অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষাব্যৱস্থাৰ অধ:পতনৰ ফলতেই প্ৰয়োজন হৈছে ‘ মানুহে মানুহৰ বাবে …..’ সংস্কাৰ কাৰ্য্যসুচীৰ

3722
  • বুবুল ঠাকুৰীয়া

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


অসমত ২০১৮ চনৰ সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফললৈ লক্ষ্য কৰিলে আমি প্ৰতি বছৰে দেখি অহা ছবিখনেই এইবাৰো দেখিলোঁ যেন পুৰণি কেছেটহে বাজিল । ব্যক্তিগত খণ্ডৰ বিদ্যালয় বা জুনিয়ৰ কলেজৰ দপদপনি অব্যাহত এইবেলিও । কিন্তু দিল্লীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অসমৰ ওলোটা।

দিল্লীত চি বি এছ ই ৰ উচ্চতৰ মাধ্যমিকৰ এইবেলিৰ চূড়ান্ত পৰীক্ষাত চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ পৰা ৯০.৬৮% উত্তীৰ্ণ হৈছে যিটো যোৱা ২০ বছৰটো হোৱা নাছিল । ব্যক্তিগত খণ্ডৰ উত্তীৰ্ণৰ হাৰ ৮৮.৩৫% । শীৰ্ষ স্থানত থকা গোটেই কেইজন চৰকাৰী বিদ্যালয়ৰ ।
আমাৰ অসমত প্ৰথম স্থান প্ৰাপ্ত তিনিওটা বিভাগৰে ব্যক্তিগত খণ্ডৰ। উত্তীৰ্ণৰ হাৰত ব্যক্তিগত খণ্ডৰ স্কুল চৰকাৰী স্কুলতকৈ বহু
আগত ।

মেট্ৰিকৰো  সেই একেই অৱস্থা। যদিওবা যোৱা বছৰৰ তুলনাত উত্তীৰ্ণৰ শতকৰা হাৰ বাঢ়িছে সেয়া পৰ্যাপ্ত নহয় । যোৱাবছৰ আছিল ৪৭.৯৪% আৰু এইবেলি হৈছে ৫৪.৯৬%।আগৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কিছু কাৰ্য্যকৰী পদক্ষেপও ইয়াৰ কাৰণ ।কিন্তু শীৰ্ষ স্থান বোৰলৈ চকু ফুৰালে সেই একেই কলা-বগা ছবি খন । ব্যক্তিগত খণ্ডৰ জয় জয়কাৰ।

দিল্লীত জানোচা মেট্ৰিকৰ ফলাফল যোৱাবাৰতকৈ বহু বেছি বেয়া হৈছে __ ৯২.৪৪% ৰ পৰা নামি গৈ একদম ৬৯.৩২% পাইছেগৈ!তাৰ বাবে আম আদমী পাৰ্টীৰ শিক্ষা মন্ত্ৰী মনিষ চিচ’ডিয়াই স্বীকাৰ কৰিছে যে পৰীক্ষাৰ পদ্ধতিৰ সলনি হোৱাই এইবছৰ যথেষ্ট কঠিন আছিল ভাল ফলাফল দেখুৱাবলৈ। কিন্তু তেওঁৰ চৰকাৰ সংকল্পবদ্ধ যে ভাল ফলাফল দেখুৱাবই । শিক্ষক-শিক্ষয়িত্ৰীক কঠোৰ প্ৰশিক্ষণ আৰু উপযুক্ত গুৰুত্ব দিলে,ছাত্ৰ-ছাত্ৰীৰ তথা অভিভাৱকৰ লগত শিক্ষক-শিক্ষয়িত্ৰীৰ সু-সম্পৰ্ক থাকিলে আমাৰ ৰাজ্যতে একে ছবি দেখিব পাৰো । যিখিনি নীতিৰ  অভাৱ বৰ্তমান সময়ত  আমি দেখি আহিছো ।

অসমত এইবাৰৰ মেট্ৰিক পৰীক্ষাত ৩১ খন চৰকাৰী বিদ্যালয়ৰ ফলাফল শূণ্য ।কিয় এনে হয়?

কিয় এনে বিপৰীত ছবি?

যদি ফঁহিয়াই চাব যাওঁ চৰকাৰী হাইস্কুলৰ ফলাফলৰ বাবে অসমৰ প্ৰাথমিক শিক্ষাৰ অৱস্থাটো ও চাব লাগিব , যিটোৰ অৱস্থা একেবাৰেই শোচনীয়। যদিও ২০১২ চনত টেট পৰীক্ষা পাতি বহু শিক্ষক-শিক্ষয়িত্ৰীৰ নিযুক্তি দিলে , কিন্তু তেওঁলোকৰ শাৰীৰিক-মানসিক অৱস্থা বুজিবলৈ চৰকাৰৰ সময় নাই । ভাগৰুৱা মন ভাগৰুৱা দেহাৰে কেনেকৈ শিক্ষাদান কৰিব?
শিক্ষয়িত্ৰী এগৰাকীয়ে প্ৰসৱ কালীন চুটি লবলৈও বহু সময়ত  এইখন অসমত ঘোচ দিব লাগে । প্ৰতিমাহে দৰমহাৰ বিল বনোৱাৰ বাবদ স্কুলৰ  কেৰাণীক ধন দিব লগা হয় বুলি বহু সময়ত শিক্ষকে অভিযোগ আনে ।
ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ,আন্তঃগাঁঠনি , পাঠ্যক্ৰম, শিক্ষকৰ উপযুক্ত প্ৰশিক্ষণৰ অভাৱে গোটেই ব্যৱস্থাটোৰ সৰ্বনাশ মাতি আনিছে । সকলো চৰকাৰী কামৰ পৰা শিক্ষক সমাজক ৰেহাই দিব লাগিব । চৰকাৰী অনুষ্ঠানৰ কোনো ছাত্ৰ-ছাত্ৰী কোনো আন্দোলনৰ অংশীদাৰ হব নালাগিব । মুঠতে ৰাজনৈতিক বতাহৰ পৰা শিক্ষাক্ষেত্ৰক মুকলি নকৰিলে আৰু সময়ৰ লগত খাপ খাব পৰা নীতি অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে অসমত এই ছবি প্ৰতি বছৰে দেখিব লাগিব ।

দিল্লীৰ চৰকাৰে হাইস্কুল পৰ্যায়ত ভাল ফলাফলৰ বাবে কাৰ্যপন্থা হাতত লৈছে “চুনৌটি-২০১৬” নামেৰে অসমতো  “গুনোৎসৱ” পাতিলে । ফলাফল  ৰাইজে দেখিছে ।সকলো আভুৱা-ভৰা নাটকৰ ৰূপান্তৰ মাথোঁ।উন্নতিৰ ঘৰত শুণ্য ।

গতিকে চৰকাৰী হাইস্কুলৰ পৰা ভাল ফলাফল বিচাৰিবলৈ হলে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে চৰকাৰ,অভিভাৱক আৰু ছাত্র-ছাত্ৰীৰ সমুহীয়া প্ৰচেষ্টাহে প্ৰয়োজনীয় ।চৰকাৰে শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ-অভিযোগ,ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব দিলে বহু ভাল ফলাফল আশা কৰিব পাৰি ।কিয়নো ব্যক্তিগত খণ্ডৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বহু কম দৰমহাত কাম কৰে , কিন্তু মালিক পক্ষৰ চোকা দৃষ্টিত বহু নিষ্ঠাৰে কাম কৰে । সেয়ে ফলাফল ভাল হয় আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী বহুতৰ ক্ষেত্ৰত এইবোৰৰ অভাৱ দেখা পৰিলক্ষিত হয়। শিক্ষকৰ অনুপস্থিতিৰ বা অভাবৰ বাবে চৰকাৰী স্কুলত অৰ্ধচুটী ঘোষনা কৰাৰো নজিৰ নোহোৱা নহয় । যিটো ব্যক্তিগত খণ্ডৰ স্কুলৰ  ক্ষেত্ৰতে কোনোপধ্যে সম্ভৱ নহয় ।
হাকিম লৰিলেও হুকুম লৰিব নোৱাৰে । চৰকাৰৰ শিক্ষানীতি, ছাত্ৰ সংগঠনৰ অৰাজনৈতিক চিন্তা , বুদ্ধিজীবি – শিক্ষাবীদৰ সদিচ্ছা আৰু সদৌ শেষত অসমীয়াৰ অতি আবেগ চৰিত্ৰই নিৰ্ধাৰণ কৰিব ৰাজহুৱা শিক্ষাখণ্ডৰ ভৱিষ্যত আৰু দেশৰ ভৱিষ্যত ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views