অসম গৌৰৱ জুবিন আৰু কিছুমান জধা-মূৰ্খ

621
  • তাৰক দাস

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : চাৰি বছৰ: ২ লাখ ৫০ হাজাৰ পঢ়ুৱৈ


ৰাজনীতি অসমৰ অ’পিনিয়ন পলৰ পৰা গম পোৱা গৈছিল যে বৰ্তমান অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া ব্যক্তি জন হ’ল জুবিন গাৰ্গ। জুবিনৰ জনপ্ৰিয়তা আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাতকৈও বেছি। অসমৰ গৌৰৱ, অসমৰ স্বাভীমান জুবিন গাৰ্গ। ৯০ৰ দশকৰ পৰা অসমীয়া সংগীত জগতত বৰঙণি আগবঢ়াই আছে জুবিনে। তেওঁৰ কন্ঠ অনন্য। জুবিনৰ গান শুনি কোনোদিনে আমি বিৰক্তি অনুভব নকৰো। আজি প্ৰায় ৩০ বছৰ কাল জুবিনৰ গাণৰ মাজতে নিজক বিচাৰি পাইছো। সুখৰ দিনত “হাহিলে তুমি মুকুতা মণি সৰে”, দুখৰ দিনত “আইনা ভঙা দি ভাঙিব হিয়াখনি” শুনি সময় পাৰ কৰিছো। কেতিয়াবা যদি মাজুলীৰ ছোৱালীজনীৰ দুখত সমভাগী হৈছো ,কেতিয়াবা নিজকে যন্ত্র বুলি অনুভব কৰিছো। সেইজন জুবিন গাৰ্গ আজি অসুস্থ। অসমৰ হিয়াৰ আমঠু জুবিন দা আজি হাস্পতালত। গোটেই অসমে যি সময়ত জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰিছে, সেই সময়তে কেইটামান জধা-মূৰ্খই সামাজিক মাধ্যমত অযথা বিতৰ্ক আৰম্ভ কৰিছে। জুবিনক এয়াৰ এম্বুলেঞ্চত গুৱাহাটীলৈ অনাক লৈ ইহতে প্ৰশ্ন কৰিছে। অমুককো কিয় অনা নহয়, সকলোকে কিয় অনা নহয় ইত্যাদি। আজিকালি কিছুমান মানুহে অলপ ব্যতিক্ৰম ধৰণে কথা কোৱাৰ চেষ্টা কৰাটো এটা ফেচন হৈ পৰিছে। অসমৰ ৩.৫ কৌটি মানুহক চৰকাৰৰ স্বাস্থ্যৰ যতন চৰকাৰে লব লাগে। কিন্তু জুবিনক যিকোনো যদু, মধুৰ লগত তুলনা কৰা উচিত নহয়। নিজৰ প্ৰতিভাৰে জুবিনে যিদৰে গোটেই ভাৰততে অসমৰ নাম উজলাই তুলিছে তেনে উদাহৰণ খুব কম আছে। ড° ভূপেন হাজৰিকাৰ পিছতে অসমৰ কলা জগতত জুবিনৰ স্থান। ড° ভূপেন হাজৰিকা দেৱৰ মৃত্যুত গোটেই অসমে শোক পালন কৰিছিল। চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত সমাধি কৰি দিছিল। অহাকালি এই জধা-মূৰ্খসকলে প্ৰশ্ন কৰিব পাৰে যে ভূপেনদাৰ দৰে অমুকৰ সমাধি কিয় বনোৱা নহ’ল। সেয়েহে ইহতৰ কথাত ইমান মনকাণ দি লাভ নাই। মাৰ্ক জুকাৰবাৰ্গে প্লেটফৰ্মটো বনাই দিছে যেতিয়া কিছুমানে ভুকিবই। জুবিন গাৰ্গ যাতে সোনকালে সুস্থ হৈ ঘূৰি আহে তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলো। তেখেতৰ পৰা অসমবাসীয়ে আৰু বহুত আশা কৰে। অনাগত দিনত আৰু বহুত নতুন গান,চিনেমা আদিৰে অসমীয়া সাংস্কৃতিক জগতখন তেওঁ চহকী কৰক ,তাৰেই কামনাৰে।