টুকুৰা খবৰ

1896

(১) ত্ৰিপুৰাত বিজেপিৰ ঐতিহাসিক জয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যথেষ্ট গুৰুত্ব পাইছে। অনেকে হিমন্ত বিশ্ব শৰ্মাক জয়ৰ নায়ক হিচাপে চিহ্নিত কৰিছে । ‘ দ্যা হিন্দু’কে ধৰি বহু ৰাষ্টীয় সংবাদ প্ৰত্ৰত ড.শৰ্মাৰ বিষয়ে লেখ প্ৰকাশ  পাইছে ।

(২) উত্তৰ প্ৰদেশৰ ফুলপুৰ অাৰু গোৰখপুৰত বিজেপিৰ পৰাজয়ে সকলোকে অাচৰিত কৰিছে। ৰাজনৈতিক পণ্ডিত সকলে সমাজবাদী দল অাৰূ বহুজন সমাজ পাৰ্টিৰ মাজৰ  মিত্ৰতাক এই পৰাজয়ৰ কাৰণ হিচাপে বাখ্যা কৰিছে । এই মিত্ৰতা অটুট থাকিলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ বহু সংখ্যক অাসনত বিজেপিয়ে তীব্ৰ প্ৰতিদন্দীতাৰ সন্মুখিন হব পাৰে।

(৩) দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱালৰ ওপৰত থকা ৩৩ টা মানহানিৰ গোচৰৰ মীমাংসাৰ বাবে তেখেতে জমা পত্ৰৰ সহায় লৈছে। তেখেতে ইতিমধ্যে মজেঠিয়া, নিতিন গাডকাৰী,অৰুণ জেটলি অাৰূ কপিল চিব্বালৰ পুত্ৰলৈ ক্ষমা পত্ৰ পঠিয়াইছে। ‘অাপ’ দলৰ মতে ইয়াৰ দ্বাৰা কেজৰিৱালৰ সময় ৰাহি হব অাৰু জনকল্যানমূলক অাঁচনিত মনোনিবেশ কৰিবলৈ সুবিধা হব ।

(৪) কৰ্ণাটকৰ মূখ্যমন্ত্ৰী চিদ্দাৰামাইয়াই লোৱা এটা সিন্ধান্তই ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লগাইছে । চিদ্দাৰামাইয়াৰ কেবিনেটে লিংগায়ট সংপ্ৰদায়ক হিন্দুৰ পৰা পৃথক কৰি ধৰ্মীয় সংখ্যালঘুৰ মৰ্য্যদা দিবলৈ কেন্দ্ৰক অাহ্বান জনাইছে । ইয়াৰ দ্বাৰা কৰ্ণাটকৰ ১৭% লিংগায়ট সম্প্ৰদায়ৰ ভোট বিভাজন হৈ কংগ্ৰেছৰ সুবিধা হব বুলি অনুমান কৰা হৈছে । লিংগায়ট সম্প্ৰদায়টো হ’ল বাসবান্নৰ অনুগামী। বাসবান্ন অসমৰ শংকৰদেৱৰ দৰে সমাজ সংষ্কাৰক ।

(৫) যোৱা মাহত ইণ্ডিয়া কনক্লেভ অনুস্থিত হয় । ছোনিয়া গান্ধী, নীতিন গাডকাৰী, হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনৈতিক নেতাই নিজৰ মতামত  প্ৰকাশ কৰে । ছোনিয়া গান্ধীক প্ৰশ্ন কৰা হৈছিল যে  ” নৰেন্দ্ৰ মোদীলৈ আপোনাৰ কিবা উপদেশ অাছে নেকি? ” তেতিয়া  গান্ধীয়ে ওলোটাকৈ সাংবাদিকক প্ৰশ্ন কৰিছিল, “তেখেতে জানো কাৰোবাৰ কথে শুনে ?” এই কনক্লেভত হিমন্ত বিশ্ব শৰ্মাক উত্তৰ পুৰ্বাঞ্চলত বিজেপিৰ উত্থানৰ বিষয়ে অালোচনা কৰিবলৈ মতা হৈছিল।

(৬) অসম কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৰাষ্ট্ৰগানত উত্তৰ পূৰ্বাঞ্চলৰ নাম  অৰ্ন্তভুক্তি কৰাৰ বাবে সংসদত দাবী জনাইছে । তেখেতে ‘সিন্ধ’ শব্দটো  বাদ দি তাৰ ঠাইত উত্তৰ পূৰ্বাঞ্চলক ৰাষ্ট্ৰগানত স্থান দিয়াৰ বাবে সংসদত ব্যাক্তিগত বিল উত্থাপন কৰিছে । অসমৰ দল সংগঠন বিলাকে এই দাবীৰ প্ৰতি সমৰ্থন জনোৱা দেখা গৈছে ।

(৭) কংগ্ৰেছৰ মহা অধিৱেশনত ৰাহুল গান্ধীক যথেষ্ট আক্ৰামনাত্মক ৰূপত দেখা যায় । তেখেতে আগন্তুক দিনত কংগ্ৰেছত যুৱ নেতাই প্ৰাধান্য পাৱ বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে । ৰাহুল গান্ধীয়ে কংগ্ৰেছক পাণ্ডৱ অাৰু বিজেপিক কৌৰৱৰ লগত তুলনা কৰে ।

(৮) তেলেগু দেশম দলে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্য্যদা প্ৰদান নকৰাৰ বাবে বিজেপিৰ সৈতে মিত্ৰতা ছেদ কৰে । অন্ধ্ৰপ্ৰদেশৰ পৰা তেলেংগানা  বিভাজন হোৱাৰ পিছত ইয়াৰ প্ৰধান চহৰ হায়দৰাবাদ নতুন ৰাজ্য তেলেংগনাৰ সৈতে গুছি যায় , যাৰ ফলত অন্ধ্ৰপ্ৰদেশৰ অাৰ্থিক ভাৱে বিস্তৰ ক্ষতি  হয় । কিন্তু কেন্দ্ৰীয় চৰকাৰে অাৰু নতুন কৈ কোনো ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্য্যদা দিয়া নহব বুলি ঘোষণা কৰে । চৰকাৰে অৱশ্যে অাৰ্থিক ভাৱে অন্ধ্ৰপ্ৰদেশক সহায়ৰ অাশ্বাস দিছিল । কিন্তু আগন্তুক লোকসভা  নিৰ্বাচনত আঞ্চলিক দলটোৰ গণভিত্তি অটুট ৰখাৰ স্বাৰ্থত সঠিক পদক্ষেপ লোৱা বুলি বহুতে কব বিচাৰে ।

(৯) তামিলনাডুৰ দুই মহানায়ক ৰজনীকান্ত অাৰু কামাল হাছানে ৰাজনীতিৰ পথাৰত প্ৰৱেশ কৰিৱলৈ সিন্ধান্ত লৈছে। ইয়ে তামিলনাডুৰ ৰাজনীতিত এটা নতুন মাত্ৰা প্ৰদান কৰিব  পাৰে । জয়াললিতাৰ মৃত্যুৰ পিছত সৃষ্টি হোবা ৰিক্ত স্থান (শুণ্যতা) পূৰ কৰিবলৈ  এওঁলোক সক্ষম হবনে সেইটো অনাগত সময়ে নিৰূপন কৰিব ।

(১০) উত্তৰ প্ৰদেশৰ ৰাজ্য সভাৰ নিৰ্বাচনত বিজেপিয়ে ১০ ৰ ভিতৰত ৯ খন অাসন লাভ কৰিছে । উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়কৰ সংখ্যা অনুসৰি বিজেপিৰ ৮ জন সদস্যৰ জয় নিশ্চিত   অাছিল । তথাপি  ৯ নম্বৰ অাসন খনৰ বাবে বিজেপিয়ে অন্য দলৰ বিধায়কৰ  পৰা সমৰ্থন অাদায় কৰিবলৈ সক্ষম হৈছে ।