ভাষাপ্ৰেম

2095
  • ত্ৰিনয়ন বৰা

অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com)


আত্মীয় দুজনক চি-অফ্ কৰি বেংগালুৰু এয়াৰপৰ্টৰ পৰা ঘৰলৈ ওভতাৰ বাবে বাছ এখনত  বহি  আছে ।দিগন্তই জিনছৰ পেন্টৰ পকেটৰ পৰা মোবাইলটো উলিয়ালে ।  ফেচবুক ,  নাগৰিকত্ব বিধেয়ক , অভি -নীলৰ মৃত্যু এইবিলাকত বিভোৰহৈ দিগন্তই মোবাইলটো খুচৰি আছে ।
“এইটা বাচ কোথায় যাবে?”
এজন প্ৰায় ৫৫ ৰ উৰ্ধৰ বয়সৰ ভদ্ৰলোকে প্ৰশ্নবোধক দৃষ্টিৰে সুধিলে ।
“ ছ’ৰি ” __  দিগন্ত
কিবা এটা ভাল নলগাত সিমানেই কৈ ভদ্ৰলোকেনো কি কয় জানিবলৈ বাট চালো । বঙালী ভাৰতৰ অফিচিয়েল লেংগুৱেজ নহয় বা  এইখন পশ্চিমবংগ নহয় আৰু বঙালী বুজি পাওঁ বুলি মোৰ কপালত লেখি থোৱা নাই । সেইখিনি সময়ত মোৰ মনলৈ এইবোৰ কথাই আহিছিল ।

“আৰে বাবা, এই বাছটা কোথায় যাবে?” ভদ্ৰলোকজনে পুনৰ সুধিলে ।  এইবাৰ একদম টিঙিছকৈ খংটো উঠি আহিল । তথাপি কোনোমতে খংটো  দমাই বেছ ভদ্ৰভাৱেই ক’লো _“আই এম ছ’ৰি চাৰ !”
ভদ্ৰলোকে অবাক দৃষ্টিৰে কেইছেকেণ্ডমান মোলৈ চাই একদম সলসলীয়া আৰু উচ্ছাৰণত একো বিভ্ৰাট নথকা শুদ্ধ হিন্দীতে সুধিলে ।
তেওঁ বাছখন  গাৰ্ডেন চিটিলৈ  যাব নেকি মোক সুধিলে ।
মই যাব বুলি কোৱাত “হা ৱহি পুছ ৰাহা থা” মিচিকিয়াই ক’লে ।
সোমাই আহি যথাস্থানত তেখেতৰ বয়-বস্তুখিনি থৈ দিলে আৰু জেপৰ পৰা মোবাইলটো উলিয়াই মানুহজন বাছৰ পৰা নামি গ’ল । বাছখন চলিবলৈ  তেতিয়াও বেছ কিছু দেৰি আছিল ।
লাহে লাহে এজন দুজনকৈ মানুহেৰে বাছ প্ৰায় ভৰ্তি
হৈছে । ড্ৰাইভাৰে বাছ ষ্টাৰ্ট দিলে । কেইমুহুৰ্তমানৰ পাছত সেই ভদ্ৰলোক পুনৰ আহি বাছত উঠিল । তেওঁ আহি দেখে যে মোৰ কাষৰখন আসনক বাদ দি সন্মুখৰ গোটেই আসন ইতিমধ্যে ভৰ্তি হৈ গৈছে। একেবাৰে শেষৰ ফালে হে দুখনমান খালি আছে । তেওঁ পিছলৈ যাবলৈ মন নকৰি মিঠা হাঁহি এটাৰে মোৰ কাষৰখনতে বহিলে ।
“মে জ’ পেহলে পুছা থা আপক’ ৰিয়েলি সমঝ মে নেহি আয়া?” ভদ্ৰলোকে আৰম্ভ কৰিলে ।
” ন’ , ন’ আইডিয়া ”
মই ক’লো ।
মোৰ নেটিভ ক’ত বুলি সোধাত মই ক’লো  অসমত । “আচ্ছা তবটো  পুৰা সমঝ মে আনা ছাহিয়ে আপকো ” ভদ্ৰলোক ।
এইবাৰ মোৰ ধৈৰ্য্যৰ বান্ধ সম্পূৰ্ণৰূপে চিগি গ’ল । বহু কষ্টৰে যেনে তেনে মিচিকিয়াই সুধিলো তেওঁক __
“ইয়ৰ লেংগুৱেজ চাউণ্ডচ লাইক উড়িয়া । আপ উড়িশাছে হে ? ”
দপদপকৈ  জুইৰ নিচিনা চকুৰে ভদ্ৰলোক এইবাৰ চিঞৰি উঠিল ।
“ক্যা উড়িশা ,
আমি  বাঙালী,  আমি বাঙালী । ”
মই ক’লো “বাঙালী মিনছ,  য়ে কউনচা লেংগুৱেজ হ্যে? আচ্ছা ৱ’ জ’ কেলকাত্তা মে ব’লতা হ্যে”।
মোৰ কথাত ভদ্ৰলোক  কোব খোৱা ফেটি সাপৰ নিচিনা  ফোঁপাবলৈ ধৰিলে ।  জেপৰ পৰা ম’বাইলটো উলিয়াই ভদ্ৰলোকে কাৰোবালৈ ফোন লগালে । কিন্তু যি গম পোৱা গ’ল ফোন নালাগেহে
নালাগে । তেওঁ আগতকৈও বেছি খঙত একেবাৰে পকা জলকীয়াটো হ’ল । মইও তেওঁৰ খঙৰ ১০০% সোৱাদ আৰু আমেজ লৈ পৰিস্থিতি আৰু বেছি বেয়ালৈ যোৱাতকৈ মনে মনে থকাই শ্ৰেয় বুলি ভাবি সাময়িকভাৱে মোৰ দোকান বন্ধ কৰিলো । এনেই থকাতকৈ কাৰোবাক ফোনকে কৰো বুলি মইও পুৰণা বন্ধুলৈ বুলি মোবাইল টিপিলো ।
“এই য়েন্ত্ৰে আপা ” তেলেগু গানটো বজাই দ্ৰুত গতিত গৈ থকা ভলভোখন হঠাৎ  ব্ৰেক মাৰি ৰখাব লগা হোৱাত ড্ৰাইভাৰে খঙত কাৰোবাক উদ্দেশ্যি গালি পাৰিছে । ভদ্ৰলোকৰ মুৰটো সন্মুখৰ আসনত খুন্দা খাই ঘুৰি আহিল । ভাগ্য ভাল ৰ’ডদালত মুৰটো
নুখুন্দিয়ালে । মানুহজন শুই গৈছিল সম্ভৱ । বহুদিনৰ মুৰত বন্ধুক ফোন কৰা কাৰণে কিমান দেৰিনো কথা পাতিলো গমেই পোৱা নাছিলো । মোৰ হাতৰ এটা ফোন তিনিটা খণ্ডহৈ উফৰি পৰিল। ছিটৰ পৰা উঠি দিয়াত দেখিলো এজনে লুঙি কোঁচাই দৌৰি দৌৰি ছিক্স-লেন হাইৱেৰ এফাল পাৰ কৰি ওখ ডিভাইদাৰ বগোৱাত লাগিছে । মোবাইলৰ
তিনিটা খণ্ডক  এটা কৰি লৈ পুনৰ আহি ছিটত বহিলো । ভদ্ৰলোকে ৰুমাল উলিয়াই কপালখন লাহে লাহে মোহাৰি আছে ।
“আপকো  লগ গয়া ক্যা আংকল?” মোৰ প্ৰশ্নত অলপ অপ্ৰস্তুত হৈ সেমেনা সেমেনি কৰি তেখেতে ক’লে যে শুই থকাৰ বাবে একো গমেই নাপালে কিনো হ’ল । বেছি একো দুখ পোৱা নাই বুলিও জনালে । তাৰ পাছত  বেগৰ পৰা পানী অলপ খাই কাৰোবালৈ ফোন লগালে। এইবাৰ ফোন লাগিল । কিছুদেৰি কথা পাতি ফোন সামৰিলে । মোলৈ চাই সেই প্ৰথমৰ মিচিকিয়া হাঁহিৰে আৰম্ভ কৰিলে __
“এক বহ’ত বৰা টেনশ্যন চে মুক্তি মিলা হেই মুঝে…।”
কলকাতাত তেখেতৰ ঘৰ । পুত্ৰ চাকৰি সূত্ৰে বিদেশত থাকে । ছোৱালী থাকে বেংগালুৰুতে । জোঁৱায়েক বেংগালুৰুৰ পৃথিৱীবিখ্যাত কোম্পানীটোত  ইঞ্জিনিয়াৰ । পৰিবাৰ কেতিয়াবাই
ঢুঁকাইছে । বহুদিনৰ পৰা কলকাতাৰ ঘৰটো বিক্ৰীৰ বাবে চেষ্টা কৰি কৰি ভাগৰি গৈছিল । কিন্তু এইবাৰ কামটো হ’ব । তাৰেই কথা পাতিলে ফোনত । অলপ দেৰি হাঁহি হাঁহি কিবা অলপ ভাৱি মোক আকৌ সুধিলে “প্লিজ বলিয়ে না আপক’ ৰিয়েলি সমঝ মে নেহি আয়া থা?”
মই ভাবিলো যে এইবাৰ কৈ দিয়াটো ভাল হ’ব ।
মই ক’লো
” ভালকৈ বুজি নাপাওঁ যদিও একেবাৰে নুবুজাও নহয় । কিন্তু আপুনি যেনেকৈ সুধিছিল সেই ষ্টাইলটো মোৰ একেবাৰে পছন্দ হোৱা নাই আৰু সেইবাবেই মই ইচ্ছা কৰি আপোনাক  উত্তৰ দিয়া নাই । ”
ভদ্ৰলোকে মন দি কথাখিনি শুনিলে । লাজুক হাঁহিৰে মোৰ কান্ধত থপৰিয়াই ক’লে যে তেওঁৰ এইটো পুৰণা বেমাৰ ।হঠাৎ আকৌ ক’লে যে “ৰুকিয়ে না । মে ট’ গুহাটী ভি গয়া হুঁ দ’ বাৰ।  লেকিন জব ভি মেই কিচিচে বাত কিয়া হুঁ বাঙালী মে হি কিয়া হুঁ ,অউৰ ল’গ ভি জবাব দে ৰহে থে !”
ভদ্ৰলোকৰ সম্বন্ধীয় কোনোবা পেহী মালিগাওঁত থাকে ।
তেওঁ এনেকুৱা কেইজনমানো পাইছে যি ভালকৈ বাঙালী ক’ব জনা নাই কিন্তু হলেও ভঙা-ভঙাকৈয়ে কাম চলাইছে।
“মুঝেতো লগা কি আপ চব ল’গ’কো বাঙালী আতা হ্যে” তেওঁ ক’লে ।
মানুহজনৰ বয়সৰ পিনে চাই সিমানতেই কথা শেষ
কৰিলো । তাতে আকৌ অলপ পিছত গন্তব্য স্থান পামেই ।
“আংকল মেৰা ষ্টপ্ আ গয়াহে” বুলি কৈ বিদায় লৈ বাছৰ পৰা নামিলো ।
গধূলিয়েই হ’ল । ইফালে ছমহীয়া কেঁচুৱাক লৈ শ্ৰীমতি অকলে আছে ঘৰত ।


অসমৰ প্ৰথম ৰাজনৈতিক মাহেকীয়া ই-আলোচনী ৰাজনীতি অসম (www.rajnitiaxom.com) ৰ তৃতীয় খণ্ড প্ৰকাশ হ’ল জুলাই ২০১৮ত। আমাৰ জুন খণ্ডই ৭৫০০০ ভিউজ অতিক্ৰম কৰিছে।জুনৰ সকলোতকৈ জনপ্ৰিয় লেখনি তিনিটা হ’ল:

1. ২০১৯: বিজেপিৰ সম্ভাব্য প্ৰাৰ্থীৰ তালিকা – 24000 + views
2. বৰ্তমান সময়ত বিপিএফ দলে অবিজেপি চৰকাৰ গঠনৰ সমীকৰণক গুৰুত্ব নিদিয়ে : প্ৰবীণ বড়ো – 13,500+ views
3. ২০১৯ ত মোডী নে ৰাহুল? অ’পিনিয়ন প’ল জুন ২০১৮ – 8900+ views