নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু অসম

10189
নাজিয়া আফ্ৰীন

ভাৰতীয় সংবিধানৰ ৫ – ১১ নং অনুচ্ছেদত  নাগৰিকত্ব বিষয় সন্নিৱিষ্ট কৰা হৈছে। সংবিধানে ভাৰতীয় সংসদক নাগৰিকত্ব সম্পৰ্কে আইন গ্ৰহণ কৰাৰো ক্ষমতা দিছে। সেই অনুসৰি নাগৰিকত্ব আইন ১৯৫৫ সংসদত গৃহীত হয় আৰু এই আইন খন সময়ে সময়ে সংশোধন হৈছে। এই আইন অনুসৰি এজন ব্যক্তি পাচঁ প্ৰকাৰে ভাৰতৰ নাগৰিক হব পাৰে ।  এতিয়া কথাটো হল – নাগৰিকত্ব সংশোধনী আইনত কি কি মূল বিষয় আছে ?

এই বিধেয়কখনৰ তিনিটা মূল বিষয় হল __

১ :  এই বিধেয়কখনে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা অহা হিন্দু, পাৰ্চী, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন ধৰ্মৰ অবৈধ প্ৰব্ৰজনকাৰীক নাগৰিকত্বৰ যোগ্য হিচাপে ঘোষনা কৰিছে।  নাগৰিকত্ব আইন ১৯৫৫ মতে  কোনো অবৈধ প্ৰবজনকাৰী নাগৰিকত্বৰ বাবে যোগ্য নহয়। এই ব্যৱস্থাটোক সংশোধন কৰি এই ৬ টা বিশেষ ধৰ্মৰ ( যাক ৩ খন দেশত ধৰ্মীয় সংখ্যালঘূ বুলি ধৰা হয় আৰু বিভিন্ন সময়ত উৎপীড়নৰ সন্মুখীন হৈ আহিছে) ব্যক্তিক নাগৰিকত্ব প্ৰদানৰ বাট মুকলি হব।

২ : নাগৰিকত্ব আইন, ১৯৫৫ মতে দেশীয়কৰন পদ্ধতিৰে ব্যক্তি এজন নাগৰিকত্ব লাভ কৰিবলৈ  আবেদন কৰাৰ সময়ৰ পৰা পূৰ্বৰ এক বছৰ সময় ভাৰতত বসবাস কৰিব লাগিব আৰু যোৱা ১৪ বছৰৰ অতি কমেওঁ ১১ বছৰ ভাৰতত বসবাস কৰিব লাগিব। কিন্তু সংশোধনী বিধেয়কখনে এই সময়সীমা ১১ বছৰৰ পৰা ৬ বছৰ কৰাৰ প্ৰস্তাৱ দিছে।

৩ : এই সংশোধনী মতে  Overseas Citizenship of India কাৰ্ড (যিটো ২০১৫ আৰম্ভণি কৰা হৈছিল) গ্ৰহণ কৰোতা জনক যিকোনো নিয়ম ভঙাৰ বাবে অযোগ্য বুলি ঘোষনা কৰিব পাৰে।

উল্লেখ আছে যে, ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত অহা অবৈধ প্ৰবজনকাৰীয়েহে নাগৰিকত্ব লাভৰ সুবিধা পাব। পিছত অহা খিনিয়ে এই যোগ্যতা নাপায়। এই বিধেয়কখন ২০১৬ চনৰ জুলাইত লোকসভাত উত্থাপন কৰা হৈছিল আৰু আগষ্টত ইয়াক সংযুক্ত সংসদীয় কমিটিলৈ প্ৰেৰন কৰা হয়। আৰোপ আছে যে এই বিধেয়কখন গৃহীত হলে সংবিধানৰ ১৪ নং অনুচ্ছেদত থকা সমানতাৰ অধিকাৰ ভংগ হব পাৰে কাৰন ইয়াক কিছু বিশেষ ধৰ্মক প্ৰাধান্য দিয়া হৈছে অৰ্থাৎ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা হব।  আকৌ সংবিধানত উল্লেখিত আছে যে নাগৰিকত্ব সম্পৰ্কত যিকোনো আইন সংসদে গ্ৰহণ কৰিব পাৰে।

*  অসমত প্ৰভাৱ : ইতিমধ্যে অসমত প্ৰায়  ১.২ কৌটি  মান বিদেশী আছে বুলি অনুমান কৰা হয়, তাৰে অৰ্ধেক সংখ্যক মুছলমান যদিও হিন্দুৰ সংখ্যাও কম নহয়।  নিবনুৱা, জনসংখ্যা বৃদ্ধি, অপৰাধ বৃদ্ধি আদি সমস্যা সমুহ দিনক দিনে বাঢ়ি আহিছে আৰু ইয়াৰ প্ৰধান কাৰণ অবৈধ বাংলাদেশী বুলিব পাৰি।  বাংলাদেশৰ পৰা নতুন হিন্দু লোক অহাৰ কথাটো নুই কৰিব নোৱাৰি। মুঠতে ই অসমৰ জাতীয় জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাটো খাতাং ।  অসমত ইয়াৰ তীব্ৰ প্ৰতিবাদ হৈছে আৰু হোৱাটোৱেই উচিত, কাৰণ এটা দীঘলীয়া আন্দোলন আৰু শত শ্বহীদৰ ত্যাগৰ বিনিময়ত এখন ঐতিহাসিক চুক্তি হৈছিল, যাক আমি অসম চুক্তি বুলি জানো, যি চুক্তি মতে ১৯৭১ চনৰ ২৪ মার্চৰ পিছত অহা সকলো মানুহেই বিদেশী আৰু এইসকলক চিনাক্ত কৰি বহিস্কাৰ কৰা হব। আকৌ অসম চুক্তিৰ সিদ্ধান্ত মৰ্মেই আজি ইমান বছৰৰ পাছত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি আছে, এতিয়া যদি এই বিধেয়ক গৃহীত হয়, এই অসম চুক্তি বা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সকলো দেখোন  অৰ্থহীন হৈ পৰিব। ইয়াৰ উপৰিও যদিও এইখন সমগ্র দেশৰ বাবেই আইন, এনে লোকৰ গৰিষ্ঠ সংখ্যক আছে, অসম, পশ্চিমবঙ্গ আৰু ত্ৰিপুৰাত। কিন্তু অসমৰ বাহিৰে আন দুখন ৰাজ্য প্ৰধানকৈ বাংলাভাষী হোৱা বাবে তাত প্ৰতিবাদ হোৱা নাই। কিন্তু অসমে যদি ইতিমধ্যে সোমায়েই থকা এই লোক সকলক এজন ভাৰতীয় নাগৰিকে পাব লগা সকলো সুবিধা প্ৰদান কৰিবলগীয়াত পৰে, তেন্তে ইতিমধ্যে সংখ্যালঘুত পৰিণত হব ধৰা অসমীয়া জাতি ভৱিষ্যতে আৰু সংকটত পৰাৰ সম্ভাৱনা থাকিব। লগতে এই সুবিধাৰ বিষয়ে জানি ভৱিষ্যতে অনুপ্ৰৱেশৰ হাৰ আৰু বাঢ়িব।

-* পৰৱৰ্ত্তী পদক্ষেপ কি?

এই বিধেয়ক খনকলৈ বৰাক – ব্ৰহ্মপুত্ৰ দুই ভাগত বিভক্ত হ’ল । অসমৰ ৰাজনৈতিক দল অগপৰ বাহিৰে বাকী দলবোৰৰ স্থিতি স্পষ্ট নহয় । কংগ্ৰেছৰ নেতাবোৰে বৰাকত এটা কয় আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত এটা কয় । সংসদত কি ক’ব সেয়া  অসমৰ ৰাইজৰ জ্ঞাত । মহম্মদ চাৰ চাদুল্লাই যেতিয়া জিন্নাৰ লগ লাগি দেশ বিভাজনৰ কামত ব্যস্ত আছিল  সেই সময়ছোৱাতে আকৌ গোপীনাথ বৰদলৈয়ে গ্ৰুপিং নীতিক অমান্য কৰি  নিজৰ দল কংগ্ৰেছ আৰু   নেহেৰুক বিৰোধীতা কৰিছিল । যাৰ ফলত আজি এইখন উত্তৰ পূৰ্বাঞ্চল পাইছো ।  যদিও গণভোট অবিহনে ভাৰত বিভাজন হৈছিল তথাপি হিন্দুৱেই হওঁক মুছলমানেই হওঁক  বাংলাদেশীক যদি সংস্থাপন কৰে তেন্তে আকৌ  অসমত কিয় ?  অসমেটো স্বাধীনতাৰ আগৰ পৰাই তেতিয়াৰ পূব পাকিস্তানৰ মানুহ ধাৰণ কৰিছিল । স্বাধীনতাৰ পিছত আকৌ  নেপাল , ভূটান , বাংলাদেশৰ বহু মানুহক আশ্ৰয় দিলে ।  এতিয়া দায়িত্ব আন ৰাজ্যবোৰৰ ।  ভাৰতৰ অন্য ৰাজ্যইও গ্ৰহণ কৰক অতীতৰ স্বদেশী এতিয়াৰ বিদেশী । ৪৭ ‘ ত হোৱা ভুলৰ শুদ্ধীকৰণত অকল অসমে ভুক্ত ভোগী হ’ব নোৱাৰে ।  ভগাই দিয়ক মানুহবোৰ মুছলমানখিনিক কাশ্মিৰত , ট্ৰাইবেল হিন্দু বা বৌদ্ধখিনিক জনজাতীয় ৰাজ্যত আৰু বাকী মানুহখিনক অন্যান্য ৰাজ্যসমুহত । তেতিয়া আকৌ প্ৰমান এটাও হৈ যাব _ জাতি , ধৰ্মকলৈ ৰাজনীতি কৰা দলসমুহৰ  প্ৰকৃত ৰূপ কি । 


‘ৰাজনীতি অসম’ ই-আলোচনী খন সম্পূৰ্ণকৈ পঢ়াৰ বাবে ইয়াত ক্লিক কৰক www.rajnitiaxom.com