পশ্চিম বংগৰ পৰৱৰ্তী ৰাজ্যপাল নাকৱী

511

ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ 


বিজেপিৰ জ্যেষ্ঠ নেতা মুখতাৰ আব্বাছ নাকৱীৰ ভূমিকাক লৈ এতিয়া সকলো ধৰণৰ আলোচনা চলি আছে। ৰাজ্যসভাত কার্যকাল সম্পূর্ণ হোৱাৰ পিছত কেন্দ্রীয় মন্ত্রী পদৰ পৰা পদত্যাগ কৰাৰ পাছতে ধাৰণা কৰা হৈছিল যে এন ডি এৰ উপ-ৰাষ্ট্রপতি পদৰ প্রার্থী হ’ব পাৰে নকৱী৷ আলোচনাত থকা নামবোৰত নকৱীৰ নাম আগত উল্লেখ কৰা হৈছিল যদিও বিজেপিয়ে জগদীপ ধনখৰক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কৰি তুলিছিল। ইয়াৰ পিছত পুনৰ চৰ্চা হৈছে যে এতিয়া নাকৱীৰ ৰাজনৈতিক ভৱিষ্যত কি হ’ব? কেন্দ্ৰীয় চৰকাৰৰ একমাত্ৰ মুছলমান মন্ত্ৰী আছিল মুখতাৰ আব্বাছ নাকৱী।

উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে জগদীপ ধনখৰক লৈ এতিয়া খালী হৈ পৰিছে পশ্চিম বংগৰ ৰাজ্যপালৰ পদ। বৰ্তমান মণিপুৰৰ ৰাজ্যপাল গণেশনক পশ্চিমবংগৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। পশ্চিমবংগৰ ৰাজ্যপালৰ দায়িত্ব মুখতাৰ আব্বাছ নাকৱীক দিব পাৰে বুলিও অনুমান কৰা হৈছে। অৱশ্যে এই পোষ্টটোৰ বাবে আৰু অধিক নাম সংবাদ মাধ্যমত আছে। ইয়াৰ ভিতৰত কেৰেলাৰ গৱৰ্ণৰ আৰিফ মহম্মদ খানৰ নামো চলি আছে। বৰ্তমান আৰিফ মহম্মদ খান একমাত্ৰ মুছলমান গৱৰ্ণৰ। এই আলোচনাৰ মাজতে বিজেপিৰ দিল্লীৰ সাংসদ হান্সৰাজ হান্সে টুইট কৰি পশ্চিমবংগৰ ৰাজ্যপাল হোৱাৰ বাবে নকৱীক অভিনন্দন জনায়। ইয়াৰ পিছতে নাকৱীয়ে এনে কোনো তথ্য থকা বুলি অস্বীকাৰ কৰে।