যা দুকুৰিৰো অধিক । অাঞ্চলিক দলসমুহৰ ভিতৰত অসমৰ অসম গণ পৰিষদ, পঞ্জাৱৰ অাকালি দল, অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম, উড়িষ্যাৰ বিজু জনতা দল, বিহাৰত ৰাষ্টীয় জনতা দল, সমতা পাৰ্টি, তামিলনাডুৰ ডি.এম.কে, আৰু এ.অাই.ডি.এম.কে, হাৰিয়ানাৰ লোক দল, মহাৰাষ্ট্ৰৰ শিৱসেনা, হিমাচলৰ বিকাশ কংগ্ৰেছ, মিজো নেচনেল ফ্ৰণ্ট, পশ্চিমবংগত তৃণমুল কংগ্ৰেছ, অাৰ.এছ.পি., ফৰৱাৰ্ড ব্লক, এন.চি.পি. অাদি উল্লেখযোগ্য । ১৯৮৫ চনৰ অাগষ্ট মাহত  অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল । সেই বছৰৰে অক্টোবৰ মাহত অসম গণ পৰিষদ নামৰ অাঞ্চলিক ৰাজনৈতিক দলটোৰ জন্ম  হৈছিল । অসমৰ খিলঞ্জীয়া লোকসকলৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ লোক, বাগিছাত কাম কৰা বনুৱা, অসমত স্থায়ীভাৱে  বসবাস কৰা মুছলমান, বঙালী হিন্দু অাৰু বঙলী মুছলমান লোক কিছুমানেও এই দলৰ প্ৰতি সমৰ্থন দিছিল । ফলত প্ৰথমটো নিৰ্বাচনত অংশগ্ৰহন কৰিয়েই অসম গণ পৰিষদে অসম বিধানসভাত ৬৪ খন অাসন লাভ কৰিবলৈ সক্ষম হৈছিল । গণ পৰিষদ দলে গণতন্ত্ৰ, সমাজবাদ অাৰু ধৰ্মনিৰপেক্ষতাৰ সমৰ্থনেৰে এখন শ্ৰেণীহীন সমাজ গঠনৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু  কাৰ্য্যক্ষেত্ৰত সেয়া সম্ভৱ হৈ নুঠিল । সেই সমুত প্ৰফুল্ল মহন্তৰ নেতৃত্বত অসম গণ পৰিষদ চৰকাৰক অসমৰ ভোটাৰ ৰাইজে যি অাশাত  চৰকাৰ গঠনৰ সুবিধা দিছিল, জনসাধৰণৰ সেই অাশা-অাকাংঙ্খা চৰকাৰে পূৰণ কৰাত ব্যৰ্থ হৈছিল । ইয়াৰ ফলত, অসম গণ  পৰিষদ চৰকাৰৰ প্ৰতি অসমৰ ভোটাৰ ৰাইজৰ মোহভঙ্গ হৈছিল । সেয়েহে দুৰ্নীতি, দলীয় বিভাজন অাদি বিভিন্ন কাৰণত ১৯৯১ চনৰ নিৰ্বাচনত অসম গণ পৰিষদ দলে চৰকাৰ গঠনৰ সুবিধা  নাপালে। কিন্তু ১৯৯৬ চনৰ সাধৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলে অসমত পুণৰ ক্ষমতা লাভ কৰাৰ সুযোগ পাইছিল । চি-পি-অাই, চি-পি-এম অাদি দলৰ সহায়ত এই দলে চৰকাৰ গঠন কৰিছিল । অাগৰ ভুলবোৰ অাঁতৰাই অসমৰ জনসাধাৰণে সম্মুখীন হোৱা জলন্ত সমস্যাবোৰ  সমাধান কৰাৰ অাশ্বাস  দিয়াৰ কাৰণে অসমৰ ভোটাৰ ৰাইজে অসম গণ পৰিষদক পুণৰ  চৰকাৰ গঠনৰ সুবিধা দিছিল । অানকি কেন্দ্ৰত চৰকাৰ গঠন  কৰাৰ বিষয়তো গণ পৰিষদৰ অৰিহণা অাছিল। প্ৰথমবাৰৰ কাৰণে গণ পৰিষদৰ দুজন নেতাই কেন্দ্ৰীয় মন্ত্রীসভাত স্থান  পাইছিল । কিন্তু এই কাৰ্যকালৰ ভিতৰতো অসম গণ পৰিষদে পূৰ্বৰ কৃত-কৰ্মৰ পৰা কোনো শিক্ষা গ্ৰহন নকৰিলে ।  ফলত এই দলৰ চৰকাৰৰ প্ৰতি জনসাধাৰণৰ মোহভংগ হ’ল, ২০০১ ত অনুষ্ঠিত ৰাজ্যৰ সাধাৰণ নিৰ্বাচনত এই দলে পৰাজয় বৰণ কৰে । ২০০৪ চনত সংসদীয় নিৰ্বাচনত এই দলে মাথো দুখন অাসনতে সন্তুষ্ট থাকিবলগীয়াত পৰে । ২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ অাগমুহুৰ্তলৈকে অসম গণ পৰিষদ দল অাৰু ইয়াৰ সহযোগী দলবিলাকে অসমত চৰকাৰ গঠনৰ অাশা কৰিছিল যদিও, এইবাৰো অসম গণ পৰিষদ দলে বিধানসভাত মাথো ২৪ খন অাসনহে লাভ কৰিবলৈ সক্ষম হয় । ২০০৯ চনৰ পঞ্চদশ লোকসভাৰ সাধাৰণ নিৰ্বাচনত অসম গণ পৰিষদ দলে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা দলৰ সৈতে প্ৰাক্ নিৰ্বাচনী মিত্ৰতাৰে নিৰ্বাচনত ৬ খন অাসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ এখন অাসনত জয়লাভ কৰিবলৈ সক্ষম হয় । ২০১১ চনৰ বিধানসভা নিৰ্বাচনত দলে চন্দ্ৰমোহন পাটোৱাৰী অাৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত শোচনীয় পৰাজয়বৰণ কৰি মাত্ৰ ১০ খন আসনতহে সন্তুষ্ট থাকিবলগীয়াত পৰে । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অগপ শূণ্যপ্ৰায় হৈ পৰে । ২০১৬ ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ কান্ধত উঠি ১৪ খন অাসন দখল কৰে । অথচ অঞ্চলিকতাবাদৰ সাপেক্ষে বলা বতাহ জাকৰ গম গতি পাই, বিজেপি দলে অাঞ্চলিক ৰাজনীতিৰ মতাদৰ্শক সৰ্বসাধাৰণ ভোটাৰৰ মাজত অাবেগিক ৰূপত প্ৰতিষ্ঠা কৰি নিৰ্বাচনী বৈতৰণী সুকলমে পাৰ হ’বলৈ সক্ষম হ’য় । কংগ্ৰেছ অথবা বিজেপি কিম্বা অাঞ্চলিক দলৰ একাংশ নেতাৰ জনপ্ৰিয়তা অাৰু গ্ৰহণযোগ্যতা কমি অহাৰ মূলতে হৈছে – নেতাসকলৰ নিজৰ নিজৰ দায়িত্ব দক্ষতাৰে সম্পাদন কৰাৰ অক্ষমতা । যিটো অসম মুলুকৰ অাৰু কেন্দ্ৰৰ বৰ্তমান বিজেপি মিত্ৰযোটৰ শাসনাধিস্থ চৰকাৰখনৰ সৰহ সংখ্যক মন্ত্ৰী-বিধায়কৰ ক্ষেত্ৰতো বিদ্যমান । অানকি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতো একে ধৰণৰ অদক্ষতাই বিৰাজ কৰিছিল । সফল ৰজনীতিক হ’বলৈ হ’লে দূৰদৰ্শিতাৰ অতিব প্ৰয়োজন । মূলতঃ ভৱিষ্যত দ্ৰষ্টা অাৰু প্ৰতুৎপন্নমতিতাৰ প্ৰয়োজন সৰ্বাধিক । লগত থাকিব লাগে সুচতুৰ চাণক্য নীতিৰ সুস্থ সৱল জ্ঞান । অন্যথাই অদূৰ ভবিষ্যতত ভোটাৰ ৰাইজৰ অাস্থা হেৰুওৱাই নিৰ্বাচনত লাউলোৱা অৱস্থাৰ সন্মুখীন হ’বলগীয়া কাৰ্য অৱস্বাম্ভাৱী । জনগোষ্ঠীয় সমস্যাসমূহ কাৰ্যকৰী ব্যৱস্থা গ্ৰহন কৰিব নোৱাৰাৰ উপৰিও, অৰ্থনৈতিক অনগ্ৰসৰতা, নিৱনুৱা সমস্যা, প্ৰৱজন, স্বাস্থ্য, শিক্ষা, বিত্ত অাদি সমস্যাৰ পৰা জনগণে পৰিত্ৰাণ নাপালে বা চৰকাৰে তেনে সমস্যা সমধান কৰাত ব্যৰ্থ প্ৰমানিত হ’লে দলৰ জনপ্ৰিয়তা কমি অাহে । অানহাতে দলৰ সদস্যসকলৰ মাজত      সৃষ্টি হোৱা মতভেদেও দলৰ জনপ্ৰিয়তা হেৰুৱাৰ বিশেষ বৰঙণি যোগায় ।

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰলায়ৰ ৰাজ্যিক মন্ত্ৰী এম.জে.অাকবৰে সদনত দাখিল কৰা তথ্যমতে – এগৰাকী দুগৰাকী নহয়  সৰ্বমুঠ ৩১ গৰাকী ব্যৱসায়ীয়ে বৃহৎ পৰিমাণৰ (বেংক লুট) ঋণ পৰিশোধ নকৰি দেশ ত্যাগ কৰি বিদেশত খিতাপি লৈছে ।বৃহৎ পৰিমাণৰ দেশীয় অৰ্থ অনিয়মৰে নি হয়তো বিদেশত বিনিয়োগ কৰিছে । অথচ নিৰ্বাচনৰ মূহুৰ্তত মোদীজীয়ে দেশৰ  জনসাধাৰণক কথা দিছিল বিদেশত জমা থকা ক’লা ধন উদ্ধাৰ কৰি দেশৰ গৰীৱ নাগৰিকৰ দুখ-দূৰ্দশা দূৰ কৰিব । প্ৰতিগৰাকী  ভাৰতীয়ৰ বেংক একাউণ্টত ১৫ লাখকৈ বিদেশী ক’লা ধন জমা হ’ব । দেশৰ জনতা জনৰ্দনৰ প্ৰকৃত ‘পহৰাদাৰ’ অথবা ‘প্ৰধান  সেৱক’ বুলি সততে ঘোষণা কৰা মহামান্য প্ৰধানমন্ত্ৰী গৰাকীৰ চকুৰ অাগেদি হীৰা ব্যৱসায়ীয়ে কৰিছে পলায়ন । যিটো অতি  উদ্যেগ জনক । অথচ সৌ সিদিনা তেওঁ ত্ৰিপুৰাৰ নিৰ্বাচনী সভাত ৰাইজক উদ্দেশ্যি উদাত্ত ভাষণ দি কৈছিল – মাণিক দলিয়াই  হীৰা আঁকোৱালি ল’বলৈ । কিন্তু হীৰা ব্যৱসায়ী নীৰৱ মোদী অাৰু হাতে কানে হীৰা খচিত অলংকাৰ পৰিধান কৰা সোমৰস ৰয়েল চেলেঞ্জাৰ্ছ অাৰু কিংফিচাৰ এয়াৰ লাইনচৰ এসময়ৰ স্বত্তাধিকাৰী বিজয় মালিয়াৰ দৰে প্ৰবঞ্চক পুঁজুপতি সকলে কেনেকৈ দেশৰ  বেংক ব্যৱস্থাটোক ফাঁকি দি জুৰুলা কৰি পলায়ন কৰিলে ? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্যানুসৰি ৰাজহুৱা খণ্ডৰ বেংকবোৰত মুঠ অনাদায়ী ঋণৰ ৭৬ শতাংশই বৃহৎ পুজিপতিক দিয়া ঋণ ।অৰ্থাৎ কোনো বেংকে দ্ৰয়া ১০০ টকা ঋণৰ ৭৬ টকাই পুঁজিপতিৰ  জেপত । অথচ কৃষি ঋণ ৰেহাইৰ দাবীত দেশজুৰি কৃষকসকল ৰাজপথত নামিব লগা হৈছে । বিশেষ ৰাজ্যৰ মৰ্যদা নাপাই তেলেগু দেশমে মিত্ৰতা ভংগ কৰি চৰকাৰৰ পৰা ওলাই অাহিছে ।অথচ অগপই অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তনকে ধৰি হিন্দু বাংলাদেশীক  নাগৰিত্ব দিবলৈ উঠি পৰি লগা বিজেপিৰ সতে ক্ষমতাৰ খকত মিত্ৰতা খামুচি ধৰি অাছে ।

ভাৰতবৰ্ষৰ অাঞ্চলিক দলসমুহৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম দলো অন্যতম । ১৯৮২ চনত এন.টি.ৰামাৰাওৰ নেতৃত্বত  এই দলটো প্ৰতিষ্ঠা লাভ কৰিছিল । সেই সময়ত অন্ধ্ৰপ্ৰদেশত শাসনৰ ক্ষেত্ৰত বেমেজালিৰ সৃষ্টি হৈছিল অাৰু কেন্দ্ৰীয় চৰকাৰেও  এই ৰাজ্যখনৰ প্ৰতি সহানুভুতিসূচক মনোভাৱ গ্ৰহন কৰা নাছিল । তাৰোপৰি কেন্দ্ৰীয় চৰকাৰে নিজ খেয়ালসূচীত এই ৰাজ্যৰ  মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ ফলত ৰাজ্যখনৰ স্বায়ত্ব শাসনত বাধাৰ সৃষ্টি হৈছিল । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মতেহে সেই সময়ৰ  চৰকাৰে কাৰ্যনিৰ্বাহ কৰিছিল । সেয়েহে ছয় কৌটি তেলেগু লোকৰ অাত্মসন্মান ৰক্ষা কৰাৰ উদ্দেশ্যে অাৰু মূল্যবোধজড়িত  ৰাজনৈতিক শাসন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ৰামাৰাওৰ নেতৃত্বত তেলেগু দেশম দলটো গঠন কৰা হৈছিল ।

১৯৮৩ চনৰ নিৰ্বাচনত এই দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি অন্ধ্ৰত চৰকাৰ গঠনৰ সুবিধা পাইছিল । তেনেদৰে বিভিন্ন ঘাট-প্ৰতিঘাট আৰু উত্থান পতনৰ মাজেৰে অাহি অাহি অাজিৰ চন্দ্ৰবাবু নাইডুৰ নেতৃত্বাধীন তেলেগু দেশম পাৰ্টি সমগ্ৰ ভাৰতবৰ্ষতে এক সৱল ৰূপত অাত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে । যিটো দলে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনতে এন দি এ দল  গঠনত মুখ্য ভুমিকা গ্ৰহন কৰিছিল । সেই দলে অাজি ৰাজ্যবাসীৰ স্বাৰ্থত এন দি এ দল ত্যাগ কৰিছে । ত্যাগ কৰিছে কেন্দ্ৰীয়  চৰকাৰৰ মন্ত্ৰীত্ব । তাতেই দলটোৰ একতা অাৰু দীৰ্ঘসুত্ৰীতা প্ৰকাশ পাইছে । যিটো অগপ অাদি অাঞ্চলিক দলে সততে কৰিবলৈ  সাহস নকৰে । ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিপুল জয়লাভৰ পিছমূহুৰ্ততে অভেদ্য দূৰ্গৰুপে খ্যাত উত্তৰ প্ৰদেশৰ দুটা লোকসভা  সমষ্টিৰ শেহতীয়া নিৰ্বাচনত শাসকীয় দল বিজেপিৰ চন্দ পতন ঘটিছে । ৰাাইজে ভাবিবলৈ লৈছে – বিজেপি নেতৃত্বাধীন কংগ্ৰেছ  দলে দলক অাৰু ৰাষ্ট্ৰক সৱল নেতৃত্ব দিব নোৱাৰাটো পৰিতাপৰ বিষয় । পৰিয়ালতান্ত্ৰিক সমাজনীতিৰ পৰা আতৰি অাহি জ্যেষ্ঠ  অাৰু শ্রেষ্ঠজনক দলটোৰ নেতৃত্বৰ ভাৰ দিলে কংগ্ৰেছ নিশ্চয়কৈ উপকৃত হ’লহেতেন । লগতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীত্ব অথবা  ক্ষমতাৰ প্ৰতি যে লালয়িত নহয়, সেইটো ভাৰতীয় জনগণৰ অাগত প্ৰতিষ্ঠা কৰিব পাৰিলেই কংগ্ৰেছৰ ১৩৩ বছৰীয়া ইতিহাস ঠন ধৰি উঠিলহেতেন । অন্যথা মোদীক গণ্ডাই গণ্ডাই প্ৰশ্ন কৰি অথবা মোদীৰ দৰে বিদেশ যাত্ৰা কৰি কংগ্ৰেছৰ হেৰোৱা গৌৰৱ  উদ্ধাৰ কৰাটো অসম্ভৱ ।

ইতিমধ্যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে “মোদী মুক্ত ভাৰতৰ” শ্লোগানেৰে বিজেপি অাৰু কংগ্ৰেছৰ বিৰুদ্ধে  ঐক্যবদ্ধ হোৱাৰ কুচকাৱাজ ক্ৰমাৎ বৃদ্ধি পাই্ছে – একাংশ বিৰোধীৰ মাজত । মহাৰাষ্ট্ৰ নৱ-নিৰ্মাণ সেনাৰ মূৰব্বী ৰাজ থাকৰে  অাগবাঢ়ি অাহিছে । কংগ্ৰেছ, বিজেপি দুয়োটা প্ৰধান দলক অাঁতৰাই ৰাখি এক তৃতীয় মৰ্চা গঠনৰ প্ৰসংগই চৰ্চা লাভ কৰিছে ।পশ্চিম বংগ অাৰু তেলেংগানাৰ দুই মুখ্যমন্ত্ৰী ক্ৰমে মমতা বেনাৰ্জী অাৰু কে চন্দ্ৰশেখৰ অালোচনাত মিলিত হৈছে । এনেদৰে এক  ফেডাৰেল মৰ্চা গঠনৰ বাবে অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম, উড়িষ্যাৰ বিজু জনতা দল, এন চি পি প্ৰভৃতি উল্লেখিত দলবোৰে এৰা  এৰি অাৰু সহযোগীতাৰ মনোভাৱেৰে ঐক্যবদ্ধ হৈ অাগবাঢ়িলে ফেডাৰেল শাসনৰ সীমাহীন সম্ভাৱনা সহজলভ্য হৈ পৰিব অাৰু  কংগ্ৰেছ-বিজেপিৰ শাসনত জুৰুলা ভাৰতীয় নাগৰিকৰ বাবে অাশাৰ পথৰূপে প্ৰকট হ’ব । অৱশ্যে নিজ গাদীৰ সুৰক্ষাৰ স্বাৰ্থত  ৰাইজৰ অাশা-আকাংশাক জলাঞ্জলি দিয়া অগপৰ দৰে অাঞ্চলিক দলবোৰৰ ভৱিষ্যত যে মধুৰ নহয় সেয়া নিশ্চিত । যদিহে দল  অাৰু ৰাইজৰ ভৱিষ্যতৰ কথা নাভাবি, সঠিক সময়ত সঠিক সিন্ধান্তৰে অাগনেবাঢ়ে তেন্তে দলৰ লগত দেশৰ (ৰাজ্যৰ) দুৰ্দিন  অনিবাৰ্য্য ।

লেখকৰ ফোনঃ ৮০১১৫১৮৪৮৪ ।।