ন’ গান্ধী ন’ কংগ্ৰেছ

1253
  • পাৰ্থ সাৰথি দত্ত

ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


হিন্দীত এশাৰ কথা আছে ‘দেৰ আয়ে দুৰুষ্ট আয়ে’। যিবোৰ কথা বহু কংগ্ৰেছীৰ মনৰ ভিতৰত উমি উমি জ্বলি আছিল সেয়া অবশেষত প্ৰকাশ পালে এখন চিঠিৰ মাধ্যমত। গুলাম নৱী আজাদ, আনন্দ শৰ্মা, মনিশ তিৱাৰী , কপিল চিব্বালৰ দৰে বাঘা বাঘা কংগ্ৰেছীয়ে ছোনীয়া গান্ধীলৈ চিঠি লিখিবলৈ বাধ্য হ’ল। চিঠিখন বহুত দীঘল কিন্ত ইয়াৰ সাৰমৰ্ম হ’ল কংগ্ৰেছৰ নেতৃত্বৰ ইছুটো সমাধা কৰিব লাগে। যিটো কাম ২০১৯ চনৰ নিৰ্বাচনৰ পিছতে কৰিব লাগিছিল সেইটো সমাধান কৰাৰ বাবে ১৫ মাহ পিছত ২৩ জন নেতাই উদ্যোগ ল’লে। চিঠিখন লিখা হৈছিল বহুদিন আগতে। কিন্তু প্ৰচাৰ মাধ্যমত ফাদিল হ’ল ২৩ আগষ্ট তাৰিখে। যিজন কংগ্ৰেছীয়ে ফাদিল কৰিলে তেওঁক নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিব লাগিব। নহ’লে এই বিষয়টো আলোচনা চগে চি.দাব্লিউ.চিৰ সভাত নহ’লহেতেন। কিন্তু সংবাদমাধ্যমত খৱৰ অহাৰ পিছত গান্ধী পৰিয়াল ইয়াক লৈ আলোচনা কৰিবলৈ বাধ্য হ’ল। ফলত সিদ্ধান্ত  লোৱা হ’ল যে শ্ৰীমতী ছোনীয়া গান্ধী কাৰ্য্যকৰী অধ্যক্ষাৰ পদত থাকিব যেতিয়ালৈকে স্থায়ী অধ্যক্ষৰ নিযুক্তি নহয়। আশা কৰিব পাৰি যে কংগ্ৰেছ দলে নিজৰ নেতৃত্বৰ বিষয়টো এতিয়া সোনকালে সমাধা কৰিব। ভাৰতৰ প্ৰতিজন সচেতন মানুহে ভাবে যে কংগ্ৰেছ শক্তিশালী হওক;  বিৰোধী দল অবিহনে গণতন্ত্ৰ আধৰুৱা।
২০১৯ চনৰ নিৰ্বাচনৰ পিছৰে পৰাই কংগ্ৰেছ যেন দিশাহীন হৈ পৰিছে। ছোনীয়া গান্ধী অসুস্হ। ৰাহুল সভাপতি নহয়। প্ৰিয়ংকাক ৰাহুলে সভাপতি পাতিব নিদিয়ে। সেয়ে দলটো নেতৃত্বহীনতাত ভূগিছে। কৰ্ণাটক আৰু মধ্যপ্ৰদেশত ইয়াৰ সুযোগ ল’লে বিজেপিয়ে। কোনোমতে চৰকাৰ বাচিল ৰাজস্থানত। আমি ভাবো ইয়াৰ বাবে জগৰীয়া ছোনিয়া গান্ধী নিজে। হইতো ৰাহুল নহ’লে প্ৰিয়ংকা এজনৰ ওপৰত তেওঁ বিশ্বাস ৰাখিব লাগিব। তেওঁ যদি ভাবে ৰাহুলে নোৱাৰে তেন্তে প্ৰিয়ংকাক দায়িত্ব দিব লাগে। কাৰণ গান্ধী পৰিয়ালৰ বাহিৰৰ কোনেও দল চলাব নোৱাৰে। সভাপতি গান্ধী পৰিয়ালৰ বাহিৰৰ কাৰোবাক পাতিলেও সেইজন পুতলা সভাপতিহে হ’ব। যদিহে ছোনীয়া গান্ধীৰ ৰাহুলৰ ওপৰত এতিয়াও বিশ্বাস আছে তেন্তে তেওঁৰ ওপৰত সম্পূৰ্ণ ক্ষমতা ন্যস্ত কৰিব লাগে। দুই-তিনিটা পাৱাৰ চেন্টাৰে ৰাজনীতিত কাম নকৰে। ৰাহুলে নিজৰ ইচ্ছামতে দল চলোৱাৰ ক্ষমতা পাব লাগে। বয়সীয়াল নেতা যিবিলাকে ইমান দিন গান্ধী পৰিয়ালক তেল মাৰি নিজৰ অভিস্থ সিদ্ধি কৰি আছে তেওঁলোকক বিদায় দি যুৱ নেতাক গুৰুত্বপূৰ্ণ দায়িত্ব দিব লাগিব। কোৱা বাহুল্য যে নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজনীতিৰ দিক সলনি কৰি দিছে।বিজেপিৰ দৰে শক্তিশালী দলক পৰাভূত কৰিবলৈ লাগিব তেজাল সৈন্য। কংগ্ৰেছৰ ২৩জন নেতাই সেয়া বুজি উঠিছে। এতিয়া বুজাৰ পাল গান্ধী পৰিয়ালৰ। এই ২৩জন সাহসী নেতাক বেজাৰ কৰাতকৈ তেওঁলোকৰ পৰামৰ্শ বোৰ পালন কৰিলেহে দল থাকিব।