অসমীয়া জাতীয়তাবাদ বনাম সৰ্বভাৰতীয় জাতীয়তাবাদ

1594
  • সুনীল নাথ

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


১৯২১ চনত অসমত আনুষ্ঠানিকভাৱে প্রদেশ কংগ্রেছকমিটীৰ গঠনে সর্বভাৰতীয় জাতীয়তাবাদৰ শিবিৰত অসমীয়া জাতীয়তাবাদে যোগদান কৰাৰ ক্ষেত্ৰত এক আনুষ্ঠানিক ক্ষণ সূচায়। ব্রিটিছ ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে গঢ়ি উঠা সৰ্বভাৰতীয় জাতীয়তাবাদৰ ইতিহাস ৰোমাঞ্চকৰ যদিও আমাৰ মূল আলোচনাৰ ক্ষেত্রত প্রত্যক্ষ প্রাসঙ্গিকতা নথকা বাবে এই বিষয়ে আমি দীঘলীয়া আলচনা নকৰোঁ।কেৱল মনত ৰখা ভাল হ’ব যে সমগ্র ব্রিটিছ-ভাৰতৰ কেন্দ্রীয় শাসন যন্ত্রত সহযোগ কৰিবলৈ নির্বাচিত হোৱা ভাৰতীয় উচ্চ বংশজাত অভিজাত শ্রেণীৰ মাজৰ পৰাই এই ভাৰতীয় মধ্যবিত্ত সমাজ গঢ়ি উঠিছিল । আঞ্চলিক-ভাষিক জাতীয়তাবাদ জন্ম সূত্রে সভাৰতীয় জাতীয়তাবাদতকৈ অগ্রজ হলেও ক্রমশঃ ভাৰতৰ বিভিন্ন অঞ্চলত ঠন ধৰি উঠা আঞ্চলিক ভাষিক জাতীয়তাবাদসমূহে সৰ্বভাৰতীয় জাতীয়তাবাদী শিবিৰত যোগদান কৰিছিল। সৰ্বভাৰতীয় জাতীয়তাবাদে প্রত্যক্ষভাৱে ঔপনিৱেশিক শাসনৰ সলনি স্ব-শাসন (Home Rule)ৰ সপক্ষে অৱস্থান লৈছিল। কিন্তু প্রতিবাদ সাব্যস্ত কৰাৰ ক্ষেত্ৰত,মহাত্মা গান্ধীৰ নেতৃত্বৰ আৱিভাৱলৈকে এই শিবিৰেও কেৱল আৱেদন-নিৱেদনৰ ওপৰতহে বিশ্বাস কৰিছিল। বিক্ষিপ্তভাৱে কিছুমানে সশস্ত্র তৎপৰতা চলালেও সামগ্রিকভাৱে এই শিবিৰ শান্তিপূর্ণ আছিল। দক্ষিণ আফ্রিকাত বিখ্যাত হৈ পৰা মহাত্মা গান্ধী ভাৰতলৈ স্থায়ীভাৱে উভতি অহাৰ পিছতে কংগ্ৰেছত তেওঁৰ একাধিপত্য মানি ল’লে তদানীন্তন নেতৃবর্গই। মহাত্মা গান্ধীৰ আগমনৰ আগলৈকে কংগ্ৰেছত এক হোৱা সৰ্বভাৰতীয় জাতীয়তাবাদীসকল এক অভিজাত (Elite) শিবিৰ আছিল। ভাৰতৰ অগণন দৰিদ্ৰ জনতাৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ সম্বন্ধ নাছিল। সেয়েহে ব্রিটিছ শাসকৰ বাবে কংগ্রেছ  নেতৃত্বই কোনো সংকট সৃষ্টি কৰা নাছিল।বিংশ শতিকাৰ দ্বিতীয় দশকৰ শেষৰ ফালে কংগ্ৰেছত মহাত্মা গান্ধীৰ একাধিপত্য প্রতিষ্ঠা হোৱাৰ পিছত ঘটনা বেলেগ হ’ল। ইতিমধ্যে, বিহাৰত ভাৰতৰ দৰিদ্রতম জনগণৰ নেতাৰূপে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা মহাত্মা গান্ধীয়ে কংগ্ৰেছক এক অভিজাত ক্লাব’ৰ পৰা ভাৰতৰ এক জাতীয় অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিলে। আৰম্ভ হ’ল ব্রিটিছ
ঔপনিবেশিকতাবাদ আৰু ভাৰতীয় জনগণৰ প্রত্যক্ষ সংঘাত। গান্ধীৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলন কোনো গণ-বিচ্ছিন্ন অভিজাতৰ  দৰ-দাম নাছিল। ব্রিটিছ শাসনৰ ভেটি কঁপি উঠিল।এতিয়ালৈকে ভাৰতৰ বিভিন্ন প্রান্তত গঢ়ি উঠা ভাষিক-আঞ্চলিক জাতীয়তাবাদী শিবিৰসমূহো মূলতঃ স্থানীয় মধ্যবিত্তৰ দখলত আছিল। সম্পূর্ণ গণ-বিচ্ছিন্ন নহ’লেও এই মধ্যবিত্তীয় জাতীয়তাবাদীসকল নিজ নিজ অঞ্চলৰ জনগণৰ স্বীকৃত নেতাও নাছিল ,অসমত ‘আছাম এছচিয়েশ্যনৰ নেতাসকল দৰিদ্ৰ জনসাধাৰণৰ সৈতে বহিৰাগত-বিৰোধী সার্বজনীন শংকাৰ এনাজৰীৰে বান্ধ খাই আছিল যদিও অসমীয়া জাতীয়তাবাদী শিবিৰৰ মূল কার্যক্রমণিকা ঔপনিৱেশিকতাবাদ-বিৰধী নাছিল। ১৯২১ চনলৈকে অসমীয়া জাতীয়তাবাদীসকলে ব্রিটিছ ঔপনিৱেশিকতাবাদৰ তলতে বহিৰাগতসকলতকৈ অধিক সুবিধা আৰু মর্যাদা তথা দাবী আদায় কৰাতে ব্যস্ত আছিল। ১৯২১ চনত গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলন আৰু এই আন্দোলনৰ প্রতি ভাৰতৰ সকল প্ৰান্তৰ সৰ্বসাধাৰণজনতাৰ স্বতঃস্ফূর্ত আৰু অভূপূর্ব সঁহাৰিয়ে প্রেক্ষাপটত আমূল পৰিৱৰ্তন আনিলে। ভাষিক-আঞ্চলিক জাতীয়তাবাদসমূহৰ প্রতি সহানুভূতি থকা সত্ত্বেও সর্বভাৰতীয় জাতীয়তাবাদতবিশ্বাসী মহাত্মা গান্ধীয়ে ঔপনিবেশিক শাসন ওফৰােৱাটোৱে সমগ্ৰ ভাৰতীয় জনতাৰমূল কর্তব্যৰূপে চিহ্নিত কৰিলে। বিভিন্ন ক্ষেত্ৰত আৰু ভৰত ভাষিক-আঞ্চলিক
জাতীয়তাবাদসমূহৰ মাজত খােৱা কামােৰা চলি থাকিলেও ব্রিটিছ ঔপনিৱেশিক শাসনৰপৰা মুক্তি লাভ কৰাটোৱে প্রধান লক্ষ্যৰূপে গৃহীত হ’ল। এই প্রধান লক্ষ্যৰ লগত সংঘাতলৈ নহা পর্যন্ত ভাষিক-আঞ্চলিক জাতীয়তাবাদসমূহক স্বীকৃতি দিয়া হৈছিল।কিন্তু সংঘাতৰ অৱকাশ থাকিলে সর্বভাৰতীয় জাতীয়তাবাদৰ স্বাৰ্থত ভাষিক-আঞ্চলিক জাতীয়তাবাদৰ স্বার্থ জলাঞ্জলি দিয়াটো এক স্বাভাৱিক নিয়ম বুলি গণ্য কৰা হ’ল।ব্রিটিছ খেদোৱাটো মূল লক্ষ্য হলেও মহাত্মা গান্ধী সততে আঞ্চলিক সমস্যাসমূহৰ ক্ষেত্ৰত সহানুভূতিশীল আছিল। কিন্তু স্বাধীনতা প্রাপ্তিৰ আগতেই তেওঁ কংগ্ৰেছৰ সকলাে বিষয়বাব ত্যাগ কৰিলে। বিশেষকৈ গান্ধীৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযােগ তুলি সুভাষ চন্দ্র বসু কংগ্ৰেছৰ পৰা ওলাই গৈ উগ্রপন্থা গ্রহণ কৰাটো গান্ধীৰ বাবে এক গুৰুতৰ আঘাত আছিল। কংগ্ৰেছৰ আনুষ্ঠানিক দায়িত্ব এতিয়া বাবু ৰাজেন্দ্র প্রসাদ, বল্লভভাই পেটেল আৰু জৱাহৰলাল নেহৰুৰ হাতত পৰিল। এই নতুন নেতৃত্ব স্থানীয় সমস্যাৰ প্রতি বিশেষ সহানুভূতিশীল নাছিল। সৰ্বভাৰতীয় জাতীয়তাবাদৰ এই নেতৃত্বৰ বাবে ভাষিক-আঞ্চলিক জাতীয়তাবাদ এক মূৰ কামােৰণি’ স্বৰূপ আছিল। ইতিমধ্যে, ব্রিটিছ-বিৰােধী অনুভূতি আৰু মহাত্মা গান্ধীৰ নৈতিক নেতৃত্বই সর্বভাৰতীয় জাতীয়তাবাদক এনেধৰণে শক্তিশালী কৰি পেলাইছিল যে ক্রমশঃ ভাধিক-আঞ্চলিক জাতীয়তাবাদ এটা প্রতিক্রিয়াশীল প্রবণতা বুলি পৰিগণিত হােৱা আৰম্ভ হৈছিল।
১৯৪৭ চনৰ স্বাধীনতাৰ পূর্বে অসম প্রদেশ কংগ্ৰেছৰ নেতৃত্বত থকা লোকসকলক প্রশংসা কৰিব লাগিব, কিয়নো সৰ্বভাৰতীয় জাতীয়তাবাদৰ প্রচণ্ড জোৱাৰৰ মাজত তেওঁলোক অসমীয়াৰ স্বকীয় সমস্যাবাৰৰ ক্ষেত্ৰত উদাসীনতা দেখুওৱা নাছিল। সুৰমা আৰু বৰাক উপত্যকাৰ নেতৃত্বত থকা বঙালী জাতীয়তাবাদীসকলৰ বিৰুদ্ধে সদনৰ বাহিৰে ভিতৰে যুঁজিছিল তদানীন্তন অসম প্রদেশ কংগ্রেছৰ নেতৃত্বই। পিছে বিংশ শতাব্দীৰ ৪০ ৰ দশকত অসমীয়া জাতীয়তাবাদী সমাজ এক নতুন সংকটৰ সন্মুখীন হ’ল। ব্রিটিছ নীতি অনুসৰি অসমলৈ অবিৰত হাৰত হোৱা পূর্ববংগীয় মুছলমান কৃষকৰ প্ৰব্ৰজনে ইতিমধ্যে অসমৰ জনগাঁথনিত ব্যাপক সালসলনি ঘটাইছিল। ১৮৮১ চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ মুঠ জনসংখ্যাৰ ৯ শতাংশ মুছলমানৰ বিপৰীতে ১৯৫১ চনত ২৩ শতাংশ হৈছিলগৈ । ইতিমধ্যে,জিন্নাৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানসকলে পাকিস্তানৰ দাবী সজোৰে উত্থাপন কৰিছিল। সমগ্র ভাৰত জুৰি মুছলিম লীগৰ নেতৃত্বত মুছলিম ধর্ম ভিত্তিক জাতীয়তাবাদৰ জোৱাৰ উঠিছিল। এই ধর্মভিত্তিক জাতীয়তাবাদে বঙালী জাতীয়তাবাদী শিবিৰকো ধৰ্মৰ ভিত্তিত বিভক্ত কৰি পেলাইছিল। ছাদুল্লাৰ দৰে স্থানীয় অসমীয়া মুছলমানেও স্থানীয় বহিৰাগত নির্বিশেষে অসমত মুছলমান স্বার্থৰ প্রতিনিধিত্ব কৰিছিল। ইমানদিনে মূলতঃ বঙালী জাতীয়তাবাদৰ বিৰুদ্ধে যুঁজিবলগীয়া অসমীয়া জাতীয়তাবাদীসকল এইবাৰ মুছলিম জাতীয়তাবাদৰ সন্মুখীন হ’ল। ইতিমধ্যে, কংগ্ৰেছৰ সৰ্বভাৰতীয় নীতি মানি চৰকাৰত অংশ গ্রহণ কৰা অসম প্রদেশ কংগ্ৰেছে ছাদুল্লাৰ নেতৃত্বত মুছলিম লীগ চৰকাৰৰ হাতত অসমৰ শাসনভাৰ এৰি দিবলগীয়া হ’ল। ছাদুল্লা মন্ত্রীসভাই প্রত্যক্ষ ভাৱে অসমত মুছলমানৰ সংখ্যা বঢ়াবলৈ চেষ্টা কৰিলে। এই চেষ্টা ইমানেই প্রত্যক্ষ আছিল যে ঔপনিৱেশিক ব্রিটিছেও ক’ব লগা হ’ল যে, ছাদুল্লাৰ ‘Grow more food’ প্রকৃততে ‘Grow more Muslims আছিল। গোপীনাথ বৰদলৈ চৰকাৰৰ পদত্যাগৰ পিছৰ কালছোৱাত ছাদুল্লাই মৌলানা ভাচানীৰ লগ লাগি অসমত মুছলমান জনসংখ্যা বৃদ্ধি কৰি অসমক জিন্নালৈ পুৰস্কাৰ হিচাপে আগবঢ়ালৈ চেষ্টাৰ ক্ৰুতি কৰা নাছিল । স্বাধীনতাৰ মাত্ৰ এবছৰ আগত বৃটিছে যেতিয়া ভাৰতক স্বাধীনতা দিবলৈ সিদ্ধান্ত লৈছিল তেতিয়া কেবিনেট মিচনৰ পৰিকল্পনা অনুসৰি অসমক গ্ৰুপ চিত অন্তৰ্ভুক্ত কৰি বংগৰ লগত চামিল কৰিব বিচাৰিছিল । সেই সময়ত কংগ্ৰেছৰ সভাপতি আছিল মৌলানা আজাদ আৰু কেবিনেট মিচনক কাৰ্যকৰী কৰাৰ কাৰণে মৌলানা আজাদক সমৰ্থন দিছিল জৱাহৰলাল নেহৰুৱে । কেবিনেট মিচনৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তক অসম প্ৰদেশ কংগ্ৰেছে বিৰোধ কৰিছিল আৰু নেতৃত্ব লৈছিল গোপীনাথ বৰদলৈয়ে । অৱশেষত গান্ধীজীৰ হস্তক্ষেপত অসমক গ্ৰুপ চিৰ পৰা আতৰাই ৰখা হ’ল ।
১৯৪৬ চনত অসমত পুৰ্ব বংগীয় লোক সকলৰ নেতা আছিল মৌলানা ভাচানী আৰু মুছলমান জাতীয়তাবাদী আন্দোলনৰ নেতৃত্ব লৈছিল স্থানীয় অসমীয়া ভাষী মুছলমান ছাদুল্লা । ভাৰত বিভাজনৰ পিছত অসম পাকিস্তানত অন্তৰ্ভুক্ত নহ’ল যদিও অসমৰ ছিলেট জিলা গণভোটৰ ভিত্তিত পাকিস্তানত অন্তৰ্ভুক্ত হৈছিল । মৌলানা ভাচানীয়ে অসম ত্যাগ কৰি পাকিস্তান ( বৰ্তমানৰ বাংলাদেশ ) গুছি গৈছিল যদিও ছাদুল্লাই অসম ত্যাগ নকৰিলে । এবছৰৰ ভিতৰত ভাৰত-ত্যাগ কৰিব। সেয়ে ব্রিটিছ ভাৰতৰ শাসনভাৰ কাৰ হাতত দি যাব সেয়া ভাৰতীয়সকলেইঠিক কৰিব লাগে। ব্রিটিছৰ ফালৰ পৰা ক্রিপছৰ নেতৃত্বত ভাৰতলৈ এক কেবিনেট মিশন’ পঠোৱা হল। ১৯৪৬ চনৰ মে’ মাহত কেবিনেট মিশনে প্রস্তাব দিলে যে, ব্রিটিছভাৰতক তিনিটা ভাহত ভগোৱা হ’ব।প্রত্যেকটা গ্ৰুপে নিজস্ব সংবিধান ৰচনা কৰি পৰাৰাষ্ট্ৰ নীতি প্ৰতিৰক্ষা আৰু যোগাযােগ তথা এই খৰছ চলাবলৈ কৰ আদায় কৰাৰ ক্ষমতা দি এক উমৈহতীয়া কেন্দ্রীয় চৰকাৰ গঠন কৰিব। এই প্রস্তাৱত গ্রুপ ‘চিত অসম আৰু বঙ্গকঅন্তর্ভুক্ত কৰা হৈছিল। এই প্রস্তাৱ ঘােষণাৰ সময়ত দিল্লীত থকা অসমৰ প্রধানমন্ত্রী
গােপীনাথ বৰদলৈয়ে লগে লগে কংগ্ৰেছৰ শীর্ষ নেতৃত্বৰ ওচৰত প্রতিবাদ জনালে। কিন্তু কংগ্ৰেছৰ শীর্ষ নেতৃত্বই কংগ্ৰেছ আৰু মুছলিম লীগে গ্ৰহণ কৰা এই সমাধান-সূত্র কেৱল অসমৰ আপত্তিৰ কাৰণে বাঞ্চাল হ’ব নােৱাৰে বুলি বৰদলৈক স্পষ্টভাৱে জনাই দিলে।আনকি মহাত্মা গান্ধীয়েও এই ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ বৰদলৈয়ে জনােৱা আবেদন অগ্রাহ্য কৰিলে। জৱাহৰলাল নেহৰুৱে টানকৈ ক’লে যে কেৱল অসমৰ বাবে সমগ্রভাৰত ৰৈ থাকিব নােৱাৰে।কেবিনেট মিশ্যনৰ প্ৰস্তাৱ আৰু গ্রুপিং সমন্ধে বিজ্ঞজনে যথেষ্ট চৰ্চা কৰি থৈছে।সেয়ে চর্বিত চর্বণ নকৰি আমাৰ আলােচনাৰ বাবে প্রয়ােজনীয় সাৰমৰ্ম দাঙি ধৰোঁ। এইপ্রস্তাৱ কাৰ্যকৰী হােৱাহেঁতেন গ্রুপ ‘চি’ত অসম আৰু বঙ্গৰ নির্বাচিত প্রতিনিধিসকল একেলগে বহি সমগ্ৰ অঞ্চলটোৰ ভৱিষ্যৎ নির্ণয় কৰিলেহেঁতেন। সামগ্রিকভাৱে গ্রুপ
চিত অন্তর্গত অঞ্চলত মুছলমানৰ অনুপাত হ’ল ৫১.৬৯ শতাংশ আৰু অমুছলমানৰ অনুপাতহ’ল ৪৮.৩১ শতাংশ। কেবিনেট মিশনে প্রস্তাৱ কৰিছিল যে গ্রুপ ‘চি’ৰ ভৱিষ্যৎ নির্ণয়কৰিবলৈ মুঠ ৭০ জনীয়া সংসদ বহিব। তাৰে ৩৬ জন মুছলমানসকলৰ মাজৰ পৰা
আহিব আৰু অমুছলমানসকলৰ মাজৰ পৰা ৩৪ জন আহিব। ধর্মভিত্তিক জাতীয়তাবাদৰপ্রৱল জোৱাৰ চলি থকা সেই সময়ত সংখ্যাগৰিষ্ঠ মুছলমান সদস্য তথা ভােট থকা এইসদনে কি ভৱিষ্যৎ নির্ধাৰণ কৰিলেহেঁতেন সি সহজে অনুমেয়। এই প্রস্তাৱ কাৰ্যকৰী হােৱা হ’লে আজি আমি বাংলাদেশৰ নাগৰিক হ’লােহেঁতেন। অৱশেষত যেনিবা বৰদলৈয়ে পঠোৱা কটকীক মহাত্মা গান্ধীয়ে সঁহাৰি জনালে। গান্ধীৰ পৰা আশীর্বাদ পােৱাৰ পিছতবৰদলৈয়ে গ্রুপিঙৰ বিৰােধিতা কৰি অসম বিধানসভাত প্ৰস্তাৱ লােৱালে।শেষত গৈ গ্রুপিং নহ’ল। বহুতে এতিয়া ক’ব খােজে যে অসমৰ বিৰােধিতাৰ বাবেই কেবিনেট মিশ্যনৰ প্ৰস্তাৱ কাৰ্যকৰীনহ’ল। কিন্তু সেই সময়ত সৰ্বভাৰতীয় নেতৃত্বৰ
অন্তৰঙ্গসকলে লিখা স্মৃতি ৰােমন্থনত প্রকাশ হয় যে কংগ্ৰেছ আৰু মুছলিম লীগৰ ৰাজনীতিত ঘটা আন কেতবােৰ ঘটনাৰ বাবেহে অৱশেষত এই প্রস্তাৱ কাৰ্যকৰী নহ’ল। অসমৰ সৌভাগ্য যে, নিশ্চিত বিপদৰ পৰা অসম ৰক্ষা পৰিল। অন্যথা, আলফাই এতিয়া বােধহয়
ভাৰতীয় চোৰাংচোৱা সংস্থাৰ পৰা সহায় লৈ বাংলাদেশৰ পৰা ওলাই আহিবলৈহে যুঁজিব লাগিলেহেঁতেন।অৱশেষত ১৯৪৭ চনৰ আগষ্টত ঔপনিৱেশিক ব্রিটিছ গ’লগৈ। ব্রিটিছ ভাৰতৰঠাইত দুখন স্বাধীন ৰাষ্ট্রৰ সৃষ্টি হ’ল— ‘ভাৰত আৰু ‘পাকিস্তান’। মাজত প্ৰায় এহেজাৰ কিলােমিটাৰজোৰা ভাৰতৰ দুয়ােফালে হ’ল পশ্চিম পাকিস্তান আৰু পূর্ব পাকিস্তান। অসম পাকিস্তানৰ অংশ নহ’ল। কিন্তু ১৮৭৪ চনৰপৰা অসমৰ জিলা হৈ থকা মুছলমান প্রধান চিলেট গণভােটৰ জৰিয়তে পূর্ব পাকিস্তানৰ অংশ হ’ল। চিলেট আঁতৰি যােৱাত অসমৰনেতৃত্বই পেটে পেটে সকাহ পালে। স্বাধীন ভাৰতৰ উপ-প্রধানমন্ত্রী আৰু সৰ্বভাৰতীয়জাতীয়তাবাদৰ গােড়া নেতা চদাৰ বল্লভ ভাই পেটেলে শ্বিলঙত মুকলিকৈ ক’লে যে,চিলেট অসমৰ পয়া লগা অংগ আছিল। অস্ত্রোপচাৰ কৰি আঁতৰাই দিয়া হ’ল। বঙালীভাষী আৰু মুছলিমপ্রধান জনকীর্ণ চিলেট আঁতৰি যােৱাৰ ফলত অসমীয়া মধ্যবিত্ত বহু পৰিমাণে নিষ্কন্টক হ’ল। এতিয়া অসমত অসমীয়া মধ্যবিত্তৰ আধিপত্য নিশ্চিত হল। কিন্তু ১৯৪৭ চনৰ ৬ আৰু ৭ জুলাইত চিলেটত হােৱা গণভােটত ২,৩২,৬১৯ টা ভােট পৰিছিল
পাকিস্তানত চামিল হােৱাৰ পক্ষে আৰু ১,৮৪,০৪১ টা ভােট পৰিছিল ভাৰতত থকাৰ পক্ষে। চিলেট পাকিস্তানত চামিল হােৱাৰ পিছত ভাৰতত থকাৰ পক্ষে ভােট দিয়া সহ ভাগ হিন্দু চিলেটবাসী অসমত সােমালহি। তথাপিও অসমৰ চৰকাৰ পৰিচালনা আৰু
প্রশাসন যন্ত্ৰত অসমীয়া মধ্যবিত্তৰ একাধিপত্য প্রতিষ্ঠা হ’ল। ইমানদিনে বৈধভাৱে অসমলৈ প্ৰব্ৰজন কৰা মাটিহীন মিঞাসকল এতিয়া অবৈধ প্রব্রজনকাৰীৰ ৰূপত আহিবলগীয়া হ’ল। প্ৰব্ৰজন পিছে বন্ধ নহ’ল। স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ আন্তর্জাতিক ক্ষেত্ৰত উদাৰমনা ৰাষ্ট্রনেতা হিচাপে পৰিচিত হােৱাৰ বৰ হেঁপাহ আছিল। নিজকে ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘােষণা কৰা ভাৰতৰ ১৩ শতাংশ মুছলিম ধৰ্মাৱলম্বী। লােকক কোনাে অভিযােগৰ থল নিদিবলৈ তেওঁ সচেষ্ট আছিল। স্বাধীন ভাৰততাে অসমত
হৈ থকা অবাধ প্রব্রজনৰ বিষয়ে বিভিন্ন চৰকাৰী তথ্য থকা সত্ত্বেও স্বাধীন ভাৰত চৰকাৰে এই ক্ষেত্ৰত কোনাে দৃঢ় পদক্ষেপ নল’লে। তদুপৰি অসমত একাধিপত্য নিশ্চিত হােৱাৰ পিছত অসমীয়া মধ্যবিত্ত সমাজো শিথিল হৈ পৰিল। স্বাধীনতাৰ লগে লগে সমাজৰ
সকলাে স্তৰলৈ শিপাই অহা দুনীতি আৰু ভ্ৰষ্টাচাৰে অসমীয়া মধ্যবিত্ত সমাজ আৰু নেতৃত্বক আচ্ছন্ন কৰিলে। অলপতে সন্তুষ্ট হােৱা অসমীয়া জাতীয় চৰিত্ৰৰাে এইক্ষেত্ৰত অৱদান আছে। ৬০ ৰ দশকলৈকে অসমীয়া মধ্যবিত্ত সমাজ নৱলব্ধ আধিপত্যৰ সােৱাদ লােৱাত
ব্যস্ত হৈ থাকিল।

(এই নিবন্ধৰ ৰচনাকাল ২০০১ চন)