গগৈ+আজমল+বৰা=আজমল

1507

‘ৰাজনীতি অসম’ অসমৰ প্ৰথম ৰাজনৈতিক ই-আলোচনীৰ প্ৰতিবেদন


ৰাজনীতি অসম’ (WWW.RAJNITIAXOM.COM) : দুই বছৰ – ১ লাখ ৬৯ হাজাৰ পঢ়ুৱৈ


ভাৰত বিভাজনৰ পিছত অসম পাকিস্তানত অন্তৰ্ভুক্ত নহ’ল যদিও জিন্নাৰ ৰাজনৈতিক বিচক্ষণতাত  অসমৰ ছিলেট জিলা গণভোটৰ ভিত্তিত পাকিস্তানত অন্তৰ্ভুক্ত হৈছিল । বিভাজনৰ সাত দশক পাৰ হৈ গ’ল । আৰম্ভ হৈছে নতুন ৰাজনীতি  । ভাৰতীয় জাতীয়তাবাদত বিশ্বাসী  কংগ্ৰেছ দলে মুক্ত ভাবে এআইইউডিএফৰ লগত হাত মিলাইছে । অৱশ্যে ইয়াৰ আগত ২০১৬ বিধান সভা নিৰ্বাচন আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত  কংগ্ৰেছে  বন্ধ কোঠাত মিত্ৰতা কৰিছিল বদৰুদ্দিন আজলমৰ লগত । যাৰ ফলশ্ৰুতিত নগাও আৰু কলিয়াবৰত কংগ্ৰেছ জয়ী হৈছিল । সেইবাৰ মিত্ৰতা আছিল আংশিক ।  অসমীয়া ভাষী জাতীয়তাবাদী বুলি দাবী কৰা অগপই ১৯৯৬ চনত আব্দুল মুহিব মজুমদাৰৰ লগত মিত্ৰতা কৰি চৰকাৰ কৰিছিল । যিজন আব্দুল মুহিব মজুমদাৰে অসম আন্দোলনক বিৰোধ কৰিছিল , বিদেশীক সুৰক্ষা দিবলৈ আই এম ডি টি আইন তৈয়াৰ কৰিছিল ।  উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত আই এম ডি টি ভংগ হ’ল আৰু গঠন হ’ল বদৰুদ্দিন আজমলৰ ইউডিএফ । অসম বিধান সভাত সংৰক্ষিত সমষ্টি সমুহৰ পুনৰ বিবেচনা দাবী কৰা বদৰুদ্দিন আজমলক কংগ্ৰেছে লগত লৈ ২০২১ ৰ নিৰ্বাচন খেলিব বুলি এআইইডিএফ এ সংবাদ মাধ্যমক জনাইছে । কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ মতে আজমল হৈছে অসম প্ৰেমী জাতীয়তাবাদী । কাৰণ আজমলে অসম চুক্তিক সমৰ্থন কৰে , কা আইন বিৰোধ কৰে ইত্যাদি । ৰিপুন বৰাৰ যুক্তিত ওজন নথকা নহয় । কাৰণ অসম সাহিত্য সভাই ভাষা ৰক্ষাৰ কাৰণে বদৰুদ্দিন আজমলৰ শলাগ লৈছে । আছুৰ কেব আন্দোলনত আজমলৰ দলে সমৰ্থন দিছে । কেব বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অজিত ভুঞাৰ নিৰ্বাচনত মুখ্য ভুমিকা লৈছিল বদৰুদ্দিন আজমলে । আছুৱে অসম চুক্তিৰ জড়িয়তে বহু লক্ষ বিদেশীক ভাৰতীয় নাগৰিকত্ব পোৱাত সহজ কৰি দিলে ১৯৭১ ভিত্তি বৰ্ষৰ দ্বাৰা , এতিয়া  খিলঞ্জীয়া ভিত্তিবৰ্ষ ১৯৫১ কৰি বিদেশীৰ সতী সন্তানক খিলঞ্জীয়া কৰিবলৈ ওলাইছে ।  অসমীয়া জাতীয় সংগঠনৰ ইনাৰ লাইন পাৰ্মিটৰ দাবীকো এআইইউডিএফে সমৰ্থন কৰিছে । কংগ্ৰেছ বা বিভিন্ন ছাত্ৰ সংগঠনৰ নেতৃত্বই দাবী কৰিব পাৰে যে বদৰুদ্দিন আজমলতকৈ অসম প্ৰেমী দ্বিতীয় নেতা নাই  ।

কংগ্ৰেছ- আজমলৰ মিত্রতা কেনেকৈ সম্ভব হ’ল?
উজনি অসমৰ বিধায়কসকল তথা সৰহসংখ্যক ধৰ্মীয় সংখ্যালঘু মুছলমান বিধায়কৰ বিৰোধিতা স্বত্ত্বেও অকল তৰুণ গগৈ আৰু ৰকিবুল হুছেইনৰ হেচাৰ বাবেই সম্ভব হ’ল এই মিত্রতা। ২০১৯ত কলিয়াবৰত গৌৰৱ গগৈৰ জয়ৰ মূল কাৰণ আছিল আজমলৰ সৈতে কংগ্ৰেছৰ গোপন মিত্রতা। কিন্তু কংগ্ৰেছে বৰপেটাত নিজৰ কথা ৰখা নাছিল বাবে  সাংঘাতিক ভাবে ক্ষুণ্ণ হৈ আছে হুজুৰ। ২০২১ত কোনোপধ্যে গোপন মিত্রতা মানি লব নোখোজে আজমলে।  ২০২১ত মুকলি মিত্রতা নহ’লে ২০২৪ৰ লোকসভা নিৰ্বাচনত অসমৰ ১৪টা সমষ্টিতে প্ৰাৰ্থী ঠিয় কৰাব বুলিও আজমলে ইতিমধ্যে কংগ্ৰেছ নেতৃত্বক সকিয়নি দিছে। এনে পৰিস্থিতিত গৌৰৱ গগৈৰ বিজয় ২০২৪ত মসৃন নহ’ব। নিজৰ পুত্রৰ ৰাজনৈতিক ভবিষ্যত সুৰক্ষিত কৰাৰ বাবে আজমলৰ সৈতে মিত্রতা কৰাৰ বাদে তৰুণ গগৈৰ হাতত আন বিকল্প নাছিল।
এই মিত্রতাৰ ফলত কাৰ লাভ হ’ব?
কংগ্ৰেছ -আজমলৰ মিত্রতাৰ ফলত যদি বিজেপি ক্ষতিগ্ৰস্থ হ’ব বুলি ভবা হৈছে সেয়া সম্পূৰ্ণ ভুল।
* কংগ্ৰেছ আৰু আজমলৰ মিত্রতাৰ ফলত মধ্য আৰু নামনি অসমত মিত্রজোঁটে ৬ খন অধিক আসন লাভ কৰিব। বিলাসীপাৰা পশ্চিম, বৰপেটা , বটদ্ৰবা , সৰভোগ, গোছাইগাওঁ আৰু গোলকগঞ্জত কংগ্ৰেছ-আজমল মিত্রজোঁটৰ বিজয় নিশ্চিত। কিন্তু এই মিত্রজোঁটৰ ফলত উজনিত বিধ্বস্ত হ’ব কংগ্ৰেছ । ফলত ২০১৬ৰ ফলাফলৰ লগত তুলনা কৰিলে ২০২১ত দলবিলাকৰ আসনৰ কোনো তাৰতম্য দেখা নাযাব।
* বৰাকত কংগ্ৰেছ-আজমলে বিজেপিক পৰাস্ত কৰিব সোনাই আৰু বৰখোলাত। বিজেপিয়ে কংগ্ৰেছৰ পৰা আজুৰি আনিব লক্ষিপুৰ আৰু কৰিমগঞ্জ উত্তৰ। ইয়াতো কাৰো লাভ-লোকচান নাই।
* কংগ্ৰেছৰ পৰা বহুকেইজন বিধায়ক বিজেপিলৈ যাব বুলি খবৰ ওলাইছে। তেওঁলোক হ’ল অজন্তা নেওগ, ৰোজলীনা তিৰ্কী, কমলাক্ষ দেৱ পুৰকায়স্থ আৰু ৰাজদীপ গোৱালা। কংগ্ৰেছ- আজমলৰ মিত্রতাই এই বিধায়ক কেইজনৰ বিজেপি গমনৰ পথ সুগম কৰিব। কংগ্ৰেছ -আজমলৰ মিত্রতাৰ বিৰোধ কৰি কংগ্ৰেছৰ পৰা ওলাই গ’লে তেওঁলোক হৈ পৰিব সমষ্টিবাসী ৰাইজৰ সন্মুখত নায়ক-নায়িকা ।দেৱদ্ৰত শইকীয়াৰ স্থিতি কি  হ’ব তাকে লৈও কিন্তু ৰাইজৰ দৃষ্টি আছে ।
* ২০১৯ ত আজমলে ৩টা সমষ্টিৰ বাহিৰে কতো প্ৰাৰ্থী দিয়া নাছিল। আজমলে প্ৰাৰ্থী নিদিয়া ১১ টা সমষ্টিৰ বিজেপিয়ে প্ৰাৰ্থী দিছিল ৯ টাত ( কলিয়াবৰ অগপক আৰু কোকৰাঝাৰ এৰি দিছিল বি.পি.এফক)। অৰ্থাৎ ৯টা লোকসভা সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ পোনপতিয়াকৈ প্ৰতিদ্বন্দ্বিতা হৈছিল য’ত কংগ্ৰেছে আজমলৰো সমৰ্থন পাইছিল কাৰণ আজমলৰ সমৰ্থক সকলে কোনপধ্যে বিজেপিক ভোট নিদিয়ে। এই ৯টা সমষ্টিৰ ৮টাতে জয়ী হ’য় বিজেপি। মাত্র ১৭০০০ ভোটৰ ব্যবধানত নগাওঁত জয়ী হয় প্ৰদ্যুত বৰদলৈ।  ডিব্ৰুগড়, লখিমপুৰ আৰু গুৱাহাটীত বিজেপি ৩ লাখৰো অধিক ব্যবধানত জয়ী হয়। তেজপুৰ আৰু ডিফুত আছিল ব্যবধান ২ লাখ। ২০১৯ত এইটো প্ৰমাণ হয় যে কংগ্ৰেছ-আজমলৰ মিত্রতা হ’লেও বিজেপিক পৰাস্ত কৰিব নোৱাৰে।
*  ২০১৯ত কংগ্ৰেছ-আজমলৰ গোপন মিত্রতা হোৱাৰ ফলত বিজেপিয়ে কংগ্ৰেছক পোনপতীয়াকৈ সমালোচনা কৰিব পৰা নাচিল। মুকলি মিত্রতাই বিজেপিৰ হাতত তুলি দিয়া ব্ৰহ্মাস্ত্ৰ। মাংস বিতৰ্কৰ পিছত বিজেপিয়ে আৰু অধিক আক্ৰমনাত্মক হোৱাৰ আশংকা আছে। নিৰ্বাচন হিন্দু-মুছলমান হৈ গ’লে বিজেপিৰ কাৰণে নিৰ্বাচন উজু হ’ব ।
ইমানখিনিৰ পিছতো কংগ্ৰেছে আজমলৰ হাত ধৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খোজাটো অতিকে আচৰিত। ২০১৯ৰ পৰা তেওঁলোকে একো শিক্ষা নললে। কংগ্ৰেছে আজমলৰ বিপক্ষে মাত মাতি অসমৰ মূলসুতি আৰু জনজাতীয় লোকৰ ভোট আদায়ৰ চেষ্টা কৰিব লাগিছিল। মুছলমান লোকসকলে তেওঁলোকক এনেও ভোট দিব। তাৰবাবে তেওঁলোক আজমলৰ বোকোচাত উঠাৰ দৰকাৰ নাই। এতিয়া নুবুজিলেও নিৰ্বাচনৰ ফলাফলৰ দিনা কংগ্ৰেছ নেতৃত্বই নিশ্চয়কৈ বুজিব। তেতিয়া ই.ভি.এমক দোষ দিয়াৰ বাহিৰে অন্য গত্যন্তৰ নাথাকিব। আনহাতে এই মিত্রতাৰ ফলত লাভবান হ’ব আজমল। আজমলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সংঘালঘু বসতি থকা অঞ্চলবোৰত কংগ্ৰেছৰ সমৰ্থনত বিপুল ভোটত জয়ী হ’ব তেওঁৰ দলৰ প্ৰাৰ্থীসকল। এই মিত্রতাৰ ফলত সকলোতকৈ লাভবান হ’ব আজমল আৰু ক্ষতিগ্ৰস্থ হ’ব কংগ্ৰেছ দল। এটা কথা স্পষ্ট  ২০২৬ ত বদৰুদ্দিন আজমলৰ দল কিন্তু বিগ ব্ৰাদাৰ হোৱাটো খাটাং ।